এজন সাধাৰণ কাৰিকৰৰ পুত্ৰৰ বৃহৎ কৃতিত্ব: মাইক্ৰ’ছফটে যাচিলে ১.২০ কোটি টকীয়া চাকৰি

এজন সাধাৰণ কাৰিকৰৰ পুত্ৰৰ বৃহৎ কৃতিত্ব: মাইক্ৰ’ছফটে যাচিলে ১.২০ কোটি টকীয়া চাকৰি

Thursday February 11, 2016,

4 min Read

বহুসময়ত বহুলোকৰ সফলতাৰ কাহিনী লিপিৱদ্ধ হোৱাৰ পিছত দেখা যায় যে প্ৰকৃততে সফল হ’ব পৰাকৈ তেওঁলোকে সকলো সুবিধা লাভ কৰিছে। কিন্তু সকলো ধৰণৰ প্ৰত্যাহ্বান নেওচি নিজৰ বাট নিজে কাটি সফল হোৱাজনকহে প্ৰকৃত সফল ব্যক্তি আখ্যা দিব পৰা যায়। বাৎসল্য সিং চৌহানৰ সফলতাৰ কাহিনীও এনেকুৱা ধৰণৰে।সাধাৰণ মানুহে কল্পনাও কৰিব নোৱাৰা এক অসাধাৰণ যাত্ৰা বাৎসল্য সিং চৌহানৰ।খড়গপুৰ আইআইটিৰ বি টেকৰ চূড়ান্ত বৰ্ষত অধ্যয়নৰত এইজন মেধাৱী ছাত্ৰক ৱাশ্বিংটন ডিচিৰ মাইক্ৰছ’ফট ৰেডমণ্টে বাৰ্ষিক ১.২০ কোটি টকা পেকেজৰ চাকৰি আগবঢ়াইছে।আইআইটিত ১ৰ পৰা ২০ ডিচেম্বৰলৈকে অনুষ্ঠিত কেম্পাছ প্লেচমেণ্টত ছফটৱেৰ ইঞ্জিনীয়াৰ পদৰ বাবে বাৎসল্যই লাভ কৰিছে এই সৰ্বাধিক দৰমহাৰ চাকৰি।

বিহাৰৰ খগৰিয়া গাঁৱৰ এটা সাধাৰণ পৰিয়ালৰ সন্তান বাৎসল্যই দ্বাদশ শ্ৰেণীলৈকে নিজৰ অধ্যয়ন সম্পূৰ্ণ কৰিছে হিন্দী মাধ্যমত।বিজ্ঞান শাখা আৰু তাকো হিন্দী মাধ্যমত? ইংৰাজী ভাষা আৰু হিন্দী ভাষাৰ মাজত থকা হীনমন্যতা বোধৰ খাৱৈ বোধহয় কাৰো অজ্ঞাত নহয়।অৱধাৰিতভাৱে হিন্দী মাধ্যমত অধ্যয়নৰত বাৎসল্যইও এই পাৰ্থক্য হাড়ে হাড়ে অনুভৱ কৰিবলগীয়া হয়।যি কি নহওক হিন্দী মাধ্যমত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈ বাৎসল্যই শতকৰা ৭৫ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।আজিকালিৰ দিনত সাধাৰণতে ৭৫ শতাংশ নম্বৰ লাভ কৰা এজন ছাত্ৰক মেধাৱী ছাত্ৰৰ শাৰীত ৰখা নহয়।কিন্তু প্ৰবাদ আছে যে যিসকল লোকে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়ে তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণৰ সৰু কথাই কোনো প্ৰভাৱ নেপেলায়।দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পিছত বাৎসল্যই জে ই ইৰ পৰীক্ষাত অৱতীৰ্ণ হয়।পৰীক্ষাত উত্তীৰ্ণ হলেও তেওঁ ঈপ্সিত ফল লাভ কৰাৰ পৰা বঞ্চিত হয়।এইসময়খিনিয়ে বাৎসল্যক সম্পূৰ্ণৰূপে সলনি কৰি তোলে।সময়ৰ প্ৰত্যাহ্বানক তেওঁ সাদৰে গ্ৰহণ কৰি আইআইটিত নামভৰ্তিৰ লক্ষ্য স্থিৰ কৰি লয়।বাৎসল্যই নিজৰ লক্ষ্যস্থানৰ বাট নিজে নিৰ্মাণ কৰি লয় আৰু সততাৰে নিজৰ প্ৰয়াসত নামি পৰে।

image


বাৎসল্যই নিজৰ এই প্ৰয়াসৰ ক্ষেত্ৰত এলেন কেৰিয়াৰ ইন্সষ্টিটিউটৰো নাম ল’ব বিচাৰে।কোটাৰ এই ইন্সষ্টিটিউটৰ অধীনত তেওঁ জোৰদাৰ প্ৰচেষ্টা চলায় আৰু আইআইটি-জেইই, ২০১২ত সৰ্বভাৰতীয় পৰ্যায়ত ৩৮২ ৰেংক লাভ কৰি আইআইটি,খড়গপুৰত কম্পিউটাৰ চাইন্স বিভাগত বি টেক শ্ৰেণীত নামভৰ্তি কৰে।সময়ৰ সোঁতত বাৎসল্যই নিজক পৰিশোধন কৰা প্ৰক্ৰিয়াৰ গতি বৃদ্ধি কৰিছে।মন প্ৰাণ সঁপি কৰা প্ৰচেষ্টা সফল নোহোৱাৰ কোনো প্ৰশ্নই নাহে।ডিচেম্বৰত মাহত হোৱা কেম্পাচ ইণ্টাৰভিউত আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষস্থানীয় মাইক্ৰ’ছফট ৰেডমণ্ড কোম্পানীয়ে খড়গপুৰ আইআইটিৰ ছাত্ৰসকলৰ মাজত কডিঙত অনলাইন পৰীক্ষা অনুষ্ঠিত কৰে।ইয়াৰ পিছতে অনুষ্ঠিত হয় লিখিত পৰীক্ষা আৰু মৌখিক সাক্ষাৎকাৰ।প্ৰতিটো ঢাপতে বাৎসল্যই নিজৰ প্ৰতিভাৰ প্ৰমাণ দি সফলতা লাভ কৰে।

image


২১বছৰীয়া বাৎসল্যৰ পিতৃ চন্দ্ৰকান্ত সিং খগৰিয়াই গ্ৰীল আৰু ছাটাৰ নিৰ্মাণৰ কাম কৰে।বাৎসল্যৰ তিনিজন ভাতৃ আৰু তিনিগৰাকী ভগ্নী।সহজেই অনুমেয় যে সন্তানসকলে নিজৰ ইচ্ছানুসাৰি অধ্যয়ন কৰিব পৰাকৈ পৰিয়ালটোৰ আয় পৰ্যাপ্ত নহয়।সকলো যোগ্যতা থকাৰ পিছতো বাৎসল্যৰ পিতৃয়ে নিজৰ পুত্ৰক ৰাজস্থানৰ কোটাত প্ৰশিক্ষণৰ বাবে পঠিয়াবলৈ সক্ষম হোৱা নাছিল।কিন্তু কথাতে কয় যে, এখন দুৱাৰ বন্ধ হ’লে সদায় আন এখন দুৱাৰ মুকলি হয়।পিতৃৰ জীৱন সংঘৰ্ষ আৰু বাৎসল্যৰ প্ৰতিভাত প্ৰভাৱিত হৈ এলেনৰ সঞ্চালক ৰাজেশ মাহেশ্বৰীয়ে কোটাত তেওঁৰ বাবে বিনামূলীয়াকৈ শ্ৰেণীত পাঠদান আৰু হোষ্টেলৰ সুবিধা আগবঢ়াই উৎসাহ প্ৰদান কৰে।অধ্যয়নৰ বাবে ঘৰুৱা পৰিৱেশ লাভ কৰা বাৎসল্যই নিজৰ বাটত আগুৱাই যাবলৈ দুগুণে অনুপ্ৰাণিত হয়।

অসুখৰ মাজতো সফলতা...

বাৎসল্যই নিজৰ পঢ়া-শুনা কোটাত আৰম্ভ কৰিছিল।কিন্তু পৰীক্ষাৰ সময়ত তেওঁ প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়।বাৎসল্যই য়'ৰ ষ্ট'ৰীৰ আগত জনায়,

“আইআইটি-জেইইৰ চাৰিদিন পূৰ্বে মোৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে।প্ৰচণ্ড জ্বৰৰ মাজত মই পৰীক্ষা দিবলৈ যাও।প্ৰথম কাকতখন সহজেই আছিল কিন্ত গা বেয়া হোৱাৰ বাবে পৰীক্ষা কিছু বেয়া হ’ল।পুনৰ সাহস গোটাই দ্বিতীয় প্ৰশ্নকাকত কঠিন হোৱাৰ পিছতো ভাল স্কৰ কৰিবলৈ সক্ষম হও।তেতিয়াই মোৰ অনুভৱ হৈছিল যে এইবাৰ ফলাফল ভাল হ’ব।”

দৰিদ্ৰ ছাত্ৰক পঢ়ুওৱাৰ উদ্যম...

বাৎসল্যই কয়, “বন্ধৰ দিনত ঘৰলৈ গৈ দৰিদ্ৰ ল’ৰা-ছোৱালীক পঢ়ুৱাই মই ভালপাও।আইআইটিৰ কেম্পাচতো মই অট’চালকৰ কিছু সন্তানক পঢ়াও।মই আৰু মোৰ আন তিনিজন আইআইটিৰ বন্ধুৱে সিদ্ধান্ত লৈছিলো যে আমি ভৱিষ্যতে বিহাৰত এখন পৃথক মডেল স্কুল খোলাৰ প্ৰজেক্টত কাম কৰিম।ইয়াত আইআইটিৰ ছাত্ৰসকলে বন্ধৰ দিনত স্কুলত ৪মাহলৈকে শিক্ষাৰ্থীসকলক পাঠদান কৰিব।আন সময়ত আন শিক্ষকে পঢ়ুৱাব।সাধাৰণ শিক্ষাৰ্থীৰ পৰা কম পৰিমাণৰ মাছুল আৰু দৰিদ্ৰ শিক্ষাৰ্থীয়ে ইয়াত বিনামূলীয়া শিক্ষা লাভ কৰিব।”

বাৎসল্যই বিহাৰৰ নক্সাল অধ্যুষিত এলেকাতো নতুন প্ৰজন্মক শিক্ষাৰ সৈতে জড়িত কৰিব বিচাৰে।

ভৱিষ্যতে নতুন ষ্টাৰ্টআপৰ পৰিকল্পনা...

বাৎসল্যৰ সিদ্ধান্ত ভৱিষ্যতে তেওঁ নিজাকৈ ষ্টাৰ্টআপ আৰম্ভ কৰিব।আইআইটিৰ নিজৰ বেটচমেটৰ সৈতে লগ হৈ তেওঁ এটা ষ্টাৰ্টআপৰ ডিজাইনো সম্পূৰ্ণ কৰিছে।তেওঁ হাতত পিন্ধা এক মিনি ডিভাইচ নিৰ্মাণ কৰিছে যাৰ মাধ্যমত সহজে ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰিব পৰা যাব।ভৱিষ্যতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ মাইক্ৰ’ছফট ৰেডমণ্টত জড়িত হৈ কিছু নতুন কাম কৰাৰ তেওঁৰ মন আছে।গৱেষণাত আগ্ৰহী হোৱাৰ বাবে তেওঁ উন্নত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল উদ্ভাৱনীমূলক প্ৰকল্পত কাম কৰিবলৈ ইচ্ছুক।

মূল-ৰিম্পী কুমাৰী

অনুবাদ-তুলিকা দেৱী


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

ঠেলাৰে মমবাতি বিক্ৰী কৰি ফুৰা দৃষ্টিহীন ভৱেশ ভাটিয়া এতিয়া কোটিপতি

অ-মহানাগৰিক যুৱক-ষ্টাৰ্টআপৰ নতুন ব্যৱসায়িক লক্ষ্য

ৰূটি বনোৱা এটা ৰবট আৰু প্ৰণতি নাগাৰকাৰৰ সৰলীকৰণৰ সূত্ৰ