‘আমি ভাল টীমতহে বিনিয়োগ কৰোঁ’ বুলি Venture Capitalists (VC)সকলে আচলতে কি বুজায়?

বিনিয়োগঃ

‘আমি ভাল টীমতহে বিনিয়োগ কৰোঁ’ বুলি Venture Capitalists (VC)সকলে আচলতে কি বুজায়?

Wednesday December 09, 2015,

7 min Read

আপোনালোকৰ যদি মোৰ দৰে বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ অভ্যাস আছে, VC- সকলৰ সৈতে মত বিনিয়োগ কৰিছে, কোনো বিনিয়োগৰ পিছৰ প্ৰেছ বিবৃতি পঢ়িছে বা Your Storyপঢ়িছে, তেনেহ’লে বিনিয়োগকাৰী সকলে নিয়মিত ব্যৱহাৰ কৰা ‘আমি এটা ভাল টীমক সহায় কৰোঁ আৰু বিনিয়োগৰ আটাইতকৈ জৰুৰী চৰ্তটোৱেই হ’ল এটা ভাল টীম’- এই বাক্য শাৰী পাইছে।

image


এটা ভাল টীম পোৱাৰ অৰ্থ কি? প্ৰতিষ্ঠাপক সকলো টীমেই ভাল নহয় জানো? মোৰ মতে, ভাল মানে উৎসাহী, আৱেগিক, ক্ষুধাতুৰ আৰু কিবা এটা বেলেগ কৰাৰ তীব্ৰ কামনাৰে ভৰপূৰ। তেনেহ’লে এটা টীমে আন এটাতকৈ বেছি মনোযোগ আকৰ্ষণ কৰে কিয়? বিনিয়োগকাৰীৰ দৃষ্টিত এটা বিশেষ টীম বেলেগ হৈ ধৰা দিয়ে কিয়? তেওঁলোকে এটা টীমৰ মূল্যাংয়ন কিদৰে কৰে? যোগ্যতাৰ সকলো অৰ্হতা একে থাকিলে A বা B টীমৰ মাজৰ এটাক আপুনি কিদৰে নিৰ্বাচিত কৰে।

ভাল টীমৰ লক্ষণসমূহ আমি বুজিব লাগিব। কেইজনমান আগশাৰীৰ ভাৰতীয় বিনিয়োগকাৰীৰ সৈতে কথা পাতি Your Storyয়ে এই সন্দৰ্ভত কিছু গুপুত ৰহস্য সংগ্ৰহ কৰিছে। এই ৰচনাখনৰ পৰা পোৱা তথ্য নিজস্বভাৱে ব্যাখ্যা কৰি আৰু ইয়াৰ পৰা পোৱা শিক্ষাৰ আধাৰত পৰৱৰ্তী বিনিয়াগকাৰী জনক সাক্ষাতৰ সময়তে তেওঁ আপোনাক কিদৰে মূল্যায়ন কৰিছে সেই কথা জানিব পাৰিব। সাজু থাকক। কিন্ত তাতকৈও জৰুৰী কথাটো হ’ল এটা ভাল টীম কিদৰে হয় সেইটো বুজি লওঁক।

image


তাৰ পূৰ্ৱে বিনিয়োগকাৰীসকলৰ শ্ৰেষ্ঠ টীম এটা বিনিয়োগৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পূৰ্বচৰ্ত কিয় হয় সেই কথা আমি বুজিব লাগিব।

প্ৰাক্তন উদ্যমী আৰু বৰ্তমানৰ বিনিয়োগকাৰী তথা ভাৰতীয় ষ্টাৰ্টআপৰ ক্ষেত্ৰত আটাইতকৈ বেছি মানুহৰ সৈতে যোগাযোগ থকা ৰবি গুৰুৰাজৰ মতে, ‘বিনিয়োগকাৰী সকলে শ্ৰেষ্ঠ টীম এটাক আন সকলো বিবেচনাতকৈ অগ্ৰাধিকাৰ দিয়াৰ বহুতো কাৰণ আছে।’

ৰবিয়ে দিয়া যুক্তিকেইটা হ’লঃ“প্ৰথমে, প্ৰায়ভাগ নতুন উদ্যোগ বা ব্যৱসায় ব্যৰ্থ হোৱাৰ মূল কাৰণটো হ’ল দুৰ্বল বা অসম্পূৰ্ণ টীম। সম্ভৱ হ’লে প্ৰতিষ্ঠাপক দলটো একে ব্যক্তিৰে গঠন হ’ব লাগে যাৰ প্ৰতিজন সদস্যৰ প্ৰভাৱশালী ভূমিকা আৰু গুৰুত্বপূৰ্ণ দায়িত্ব পালনৰ সামৰ্থ থাকে। বাস্তৱত হয়, কি, ‘যি আগ্ৰহী আৰু যাক সহজে পোৱা গৈছে তেনেধৰণৰ ব্যক্তিৰেই প্ৰতিষ্ঠাপক দল গঠন কৰা হয়। পাৰস্পৰিক দক্ষতা, আগ্ৰহ, তাড়না সম্পদ আৰু নেটৱৰ্কৰ বিষয়ে আলোচনা কৰি পৰস্পৰৰ বিশেষ অৰ্হতাৰ বিষয়ে জনাৰ চেষ্টা প্ৰতিষ্ঠাপকসকলে নকৰে। তেওঁলোকে তেওঁলোকৰ আইডিয়াটোৰ বিষয়ে পৰস্পৰক পতিয়ন নিওৱাৰ চেষ্টা চলায়। সেই প্ৰক্ৰিয়াটোৰ অনুসংগৰূপে প্ৰতিষ্ঠাপক দল এটাৰ জন্ম হয়। এটা শ্ৰেষ্ঠ টীম দক্ষতাৰ ক্ষেত্ৰত পৰস্পৰৰ পৰিপূৰক, প্ৰতিগৰাকী সদস্যই পৰস্পৰৰ আত্মবিশ্বাস আৰু সমৰ্থন বৃদ্ধিকাৰক। যিহেতু গুৰুতৰ ধৰণৰ সালসলনি অবিহনে প্ৰতিষ্ঠাপক টীমৰ পৰিৱৰ্তন বা পুনৰ বিন্যাস অসম্ভৱ, সেয়ে বিনিয়োগকাৰী সকলে দুৰ্বল বা ক্ৰুটীপূৰ্ণ টীমৰ পৰা আঁতৰত থাকিবলৈ পচন্দ কৰে।’

‘দ্বিতীয়তে, ষ্টাৰ্টআপৰ বাবে শ্ৰেষ্ঠ টীমটোৱে সাধাৰণ উত্থান-পতনৰ উপৰি সাফল্যৰ বাবে গুৰুতৰ ধৰণৰ পৰিৱৰ্তনৰো মোকাবিলা কৰিব পৰাকৈ সাজু থাকক। এটা ভংগুৰ টীম প্ৰতিকুলতাই অস্থিৰ কৰি তুলিব পাৰে। নিম্ন মানৰ এটা টীমে যি কোনো পৰিস্থিতিত মোকাবিলা কৰাৰ উপৰি তাৰ মাজতো আগবাঢ়ি যোৱাৰ পথ উলিয়াই লয়। এনে টীমৰ সদস্যসকলে মতান্তৰ নোহোৱাকৈ মতান্তৰ গ্ৰহণ কৰিব পাৰে। শক্তিশালী টীমৰ এই গুণবোৰক বিনিয়োগকাৰীসকলে ভীষণ গুৰুত্ব দিয়ে।

‘তৃতীয়তে, কাৰ্যকৰীকৰণৰ প্ৰবল সমৰ্থ সাফল্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। ই আকৌ সংশ্লিষ্ট টীমৰ মান আৰু সম্পূৰ্ণতাৰ ওপৰত নিৰ্ভৰশীল। কেৱল ৰূপায়নৰ ব্যৰ্থতাৰ বাবেই বহু ব্যৱসায় বিফল হয়।

image


Light speed Venture Partners -ৰ অংশু শৰ্মাৰ মতে ভাল টীমৰ লক্ষণসমূহ হ’ল-

• কোনো সুযোগ সন্দৰ্ভত তীব্ৰ তাড়নাসম্পন্ন আৰু বিশাল কাম কৰাৰ উচ্চাকাংক্ষা থকা প্ৰতিষ্ঠাপক দল।

• কৰিব খোজা কামটো সন্দৰ্ভত প্ৰতিযোগী সকলতকৈ অধিক সাজু থকা।

• কঠিন সময়ৰ মোকাবিলা কৰিবলৈ ইচ্ছা আৰু সামৰ্থ। বজাৰখন জৰুৰী। বজাৰৰ ওপৰত বিশ্বাস নাথাকিলে আমি বিনিয়োগ কৰাৰ প্ৰশ্নই নুঠে। অৱশ্যে আৰম্ভণীৰ পৰ্যায়ত কেতিয়াবা বজাৰ বা ব্যৱসায়ৰ মডেল অস্পষ্ট হৈ থাকে। তেতিয়া আমি ভাল টীম এটাক লৈ বাজি ধৰাৰ দৰে হয়।

• কেতিয়াবা ধৰক বজাৰ আছে কিন্ত টীমটো ভাল নহয়, তেনে ব্যৱসায়ত তেওঁলোকে বিনিয়োগ কৰিছেনে? অংশুৰ উত্তৰ- ‘Lime road, One Assist আৰু Fashioner নামৰ কোম্পানীকেইটাৰ ক্ষেত্ত আমি তেনে কৰিছো, কাৰণ টীম আৰু বজাৰৰ ওপৰত আমাৰ বিশ্বাস আছিল।’ কিন্ত বিনিয়োগ কৰাৰ পূৰ্বে বিনিয়োগকাৰীয়ে এটা টীমৰ মাজত কিদৰে বিশ্বাসযোগ্যতাৰ উমান পায়? অংশুৰ উত্তৰ-‘প্ৰথম বৈঠকত এটা টীম বা আইডিয়া আমাৰ ভাল লাগিলেও সম্পূৰ্ণৰূপে পতিয়ন যাবলৈ আৰু কেইবাখনো বৈঠকত মিলিত হওঁ। দলটোৰ সদস্যসকলৰ পুৰণি সহকাৰী বা চিনাকী মানুহৰ সৈতে কথা পাতি তথ্য সংগ্ৰহ কৰাটোও এটা ভাল উপায়। এখন মিটিঙৰ পিছত বিনিয়োগ কৰাতকৈ আমি বহুদিন পৰ্যবেক্ষণ কৰি থকা বা জনা টীমৰ ওপৰত বিনিয়োগ কৰিবলৈ অধিক পচন্দ কৰো।’

image


ইনভেণ্টাছ কেপিটেলৰ পৰাগ ধোলৰ মতে, কেইবাটাও কাৰকৰ যোগফলেহে এটা টীমক জিলিকাই তোলে। সাধাৰণতে বিশ্বাস কৰাৰ দৰে মদৰ আড্ডাৰ বন্ধুসকল এটা ভাল প্ৰতিষ্ঠাপক টীম নহ’বও পাৰে। পৰাগৰ মতে প্ৰতিষ্ঠাপক দলৰ সদস্যসকলৰ সম্পৰ্কৰ ৰূপায়ণ হ’ব লাগে গভীৰ, বাস্তৱিক আৰু শক্তিশালী। সুৰাৰ আড্ডাৰ সংগীসকলৰ ক্ষেত্ৰত এয়া সম্ভৱ নহ’বও পাৰে।

পৰাগৰ মতে, নিম্নলিখিত গুণসমূহে এটা টীমক অপ্ৰতিৰোধ্য কৰি তোলে।

• ক্ষেত্ৰজ্ঞান- আৰম্ভ কৰিবলৈ ওলোৱা উদ্যোগ বা ব্যৱসায়টোৰ সন্দৰ্ভত বিস্তৰ জ্ঞান।

• ভাৰসাম্য-দক্ষতাৰ সমানেই জৰুৰী দৃষ্টিভংগী। উদাহৰণস্বৰূপে ৰেডবাছৰ তিনিজন প্ৰতিষ্ঠাপক অভিযন্তা। ইয়াৰে ভিতৰত পাৰিপাৰ্শ্বিক চিন্তাৰ সামৰ্থ আৰু দৃষ্টিভংগী আছিল ফনীৰ আৰু সেয়া ৰেডবাছৰ সাফল্যৰ বাবে জৰুৰী আছিল।

• ৰসায়ন- সুৰাৰ আড্ডাৰ বন্ধুসকলে আৰম্ভ কৰা ব্যৱসায় কৰা বিনিয়োগ মোৰ বাবে আটাইতকৈ ডাঙৰ ভুল আছিল। একেলগে মদ খোৱাৰ বাহিৰে তেওঁলোকৰ একো মিল নাছিল। আটাইৰে বেকগ্ৰাউণ্ড ভাল কিন্ত যেতিয়াই কঠিন সময় আহিল, তেওঁলোকৰ মাজত কন্দল আৰম্ভ হ’ল।

• অধ্যৱসায়-এটা টীমৰ সদস্যসকলে পূৰ্ৱে একেলগে উত্থান-পতনৰ অভিজ্ঞতা লাভ কৰা হ’লে ভাল হয়।

• এজন ব্যক্তিৰ সলনি একাধিক উদ্যমীৰ,ব্যৱসায়ীৰ দল হ’ব লাগে।

image


পৰাগক আমি সুধিছিলো, চাহিদা/বজাৰ সন্দৰ্ভত নিশ্চিত নোহোৱাকৈ তেওঁ কোনোবা কোম্পানীত বিনিয়োগ কৰিছে নেকি?

‘হয়’ আৱাজ’-ৰ ক্ষেত্ৰত মই কৰিছো। তেওঁৰ তেতিয়াৰ প্ৰডাক্টটোৰ বজাৰ সীমিত আছিল যদিও আমি জুৱা খেলিছিলো। এয়া অৱশ্যে নিয়মীয়া ঘটনা নহয়, বিক্ষিপ্ত উদাহৰণহে।’

আৰম্ভণীৰ সময়ছোৱাত এটা টীমৰ মূল্যায়ন কৰাটো কঠিন নহয়নে? আপোনালোকে কিদৰে কৰে?

ৰৱিৰ মতে, সঠিকভাৱে পূৰ্বানুমান কৰাটো অত্যন্ত কঠিন। পূৰ্বৰ কাম, সহকৰ্মীৰ পৰ্যালোচনা, বিদ্যায়তনিক প্ৰাপ্তি, প্ৰতিভা আকৰ্ষণৰ সামৰ্থ আৰু কামৰ প্ৰাথমিক ধৰণ এইক্ষেত্ৰত নিৰ্ণায়ক সূত্ৰ হ’ব পাৰে।

IDG Ventures-ৰ ৰঞ্জিত মেননৰ মতে, এটা ভাল টীমৰ নিম্নলিখিত গুণসমূহ থাকে।

• সমস্যাৰ আৰু সমাধান প্ৰাঞ্জলভাৱে ব্যাখ্যা কৰাৰ সামৰ্থ।

• ৰাজহ, প্ৰযুক্তি সকলোতে বিশালভাৱে চিন্তা কৰাৰ সামৰ্থ।

• প্ৰতিভা আকৰ্ষণৰ সামৰ্থ।

• মূলধন আকৰ্ষণৰ সামৰ্থ।

বজাৰৰ বিষয়ে নিশ্চিত নোহোৱাকৈয়ে কোনো টীমত বিনিয়োগ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰঞ্জিতে ক’লে- ‘পাৰফিণ্ট আৰু Myntra-ৰ ক্ষেত্ৰত কৰিছো।’ 

খেতাল এডভাইজৰ্ছৰ কুনাল ৱালিয়াই কেইবাটাও VC ফাণ্ডৰ সৈতে কাম কৰি আছে। তেওঁ কি কয় শুনক-

‘মোৰ মতে কোনো উদ্যোগ/ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলৰ মাজত VC ফাৰ্মবিলাকে নিম্নলিখিত গুণসমূহ বিচাৰে-

১. শক্তিশালী শৈক্ষিক অৰ্হতা,

২. প্ৰাসংগিক অভিজ্ঞতা,

৩. উৎকৃষ্ট পেছাদাৰী ছুপাৰিছ,

৪. আৰম্ভণীতে উৎকৃষ্ট, দক্ষ আৰু পেছাদাৰী টীম গঠনৰ সামৰ্থ।

image


ইয়াৰ উপৰি আৰম্ভণীৰ পৰাই প্ৰতিষ্ঠাপকে অবিৰত যোগাযোগ ৰখাটো VC- য়ে পচন্দ কৰে। কিমান ক্ষিপ্ৰতাৰে উধাব পাৰি তাৰ ওপৰতো এটা উদ্যোগ/ব্যৱসায়ৰে সফলতা নিৰ্ভৰ কৰে।

ইয়াৰ উপৰি উদ্যমী/ব্যৱসায়ীৰ নিৰ্ভৰযোগ্যতা পৰীক্ষা কৰিবলৈ VC- য়ে ছুপাৰিছসমূহৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। মই কাম কৰা এখন VC ফাৰ্মে আনকি উদ্যমীক লাই-ডিটেক্টৰ চেষ্টাটো বহুৱাইছিল।’

আমাৰ মতে,উদ্যমী/ব্যৱসায়ী মূল্যায়নৰ ক্ষেত্ৰত VC-য়ে আটাইতকৈ গুৰুত্ব দিয়া কাৰক কেইটা হ’ল-

১. অপ্ৰতিৰো্ধ্য আকাংক্ষাঃ যিজন উদ্যমী/ব্যৱসায়ী তেওঁৰ ক্ষেত্ৰখনৰ শীৰ্ষত থকাৰ সপোন দেখে তেওঁলোক VC–ৰ অধিক পচন্দৰ।

২. সন্মোহিনী আৰু বুদ্ধিমান ব্যক্তিত্বঃ সন্মোহিনী ব্যক্তিত্বই বিপুল উত্থানত সহায় কৰে। আনহাতে উদ্যমী বুদ্ধিমান হ’লে আৰম্ভণীৰ প্ৰত্যাহ্বান তুলনামূলকভাৱে সহজে মোকাবিলা কৰিব পাৰে।

অৱশ্যে ব্যক্তিত্বৰ এই মূল্যায়ন VC ভেদে বেলেগ বেলেগ হ’ব পাৰে। আমাৰ পৰামৰ্শ হ’ল- VC –ক সাক্ষাত কৰিবলৈ যাওঁতে ন-উদ্যমী/ন-ব্যৱসায়ী এজনে স্বাভাৱিক আৰু আত্মবিশ্বাসী হৈ থাকিব লাগে। প্ৰতিদ্বন্দী/সহকৰ্মীৰ বিৰুদ্ধে কুট মন্তব্য কৰিব নালাগে। ‘আত্মবিশ্বাসী হোৱাটো ভাল, কিন্ত সৰ্বজান্তা হ’লে বিপদ’- সতৰ্ক কৰিলে কুনালে।

কালাৰি কেপিটেলৰ কুমাৰ ছিৰালাগিৰ মতে, ‘ব্যৱসায় মানুহে গঢ়ে সেইবাবে উপযুক্ত মানুহ নিৰ্বাচন কৰাটো আটাইতকৈ জৰুৰী’।

‘প্ৰতিষ্ঠাপক দলটোৰ সদস্যসকলে কি জানে- তাতকৈও জৰুৰী কিমানক জানে। বিকাশৰ প্ৰতিটো স্তৰতে কোম্পানীক বিশেষ জ্ঞানৰ প্ৰয়োজন হ’ব।প্ৰয়োজন অনুসৰি সেই দক্ষতা বা জ্ঞান- আকৰ্ষণৰ সামৰ্থ থাকিব লাগিব।’

‘এজন প্ৰমটাৰ প্ৰযুক্তিত দক্ষ হ’ পাৰে কিন্ত বিক্ৰী, মানৱ সম্পদ, বিত্ত বা নেটৱৰ্কিঙত সিমান দক্ষ নহ’বও পাৰে। এটা ভাল টীমৰ সদস্যসকলে পৰস্পৰৰ পৰিপূৰক হ’ব লাগিব। এজনৰ অক্ষমতা আনজনে ঢাকি পেলাব লাগিব। গ্ৰাহক, কৰ্মচাৰী আৰু অংশীদাৰসকলক তুষ্ট কৰি একেলগে কাম কৰি যাব পাৰিব লাগিব।’

‘স্বাভাৱিকভাৱেই এয়া নিৰ্ণয় কৰাটো কঠিন, আৰু নিখুঁত উদ্যমী/ব্যৱসায়ী বা বিনিয়োগকাৰী বুলি একো নাই। এটা ভাল টীমে বজাৰৰ যিকোনো পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল’ব পাৰে।’

এক্সেল পাৰ্টনাৰ্ছৰ প্ৰয়াংক স্বৰূপৰ মতে, ভাল টীম এটাৰ মাজত নিম্নলিখিত গুণ থাকিব লাগেঃ

• উমৈহতীয়া লক্ষ্যৰ ফালে ধাৱমান এদল দক্ষ আৰু অভিজ্ঞ স্মাৰ্ট মানুহ।

• ডেকা, অনভিজ্ঞ টীম এটাৰো চিন্তাৰ গভীৰতাই অভিজ্ঞতাতকৈও পৰিণত হোৱাৰ ইংগিত দিয়া আৰু সেয়া এটা ভাল টীম বুলি নিশ্চিত হ’ব পাৰি।

• অনভিজ্ঞ টীম এটাৰ ক্ষেত্ৰত সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰয়াসে মূল্য সংযোজন কৰিব পাৰিবনে তালৈ আমি লক্ষ্য ৰাখোঁ।

image


Seedfund–ৰ ভাৰতী জেকৱৰ মতে, “টীমৰ মূল্যায়নৰ ক্ষেত্ৰত বিনিয়োগকাৰী সকলো সদায় নিৰ্ভুল হ’ব নোৱাৰে। কিন্ত মূল্যায়নৰ ক্ষমতা বাঢ়িলে সেয়া বিনিয়োগকাৰীসকলৰ বাবে সহায়ক হয়।” আজিৰ তাৰিখত এটা প্ৰতিষ্ঠাপক টীমৰ নিজৰ লগতে তেওঁলোকৰ নিজৰ ব্যৱসায়িক ধাৰণাটোৰ প্ৰতি কিমান প্ৰত্যয় আছে সেইটো চোৱাটো জৰুৰী। ষ্টাৰ্ট আপক লৈ যিমান হৈ-হাল্লা হৈছে সেইবাবেই কোনো এটা টীমৰ প্ৰকৃত প্ৰেৰণা আছে নে নাই– সেয়া জানি লোৱাটো ভীষণ জৰুৰী।

ভাৰতীৰ মতে, এটা ভাল টীমৰ মাজত থাকিবলগীয়া গুণসমূহ হৈছে-

“সাহস, প্ৰত্যয়, দৃঢ়তা, শিকাৰ আগ্ৰহ, উজ্বল/স্মাৰ্ট/বুদ্ধিমান, পৃথিৱী সলনি কৰি দিয়াৰ স্বপ্ন, সৃজনশীলতা/কল্পনা, নেতৃত্বৰ গুণ, সমস্যাৰ দ্বাৰা ভীতিগ্ৰস্ত নোহোৱা আৰু মূল্য সৃষ্টি।”

এই সকলো আলোচনাৰ পৰা এটা কথা স্পষ্ট যে আন সকলোৰে দৰে VC –য়েও এটা প্ৰকৃত টীম বিচাৰে। আজি আপোনাৰ সৰ্বশ্ৰেষ্ঠ টীমটো নহ’বও পাৰে, কিন্ত উদ্যমীতাৰ সকলো ক্ষেত্ৰতে হোৱাৰ দৰে এটা ভাল টীম সৃষ্টি কৰাটোও পৰ্যায়ক্ৰমেহে সম্ভৱ হয় বা ই এটা নিৰন্তৰ প্ৰক্ৰিয়া। পুঁজি সংগ্ৰহৰ ক্ষেত্ৰত অৱধাৰিতভাৱে সহায়ক হোৱাৰ উপৰি এটা শক্তিশালী টীমে এটা ষ্টাৰ্টআপ অৰ্থপূৰ্ণ আৰু আনন্দদায়ক কৰি তোলে আৰু পাহৰি নাযাব ই আপোনাক আটাইতকৈ কঠিন সময়ত মোকাবিলা কৰাত সহায় কৰে।

এটা সুন্দৰ টীমে এটা সপোন সফল কৰে কিন্ত এজন নেতাৰ এটা বিশাল সপোন এটা বেয়া টীমৰ বাবে দুঃস্বপ্নত পৰিণত হ’ব পাৰে।

মূলঃ শ্ৰদ্ধা শৰ্মা, 

অনুবাদঃ লুইত পাঠক।

(Image credit- Shutterstock )