চেষ্টা কৰা কিন্তু ভাগি নপৰিবা: 'ফেইল ফাষ্ট অৰ উইন বিগ'ৰ লেখক বাৰ্ণহাৰ্ড স্ৰডাৰৰ পৰা ষ্টাৰ্ট-আপৰ বাবে কেইটামান কিটিপ

চেষ্টা কৰা কিন্তু ভাগি নপৰিবা: 'ফেইল ফাষ্ট অৰ উইন বিগ'ৰ লেখক বাৰ্ণহাৰ্ড  স্ৰডাৰৰ পৰা ষ্টাৰ্ট-আপৰ বাবে কেইটামান কিটিপ

Tuesday December 29, 2015,

5 min Read

“ফেইল ফাষ্ট অৰ উইন বিগ”ৰ লেখক হৈছে বাৰ্ণহাৰ্ড স্ৰডাৰ। তেওঁ ছেন ডিয়েগো ষ্টেট ইউনিভাৰছিটীৰ লেভিন অন্ত্ৰ'প্ৰিউনিৰশ্বিপ চেন্টাৰৰ ডিৰেক্টৰ অৱ প্ৰগ্ৰাম। এমেজন, ইএছপিএন, য়াহু, এমেক্স, নাইক, জিএম আৰু এপলৰ ব্ৰেণ্ড এক্সপাৰ্ট হিচাপে কাম কৰা বাৰ্ণহাৰ্ড স্ৰডাৰৰ মাৰ্কেটিং কমিউনিকেচন এজেঞ্চি চিকেএচ পাৰ্টনাৰচটো কাম কৰাৰ অভিজ্ঞতা আছে।

image


য়'ৰ ষ্ট’ৰীৰ সৈতে হোৱা এক সাক্ষাতকাৰত বাৰ্ণহাৰ্ড স্ক্ৰোডাৰে ব্যক্ত কৰিছিল নতুন ষ্টাৰ্ট-আপৰ বাবে প্ৰয়োজনীয় কেতবোৰ কিটিপ -

য়'ৰ-ষ্ট’ৰীঃ এটা ষ্টাৰ্ট-আপ আৰম্ভ কৰি সেইটো ডাঙৰ কোম্পানীলৈ ৰূপান্তৰ কৰিবলৈ যাওঁতে এজন উদ্যোগীয়ে কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সম্মুখীন হ’বলগীয়া হয় ?

বাৰ্ণহাৰ্ডঃ বৰ্তমান ২০টাতকৈ অধিক ষ্টাৰ্ট-আপৰ সৈতে মই জড়িত হৈ আছো। এই ষ্টাৰ্ট-আপসমূহৰ মাহিলী আয় ৪০লাখৰ পৰা ১২০ লাখলৈ হয়। কিন্তু এওঁলোকৰ মাজত মাথো এটাই বিষয় একে আৰু সেয়া হৈছে কিধৰণে তেওঁলোকে নিজৰ কোম্পানীত উন্নত প্ৰযুক্তি প্ৰয়োগ কৰি কোম্পানীটোক বৃ্হত পৰিসৰত আগুৱাই নিব পাৰে। বহু ক্ষেত্ৰত কোম্পানীবোৰে নিজৰ বিক্ৰী বৃদ্ধি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু এই বিক্ৰী অধিক বৃদ্ধি কৰিবলৈ গৈ তেওঁলোক প্ৰডাক্তৰ মান একে ৰখাত বিফল হয়।

য়'ৰ-ষ্ট’ৰীঃ বিনিয়োগকাৰী তথা এঞ্জেল ব্ৰ'কাৰ সকলে কিদৰে এটা নতুন ষ্টাৰ্ট-আপৰ ব্যৱসায়িক দিশ পৰ্যালোচনা কৰে?

বাৰ্ণহাৰ্ডঃ বৰ্তমান সময়ত বিনিয়োগকাৰীসকলে ক্ষীপ্ৰতাৰে কাম কৰা ষ্টাৰ্ট-আপসমূহত বিশ্বাস কৰে আৰু তেনে ষ্টাৰ্ট-আপত বিনিয়োগ কৰে। তেওঁলোকে ব্যৱসায়িক মাষ্টাৰ প্লেন নিবিচাৰে, তেওঁলোকৰ প্ৰয়োজন মাথো বজাৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা এটা ষ্টাৰ্ট-আপৰ উদ্যোগ। অৱশ্যে এটা বস্তু এই ক্ষেত্ৰত সলনি হোৱা নাই আৰু সেয়া হৈছে ষ্টাৰ্ট-আপৰ প্ৰতিষ্ঠাতাৰ বৌদ্ধিক দিশ, দল তথা পৰিস্থিতিৰ লগত নিজকে ঢাল খুৱাই ব্যৱসায় কৰিব পৰা মানসিকতাৰ।

য়'ৰ-ষ্ট’ৰীঃ এজন উদ্ভাৱনকাৰীয়ে কিদৰে নিজৰ লক্ষ্যত দৃষ্টি নিৱদ্ধ কৰি ৰখাৰ লগতে পৰিৱৰ্তিত সমাজৰ লগত সামঞ্জস্য ৰাখি আগুৱাই যায়?

বাৰ্ণহাৰ্ডঃ সদায় বজাৰ আৰু গ্ৰাহকৰ ওপৰত দৃষ্টি ৰাখিব লাগে। আৰু তেওঁলোকেই সদায় পৰামৰ্শ আগবঢ়াই যাব। বেছিভাগ উদ্যোগীয়ে নিজৰ নিৰ্দ্ধাৰিত গ্ৰাহকতকৈ প্ৰয়োজনতকৈ অধিক বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰে আৰু তাৰ ফলত তেওঁলোকৰ পৰাম্পৰাগত গ্ৰাহক হেৰুৱাই পেলাই। চাবলৈ গলে পৃথিৱীবাসীক আকৌ এযোৰ নতুন কোম্পানীৰ জোতা, টুপী বা ছানগ্লাচৰ প্ৰয়োজন নাই—এই কথাটো যিকোনো এজন বিশেষজ্ঞই মানি লব।

কিন্তু ইয়াৰ মাজতো নতুন উদ্যোগীয়ে নতুন উদ্ভাৱনৰ জৰিয়তে গ্ৰাহকক নতুন কামিজ বা জোতা পিন্ধিবলৈ বাধ্য কৰায় আৰু সেয়াই হৈ ব্যৱসায়ীৰ সফলতাৰ ফৰ্মুলা।

য়'ৰ-ষ্ট’ৰীঃ উদ্যোগীৰ কাৰণে বয়সৰ কোনো সময়সীমাৰ কিবা সূত্ৰ আছে নে?

বাৰ্ণহাৰ্ডঃ এজন উদ্যোগশীল ব্যক্তিৰ বাবে বয়সৰ কোনো কথা নাই। আপুনি যদি জানিবলৈ ইচ্ছুক আৰু আগ্ৰহী তেন্তে বয়স কেতিয়াও বাধা হ’ব নোৱাৰে। মই ১৯ বছৰীয়াৰ পৰা ৫০ বছৰীয়াক লগ পাইছো যিসকলে নতুন কোম্পানী খুলিছে। সফলতাৰ মূলমন্ত্ৰ হৈছে সঠিক সময়ত সুবিধা গ্ৰহণ কৰি প্ৰত্যাহ্বান নেওচি সফল হোৱা।

য়'ৰ-ষ্ট’ৰীঃ আপুনি আপোনাৰ কিতাপখনত উল্লেখ কৰিছে যে উদ্যোগীসকলে নিজৰ কোম্পানী আৰম্ভ কৰাৰ আগতে বিষয়ৰ ওপৰত অধিক জ্ঞান আহৰণ কৰি লব লাগে। কিন্তু এনে বহু কোম্পানী যেনে এয়াৰ বিএনবি বা হোটেল উদ্যোগত আমি নতুন পৰিকল্পনা সফল ৰুপায়ন হোৱা দেখিবলৈ পোৱা যায়।

বাৰ্ণহাৰ্ডঃ এনেকুৱা নহয় যে আপুনি এয়াৰ বিএনবি সদৃশ কোম্পানী খুলিবলৈ হোটেল ব্যৱসায়ৰ সকলো দিশ জানিব লাগিব কিন্তু আপুনি লগত লোৱা কৰ্মচাৰীসকল যদিহে মাৰ্কেটিঙ, ছ্লেছ আদি বিভাগত অভিজ্ঞ হয় তেন্তে কোনো অসুবিধা নহয়।

য়'ৰ-ষ্ট’ৰীঃ বৰ্তমান সময়ত আপুনি কোনসকল উদ্যোগীক অধিক প্ৰশংসা কৰিব ?

বাৰ্ণহাৰ্ডঃ মই এতিয়া সেইসকল সাধাৰণ উদ্যোগীক প্ৰশংসা কৰো যিসকলে অসম্ভৱকো সম্ভৱ কৰি কম খৰচতেই এটা কোম্পানী স্থাপিত কৰে। তেওঁলোকৰ ধৈৰ্য, সৱল মন আৰু ভাগি নপৰাকৈ কোনো এটা কামৰ সফলতাৰ বাবে লাগি থকাৰ প্ৰয়াসক মই প্ৰশংসা কৰো।

য়'ৰ-ষ্ট’ৰীঃ ডাঙৰ ডাঙৰ কোম্পানীবোৰে কিদৰে ষ্টাৰ্ট-আপৰ ঢৌৰ লগত মিলাই উদ্যোগশীলতাৰ প্ৰশিক্ষণ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰিছে ?

বাৰ্ণহাৰ্ডঃ সামগ্ৰিকভাৱে এয়া সঁচা নহয়।ডাঙৰ ডাঙৰ কোম্পানীবোৰে নিজৰ প্ৰডাক্ত সৃষ্টি কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই বজাৰত তেনে ধৰণৰ নতুনত্ব থকা প্ৰডাক্ত সৃষ্টি কৰা কোম্পানীবোৰ তেওঁলোকে কিনি লোৱাত হে গুৰুত্ব আৰোপ কৰে। এনে ডাঙৰ কোম্পানীবোৰক মই মৃতপ্ৰায় কোম্পানী বুলি অভিহিত কৰিব বিচাৰোঁ। এই ক্ষেত্ৰত মই মেকডোনাল্ডৰ উদাহৰণ দিব বিচাৰো যিয়ে নতুনত্ব নোহোৱাকৈ বা সকলোৰে প্ৰিয় এটা প্ৰডাক্ট সৃষ্টি কৰিবলৈ হাহাকাৰ কৰি আছে।

য়'ৰ-ষ্ট’ৰীঃ নিজৰ লগত ব্যস্ত হৈ থকাৰ মাজত এজন প্ৰতিষ্ঠাতাই কিদৰে বজাৰত নতুন ধৰণৰ ঢৌ চিনাক্ত কৰিব আৰু এক আলোড়নৰ সৃষ্টি কৰিব ?

বাৰ্ণহাৰ্ডঃ কোনো এটা বস্তুৰ উদ্ভাৱন কৰাৰ বাবেই কেতবোৰ বিশেষ দিশ সদায় গুৰুত্বপূৰ্ণ তথা মনকৰিবলগীয়া। ষ্টীভ জবছে কোৱাৰ দৰে শূণ্যৰ পৰা আৰম্ভ হোৱা বিন্দুবোৰ যদি আমি পিছুৱাই নি ভৱিষ্যত দেখা পাওঁ তেন্তে তেনে চিন্তাৰ ফচল ফলপ্ৰসু হোৱা দেখা যায়। আৰু যদিহে এই বিন্দুবোৰৰ পশ্চাদগমনত অতীত আৰু ভৱিষ্যতৰ মাজৰ সম্পৰ্ক নাথাকে তেন্তে এনে চিন্তা কেতিয়াও উদ্ভাৱনমূলক হব নোৱাৰে।

য়'ৰ-ষ্ট’ৰীঃ বৰ্তমান উদ্যোগশীলতাৰ কোনটো বিষয়ৰ গৱেষণাৰ কামত আপুনি ব্যস্ত হৈ আছে ?

বাৰ্ণহাৰ্ডঃ বৰ্তমান মই সৃষ্টিশীলতা আৰু ইনকিউবেটৰছ (ইয়াৰ অৰ্থ হৈছে যে সৰু সৰু কোম্পানী/ব্যৱসায়ৰ বিকাশৰ বাবে ডাঙৰ কোম্পানী, সামাজিক সংস্থা তথা শৈক্ষিক প্ৰতিষ্ঠানে কৰা সহায়ক প্ৰতিষ্ঠান)ওপৰত গৱেষণাৰ কাম কৰি আছো।মই জানিব বিচাৰিছো যে এই ইনকিউবিটেৰসমূহে সঁচাকৈ এই ষ্টাৰ্ট-আপবোৰৰ বিকাশৰ বাবেই কাম কৰি আছে নে এয়া মথো ধন ঘটাৰ এক উপায়। মোৰ গৱেষণাৰ বিষয় হৈছে যে কিদৰে সৃষ্টিশীল ব্যক্তিৰ সৃষ্টিশীলতাই এক গতি লাভ কৰি তাক ব্যৱসায়িক মাত্ৰা প্ৰদান কৰি এক এটা সেৱা বা প্ৰডাক্টত পৰিণত কৰে। কিয়নো মোৰ উপলব্ধিয়ে কয় যে, বহু ক্ষেত্ৰত ষ্টাৰ্ট-আপৰ প্ৰতিষ্ঠাতাসকলে নিজকে সৃষ্টিশীল বুলি কব নিবিচাৰে। আৰু এয়াই হৈছে মোৰ গৱেষণাৰ বিষয়।

য়'ৰ-ষ্ট’ৰীঃ আপোনাৰ পৰবৰ্তী কিতাপখনৰ বিষয় কি?

বাৰ্ণহাৰ্ডঃ মোৰ পৰবৰ্তী কিতাপখন হ’ব সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ ওপৰত। সৃষ্টিশীলতা আৰু উদ্ভাৱনক কিদৰে জাগ্ৰত কৰিব পাৰি তাৰ ওপৰত মই এই কিতাপখনত বিস্তৃতভাৱে আলোচনা কৰিম। মই এই বিষয়ত যথেষ্ট গৱেষণা কৰিছো আৰু বুজি উঠিছো যে কিয় কিছুমান মানুহ কিয় সৃষ্টিশীল আৰু কিছুমান কিয় সৃষ্টিশীল নহয়। সকলো মানুহৰে এটা সৃষ্টিশীল মন থাকে কিন্তু যিসকলে প্ৰগতিবাদী চিন্তাধাৰাত বিশ্বাস কৰে তেওঁলোকৰ সৃষ্টিশীল মনটো সদায় জাগ্ৰত হৈ থাকে। মই এই সম্পৰ্কত গৱেষণামূলক প্ৰৱন্ধ লিখিছো আৰু মোৰ কিতাপখনত এই সম্পৰ্কত অধিক আলোচনা কৰিম।

মোৰ বৰ্তমানৰ কিতাপ “ফেইল ফাষ্ট অৰ উইন বিগ”ৰ যথেষ্ট চৰ্চা হৈছে আৰু ইয়াক লৈ মই সুখী। মোৰ কিতাপখনৰ প্ৰকাশৰ পাছত ইয়াৰ পৰ্যালোচনাৰ ওপৰত ভিত্তি কৰি মই দুটা গোটত উদ্যোগশীল ব্যক্তিসকলক দেখিছো, একাংশ লোক যিয়ে ক্ষীপ্ৰতাৰে সফলতা অৰ্জন কৰাত গুৰুত্ব দিয়ে আৰু একাংশ লোক যিয়ে মই বিফলতাৰ পাছতো সফলতা প্ৰাপ্তিৰ কথা কোৱাটো ভাল নাপায়।

য়'ৰ-ষ্ট’ৰীঃ ষ্টাৰ্ট-আপ তথা নতুন উদ্যোগীসকলৰ বাবে আপোনাৰ পৰামৰ্শ কি?

বাৰ্ণহাৰ্ডঃ উদ্যোগশীল ব্যক্তি হোৱাতো ৰকেট ছাইন্স নহয়। কেতিয়াও নিজৰ সৃষ্টিশীলতা তথা উদ্ভাৱনৰ ওপৰত অধিক চিন্তা কৰাৰ পৰিবৰ্তে নিজৰ এখন বজাৰ বিচাৰি লোৱা আৰু তাক সম্পূৰ্ণভাৱে পৰীক্ষা কৰি গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰাত মনোনিৱেশ কৰি আগুৱাই যাব লাগে। উদ্যোগীয়ে সদায় গ্ৰাহকে কি বিচাৰে সেয়া নহয় বৰঞ্চ কি প্ৰয়োজন তাৰ ওপৰত গুৰুত্ব দিব লাগে।

লেখকঃ মদনমোহন ৰাও

অনুবাদঃ শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান