এটা সদ্যোজাত ষ্টাৰ্ট আপত যোগ দিয়াৰ সিদ্ধান্তৰ মূখামুখি হোৱা এগৰাকী নতুন স্নাতকলৈ এখন মুকলি চিঠি

এটা সদ্যোজাত ষ্টাৰ্ট আপত যোগ দিয়াৰ সিদ্ধান্তৰ মূখামুখি হোৱা এগৰাকী নতুন স্নাতকলৈ  এখন মুকলি চিঠি

Sunday February 14, 2016,

5 min Read

প্ৰিয় ছাত্ৰ,

মই জানো, মই এই পত্ৰ লিখালৈকে তোমাৰ হাতলৈ কেইবাটাও চাকৰিৰ আমন্ত্ৰণ আহিব। মই নিশ্চিত নহয় সেই কথাই মোৰ পচন্দ সন্দৰ্ভত মোক পুনৰ নিশ্চিতি প্ৰদান কৰিব নে মোক আৰু বেচি অস্তিত্বৰ সংকটত পেলাব। মই এটা কথাই কম যে মই তোমাৰ কাম, ডিজাইনৰ ক্ষেত্ৰত সচেতনতা,দৃষ্টিভংগী আৰু উপস্থাপনৰ দক্ষতাত মুগ্ধ। তুমি এক প্ৰাৰম্ভিক পৰ্যায়ত থকা উন্নতি কৰিবলৈ সক্ষম নোহোৱা তথা কঠিন আমাৰ এই ষ্টাৰ্ট আপটোত আমাৰ সংগী হলে সুখী হলোহেতেন। কিন্তু তুমি লাভ কৰা আন আমন্ত্ৰণসমুহৰ তুলনাত আমাৰ এই কামত যোগ দিবলৈ সৈমান কৰিমেই বা কেনেকৈ?

মই ষ্টাৰ্ট আপ কৰা মোৰ অভিজ্ঞতাৰ পৰা লাভ কৰা কিছু কথা তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো।

• কৰ্পৰেটৰ সাম্ৰাজ্যত নিজৰ ভাগ্য

তোমাক অভিনন্দন জনাইছো যে স্কুল এৰাৰ পিছতেই Microsoft এ তোমাক এক মোটা অংকৰ দৰমহা যাচিছে । সচাকৈয়ে! মই স্কুল এৰাৰ লগে লগেই যদি তেনেকুৱা এটা আমন্ত্ৰণ লাভ কৰিলোহেতেন, তেনেহলে মই কেতিয়াও ষ্টাৰ্ট আপ নকৰিলোৱেইহেতেন।

মোৰ পৰামৰ্শ: কেতিয়াও আৰামদায়ক এক কৰ্পৰেট চাকৰিক লৈ সন্তুষ্ট হৈ নাথাকিবা। এই বিশ্বত কিবা এটা প্ৰভাৱ পেলাবলৈ তোমাৰ জন্ম আৰু মই সচাকৈয়ে সেই কথা বিশ্বাস কৰোঁ (এই পত্ৰৰ উদ্দেশ্যয়ে হৈছে তোমাক সেই কথা বুজাই দিয়াটো !)


image


ইমান সহজে তুমি পতিয়ন নাযাবা বুলি জানো। কিন্তু তুমি জানা যে, আমি মাত্ৰ আৰম্ভ হে কৰিছো আৰু আমি তুমি এতিয়া লাভ কৰা আমন্ত্ৰণ আৰু সুবিধাসমুহ তোমাক দিব পৰাকৈ সোনকালে সক্ষম হ'বলৈ আমি চেষ্টা কৰি আছো। মই বিচাৰোঁ, তুমি এটা কথা নিশ্চয় বিশ্বাস কৰা যে আমি কিবা এটা ডাঙৰ কাম কৰিবলৈ ওলাইছো। আৰু যেতিয়া আমি সেই কাম কৰিবলৈ সক্ষম হ'ম, দৰমহাটো মাত্ৰ সাগৰৰ মাজত এটোপাল পানী সদৃশ হৈ পৰিব। তোমাৰ সম্পত্তি তোমাৰ ষ্টকৰ বজাৰত আহিব,দৰমহাত নহয়।

আমি তোমাৰ ওপৰত বিশ্বাস ৰাখিছো আৰু তুমিও আমাৰ ওপৰত বিশ্বাস ৰখাটো বিচাৰিছো। !

মাৰ্ক টোৱেইনে এবাৰ কৈছিল , “আজিৰ পৰা বিশ বছৰ পিছত তুমি এতিয়া কৰা কামৰ তুলনাত সেই সময়ত নকৰাকৈ এৰি যোৱা কামৰ বাবে অনুতাপ কৰিবা। নিৰাপদ বন্দৰৰ পৰা নাও বাই যোৱা । আৱিস্কাৰ কৰা, সপোন দেখা, ।”

• নিজৰ resumeত ব্ৰেণ্ডৰ নাম ভৰোৱা খেলটো

মই তোমাৰ যুক্তিটোও বুজি পাওঁ আৰু মোৰ resumeখনতো Facebook, Google, Amazon, Flipkart আদিৰ দৰে ব্ৰেণ্ডৰ নাম লিখিবলৈ ভাল পাম। কিন্তু এই যোগ্যতাৰ লোক আজিকালি অযুত নিযুত আছে। সচা কথা কবলৈ গ'লে এইটো সচাকৈয়ে গুৰুত্বপূৰ্ণ নহয়। তোমাৰ কাম আৰু ব্যক্তিত্বইহে তোমাক উজলাই তুলিব, তোমাৰ resumeত থকা সেই শব্দবোৰে নহয়। আচলতে কিংবদন্তী বুলি কাক কয় জানানে বাৰু? তেওঁকেই কয়, যিয়ে সকলো ক্ষেত্ৰতেই প্ৰথমগৰাকী ব্যক্তি হয়। একেবাৰে ওচৰৰ এটা উদাহৰণ দিওঁ –তেওঁ হৈছে অংকিত নাগোৰী, ফ্লিপকাৰ্টৰ চীফ বিজনেছ অফিচাৰ, যিয়ে নিজৰ এপৰত বিশ্বাস ৰাখি আৰম্ভ কৰিছিল আৰু আজি সকলোৰে বাবেই এক প্ৰেৰণাৰ কাৰণ।


image


• নিজৰ পছন্দৰ এখন চহৰ

মই জানো যে এতিয়া তুমি আমাৰ দেশত নাই আৰু তোমাৰ বাংগালুৰু বা হাইদৰাবদত ষ্টাৰ্টআপ কৰাৰ পৰামৰ্শ দিয়াৰ ধৃষ্টতাও মোৰ নাই। কিন্তু এটা কথা কওঁ যে আমিও সোনকালেই সেই স্থানত উপনীত হম আৰু তোমাৰ দৰে ব্যক্তিয়েই আমাৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তত কাৰ্যালয় গঢ়ি তুলিব ! এটা উৎসাহজনক ভৱিষ্যতৰ বাবে কথা দিলো !


image


• চাকৰিৰ নিৰাপত্তা

ষ্টাৰ্টআপৰ পৃথিৱীত নবৈ শতাংশ ফাৰ্মেই দুবছৰৰ ভিতৰত মৰি যায়। (মই কেৱল উল্লেখ হে কৰিছো, তুমি নিশ্চয় বুজিছা), মই তোমাৰ সচেতনতা সম্পূৰ্ণৰূপেই বুজিব পাৰোঁ আৰু তাৰ লগত প্ৰত্যাহ্বান দিয়াৰ কথাও আহি নপৰে । মই কেৱল আকৌ এবাৰ তোমাক অনুৰোধ কৰিব বিচাৰোঁ যে যি কৰি আছা তাৰ ওপৰত বিশ্বাস ৰাখা, যদি ভবাৰ দৰে কামবোৰ হৈয়ো উঠা নাই তথাপিও। এদিন সফলতা আহিবই। মই তোমাক এটা কথাৰ নিশ্চিতি প্ৰদান কৰিব বিচাৰোঁ যে তোমাক যদি আমি দৰমাহা দিব নোৱাৰাও হৈ যাওঁ তথাপি তোমাৰ বাবে এটা চাকৰিৰ ব্যৱস্থা আমি কৰি দিম। আৰু এইক্ষেত্ৰত তুমি আমাক বিশ্বাস কৰিবই লাগিব।এতিয়াও কিছুসংখ্যক সৎ লোক জীয়াই আছে!


image


• অভিভাৱকৰ পৰা লাভ কৰা হেঁচা

হয়!এইকাৰণেই মই তোমাৰ মাক লগ কৰিছিলো। মই তেওঁক আকস্মিকভাবে লগ পোৱা নাছিলো। মই জনি শুনিয়েই তোমালোকে চাহ খাই থকা সময়ত সেইফালেৰে গৈছিলো। মই তেখেতৰ লগত তেখেতৰ ২৩বছৰীয়া জীয়ৰীজনীৰ সম্পৰ্কত কথা পাতিব বিচাৰিছিলো । মই আশা কৰোঁ এইখন পত্ৰত থকা কিছুমান কথাই তোমাৰ কিছু সন্দেহ দুৰ কৰিব। তদপুৰি ইয়াকো আশা কৰোঁ, যে তোমাৰ মায়ে তেওঁৰ জীয়ৰীক উৎসাহ যোগোৱাই নহয় এটা নতুন ষ্টাৰ্টআপৰ সৈতে সংযুক্ত হৈ নিজৰ দক্ষতা প্ৰদৰ্শন কৰি এই বিশ্বত কিবা এটা প্ৰভাৱ বিস্তাৰ কৰাত তোমাক সহায়ো কৰিব, যদিও সেই ষ্টাৰ্ট আপটো তোমাৰ নিজৰ নহবও পাৰে। !

মোৰ হৈ তেওঁক তুমি এটা কথা সুধিবানে :

যদি ব্ৰায়ান একতনে হোৱাটছাপৰ সহ-প্ৰতিস্থাতা নহৈ ফেছবুকতে কাম কৰিলেহেতেন তেনেহলে তেওঁ এই বিশ্বত তেওঁৰ সেই প্ৰভাৱ বিস্তাৰ কৰিব সক্ষম হলহেতেন নে?


image


• এজনো সদস্য নথকা এটা HR team

Googleএ ভাৰতত তেওঁলোকৰ এনেকুৱা বিশাল এটা মানৱ সম্পদ বিকাশ দল অৰ্থাত HR team ৰাখিছে যিটো আমাৰ সৰ্বমুঠ কৰ্মচাৰীৰ দলতকৈও ডাঙৰ আৰু মই জানো যে তেওঁলোকে যথেষ্ট ভাল কাম কৰি আছে। কিন্তু এটা কথা কোৱাছোন , তোমাক ছোৱাচিতা কৰিবলৈ তোমাৰ ঘৰত কোনো 'মানৱ সম্পদৰ দল' আছে নেকি ? নিশ্চয় নাই । তোমাৰ মায়ে তোমাক কিমান ভাল পায় বা তোমাক সুখত ৰাখিবলৈ কিমান যতন কৰে তাৰ হিচাপ ৰাখিবলৈ ময়েই বা কোন (তেওঁৰ নিৰপত্তাৰ আশ্বাস আৰু মমতাই তেওঁক তোমাৰ লগত হাইদৰাবদৰ পৰা বাংগালুৰুলৈকে তোমাৰ লগত লৈ আহিছে , যাতে তুমি সাক্ষাৎকাৰৰ সমুহত সাহস পোৱা, সফল হোৱা )

আমাকো এটা সৰু পৰিয়াল বুলিয়েই ভাবা। সদায় ইজনে আনজনৰ যতন লোৱা পৰিয়াল । আমি সচাকৈ বিশ্বাস কৰা কিবা এটা সৃষ্টি কৰি উলিওৱাৰ আনন্দ উদযাপন কৰাৰ আনন্দ প্ৰতি মুহুৰ্ততে অনুভৱ কৰা এটা পৰিয়াল ।


image


যিহেতু কলকাতাত Zara উপলব্ধ নহয় , আমাৰ এজন ইন্টাৰ্নে মই বাংগালুৰুলৈ যোৱাৰ সময়ত তেওঁৰ বাবে Zara sneakers অনাৰ কাৰণে মোক খাতনি ধৰিলে । মই সেই কাম কৰিবলৈ নিজৰ কাৰ্যসূচী সলনি কৰিলোনে ? নিজেই চাই লোৱা!


image


মই এটা কথা কৈয়েই সামৰিব বিচাৰিম যে জীৱনত এনেকুৱা সময় কমেই আহে যে তুমি নিজৰ মতে কিবা এটা কৰিবলৈ সুবিধা পোৱা। আমি সৌভাগ্যবান যে আমি এনেকুৱা এটা যুগত জন্ম গ্ৰহণ কৰিছো যে অনাগত সময়ৰ মানৱৰ ভাগ্য আমি নিৰুপন কৰিম। কাৰিকৰী আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ইমানেই পৰিৱৰ্তন আহিছে যে আমি অনাগত সময়ৰ বাবে নিশ্চয় প্ৰভাৱশীল কিবা এটা কৰিব পাৰিম। মই এটা কথা নকৈ নোৱাৰিম

Robert Frostএ লিখিছিল:

“Two roads diverged in a wood, and I —

I took the one less traveled by,

And that has made all the difference.”

“অৰণ্যৰ মাজত দুটা বাট পাইছিলো, মই আনে নোযোৱা বাটেৰেই বাট বুলিছিলো আৰু সেয়াই আছিল পৰিৱৰ্তনৰ আখৰা। ”

তুমি অৱশেষত কৰ্মময় জীৱনত যি পথেই নোলোৱা কিয়, তোমালৈ অযুত শুভকামনা। মই এটা কথা গভীৰভাবে বিশ্বাস কৰোঁ যে তুমি যিয়েই নকৰা কিয় জীৱ-জগতৰ বাবে প্ৰভাৱশালী কিবা এটা কৰিবলৈ সক্ষম হবা !

তোমাৰ বিশ্বাসী ,

সক্ষম কাৰৱাল

মূলঃ সক্ষম কাৰৱাল (SeenIt.com ৰ সহ প্ৰতিস্থাপক)

অনুবাদঃপ্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

আপুনি কিয় ষ্টাৰ্টআপ আৰম্ভ কৰিব নালাগে

মহিলা উদ্যোগীলৈ কেইটামান পৰামৰ্শ

৬০ টকাত ঘৰ চলোৱা এজন ব্যক্তি আজি কেইবা শ কোটি টকাৰ মালিক

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান