ফ্ৰীডম ২৫১ৰ গ্ৰাহকক ধন ঘুৰাই দিবলৈ আৰম্ভ কৰিছে নিৰ্মাতাই

ফ্ৰীডম ২৫১ৰ গ্ৰাহকক ধন ঘুৰাই দিবলৈ আৰম্ভ কৰিছে নিৰ্মাতাই

Wednesday March 02, 2016,

3 min Read

২৫১টকাতে স্মাৰ্টফোন উপলব্ধ কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া নইডাস্থিত Ringing Bells নামৰ কোম্পানীটোৱে তেওঁলোকৰ এই দাবী সন্দৰ্ভত বিভিন্ন স্তৰত উত্থাপিত প্ৰশ্ন আৰু সন্দেহৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকক বুকিঙৰ নামত দিয়া অগ্ৰিম ধন ঘুৰাই দিবলৈ আৰম্ভ কৰিছে। “ আমাৰ চৌপাশে যথেষ্ট ঋণাত্মক কথা বতৰা আৰম্ভ হৈছে ,সেইবাবেই আমি গ্ৰাহকে ফোনসমুহ লাভ কৰাৰ পিছতহে ধন লোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছো। যিসকল গ্ৰাহকে ফোনটো বুকিং কৰাৰ বাবত ধন দিছিল তেওঁলোকক সেই ধন ঘুৰাই দি তেওঁলোকৰ বাবে cash on delivery অৰ্থাত সামগ্ৰীটো লাভ কৰাৰ পিছত ধন লোৱাৰ সুবিধাটো মুকলি কৰিছো,” Ringing Bells সঞ্চালক মোহিত গোৱেলে পিটিআইক জানিবলৈ দিছে।


image


বুকিঙৰ বাবত প্ৰায় ৩০ হাজাৰ লোকে ধন দিছিল আৰু প্ৰায় ৭কোটি লোকে পঞ্জীয়ন কৰিছে। ধন পৰিশোধৰ ব্যৱস্থা কৰিছিল CCAvenue আৰু PayU Bizএ। “ গ্ৰাহকৰ ধন আমাক প্ৰাথমিক স্তৰত প্ৰয়োজন নহ'ব। আমাৰ এই প্ৰজেক্টটোৰ বাবে বিনিয়োগকাৰী আছে। এই দামটোৰ যুক্তিযুক্ততা নিৰুপনৰ বাবে এক ব্যৱসায়িক আৰ্হি আছে। আমাৰ এক সম্পূৰ্ণ পৰীক্ষিত পৰিকল্পনা আছে,যিটো সম্পৰ্কত অৱগত সকলোৱে সমৰ্থন আগবঢ়াইছে। মই এই সম্পৰ্কত এতিয়াই সকলো কথা প্ৰকাশ কৰিব বিচৰা নাই। ” গোয়েলে কয়।

তেওঁ কয় যে অহা এপ্ৰিলৰ পৰা Freedom251 নামৰ স্মাৰ্টফোনটোৰ ডেলিভাৰী আৰম্ভ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। তাৰ পিছতে কোম্পানীয়ে দ্বিতীয় পৰ্যায়ৰ বুকিং আৰম্ভ কৰিব। “ আমাৰ payment gateway company দুটা ক্ৰমে CCAvenue আৰু PayU Biz এ বুকিং কৰা গ্ৰাহকসকলৰ একাউন্টত ধন সমুহ ঘুৰাই দিবলৈ বুধবাৰলৈ সময় বিচাৰিছে। তাৰ পিছত আমি cash on delivery সুবিধাৰ নিশ্চিতিৰ বাবে একোটাকৈ ই-মেইল প্ৰেৰণ কৰিম। ” গোয়েলে লগতে কয়।

Ringing Bellsৰ অধ্যক্ষ আশোক চদ্দাই বৰ্ণনা কৰিছে ইতিমধ্যে যে ফোনটোৰ নিৰ্মাণ ব্যয় প্ৰায় ২৫০০ টকা। সেই ধন আহৰণৰ বাবে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিব যেনে বিক্ৰীৰ সংখ্যা বৃদ্ধি, উদ্ভাৱনী বিপণন, কৰ হ্ৰাস আৰু এখন ভাল ই-কমাৰ্চ বজাৰ সৃষ্টি কৰা। “ মেক ইন ইণ্ডিয়া পদ্ধতিত আমি প্ৰায় ১৩.৮ শতাংশ কৰ ৰাহি কৰিবলৈ সক্ষম হম। তদুপৰি আমি প্ৰথমে অনলাইন বিক্ৰী কৰিম আৰু সেইধৰণে বিপণনৰ ক্ষেত্ৰত যথেষ্ট ব্যয় হ্ৰাস কৰিব পৰা যাব। ” তেওঁ কয়।

চাদ্দাই লগতে হেণ্ডছেটটোৰ ক্ষেত্ৰত চৰকাৰে ৰাজসাহাৰ্য প্ৰদান কৰা বুলি সৃষ্টি হোৱা সকলো ধাৰণাকে অস্বীকাৰ কৰে। “ফোনটো নইডাতে নিৰ্মান কৰা হ'ব। তদুপৰি উত্তৰাঞ্চলতো নিৰ্মিত হ'ব এইটো ফোন। ৫লাখকৈ ফোন নিৰ্মান কৰিব পৰা ২৫০কোটি টকীয়া দুটা প্ৰকল্প স্থাপন কৰা হ'ব। ধনখিনি (১.৫ঃ১) হিচাপত ধাৰ আৰু ইকুইটি প্ৰক্ৰিয়াৰে আহৰণ কৰা হ'ব। ,” তেওঁ কয়। চাদ্দাই কয় যে উত্তৰ প্ৰদেশত কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰা প্ৰমোটাৰৰ পৰিয়ালৰ পৰা এই ইকুইটি আহৰণ কৰা হ'ব। ইয়াতকৈ অধিক তথ্য প্ৰদান কৰাৰ পৰা বিৰত থাকে চাদ্দা।

কিন্তু এই উদ্যোগটোৰ সৈতে জড়িত থকা বিভিন্নজন লোক কথা কিছুসংখ্যক ৰাজনীতিবিদে এই দাবীৰ ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে। টেলিকম মন্ত্ৰীয়ে অৰ্থনীতি তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ক এই বিষয়টো পৰ্যালোচনা কৰিবলৈ আহ্বান জনাইছে। Ringing Bells এ তদুপৰি ২৫১টকাতে এটা হেণ্ডছেট বিক্ৰী কৰিবলৈ কিদৰে সক্ষম হ'ব, সেই কথা সন্দৰ্ভত ইতিমধ্যে আবকাৰী আৰু আয়কৰ বিভাগৰ তদন্তৰ আওতালৈ আহিছে। এটা সূত্ৰ মতে তথ্য আৰু প্ৰযুক্তি বিভাগে কোম্পানীটোৰ সকলো নথি-পত্ৰ আৰু তথ্য-পাতিৰ লগতে আৰ্থিক স্থিতিটো পৰীক্ষা কৰিব বিচাৰিছে। আনকি Registrar of Companies (RoC)ৰ তথ্যও বিচৰা হৈছে। 

(Image Credit: Bill Watterson)

উৎস: প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আঞ্চলিক ভাষাৰ স্বল্পদৈৰ্ঘ্যৰ নিউজ চাৰ্ভিছ ৱেটুনিউজ

চিৰ যুগমীয়া পুৰণি গীতবোৰৰ আঁৰৰ কথাৰে The SongPedia

ধনৰ নাম জয়ৰাম, ধনে সাধে সর্বনাম: এজন ধাৰাবাহিক উদ্যমীৰ কথা

এটা ধানৰ পৰা ক’লা ধানৰ বিপ্লৱ অনা গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা