পৰিৱৰ্তনৰ বাহক হোৱাৰ ক্ষেত্ৰত মহিলাৰ বাবে 'ক্ৰোধ' প্ৰথম আহিলা হ'ব পাৰে নেকি?

পৰিৱৰ্তনৰ বাহক হোৱাৰ ক্ষেত্ৰত মহিলাৰ বাবে 'ক্ৰোধ' প্ৰথম আহিলা হ'ব পাৰে নেকি?

Friday December 11, 2015,

5 min Read

ভাৰতবৰ্ষ এনে এখন দেশ য'ত দেৱীৰ ৰূপত 'মা কালী'ক পূজা কৰা হয়।কিন্তু এইখন দেশতে মহিলাৰ শোষণ আৰু নিষ্পেষণৰ বিষয়ত উদাসীন ভূমিকা গ্ৰহণ কৰা হয়। হিন্দুসকলে আৰাধনা কৰা এগৰাকী দেৱী কালী যাক দুষ্ট শক্তিনাশক বা শক্তিৰ প্ৰতীক ৰূপে পূজা কৰা হয়।

আপোনালোকক এনে একোগৰাকী কালীৰ লগত পৰিচয় কৰাই দিব বিচাৰিছো যাৰ দ্বাৰা প্ৰভাৱিত হৈ মহিলাসকলে সমাজত পৰিৱৰ্তন সূচনা কৰাৰ লগতে তেওঁলোকৰ আগত আহি পৰা অপশক্তিসমূহ নাশ কৰিবলৈ অনুপ্ৰাণিত হ'ব।পৰিচালক পান নলীনৰ চলচ্চিত্ৰ 'এংগ্ৰী ইণ্ডিয়ান গডেছেজ' ৰ সাত গৰাকী নায়িকা অৱতীৰ্ণ হৈছে মা কালীৰ একো একোটা ৰূপত।এই সাতগৰাকী নায়িকাই সামাজৰ নিষ্পেষিত মহিলাসকলৰ জীৱন সলনি কৰাৰ লগতে মহিলাৰ স্থিতি সন্দৰ্ভত সমাজে লোৱা ভূমিকাক প্ৰশ্নবানেৰে থকা-সৰকা কৰিছে।

'এংগ্ৰী ইণ্ডিয়ান গডেছেজ' বন্ধুত্ব কেন্দ্ৰীত এখন ছবি য'ত সাতগৰাকী মহিলাৰ বন্ধুত্ব আৰু তেওঁলোকে তাৰ মাজেৰে উদযাপন কৰা জীৱন দাঙি ধৰা হৈছে।সাতগৰাকী নায়িকাই মাতৃ,পত্নী,ভগ্নী,প্ৰেমিকা, বান্ধৱী আদি বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে।ইয়াৰে পাঁচগৰাকী নায়িকাৰ সৈতে আমি ইয়'ৰ ষ্ট'ৰীৰ তৰফৰ পৰা মত বিনিময় কৰিছিলো। এই সাক্ষাৎকাৰৰ কিছু অংশ পাঠক বৰ্গলৈ আগবঢ়ালো।

image


সন্ধ্যা মৃদুল-'সু' ওৰফে সুৰঞ্জনা

বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সন্ধ্যা।এই ছবিখনত তেওঁ সু ওৰফে সুৰঞ্জনা চৰিত্ৰত অভিনয় কৰিছে যি এগৰাকী চাকৰিয়াল মহিলা হোৱাৰ লগতে ছবছৰীয়া শিশুৰ মাতৃ।সন্ধ্যাৰ মতে তেওঁৰ চৰিত্ৰটোৱে কৰ্মক্ষেত্ৰ আৰু দাম্পত্য জীৱনৰ মাজত আহি পৰা সমস্যাবোৰ দাঙি ধৰিছে।'মই মোৰ চৰিত্ৰটোৰ যোগেদি কৰ্ম আৰু জীৱনক সমান্তৰালকৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আহি পৰা বাধা সমূহ উত্থাপিত কৰিছো।মই কিছুমান এনে মহিলাক জানো যিসকলে এগৰাকী মাতৃৰ ভূমিকা পালন কৰিবলৈ নিজৰ কেৰিয়াৰ জলাঞ্জলি দিছে আৰু আন কিছুমান মহিলাক জানো যি এই দুই ক্ষেত্ৰত এক সমতা ৰাখি আগবাঢ়িছে।'

image


সন্ধ্যাৰ মতে 'দুৰ্ব্বলতা আৰু শক্তি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি।যিসকল মহিলা শক্তিশালী, তেওঁলোকৰ মাজত নিজৰ সক্ষমতা প্ৰমাণ কৰাৰ শক্তি থাকে।' মহিলাৰ ক্ষেত্ৰত হৈ থকা শোষণ বিশেষকৈ মানসিক শোষণৰ বিষয়টোত সন্ধ্যাই প্ৰশ্ন উত্থাপিত কৰিছে।তেওঁৰ মতে মানসিক শোষণৰ কাৰকবোৰ চিনাক্ত কৰাটো টান। তেওঁ নিজে এই দিশত সমাজৰ সচেতনতা আনিবলৈ ইচ্ছুক বুলি মন্তব্য কৰে।

ইয়াৰোপৰি তেওঁ কয় 'এংগ্ৰী ইণ্ডিয়ান গডেছেজ' পুৰুষবিৰোধী ছবি নহয়।এই ছবিখনৰ যোগেদি মহিলাৰ বিভিন্ন সমস্যাক প্ৰতিফলিত কৰা হৈছে।'নিজৰ ইচ্ছাসমূহ ব্যক্ত কৰিবলৈ বা নিজৰ পৰিচয় দিবলৈ লাজ নকৰিবা।আনক সুখী কৰিবলৈ এৰা।নিজৰ জীৱন নিজৰ পচন্দমতে আৰু নিজৰ চৰ্তেৰে জীয়াই থাকা।'

এংগ্ৰী গডেছেজ শব্দটোৱে সূচাইছে খঙাল দেৱী। কিন্তু দেৱীৰ কি কথাত খং এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয়-'দেবী ক্ৰোধান্বিত হোৱাৰ বিভিন্ন কাৰণ ছবি খনত দেখুওৱা হৈছে।সমাজৰ এনে কিছুমান সমস্যা ছবিখনত উত্থাপিত কৰা হৈছে যাৰ বিষয়ে কেতিয়াও চিন্তা কৰা হোৱা নাই।'

অনুষ্কা মনচন্দা-'মেড' ওৰফে মধুৰিতা

image


জীৱ-জন্তুৰ কল্যাণৰ বাবে কাম কৰা বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে জড়িত অনুষ্কা। ইয়াৰোপৰি 'বিবা' বেণ্ডৰ এগৰাকী সদস্য হোৱাৰ লগতে 'চেনেল বি' ৰ এগৰাকী জনপ্ৰিয় ভি.জে.। কেইবাটাও বলীউদৰ গীতত কণ্ঠদানেৰে গায়িকা হিচাপেও তেওঁৰ পৰিচয় আছে।'মই অতি সৌভাগ্যশালী যে মই এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছো যত নিজা মত প্ৰকাশৰ সম্পূৰ্ণ অধিকাৰ আছে।এই স্বাধীনতাই মোক এগৰাকী মহিলা হিচাপে চিনাকী দিবলৈ সাহস দিলে।'

অনুষ্কাৰ মতে 'মহিলা সৱলীকৰণৰ বাবে শিক্ষা অতি আৱশ্যকীয়।শিক্ষাৰ দ্বাৰা হে মহিলা আগুৱাই যাব পাৰিব।এয়া অতি দুৰ্ভাগ্যপূৰ্ণ কথা যে মহিলাই মহিলাৰ অধিকাৰৰ বাবে থিয় নহয়।এই সত্যক সলনি কৰাটো অতি জৰুৰী।'

বাস্তৱত অনুষ্কা এগৰাকী অতি উদাৰ,সহনশীল আৰু সদৰ্থক ব্যক্তিত্বৰ এগৰাকী মহিলা। কিন্তু ছবিখনত তেওঁ সম্পূৰ্ণ ওলোটা ব্যক্তিত্বৰ এটা চৰিত্ৰত অভিনয় কৰিছে।এটা মিচিকিয়া হাঁহি মাৰি অনুষ্কাই কয়-'মেড' ওৰফে মধুৰীতা চৰিত্ৰটো মোৰ ব্যক্তিত্বৰ সম্পূৰ্ণ ওলোটা।গতিকে এই চৰিত্ৰৰ সৈতে খাপ খাবলৈ মই কষ্ট কৰিবলগীয়া হৈছিল।মধুৰীতা অনবৰতে ঋণাত্মক প্ৰশ্ন কিছুমানৰ মাজত দিশহাৰা হৈ থাকে।'

image


ছবিখন সন্দৰ্ভত তেওঁ কয়-'আমাৰ দেশত মহিলাৰ ক্ষেত্ৰত কি হৈছে আৰু আমি এই বিষয়ত কিমান উদাসীন এই দিশবোৰ ছবিখনত দাঙি ধৰা হৈছে।পৰিৱৰ্তন আনিবলৈ সমস্যাবোৰ আমি অন্ত:কৰণে অনুভৱ কৰিব লাগিব।'

পাবলীনা গুজৰাল-পেম ওৰফে পামেলা জয়চোৱাল

image


একেধাৰে এংকৰ, মডেল,অভীনেত্ৰী হিচাপে পৰিচিত পাবলীনে নিজকে 'আজিৰ নাৰী' বুলি কয়।'মই নিজৰ ইচ্ছাৰ মালিক।মোৰ যি মন যায় মই তাকেই কৰোঁ।'

কম্পিউটাৰ ইঞ্জিনিয়াৰিঙ পাঠ্যক্ৰম কৰাৰ লগতে ওকালতি কৰি থকা পাবলীনাই অভিনয় ক্ষেত্ৰখনলৈ অহাৰ কথা কেতিয়াও ভবা নাছিল। এই ছবিখনত তেওঁ দিল্লীৰ এটা ৰক্ষণশীল পৰিয়ালৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে যাৰ নাম পামেলা জয়চোৱাল।ছবিখন সন্দৰ্ভত তেওঁ কয়-'মহিলাসকল যেতিয়া একগোট হয় তেতিয়া তেওঁলোকে পুৰুষৰ দৰে জীৱনটো উদযাপন কৰিব পাৰে আৰু নিজৰ একোখন পৃথিৱী গঢ়ি তুলিব পাৰে।'

এংগ্ৰী গডেছেজ সন্দৰ্ভত পাবলীনাই কয়-এগৰাকী মহিলাই সহ্যৰ সীমা পাৰ কৰাৰ পিছত তেওঁ ক্ৰোধান্বিত হৈ পৰে।

ৰাজশ্ৰী দেশপাণ্ডে-লক্ষ্মী

image


বিজ্ঞাপন,চলচ্চিত্ৰ আৰু টেলিভিশ্যন ক্ষেত্ৰখনৰ লগত জড়িত ৰাজশ্ৰীয়ে কয়-মই এগৰাকী শক্তিশালী ব্যক্তিত্বৰ এগৰাকী মহিলা।মই এগৰাকী সাহসী যোদ্ধা হোৱাৰ লগতে কিছু ভাবুক।ছবিখন সন্দৰ্ভত তেওঁ কয়-'ছবিখনৰ প্ৰতিটো চৰিত্ৰই বাস্তৱ। ছবিখন চালে আপোনাৰ ভাৱ হব যে এই চৰিত্ৰটো আপুনিয়েই বা আপোনাৰ আশে-পাশে থকা তেজ-মঙহৰ কোনো ব্যক্তি।এই ছবিখনৰ জৰিয়তে সমাজত এক জাগৰণ আনিবলৈ চেষ্টা কৰা হৈছে।আমি বিচাৰোঁ মহিলা সকলে নিজৰ মাজত থকা শক্তি বুজি উঠক আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতক।'

মহিলাসকলক ৰাজশ্ৰীয়ে কব খোজে-'নিজকে বুজি উঠা।'

ছাৰা-ফ্ৰিডা

image


২০০৭ চনৰ 'মিছ ইণ্ডিয়া' খিতাপ লাভ কৰা ছাৰা 'চেনেল ভি' ৰ লগতো জড়িত আছিল।ছবিখনৰ চৰিত্ৰ সন্দৰ্ভত তেওঁ কয়-'ফ্ৰিডা আৰু মই অভিন্ন হৈয়ো ভিন্ন।এই অভিন্নতাৰ মাজত ভিন্নতা বিচাৰি উলিওৱাটোৱে মোক উৎসাহী কৰিছে।'

ছবিখনৰ চৰিত্ৰ আৰু বাস্তৱ জীৱনৰ চৰিত্ৰৰ সামঞ্জস্য সন্দৰ্ভত ছাৰাই কয়-'যেতিয়ালৈকে আমাক জোকাই লোৱা নহয়,তেতিয়ালৈকে আমি অতি শান্ত।সকলো বস্তু আৰু মানুহৰ প্ৰতি আমাৰ ভালপোৱা আছে।আৰু আমি দুয়ো অতি অনুভূতিশীল।'

ছাৰাই মহিলাসকলৰ বাবে কৰিব খোজা এটা কাম হ'ল আত্মৰক্ষাৰ বাবে মহিলাসকলক শাৰীৰিক ভাবে শক্তিশালী কৰি তোলা।তেওঁৰ মতে আত্মৰক্ষাৰ বাবে শাৰীৰিক শক্তি অতি দৰকাৰী।

মহিলাসকলক অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ শক্তিশালী কৰি তুলিবলৈ এংগ্ৰী ইণ্ডিয়ান গডেছেজ ৰ এই পদক্ষেপ অতি প্ৰশংসনীয়।

এয়া সময় নিজকে প্ৰমাণ কৰাৰ আৰু অন্তৰাত্মাৰ আহ্বান শুনাৰ।কি কয় বান্ধৱীসকল? আহক আমি সকলোৱে মিলি আমাৰ মাজত থকা অশুভ শক্তি বাহিৰ কৰোঁ।


মূল: তনৱী ডুবে

অনুবাদ : পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অভ্ৰমিত পথেৰে ভ্ৰমণ কৰি ৰীমাদেৱী থ’ট্টাঠিল হৈ পৰিল ভাৰতীয় নৌ-সেনাৰ প্ৰথম গৰাকী মহিলা এ.টি.চি

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

    Share on
    close