ফেচবুকৰ M আৰু এপলৰ Siri লৈ ভাৰতীয় YANAৰ প্ৰত্যাহ্বান

ফেচবুকৰ M  আৰু এপলৰ Siri লৈ ভাৰতীয় YANAৰ প্ৰত্যাহ্বান

Thursday March 24, 2016,

4 min Read

বিগত বৰ্ষৰ আগষ্ট মাহৰ কথা, ছান ফ্ৰান্সিস্ক' উপসাগৰীয় এলেকাৰ শতাধিক লোকে ‘M’ৰ বিষয়ে জানিবলৈ তেওঁলোকৰ ফেচবুক মেছেঞ্জাৰ এপ খোলে, যিটো মেছেঞ্জাৰৰ নতুন Virtual Text সহযোগী। M এ সংৰক্ষণ, কেব, চিনেমাৰ টিকট বুক কৰা আৰু তেনেধৰণৰ কামবিলাক ইয়াৰ চাটবটৰ সহায়ত কৰিব পাৰিব বুলি দাবী কৰে। চাৰি মাহৰ পাছত ডিচেম্বৰত গুগলে এক অত্যাধুনিক মোবাইল মেছেজিং সেৱাৰ কাম কৰি থকাৰ কথা পোহৰলৈ আহে যিয়ে এটা মেছেজিং এপৰ জৰিয়তে প্ৰশ্নবোৰৰ উত্তৰ দিব।

এই কথাবিলাক চলি থকাৰ মাজতেই গুৰগাঁওস্থিত YANA ই নিজৰ উপস্থিতি সজোৰে ঘোষণা কৰিলে। এক ব্যক্তিগত কথা-বাৰ্তাৰ মাজেৰেই এই এপটোৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে কেব বুক কৰা,ঘৰুৱা সামগ্ৰী ক্ৰয় কৰা,যোগাযোগ কৰিব বিচৰা ইত্যাদি এই সকলোবোৰ বন্ধু এজনৰ লগত কথা পাতি থকাৰ দৰেই কৰিব পাৰিব। এই মঞ্চখনে গ্ৰাহকক কেব আৰু ঘৰুৱা সামগ্ৰীৰ মূল্যৰ তুলনা কৰি চোৱাৰ সুবিধাও প্ৰদান কৰিছে, যাৰ দ্বাৰা তেওঁলোকে কম মূল্য দি সেৱাসমূহ গ্ৰহণ কৰিব পাৰে।


YANA ৰ সহ-প্ৰতিস্থাপকসকল অংকিত,আশীষ আৰু ৰাহুল

YANA ৰ সহ-প্ৰতিস্থাপকসকল অংকিত,আশীষ আৰু ৰাহুল


কি দৰে সম্ভৱ হ’ল এই পৰিকল্পনা?

প্ৰতিস্থাপক সহযোগী ৰাহুল গুপ্তাৰ কাৰণে, তেওঁলোকৰ লক্ষ্য আছিল তেনেই সাধাৰণ- মোবাইল ফোনটোৰ দ্বাৰাই গ্ৰাহকক সকলোবোৰ সেৱা উপলব্ধ কৰোৱা। এই প্ৰেৰণা তেওঁলোকে পালে আমেৰিকাস্থিত Magic ৰ পৰা, ই এক টেক্সিং সেৱা যাৰদ্বাৰা গ্ৰাহকে বেছিভাগ বস্তুৱেই তেওঁলোকৰ ঘৰৰ দুৱাৰদলিতেই লাভ কৰে। অকল ফেব্ৰুৱাৰী মাহতে মেজিকে ৪৮ ঘণ্টাত ১৭,০০০ মেছেজ লাভ কৰিছে।

আইআইএম বাংগালোৰৰ পৰা স্নাতক আৰু Cornell ৰ সৈতে এক পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত ৰাহুলে হংকঙত Goldman Sachs ত চাকৰি কৰে।কিন্তু নিজাকৈ কিবা এটা কৰাৰ ইচ্ছাতে ২০১৩ চনত সেই চাকৰি ত্যাগ কৰে।তাৰ পিছত তেওঁ ২০১৪ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ প্ৰচাৰৰ কাৰ্যসূচীত অংশ লয়। সেই সময়ত যথেষ্ট চৰ্চিত হোৱা ‘চাই পে চৰ্চা’ৰ প্ৰণেতা ৰাহুলে ইয়াৰ সফল কাৰ্যকৰী ৰূপ দিছিল।

নিৰ্বাচনৰ যেতিয়া অন্ত পৰিল আৰু প্ৰচাৰৰ দলটোও দিল্লীলৈ উভতিল, সেই সময়তে ৰাহুলে তেওঁৰ বন্ধুৰ সহযোগত লগ পাইছিল অংকিত শৰ্মা আৰু আশীষ গুপ্তাক আৰু তেওঁলোকৰ সৈতে একেলগে কাম কৰাৰ কথা ভাৱিলে। তেতিয়া তিনিও একেলগে এই এপটো তৈয়াৰ কৰাৰ সিদ্ধান্ত ল’লে।


কেব,ঘৰুৱা সামগ্ৰীৰ মূল্যৰ তুলনা কৰি চোৱাৰ সুবিধা

কেব,ঘৰুৱা সামগ্ৰীৰ মূল্যৰ তুলনা কৰি চোৱাৰ সুবিধা


হেল্ল’,YANA

এই ত্ৰিমূৰ্তীয়ে মেজিকৰ দৰেই কাম কৰিলে, ৱাটচ্ আপত মুকলি কৰি দিয়া এটা নম্বৰৰ জৰিয়তে গ্ৰাহকক তেওঁলোকৰ সামগ্ৰীৰ বাবে অনুৰোধ কৰিবলৈ আহ্বান জনালে। দুমাহতে(২০১৫ চনৰ মে’ আৰু জুন)দলটোৱে প্ৰায় ৫০,০০০ বাৰ্তা লাভ কৰে, যিটোৱে YANAৰ বুদ্ধিমত্তা গঢ়ি তোলাত সহায় কৰে।

আজি YANAই গ্ৰাহকৰ ঘৰুৱা সামগ্ৰী ক্ৰয়ৰ এক মাধ্যম হিচাপে কাম কৰি গ্ৰাহকক আলু, বিলাহী,ব্ৰেড ইত্যাদিৰ যোগান ধৰে, গ্ৰাহকক কেব বুক কৰা আৰু আন আন ঘৰুৱা সেৱাও প্ৰদান কৰিছে, তদুপৰি গ্ৰাহকক ব্যৱসায়ৰ বাবে আৱশ্যকীয় যোগাযোগ নম্বৰো যোগান ধৰে।

এই মঞ্চখনে ব্যৱহাৰকাৰীসকলক কোন কোন ঠাইত খাদ্যৰ জুতি ল’ব পাৰিব সেয়াও জনায়, যিটো কেৱল Google Places ই নহয় YANA places ৰ দ্বাৰাও নিয়ন্ত্ৰিত হৈ থাকে। তেওঁলোকৰ সমগ্ৰ দেশজুৰি ১০,০০০ ৰো অধিক ভেণ্ডৰ আৰু ব্যাৱসায় সহযোগী আছে।

কিন্তু এই ক্ষেত্ৰত ৰাহুলে কয় যে, ঠাইৰ সন্ধান দিয়া, বিভিন্ন সেৱা প্ৰদান কৰা বা কেব বুক কৰা ইত্যাদিবোৰেই আচলতে YANA ৰ প্ৰকৃত পৰিচয় নহয়। বৰঞ্চ গ্ৰাহকে ইয়াক কথা-বাৰ্তাৰ বাবেহে ব্যৱহাৰ কৰে, যাৰদ্বাৰা তেওঁলোকে প্ৰয়োজনীয় কামবিলাকো কৰি থাকে।

আগন্তুক মাহ কেইটাত ফাৰ্মখনে YANA ক শক্তিশালী কৰি তুলিবলৈ ইচ্ছা কৰি গ্ৰাহকৰ খাদ্যৰ অৰ্ডাৰ লোৱা, মোবাইলৰ ৰিচাৰ্জ কৰোৱাৰ লগতে ভ্ৰমণ আৰু চিনেমাৰ টিকট বুক কৰা আদি সুবিধাও আগবঢ়াব। প্ৰতিস্থাপককেইজনে আমাক জনায় যে, তেওঁলোকে বজাৰ সমাৰ কৰা আৰু বাতৰি যোগান ধৰাৰো কথা চিন্তা কৰি আছে। বৰ্তমান PepperTap, ZopNow, Ola, Uber, HouseJoy, EasyFix, JetSetClean এই সাতোটা চিনাকি ব্ৰেণ্ডৰ লগতে আৰু অধিক ভেণ্ডৰৰ সৈতে YANA পাৰ্টনাৰশ্বিপত আছে। তেওঁলোকে গ্ৰাহকৰ চিনাকি আৰু ১৫টা মান ব্ৰেণ্ডৰ সৈতে কথা-বতৰা চলাই আছে।

YANA ৰ ৫টা প্ৰধান বিভাগ (ঘৰুৱা সামগ্ৰী, ঠাই, কেব, ঘৰুৱা সেৱা আৰু কথা-বাৰ্তা) বৰ্তমান দিল্লী, গুৰগাঁও, নয়দা, বাংগালুৰু, মুম্বাই, পুণে আৰু হাইদৰাবাদত সম্পূৰ্ণ ৰূপে সক্ৰিয় হৈ আছে। আনহাতে সীমিত পৰিমাণে কলকাতা, আহমেদাবাদ, চেন্নাই আদিকে ধৰি কেইখনমান চহৰতো তেওঁলোকে সেৱা আগবঢ়াইছে। ফেব্ৰুৱাৰীৰ প্ৰথমভাগত মুকলি হোৱা এপটোৰ এতিয়ালৈ ৩,০০০ সংখ্যক ডাউনলোড হৈছে,য’ত প্ৰতি সপ্তাহত ১,৫০০ সক্ৰিয় ব্যৱহাৰকাৰী আছে।এই এপটোৰ প্ৰত্যেক দিনাই ৫ৰ পৰা ১০ বাৰলৈকে বিত্তীয় লেন-দেন হয়। 

  

YANA ৰ দলটো 

YANA ৰ দলটো 


ৰাহুলে এইদৰে কয়,“আমি বিশ্বৰ ভিতৰতে প্ৰথম লেন-দেন সংক্ৰান্তীয় কথা-বাৰ্তা সহযোগী মঞ্চ এখন সৃষ্টি কৰাৰ প্ৰয়াস কৰিছো। এই ব্যৱস্থা ইমান বেছি কটকটীয়া হৈ পৰিছে যে, গ্ৰাহকে এই মঞ্চ এৰি মূল্য পৰিশোধ কৰিবলৈ বা তেওঁলোকৰ মোবাইলত এশটা এপচ্ ডাউনলোড কৰাৰ কোনো প্ৰয়োজন নাই। তেওঁ এই মঞ্চৰ পৰাই সকলো কাম কৰিব পাৰে।”

অহা ছমাহত ফাৰ্মখনে প্ৰতিদিনে ১,০০০ লেন-দেন কৰাৰ লক্ষ্য লৈছে।তেওঁলোকে আমেৰিকা,ইংলেণ্ড আৰু ইউৰোপত প্ৰৱেশ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈও মন মেলিছে।

মূলঃ তৰুষ ভাল্লা

অনুবাদঃ লীনা শইকীয়া 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সুকীয়া গায়ন শৈলী, হৃদয় জুৰোৱা কণ্ঠ আৰু সাধনাই যাৰ পৰিচয়-ৰূপম ভূঞা

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা