অসমত ষ্টাৰ্টআপ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস ষ্টাৰ্টআপ আছামৰ

অসমত ষ্টাৰ্টআপ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস ষ্টাৰ্টআপ আছামৰ

Sunday May 22, 2016,

3 min Read

ষ্টাৰ্টআপৰ ধাৰণাটো অসমবাসীৰ বাবে বৰ এটা চিনাকী বিষয় নহয়। দেশজুৰি ষ্টাৰ্টআপ সংস্কৃতিয়ে ইতুমধ্যে প্ৰথমটো ডাঙৰ ঢৌ দেখিবলৈ পাইছে । ইতিমধ্যে ৰতন টাটাৰ দৰে উদ্যোগজগতৰ নক্ষত্ৰসকলেও এই ষ্টাৰ্টআপসমূহত গুৰুত্ব দিছে । সেইদৰে ভাৰত চৰকাৰেও ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে কাৰ্যসূচীৰ জৰিয়তে ষ্টাৰ্টআপসমূহক উদগণি যোগোৱাৰ ব্যৱস্থা কৰিছে । অসমত এই ধাৰণা তেনেই নতুন আৰু ই এতিয়াও সিমান দকৈ শিপোৱা নাই । অৱশ্যে অকল অসমেই নহয় দেশৰ বেছিভাগ সৰু চহৰতে একেই দৃশ্য দেখিবলৈ পোৱা যায় ।

image


ষ্টাৰ্টআপ অৰ্থাৎ প্ৰাৰম্ভিক ব্যৱসায়ৰ দৃষ্টিকোণেৰ চালে জনগাঁঠনি আৰু ভৌগোলিক আৱস্থানৰ ফালৰপৰা অসমৰ বহু সম্ভাৱনা আছে । এনে বহু ক্ষেত্ৰ আছে যিবোৰ ক্ষেত্ৰত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে । অসমৰ মানৱসম্পদো উলাই কৰিবপৰা নহয় । সঠিকভাৱে আগবাঢ়িলে অসম তথা উত্তৰ পূৰ্বাঞ্চল দক্ষিণ পূৱ এছীয়াৰ দুৱাৰমূখ হব পা’ৰে ।

ভাৰতত গঢ় লৈ উঠা ষ্টাৰ্টআপ সংস্কৃতিৰ ঢৌ অসমলৈ অনাৰ লগতে অসমৰ ষ্টাৰ্টআপসমূহক তথা ষ্টাৰ্টআপত আগ্ৰহীসকলক সমৰ্থন আৰু সহায় কৰাৰ উদ্দেশ্যেৰে ২০১৫ চনৰ ২৪ জানুৱাৰীত গঠন কৰা হয় ষ্টাৰ্টআপ আছাম।

image


ষ্টাৰ্টআপ আছামৰ পংকজ গগৈয়ে য়’ৰ ষ্ট’ৰীক কয়, ‘আমাৰ উদ্দেশ্য হ’ল কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে ষ্টাৰ্টআপ ইকছিষ্টেম অৰ্থাৎ ষ্টাৰ্টআপৰ পৰিবেশ গঢ়ি তোলা । আমি উদ্যোগী আৰু বিনিয়োগকাৰীৰ মাজত এক যোগসূত্ৰ হিচাপে কাম কৰোঁ। লগতে আমি ষ্টাৰ্টআপসমূহক উপদেশ পৰামৰ্শও আগবঢ়াও।‘

ষ্টাৰ্টআপ আছামে মূলতঃ তিনিটা কাম কৰে। কনচাল্টেন্সী বা পৰামৰ্শ সেৱাৰ উপৰিও ষ্টাৰ্টআপ ইনকিউবেছন আৰু ষ্টাৰ্টআপৰ সহায়ক হোৱাকৈ বিভিন্নধৰণৰ অনুস্থানৰ আয়োজন কৰাটোও ষ্টাৰ্টআপ আছামৰ অন্যতম উদ্দেশ্য ।

কনচাল্টেন্সী-

বিভিন্ন ষ্টাৰ্টআপক বিভিন্ন পৰ্যায়ত সহয় সহযোগ আৰু উপদেশ পৰামৰ্শ আগবঢ়ায় ষ্টাৰ্টআপ আছামে। সেয়া হৈছে-

১. প্ৰকল্প প্ৰস্তুতকৰণৰ ক্ষেত্ৰত

উপযুক্ত বিশেষজ্ঞৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ বিত্তীয় ক্ষেত্ৰত প্ৰকল্প প্ৰস্তুতকৰণৰ সময়ত।

২. পুঁজিৰ যোগানৰ ক্ষেত্ৰত

কেল্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত বিভিন্ন চৰকাৰী আঁচনিৰ সহায়ত পুঁজি যোগানৰ ক্ষেত্ৰত ষ্টাৰ্টআপ আছামে সহযোগিতা আগবঢ়ায়।

৩. প্ৰতিষ্ঠামূলক

এটা ষ্টাৰ্টআপ স্থাপনৰ ক্ষেত্ৰত আইনী আৰু অন্যান্য নীতিগত দিশসমূহত সহযোগিতা আগবঢ়ায় ষ্টাৰ্টআপ আছামে ।

৪. পুঁজিগত মাল আৰু কেঁচামাল

পুঁজিগত মাল আৰু কেচামাল যোগানৰ উপৰিও সামগ্ৰী যোগান শৃংখল (supply chain) স্থাপনৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায় ষ্টাৰ্টআপ আছামে ।

৫. বজাৰ

সৰু-ডাঙৰ যিকোনো ব্যৱসায়ৰ মূল লক্ষ্যই হ’ল বজাৰ । উৎপাদিত সা-সামগ্ৰীৰ এখন বজাৰ সৃষ্টি আৰু সেই বজাৰত সামগ্ৰী উপলব্ধ কৰোৱাটো যিকোনো এটা ব্যৱসায়ৰ অন্যতম প্ৰত্যাহ্বান । ষ্টাৰ্টআপ আছামে এই ক্ষেত্তো সহযোগিতা আগবঢ়ায় ।

ইনকিউবেছন-

ইতিমধ্যে চাৰিটা ষ্টাৰ্টআপক ইনকিউবেছনৰ সুবিধা প্ৰদান কৰিছে ষ্টাৰ্টআপ আছামে । এইকেইটা হৈছে-

চেলফিছাৰ (Cellfisher)- লকেচন ভিত্তিক সেৱা ।

টেকহেল্প ( Tech Help )- সৰু ব্যৱসায়সমূহৰ বাবে কাৰিকৰী সেৱা।

আই নভ' ( iNovo) ছফ্ট স্কীল ট্ৰইনিং

Bharaghor.com- ভাড়াঘৰৰ সন্ধানৰ বাবে অনলাইন প’ৰ্টেল ।


image


বিভিন্ন অনুস্থানৰ আয়োজন-

ইতিমধ্যে প্ৰায় দহটা অনুস্থানৰ আয়োজন কৰিছে ষ্টাৰ্টআপ আছামে । ইয়াৰ ভিতৰত ষ্টাৰ্টআপ ছাটাৰ্ডে অন্যতম । এই অনুস্থানসমূহ বিভিন্ন ষ্টাৰ্টআপ, বিনিয়োগকাৰী আৰু বিশেষজ্ঞৰ মাজত সমন্বয়ৰ এক মঞ্চ হিচাপে ঠিয় দিছে । ২০১৬ চনৰ ফেব্ৰুৱাৰীত ষ্টাৰ্টআপ আছামে আয়োজন কৰে ষ্টাৰ্টআপ অৱ দা ব্ৰহ্মপূত্ৰ ভেলী প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত ডিজিটেল মিডিয়া সহযোগী আছিল য়’ৰ ষ্ট’ৰী অসমীয়া ।


২০১৬-১৭ চনৰ বাবে লক্ষ্য

২০১৬০১৭ বৰ্ষৰ বাবে ষ্টাৰ্টআপ আছামে স্বাস্থ্যসেৱা, পৰ্যটন, পুনৰব্যৱহাৰযোগ্য শক্তি আৰু কৃষি- এই চৰিটা ক্ষেত্ৰত মনোযোগ দিয়াৰ লক্ষ্য লৈছে । এই চাৰিওটা ক্ষেত্ৰৰ পদ্ধতি, প্ৰযুক্তি আৰু সহায় এই দিশসমূহত সহযোগ আগবঢ়াব ষ্টাৰ্টআপ আছামে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in

'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

বাঁহৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰা এগৰাকী যুৱ উদ্যমী