মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

Sunday January 17, 2016,

4 min Read

ৱেডিং ফটোগ্ৰাফাৰদ্বয় মণিকা মোঘে আৰু চাৰিক বাৰ্মা।দুয়ো এখন মটৰ-চাইকেলেৰে সমগ্ৰ পৃথিৱীৰ চুক-কোণ পৰিভ্ৰমণ কৰাৰ সপোন দেখিলে।এই ধাৰণাটো যেতিয়া এটা খুউব সুন্দৰ ধাৰণা হ’ব বুলি তেওঁলোকে ভাৱিলে, গোটেই যাত্ৰাটোৰ বাবে পৰিকল্পনা আৰু ধন জমা কৰোতে তেওঁলোকৰ ৫ বছৰ লাগিল। গতিকে, আপোনালোকে যদি এনেধৰণৰ ভ্ৰমণৰ সপোন দেখিছে, তেন্তে অলপ চিন্তা কৰি ল’ব।এয়া মাথোঁ ফে’চবুকত ঘণ্টাৰ মূৰে মূৰে ষ্টেটাছ আপডেট কৰি থকাৰ দৰে কথা নহয়, এইটোৱে আপোনাৰ পকেট একেবাৰে ফুটা কৰি দিবও পাৰে। এক দম্পতিয়ে তেওঁলোকে কেনেদৰে এটা বছৰৰ বিৰতি ভালদৰে আৰু বিত্তীয়ভাৱে কামত লগাইছিল, সেই সম্পৰ্কে কিছু কথা আমাৰ সৈতে পাতিলে।

“ভ্ৰমণৰ পৰিকল্পনাটো বাস্তৱ কৰিবলৈ যাওঁতে আমাৰ প্ৰায় ৫ বছৰ লাগিল।নিশ্চিতভাৱেই এয়া এক মূহুৰ্তৰ সিদ্ধান্ত নাছিল।বেছিভাগ মানুহেই, বিশেষকৈ ভাৰতৰ মানুবোৰ নিজৰ দৈনন্দিন সময়-মাফিক জীৱনটোত এনেভাৱে সোমাই থাকে যে,তেওঁলেকে এনেধৰণৰ এডভেঞ্চাৰমূলক ভ্ৰমণৰ কথা নাভাৱেই বা কেৱল টি.ভি.ত চায়েই সন্তুষ্টি লভে, নিজে ওলাই যাবলৈ ইচ্ছা নকৰে।আপুনি অনলাইন হোটেল বুক কৰি কোনো এখন ঠাইত থাকিলে, ঠাইডোখৰৰ সকলো কথা জানিব নোৱাৰে,” মণিকাই এইদৰে ক’লে। কিন্তু গোটেই পৃথিৱী ভ্ৰমণ কৰা, বিশেষকৈ মটৰ চাইকেলত, এটা অতি কঠিন কাম।মণিকা আৰু চাৰিকে এখন Triumph Tiger 800 X C বাইকত গোটেই পৃথিৱী ফুৰিলে।এই ক্ষেত্ৰত তেওঁলোকে বাইকখনে যাতে তেওঁলোকৰ বেগ আৰু আন আন সজুঁলিবোৰ কঢ়িয়াব পাৰে, সেইটোত গুৰুত্ব দিছিল। সেইকাৰণে দুয়ো কোমল বেগ লৈছিল যাতে বাইকৰ দুয়োকাষে বান্ধিব পাৰে।ৰিয়েৰ-মাউণ্ট লাগেজৰ বাবে তেওঁলোকে পেলিকান কে’চ এটা লৈছিল, যিটো সাধাৰণতে ফটোগ্ৰাফাৰ আৰু সংগীতজ্ঞসকলে তেওঁলোকৰ সামগ্ৰীসমূহ ভৰাই থ’বলৈ ব্যৱহাৰ কৰে।এনেধৰণৰ ভ্ৰমণ একোটা যিহেতু জীৱনলৈ কৰা হয়, সেয়ে সকলোৱে নিজৰ নিজৰ সুৰক্ষাৰ দিশটোকো গহীনভাৱে লোৱা উচিত। সেয়ে দুয়ো উন্নত মানৰ হেলমেট আৰু ৰাইডিং গিয়েৰ পৰিধানত গুৰুত্ব কৰিছিল।

ভ্ৰমণৰ কালছোৱাত তেওঁলোকৰ বাবে সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বানটো আছিল মহাদেশবোৰৰ মাজেৰে বাইকখন পাৰ কৰোৱাটো, বিশেষকৈ উৰাজাহাজেৰে যাবলগীয়া হ’লে বাইকখন এয়াৰ কাৰ্গ’ হিচাপে নিয়াটো এটা ডাঙৰ প্ৰত্যাহ্বানৰ দৰেই আছিল।বহুতো দেশে ‘Carnet de Passage’ নামেৰে এক তথ্য বিচাৰে, যিটোৰ দ্বাৰা বাইক এখন মাথোঁ ভ্ৰমণৰ উদ্দেশ্যেহে দেশৰ বাহিৰলৈ নিয়া হৈছে,ইয়াক পুনৰ ওভতাই অনা হ’ব- এই কথাটো নিশ্চিত কৰা হয়।

image


মাল-বস্তুৰ উপৰি বিশ্ব ভ্ৰমণ কৰিব পৰাকৈ তেওঁলোকে ইমান টকা কেনেকৈ যোগাৰ কৰিলে? কথাখিনি মণিকাই সৰলীকৰণ কৰি ক’লে, “আমি গোটেই ভ্ৰমণটোৰ বাবে টকা নিজেই যোগাৰ কৰিছিলো।ইয়াৰ বাবে আমি যোৱা ৫ বছৰ ধৰি টকা সাঁচিছিলো। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে, আমি বহুত কিবা কিবি ত্যাগ কৰিছো। ইয়াৰ বাবে লাগে মাথোঁ পছন্দ অনুযায়ী কিছু কাম কৰা, যি আপোনাক সহায় কৰে।অত্যাধুনিক ৰেষ্টুৰেণ্টত এসাঁজত ব্যয় নকৰা টকাৰে আপুনি তুৰ্কীলৈ যোৱা টিকট কিনিব পাৰে।এনেকুৱা মাত্ৰ ৬ৰ পৰা ৮ সাজ আহাৰ নাখালেই হ’ল। আচলতে,মনৰ ধাৰণাটোৱেই সকলো সলনি কৰি দিয়ে।” তাৰ উপৰি খৰচ কমাবলৈ তেওঁলোকে বিভিন্ন অঞ্চলত মানুহৰ ঘৰতো থাকিছিল।

বৰ্তমানলৈ দম্পতিহালে স্থলপথেৰে ৩৩,০০০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিলে।যিহেতু তেওঁলোকে ঋতু অনুযায়ী কামো কৰে, সেয়ে আগন্তুক ৪/৫ বছৰৰ পিছত পুনৰ এইদৰে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে,য’ত প্ৰতিবছৰে কেইবাখনো দেশ ফুৰিব পাৰে।কিন্তু প্ৰত্যেক বছৰে কেইবাবাৰো উৰণ কাৰ্য কৰিবলগীয়া হোৱাৰ বাবে বাৰু তেওঁলোকৰ কাৰ্বন ফুটপ্ৰিণ্টৰ পৰিমাণ বাঢ়ি গৈছে নেকি? “আমাৰ মটৰ চাইকেলখনৰ আমি ঘনাই প্ৰদূষণ পৰীক্ষা কৰাই থাকোঁ। তদুপৰি আমি সদায় এনে এক গতিত যাওঁ যাতে আমি দূৰত্ব বৃদ্ধি কৰিব পাৰোঁ।এনে কৰিলে,মিতব্যয়ী হোৱাৰ লগতে যিমান কমকৈ ইন্ধন ব্যৱহাৰ কৰা যাব, সিমানেই বায়ু প্ৰদূষণ ৰোধ কৰিব পৰা যায়।আমি যিমান পাৰি পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী ব্যৱহাৰ কৰিছিলো।লগতে ৰিচাৰ্জেবল বেটাৰী ব্যৱহাৰ কৰিছিলো।আমি কেম্প কৰি থকা বনাঞ্চল আৰু ইয়াৰ মাটিৰ প্ৰতি সন্মান জনাই ব্যৱহাৰ কৰাৰ পিছত যিমান পাৰি তাৰ পূৰ্ব্বৰ অৱস্থাতে পুনৰ এৰি থৈ গৈছিলো।” মণিকাই এইদৰে ক’লে।

image


ইমান সময় একেলগে কটাই তেওঁলোকৰ বাৰু কেনে অনুভৱ হৈছিল? বহুত দম্পতিয়ে একেলগে ২৪ ঘণ্টা সময় বা এটা সপ্তাহ কেতিয়াও একেলগে কটাবলৈ নাপায়।চাৰিকে কৈছিল,“আমি প্ৰতিটো পুৱা সেয়া লাগিলে সৰু টেণ্ট বা মজিয়া বা কৰোবাৰ ঘৰৰ চোফা বা তেনেই সাধাৰণ বিচনাতেই হওঁক,মুঠতে সাৰপাই ইজনে-সিজনক হাঁহিৰে সম্ভাষণ জনাইছিলো।আৰু এইটোৱে যথেষ্ট প্ৰভাৱ পেলায়।” মণিকাৰ কাৰণে একেলগে ভ্ৰমণ কৰাৰ বেয়া অংশটো হৈছে চাৰিকক মটৰ চাইকেল আৰু বতাহৰ শব্দৰ তীব্ৰতাক অতিক্ৰমী চিঞঁৰি কথা ক’ব লাগিছিল। অৱশ্যে, নৰৱেৰ অভিজ্ঞতাক সুৱঁৰি মণিকা আজিও শিহৰিত হৈ উঠে, য’ত দুয়ো ঠাইখন ভ্ৰমি বৰ্ণনাতীতভাৱে ভালপাইছিল।

image


এওঁলোক দুয়োৰে একেলগে আৰু বহুতো দেশ ফুৰিবলৈ আছে। বিশ্বখন ভ্ৰমণ কৰাৰ অভিজ্ঞতাস্বৰূপে তেওঁলোকে আগবঢ়োৱা কিটিপবোৰ নাপাহৰিব-নিজৰ কামবিলাক সদায় কৰি থাকিব, হঠাতে চাকৰি ত্যাগ কৰি সূৰ্যাস্ত উপভোগ কৰিবলৈ নাযাব।কঠোৰ পৰিশ্ৰম কৰক আৰু সকলো সুন্দৰভাৱে পৰিকল্পনা কৰক। মুঠতে জীৱনজোৰা পৰিক্ৰমাত কঠোৰ পৰিশ্ৰম কৰিবই লাগিব।

মূলঃ বাহাৰ দত্ত

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

    Share on
    close