ছিলিকন ভেলীৰ চাকৰি এৰি আহি ভাৰতত ষ্টাৰ্ট-আপ ‘স্পইল’ স্হাপন ভাৰ্গৱ ইৰাঙ্গীৰ

ছিলিকন ভেলীৰ চাকৰি এৰি আহি ভাৰতত ষ্টাৰ্ট-আপ  ‘স্পইল’ স্হাপন ভাৰ্গৱ ইৰাঙ্গীৰ

Wednesday December 16, 2015,

5 min Read

প্ৰতিজন চৌখিন মানুহৰে আলমাৰিত অন্ততঃ এযোৰ জোতা,দুটামান ছাৰ্ট, টপ অথবা গহনাৰ ছেট আছুতীয়াকৈ থোৱা থাকে।কোনো বিশেষ দিনত পিন্ধিবলৈ সাঁচি থোৱাৰ বাবেই হওক নাইবা আন কাৰণতে হওক তেনে সাঁচতীয়া সাজকেইপদে কেতিয়াও পোহৰৰ মূখ দেখিবলৈ নাপায়।এনেকৈ অব্যৱহূত প্ৰায় ৫০% কাপোৰ নাইবা সাজ-সজ্জাৰে আমাৰ আলমাৰি ভৰি থাকে।আমি কোনো উপায়েৰে এইসমূহৰ সদব্যৱহাৰ হোৱাতে বিচাৰো অথচ ইয়াৰ উপায়ো বিচাৰি নাপাঁও।এই দুবিধাৰ অন্ত পেলাবৰ বাবে জন্ম হয়-স্পইল (spoyl)ৰ ।

এই বছৰৰ আৰম্ভণিতে ২৯বছৰীয়া ভাৰ্গৱ ইৰাঙ্গীয়ে তেওঁৰ এগৰাকী বান্ধৱীক ফেচবুকত ব্ৰেণ্ডেড জোতা এযোৰ বিক্ৰি কৰা দেখিলে।এই কথাটোৱে ভাৰ্গৱৰ মনোযোগ আকৰ্ষণ কৰিলে।তেওঁ গম পালে যে তেওঁৰ বান্ধৱীগৰাকীৰ দৰে আন বহুতেই এনে এখন প্লেটফৰ্মত বেচা কিনা কৰিব বিচাৰে।

ছিলিকন ভেলীত ‘ইনটুইট’ত কৰ্মৰত ভাৰ্গৱৰ বাবে সেয়া যেন এক উদ্ভাৱন আছিল।তেওঁ কয়,“মই সামাজিকভাৱে সংযুক্ত এখন বজাৰৰ কথা চিন্তা কৰিছিলো য’ত প্ৰথমতে বিশ্বাসযোগ্যতা গঢ়ি তোলা হব আৰু পূৰ্ব মালিকানাধীন ব্যৱসায়ৰ দিশটো স্বতঃস্ফূৰ্তভাৱে মুকলি হব” জ’ৰ্জিয়া ইন্সটিটিউট অৱ টেকন’লজিৰ পৰা বায়’ মেডিকেল টেকন’লজিত পিএইচডি শিক্ষা গ্ৰহণ কৰা ভাৰ্গৱে অংশীদাৰী অৰ্থনীতিৰ প্ৰতি সদায় আগ্ৰহী আছিল।

টীম স্পইল

টীম স্পইল


এখন নতুন পৃথিৱীত পদাৰ্পণ

১৪ বছৰ আমেৰিকাত কাম কৰাৰ পিছত ভাৰ্গৱে ভাৰতলৈ উভতি অহাৰ সিদ্ধান্ত ল’লে।“ছিলিকন ভেলীত বৃহৎসংখ্যক ষ্টাৰ্ট-আপ আছে যদিও মই ভাবিলো ভাৰতত প্ৰযুক্তি চালিত আৰু গ্ৰাহক আধাৰিত বজাৰখন অধিক মুক্ত” তেওঁ কয়।

অৱশ্যে ভাৰতত আৰম্ভণিৰ সময়চোৱা বৰ সহজ নাছিল।ভাৰতত কোনো সম্পৰ্ক নথকাৰ বাবে শূণ্যৰ পৰা কাম আৰম্ভ কৰিবলগীয়া হৈছিল।সমভাৱাপন্ন মানুহ বিচাৰি, তেওঁলোকৰ সৈতে যোগাযোগ স্হাপন কৰি স্পইল ৰ উদ্দেশ্যক আগুৱাই লৈ যোৱাতো তেওঁৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আছিল।

ইনটুইট ত শক্তিশালী আৰু উচ্চ দক্ষতাসম্পন্ন টীমৰ সদস্য হিচাপে কাম কৰাৰ অভিজ্ঞতা থকা ভাৰ্গৱে জানিছিল যে এটা সুদক্ষ টীমে এটা ধাৰণাক একোটা পণ্যসামগ্ৰী আৰু ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব পাৰে। “চাৰিমাহৰ আগতে মোৰ এটা মূখ্য উদ্দেশ্য আছিল,সেইটো হ’ল মোৰ কামটোৰ বাবে শ্ৰেষ্ঠতম টীম এটা গঠন কৰা।মই অস্হিৰ হৈ পৰিছিলো,হাইদৰাবাদলৈ গ’লো,মানুহৰ সৈতে যোগাযোগ কৰিলো আৰু কিছুসংখ্যক লোকক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হলো।সেইসকলকেই আজি স্পইল ৰ মেৰুদণ্ড বুলি গণ্য কৰোঁ ।” ভাৰ্গৱে মন্তব্য কৰে।

তেওঁলোকৰ ভিতৰত ইনটুইট ত ভাৰ্গৱৰ সহকৰ্মী সুমিত আগৰৱালে সহ-প্ৰতিস্হাপক হিচাপে যোগদান কৰিলে।দলটোৰ আন এজন বিশিষ্ট সদস্য ভাস্কৰ গাঞ্জী হ’ল স্পইলৰ প্ৰথমজন কৰ্মচাৰী।ইয়াৰ পূৰ্বে ভাস্কৰ অন্ধ্ৰপ্ৰদেশৰ এখন সৰু কন্সালটেন্সি ফাৰ্মত কৰ্মৰত আছিল।ভাৰ্গৱে জানিবলৈ দিয়ে যে ভাস্কৰে অকলেই ব্যৱসায়ৰ পথাৰখন তৈয়াৰ কৰিছে।এপ ডেভেল’পিঙৰ বিভিন্ন কামৰ সংক্ৰান্তত দুয়োৰে আগৰ পৰাই চিনা পৰিচয় আছিল।

“আমাৰ মাজত এটা সংযোগ পূৰ্বৰ পৰাই আছিল।তেওঁ এজন অন্যতম শ্ৰেষ্ঠ অভিযন্তা।আই আই টি অথবা বিটছৰ স্নাতক নোহোৱা স্বত্বেও এইমূহূৰ্তত তেওঁ ভাৰতৰ শ্ৰেষ্ঠতম অভিযন্তাৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম” ভাৰ্গৱে মন্তব্য কৰে।

ইৰাম ৰুকিয়া,এগৰাকী growth hacker যিয়ে আগতে Myntra আৰু Wooplr ৰ বাবে কাম কৰিছিল এতিয়া স্পইলৰ এগৰাকী গুৰুত্বপূৰ্ণ কৰ্মচাৰী।ভাৰ্গৱে কয় যে ইৰামক চাকৰিৰ বাবে সন্মতি জনোৱাৰ আগতে তেওঁক LinkedIn ত গোপনে অনুসৰণ কৰিছিল।

প্লেটফৰ্ম

প্ৰায় এমাহ পূৰ্বে কেইবাটাও বিটা ৰাণ(beta run)ৰ অন্তত দলটোৱে এপটোৰ প্ৰথম সংস্কৰণ মুকলি কৰিছে।আই অ’ এছ আৰু এণ্ড্ৰয়ডত স্পইল উপলদ্ধ।তেওঁলোকে আকাৰ পৰিবৰ্তনযোগ্য স্হাপত্যকহে(scalable architecture)প্ৰাধান্য দিয়ে যি Python-Django যুক্ত AWS ব্যৱহাৰ কৰে। Elastic search প্ৰযুক্তিৰ সহায়ত তেওঁলোকে উচ্চমানৰ এপ সেৱা আগঢ়োৱা বুলি দাবী কৰে।এই প্ৰযুক্তিৰ সহায়ত গ্ৰাহকে সকলো তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাৰ লগতে প্লেটফৰ্মত আকাৰ পৰিবৰ্তনযোগ্য আৰু শেহতীয়া ছৱি সংকোচনৰ প্ৰযুক্তি আগবঢ়ায়।

বিক্ৰেতাই নিজৰ সামগ্ৰীৰ ফটো উঠাই মূল্যসহ সামগ্ৰীৰ বিশদ বিৱৰণ দিব লাগিব।সামগ্ৰীটো এবাৰ নিৰ্বাচিত হোৱাৰ পিছত স্পইল টীমে সামগ্ৰীটো প্ৰকাশ কৰাৰ আগতে সামগ্ৰীৰ পুনৰ বিবেচনা কৰাৰ লগতে বিক্ৰতাৰ সবিশেষৰ সত্যাসত্য নিৰূপন কৰে।

অৰ্ডাৰ এটা পঞ্জীভুক্ত আৰু তাৰ সত্যতা নিৰূপন হোৱাৰ পিছত স্পইলৰ সৰবৰাহ সহযোগীয়ে বিক্ৰেতাৰ সৈতে সংযুক্ত হৈ থাকে আৰু বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়।স্পইলে এটা মানবিশিষ্ট বজাৰ ৰাজহ মডেল গ্ৰহণ কৰে য’ত তেওঁলোকে লেনদেনৰ বাবদ এটা নিৰ্দিষ্ট শতাংশ লয় তাৰ ভিতৰত সৰবৰাহ সহযোগী আৰু অন্যান্য কাম-কাজৰ খৰচ আৰু তেওঁলোকৰ মুনাফা সন্নিৱিষ্ট হৈ থাকে।

স্পইলে white-glove concierge ৰ সুবিধা প্ৰদান কৰে যাৰ ফলত বিক্ৰেতাই নিজৰ অলংকাৰ অধিক পৰিষ্কাৰ আৰু আকৰ্ষণীয় ৰূপত অনলাইনযোগে প্ৰদৰ্শন কৰিব পাৰে।“যিসকলৰ এই কাম কৰিবলৈ সময়ৰ অভাৱ তেওঁলোকৰ বাবে বিশেষকৈ এই সুবিধা প্ৰদান কৰা হয় ” ভাৰ্গৱে কয়।

প্ৰায় ১১০০ এপ ডাউনলড, ৮০০ সক্ৰিয় গ্ৰাহক থকাৰ লগতে নিতৌ প্ৰায় আঠটা অৰ্ডাৰ থাকে বুলি স্পইলে দাবী কৰে।দলটোৱে লগতে জনায় যে তেওঁলোকে এতিয়ালৈকে বিপণনৰ নামত এটকাও খৰচ কৰা নাই। referral installs ৰ জৰিয়তেই সকলোখিনি সম্ভৱ হৈছে।

দলটোৱে অতি সোনকালে আক্ৰমণাত্মক ৰূপত কন্টেন্ট তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিব আৰু আগন্তুক কেইটামান সপ্তাহৰ ভিতৰত অধিক ব্যৱহাৰকাৰীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব।তেওঁলোকৰ লক্ষ হল ৫০০০ সক্ৰিয় ব্যৱহাৰকাৰীৰ লগতে ডিচেম্বৰৰ মাজভাগলৈ দৈনিক ২৫ টা অৰ্ডাৰ সংগ্ৰহ কৰা।

“যিহেতু এতিয়ালৈকে এইখন ক্ষেত্ৰত কোনো ডাঙৰ প্ৰতিযোগিতা নাই,আমি ভাবোঁ আমাৰ সামগ্ৰীসমূহৰ লগতে ভিন্ন অথচ প্ৰাসংগিক পৃষ্ঠভূমিৰ শক্তিশালী টীমটোৰ কাৰ্যপন্হাৰ বাবে এই ক্ষেত্ৰখনত প্ৰাথমিক অৱস্হাত থকা কোম্পানী সমূহৰ পৰা আমি পৃথক হৈ থাকিব পাৰিম” ভাৰ্গৱে কয়

গতিবৰ্ধক অনুষ্ঠান TLabs ৰ অংশীদাৰ স্পইলে ইতিমধ্যে TLabs ৰ পৰা ১০০,০০০ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰাৰ লগতে কেইজনমান দেৱদূত স্পইলৰ অংশীদাৰ হিচাপে লাভ কৰে।মাইন্ট্ৰাৰ প্ৰাক্তন চিঅ’অ’ গণেশ সুব্ৰমণিয়ামে যোৱা মাহত উপদেষ্টা হিচাপে যোগদান কৰে।

য়ৰ ষ্ট’ৰীৰ মন্তব্য

শেহতীয়াকৈ Pre-owned fashion য়ে কিছুসংখ্যক ভাৰতীয় উদ্যোগীক আকৰ্ষিত কৰিছে। এইসকলৰ ভিতৰত বিগত কিছু মাহ আৰু বছৰৰ পূৰ্বে এই ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰা Elanic, Revamp My Closet, Once Again, Zapyle, আৰু Etashee অন্যতম।

Price Waterhouse Coopers (PWC) ৰিপৰ্টমতে ২০২৫ চনলৈকে অংশীদাৰী ব্যৱসায়ে ৩৩৫ বিলিয়ন মাৰ্কিন ডলাৰলৈকে আন্তৰ্জাতিক ৰাজহ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। pre-owned fashion ৰ বজাৰখনৰ পৰিসৰ সম্বন্ধে কোনো বিশ্বসযোগ্য তথ্য নাই যদিও গুগলৰ ৰিপৰ্টত প্ৰকাশ পাইছে যে অনলাইন ফেশ্বন বজাৰে ২০২০ চনলৈকে ৩৫বিলিয়ন মাৰ্কিন ডলাৰলৈকে ব্যৱসায় কৰিব বুলি আশা কৰিব পাৰি।

আজিকালি প্ৰায় সকলোৱে দামী ব্ৰেণ্ডেড সামগ্ৰী কিনিবলৈ বিচাৰে।জীৱন ধাৰণৰ মান আৰু অভ্যাসবোৰ দ্ৰুতগতিত সলনি হোৱালৈ চাই কব পাৰি যে ভাৰতত pre-owned fashionৰ বজাৰ আছে।কিন্তু বজাৰখন কিমান ডাঙৰ হব আৰু স্পইলে তাৰ কিমান অংশ দখল কৰিব পাৰিব সেয়া সময়তহে দেখা যাব।


মূল-সিন্ধু কাশ্যপ

অনুবাদ-সংগীতা দেৱী দত্ত