কোটিপতিসকলৰ ২০টা অভ্যাস

কোটিপতিসকলৰ ২০টা অভ্যাস

Wednesday December 09, 2015,

9 min Read

এইটো এটা অবান্তৰ প্ৰশ্ন। 

এফালৰ পৰা ই এটা অভদ্ৰ প্ৰশ্ন । 

কিন্তু এই প্ৰশ্নটো শোধা হৈছিল কোৰা(Quora)ত । আচলতে প্ৰশ্নটো ইয়াতকৈয়ো বেয়াহে। প্ৰশ্নটো হল “মোৰ বয়স ২০ বছৰ, কোনো ৪০ বছৰীয়া লোকে কব পাৰিবনে মই আৰ্থিক ভাবে সফল আৰু টনকীয়াল হ’বলৈ কি কৰিব লাগিব ?” উত্তৰ হয়তো হ’ব পাৰে যে চমু বাট নিবিচাৰিবা। 

যদি মই প্ৰশ্ন কৰোঁ : মোৰ বয়স ৪০. কোনোবা ২০ বছৰীয়াই ক’ব পাৰিবনে মই আপোনাৰ বয়সৰ সেই বাধাহীনতা আৰু উদযাপনৰ অনুভূতি কিদৰে ঘুৰাই পাম?

মোক এই প্ৰশ্নৰ উত্তৰ লাগে। মোৰ প্ৰশ্ন: মোৰ বয়স ২০। কোনোবাই ক’ব পাৰিবনে সফলতানো কি?

আন এটা প্ৰশ্ন: মই নিসংগ। কোনোবাই ক’বনে কিদৰে এটি ৰেঙনীয়ে মনত ৰাখিব যে অকলে সি নাম মাত্ৰহে, কিন্তু একত্ৰিতভাবে এনে বহু ৰেঙনীয়েই সূৰ্য্য ?

মোৰ এজন বন্ধুৱে এই বিষয়ত এটা ভাল লেখা লিখিছিল। মই তেওঁক জানো, কিদৰে তেওঁ অজস্ৰ ধন ঘটিছিল তাকো জানো। তেওঁ এটা ভাল উত্তৰ দিছে। ধনেই সৰ্বস্ব নহয়। ই এক পাৰ্শ্বক্ৰিয়াহে মাথো। ই এটা উৎপাদন হে। সকলো শক্তিয়ে পৃথিৱীখন স্ৰজন কৰাৰ পিছত ই এক নিউক্লিয় আৱৰ্জনাহে মাথো।

অভ্যাসৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰত্যেককে ভিন্ন অভ্যাসৰ প্ৰয়োজন। কাৰোবাৰ হাত চিগি গলে তেওঁক কৃত্ৰিম হাতৰ প্ৰয়োজন হব। কাৰোবাক আকৌ চকু। আন কোনাবাই আকৌ শ্ৰৱণত গুৰুত্ব দিব লাগিব।


image


২০টা অভ্যাস

ক্ষমা কৰিব, মই উত্তৰটো দিবলৈয়ে ওলাইছিলো। কিন্তু তাৰ পূৰ্বে “অভ্যাস”নো কি তাৰ সংজ্ঞাটো দি লও।

যেতিয়া সম্পূৰ্ণ নিচাগ্ৰস্থ হৈ মই পুৱতি নিশা ৩বজাতো নৰ্দমাত পৰি আছিলো, মোৰ কাষেদি এখনৰ পিছত আনখন গাডী পাৰ হৈ গৈছিল,তেতিয়া কোনোবাই মোক নৰ্দমাৰ পৰা উঠাই কাষৰ পদপথলৈ লৈ অনাটো দৰকাৰী হৈ পৰিছিল। 

এয়া আছিল এটা অভ্যাস। মই নিজে সাৰ পোৱা নাছিলো,নিজকে চম্ভালি লব পৰা নাছিলো। প্ৰথমতে আন কোনোবাই মোক টানি উঠাই আনিবলগীয়া হৈছিল।

সলনি হ'বলৈ চেষ্টা কৰিবলগীয়া হৈছিল । প্ৰথমটো দিনত মোক ১শতাংশ পৰিৱৰ্তনৰ প্ৰয়োজন হৈছিল আৰু সেই পৰিৱৰ্তনৰ ধাৰা আছিল অন্তহীন। মোক সোঁৱৰাই দিয়াৰ প্ৰয়োজন হৈছিল যে এজন ভাল মানুহ মই হবই লাগিব। কাৰণ মোৰ দুজনী ছোৱালী আছে। আৰু সেই ধাৰা অব্যাহত থাকিল। এই যে আত্ম-পৰিৱৰ্তনৰ ধাৰাটো, সেইয়াই হৈছে অভ্যাস। এইটো এবাৰত কৰা বা কৰি পেলোৱা বস্তু নহয়।

২০টা অভ্যাস:

– প্ৰতিটো দিনেই আপোনাক ভালপোৱা ,মৰম কৰা মানুহৰ সান্নিধ্যত কটাওক।

আচলতে এইটো এটা কঠিন অভ্যাস। গতিকে ইয়াৰ বাবে বৰকৈ চিন্তিত নহৈ প্ৰতিটো দিনেই এই অভ্যাসৰ দিশে এখোজকৈ আগবাঢ়ি যোৱা উচিত। এডাল বনচাই গছ প্ৰতিটো দিনেই বাঢ়ে। কিন্তু এজন বনচাই গছ ৰোপনকৰ্তাই জানে বছৰৰ শেষত তাৰ পৰা এটা কলাত্মক সৃষ্টি কিদৰে সম্ভৱ কৰি তুলিব পাৰি।


– প্ৰতিটো দিনেই মৃত্যুক পাহৰি থাকক।

ইয়াৰ অৰ্থ : আপোনাৰ বাবে বেয়া সকলো বস্তুৰ পৰাই আতৰি থকা। প্ৰতিটো দিনেই উত্তৰণৰ কথা ভবা। স্বাস্থ্যৰ যতন লওক,কাৰণ চিকিৎসালয়ৰ বিচনা অথবা শ্মশানৰ পৰা আপুনি চহকী হব নোৱাৰে। মানুহে ভাবে যে বয়সৰ লগে লগে আমাৰ দেহৰ ক্ষমতা হ্ৰাস হয়। ই সত্য নহয়। আচল সত্য হৈছে আমাৰ এলাহে আমাৰ শক্তি হ্ৰাস কৰে,গতিকে ক্ষীপ্ৰ হওক, এলাহ পৰিত্যাগ কৰক।

– কৃতজ্ঞতাৰে সমস্যাৰ সমাধান বিচাৰক।

ই ও এটা অভ্যাস। যেতিয়াই আপুনি ক্ৰোধিত বা হতাশাগ্ৰস্থ হয়, কৃতজ্ঞ হবৰ বাবে এটা কাৰণ বিচাৰি উলিয়াওক। ইয়াত জানো কঠিন অনুশীলনৰ প্ৰয়োজন আছে ? ই জানো ইমানো কঠিন ? কঠিন কামটো হৈছে আপোনাৰ খং উঠা বা হতাশাই আবৰি ধৰা কথাটো চিনাক্ত কৰাটোহে। এইটো হৈছে এখন চিনেমা চাই ভীতিগ্ৰস্থ হৈ নিজকে প্ৰবোধ দিয়াৰ দৰে যে, “এইখন এখন চিনেমা হে” ।

– প্ৰতিটো দিনেই দহটা উপাই লিখি যাওক।

এই কামটে মই বহুবাৰ কৰিছো। “Limitless”নামৰ চিনেমাখন চাওক। Bradley Cooperএ এটা পিল খায়, যিটোৱে তেওঁক মগজুৰ শক্তিৰে বলিয়ান এজন ছুপাৰমেনলৈ ৰূপান্তৰিত কৰে। প্ৰতিটো দিনেই দহটা উপায় বা চিন্তা লিখি যোৱাটোও সেই পিলটোৰ দৰেই। ছমাহ এই অভ্যাসটো কৰক আৰু তাৰ পিছত ফলাফল চাওক।

– বীজ ৰোপন কৰি যাওঁক।

বহুতো লোকেই জীৱনত এটা লক্ষ্য নিৰ্ধাৰণ কৰি লয়। সেই লক্ষ্যৰেই তেওঁলোক আগুৱাই যায়। তেওঁলোকলৈ শুভেচ্ছা থাকিল। কিন্তু আচল কথাটো হৈছে কেইবাটাও লক্ষ্যৰ বীজ ৰোপন কৰাটো। ১শতাংশ ৰোপিত বীজে ৫০শতাংশ ফুল দিয়ে। ই হৈছে বাগিছাৰ অংক। তেনেহলে কি সেই বীজবোৰ? যেনে ধৰক, এখন ধন্যবাদ পত্ৰ প্ৰেৰণ কৰক কাৰোবাক। এখন চিনাকী পত্ৰ প্ৰেৰণ কৰক। বিভিন্নজনক উপায় আৰু চিন্তাৰ খোৰাক দিয়ক। ব্যায়াম কৰক। ভাল খাদ্য খাওক। নিজৰ জীৱন সংগীক চাৰপ্ৰাইজ দিয়ক। এটা ৱেবচাইট খোলক। নতুন নতুন চিন্তা কৰক। এটা প্ৰৱন্ধ লিখক। এখন গ্ৰন্থ পঢ়ক। এনেকুৱা ১০০টা বীজৰ কথা ভাৱক। প্ৰতিটো দিনেই এটা বীজ ৰোপন কৰক।

– অজুহাত পৰিহাৰ কৰক।

আনলৈ দোষ ঠেলি দিয়া মানেই নিজক নৰ্দমালৈ ঠেলি লৈ যোৱা। অভিযোগ কৰা মানেই নৰ্দমা যাত্ৰা। ভুলৰ কাৰণ বাখ্যা কৰা মানেই গাঁতত পৰা। মানুহে কয়, মোৰ হাতত সময় নাই। মই বুজোঁ যে মোৰ হাতত এজন পেছাদাৰী মহাকাশচাৰী হবলৈ সময় নাই। কিন্তু দুই চেকেণ্ড আগতে যিটো অজুহাত আছিল সি আছিল এটা ভুল। এদিনাখন Virgin Galactic আৰু SpaceXএ মহাকাশলৈ সুলভ মূল্যত পৰ্যটক পঠিয়াব। গতিকে এদিন ময়ো এজন মহাকাশচাৰী হম। মোৰ হাতত যঠেষ্ট সময় আছে, অজুহাত নাই

– ৱাৰেণ বাফেটৰ ৫/২৫ নিয়ম।

আপুনি জীৱন কৰিব বিচৰা ২৫টা কামৰ এখন তালিকা প্ৰস্তুত কৰি তোলক। তাৰে শীৰ্ষ ৫টা কাম কৰক । বাকী ২০টাৰ কথা দুনাই চিন্তা নকৰিব। কাৰণ সেইকেইটা কামে আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয় ৫টা কামৰ বাবে থকা সময় নষ্ট কৰিব।

– অনুসৰণ।

এই কামটোত মই সচাকৈয়ে বেয়া। যাৰ বাবে এই কামটো কৰাৰ আগতে তাৰ অভ্যাস কৰিব লাগিব। এদিন কেইজনমান মনোগ্ৰাহী ব্যক্তিৰ সৈতে আহাৰ গ্ৰহন কৰাৰ সুবিধা লাভ কৰিলো। তেওঁলোকক অনুসৰণ কৰাৰ বাবে এটা উত্তম চিন্তা মোৰ মনত খেলাইছিল। কিন্তু এতিয়ালৈ সেই কাম মই কৰিব পৰা নাই। নাজানো কিয়, অনুসৰণ কৰাটো মোৰ বাবে বৰ টান। গতিকে এইটো হৈছে এটা অনুশীলনৰ বিষয়। কিন্তু এই কাম মই কৰিম। ইয়াৰ অভ্যাস মই কৰিব। “ আপোনাক লগ পাই ভাল লাগিল” বুলি কৰা এটা ই-মেইলো হব পাৰে অনুসৰণৰ এটা পন্থা। অথবা তেওঁলোকৰ প্ৰিয় গ্ৰন্থখনৰ প্ৰথম সংস্কৰণটো ক্ৰয় কৰি দিয়াটোও হব পাৰে।


– এটা কোঠাৰ ভিতৰত আটাইতকৈ বুদ্ধিমান ব্যক্তিগাৰকীৰ কাষতে ৰওক।

হেৰল্ড ৰামিজে কৰিছিল এই কাম। ষ্টিভ জবছে কৰিছিল। ক্ৰেইগ চিলভাৰষ্টেইনে কৰিছিল। কেনী ৱেষ্টে কৰিছিল এনেকুৱা। মই প্ৰায়ে কৰিছো এই কাম। মোৰ কথা হল : “এই কোঠাটোত আটাইতকৈ মূৰ্খজন হৈছো মই”। এইকথাই মোক আটাইতকৈ বুদ্ধিমানজনক বিচাৰি উলিওৱাত সহায় কৰে। আটাইতকৈ বুদ্ধিমানজনে এটা কাম কৰিব। লক্ষ্য কৰক তেওঁ কি কৰে। কিবা এটা বিশেষ। কোনো প্ৰশ্ন নকৰাকৈ কেৱল তেওঁক অনুসৰণ কৰি যাওঁক।

– শিশু হৈ থাকোতে কৰি ভাল পোৱা এটা কাম সদায় কৰক।

মই লিখি ভাল পাওঁ। সেইবাবেই প্ৰতিদিনেই মই লিখো। নাৰীৰ সৈতে ভদ্ৰ ব্যৱহাৰ কৰি মই ভাল পাওঁ। গতিকে প্ৰতিদিনেই মই নাৰীৰ ক্ষেত্ৰত ভদ্ৰ ব্যৱহাৰ অব্যাহত ৰাখোঁ। কিছুমানে খেলি ভাল পায়। মই পিছে নাপাওঁ।

– প্ৰশ্ন কৰক ।

এপল' ১৩, এৰেষ্টেদ ডেভেলপমেন্টৰ উপৰিও অন্যান্য ১০০খন বিশ্বখ্যাত চিনেমাৰ প্ৰযোজক ব্ৰেইন গ্ৰেজাৰে সদায় “অনুসন্ধিৎসূ বাৰ্তালাপ ”কৰিছিল। তেওঁ সাধাৰণতে দলাই লামায়ে হওক বা ষ্টিভ জবছেই হওঁক ফোন কৰিছিল আৰু নিজৰ পৰিচয় দি উঠি বিভিন্ন প্ৰশ্ন সুধিছিল। সেইধৰণেই তেওঁ ৰণ হোৱাৰ্ডক লগ পাইছিল। যি আছিল তেওঁৰ বাবে “কোঠাটোৰ আটাইতকৈ বুদ্ধিমান ব্যক্তি”। তাৰ পাছতেই তেওঁলোকে আৰম্ভ কৰিছিল ইমাজিন এন্টাৰটেইনমেন্ট। সেইদৰেই তেওঁ এতিয়া টিভি জগতৰ আটাইতকৈ শীৰ্ষত থকা অনুস্থানটো আৰম্ভ কৰিছিল।

– ভুল কৰক।

মই মোৰ কন্যাক তীব্ৰগতিত ছাৰ্ভ কৰিবলৈ শিকাই আছিলো। তাই সাধাৰণতে ভালকৈয়ে নিৰৱচ্ছিন্ন ছাৰ্ভ কৰিছিল। কেতিয়াও ভুল নহৈছিল। কিন্তু সেই ছাৰ্ভ তীব্ৰ নাছিল। তাক ওভটাই পঠিওৱা সহজ আছিল। সেইবাবেই মই কলো, “ প্ৰচণ্ড জোৰে আঘাট কৰা”। তাই লাহে লাহে ভুল কৰিবলৈ ধৰিলে। পৰা নাছিল মই কোৱা ধৰণে। হতাশ হবলৈ ধৰিলে। প্ৰতিটো শ্বটেই বক্সৰ ৬ইন্সি বাওঁফালে আহিবলৈ ধৰিলে। তথাপিও তাই মিলাই গল। শ্বটবোৰ বক্সত পৰিবলৈ আৰম্ভ কৰিলে। আৰু শ্বটবোৰ তীব্ৰও হব ধৰিলে। মই তাইক সুধিলো “তোমাৰ মগজুত কি চিন্তা আছিল?” তাই কলে, “ মই দেখিলো যে মই বাওঁফালে বেছিকৈ মাৰিছো,সেইবাবে মই দিশ সলনি কৰিলো। ” যদিহে তাই তাইৰ নিৰ্দিষ্ট সুবিধাৰ শ্বট কেইটা মাৰিলেহেতেন তাই এইক্ষেত্ৰত সফল নহলহেতেন। কেৱল তাই কৰা ভুলেই তাইক শুধৰাবলৈ শিকালে। কেৱল ভুলে।

– টোপনি যাওক।

এইক্ষেত্ৰত প্ৰতিগৰাকী ব্যক্তিৰে ভিন্ন মত হব। মই প্ৰতিনিশাই ৯ঘন্টা টোপনি মাৰো। তাৰ পিচত দিনত অলপ জিৰণি লওঁ। আপুনি শুই উঠাৰ ২ৰ পৰা ৫ঘন্টালৈ আপোনাৰ মগজুটো যঠেষ্ট সক্ৰিয় হৈ থাকে। এই সময়খিনিতে আপোনাৰ ভাললগা সৃষ্টিশীল আৰু ধনাত্মক কামখিনি কৰি পেলাওঁক। যিসকলে কয় তেওঁলোকে কেৱল ২-৩ঘন্টা টোপনি মাৰে তেওঁলোকৰ পৰা আতঁৰত থাকক। তেওঁলোক দানৱ ।

– “না ” কৰক।

বিভিন্ন সভা বা বৈঠকৰ বাবে মই যথেষ্ট ভ্ৰমণ কৰিবলগীয়া হয়। সেইবোৰৰ পৰা মোৰ উপাৰ্জন মুঠেও নহয়। মোৰ মনত পৰে লজ এঞ্জেলিছৰ এখন হোটেলৰ পুখুৰীটোৰ কাষত কটোৱা সময়খিনিৰ কথা। মই মাথো সুৰাপান কৰিলো আৰু সাঁতুৰিলো। কেৱল সুৰাপান আৰু সাঁতোৰ। তাৰ মাজতে মোৰ এখন বৈঠক হল। যাৰ কোনো ফলাফল নোলাল। অৱশেষত মই মোৰ কোম্পেনীলৈ উভটি আহিলো। মোক সুধিলে লজ এঞ্জেলিছ ভ্ৰমণ কেনেকুৱা হল। মই কলো বঢিয়া। এটা সপ্তাহ বৰবাদ।

প্ৰতিদিনেই অলপমান।

মই এখন উপন্যাস ৰচনা কৰিব বিচাৰোঁ। প্ৰতিদিনেই মই কেইটামান দফা লিখি যাওঁ। মই মোটামুটি প্ৰতিদিনেই উপন্যাসখনৰ এটা আভাস পাই যাওঁ। এটা কথা জানেনে, যে যদি আপুনি প্ৰতিদিনেই তিনিটাকৈ দফা লিখি যায়,তেনেহলে বছৰত আপুনি চাৰিখন উপন্যাস লিখিব পাৰিব। তাৰে তিনিখন হয়তো ভাল নহ'ব। হয়তো তেনেকুৱা দহখন বেয়া হব। প্ৰথম বিশখন বেয়া হব। তথাপিও কোনো কথা নাই । অন্তত পাছৰ বছৰত আপুনি এটা সফলতা পাব। তাৰ কাৰণটো হল সেই “প্ৰতিদিনেই অলপমান”

– দৌৰাদৌৰি নকৰিব।

মই এতিয়ালৈ প্ৰায় ১৫০গৰাকী সফল ব্যক্তিৰ সাক্ষাৎকাৰ লৈছো। মই “আৰ্থিক সফলতা”ৰ কথা কোৱা নাই। ইতিপূৰ্বেই কৈছো যে ধন হৈছে এটা পাৰ্থিৱ উৎপাদনহে মাথো। সকলোৰে ক্ষেত্ৰত এটায়ে উমৈহতীয়া কথা যে একেৰাতিতে অহা সফলতাতকৈ ১০-২০বছৰত অহা সফলতাহে বেছি গুৰুত্বপূৰ্ণ। কিন্তু সৰু সৰু সফলতাকে উদযাপন কৰক। ২০টা বছৰত আপুনি যি সফলতাৰ যাত্ৰা কৰিব সেই যাত্ৰা পথত সৰু সৰু অজস্ৰ সফলতা আহিব। আপুনি কেৱল এটা সৰু সফলতা উদযাপন কৰি আনটোৰ দিশে ধাৱমান হব লাগিব। ই আপোনাক এই সকলো অভ্যাসৰ ক্ষেত্ৰতে নব্য উদ্যম দিব। তদুপৰি এয়া হৈছে এক আনন্দ। কি কৈছো, নিশ্চয় বুজিব পাৰিছে ।

–প্ৰেম।

প্ৰেম নো কি সেয়া নিশ্চয় মই আপোনাক বুজাব নালাগে। কিন্তু মই কব বিচাৰিছো মই নো কি কৰোঁ।

(ক). তেওঁ যদি এনেকুৱা কোনোবা হয়,যাক মই চিনি নাপাওঁ, মই ভাবি লওঁ যেন কাইলৈ তেওঁ ঢুকাই যাব। সেই। সেইবাবেই কাইলৈৰ পৰা এইখন পৃথিৱীত নাথকিবলগীয়া কাৰোবাক দিব পৰা প্ৰেম আৰু ভালপোৱা মই তেওঁক দিওঁ।

(খ) তেওঁ যদি এনেকুৱা কোনোবা হয়,যাক মই ভাল নাপাওঁ, মই এগৰাকী মাতৃয়ে নিজ সন্তানক দিয়া ভালপোৱাৰে তেওঁক উপচাই দিব চেষ্টা কৰোঁ। মোৰ ব্যক্তিগত অনুভৱ যিয়েই নহওঁক, তেওঁলোকৰ ভাল কামনা কৰোঁ।

(গ) তেওঁ যদি এনেকুৱা কোনোবা হয়,যাক মই ভাল পাওঁ কিন্তু তেওঁ মোক সুখী নকৰে, মই তেওঁলোকৰ উন্নত ভৱিষ্যত কামনা কৰো।

(ঘ)তেওঁ যদি এনেকুৱা কোনোবা হয়,যাক মই ভাল পাওঁ , কথা শুনো, আমি প্ৰায়ে অস্তিত্বহীন লক্ষ্যৰ বাবে ধাৱমান হওঁ। অদৃশ্য লক্ষ্যস্থান পাবৰ বাবে ধ্যানমগ্ন হওঁ। প্ৰায়ে আমি কল্পবিজ্ঞানত বিশ্বাসী হৈ পৰো।

কিন্তু যি মুহুৰ্ততে আপুনি প্ৰেম বা ভালপোৱাৰ অনুভৱ কৰিব সেই মুহুৰ্ততোৱেই আপোনাৰ উপাসনা হব।

– এতিয়াই।

যেতিয়াই মই মোৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত হওঁ, তেতিয়াই মই সত্যৰ পৰা আতৰি যাওঁ। যেতিয়াই মই মোৰ অতীতৰ বাবে অনুতপ্ত হওঁ,তেতিয়াই মোৰ সেই অনুতাপে বোকাত পোত খুৱাই দিয়ে। কিন্তু সম্প্ৰতি আপুনি এখন খেলৰ কাৰ্ড। অতীত বা ভৱিষ্যত কোনো হাতেই এতিয়া আপোনাক সহায় নকৰিব। গতিকে এই মুহুৰ্ততোৱেই হৈছে ধ্যানৰ মুহুৰ্ত। এতিয়াই কৰা কামটোৱেই সঠিক কাম।

মই কলো মোৰ ২০টা অভ্যাসৰ কথা। মই বৰ বিশেষ হিচাপ কৰিব নোৱাৰো। গতিকে এয়া সত্য হয় নে নহয় মই নাজানো। মই সদায় শুদ্ধ হবৰ বাবে নিজকে অনুমতিও নিদিও। অ!আৰু এটা অভ্যাস : নিজকে সদায়েই শুদ্ধ আৰু সত্য হবলৈ অনুমতি নিদিব। সদায়েই লোকপ্ৰিয় হবলৈ নিজকে নিদিব। সদায়েই নিজকে শান্তিত থাকিব নিদিব। সদায়েই সফল হবলৈ নিজকে নিদিব। তেতিয়াই আপুনি লাহে লাহে যিবোৰ অনুমতি নিজকে নিদিলে সেইবোৰ লাভ কৰিবলৈ সক্ষম হব।

এই অভ্যাসবোৰে এজন লোকক কোটিপতি কৰি তুলিব পাৰেনে? হয়, নিশ্চয় পাৰে।

এই অভ্যাসবোৰে এজন লোকক সফল কৰি তোলেনে ? হয়, নিশ্চয় পাৰে।

কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা:

এই অভ্যাসবোৰে আপোনাৰ এই অভ্যাস ধাৰণ কৰা এজন ব্যক্তি কৰি গঢ়ি তুলিব। আপুনি আৰু কেতিয়াও সূৰ্য্যৰ এটা নিসংগ কিৰণ হৈ নাথাকে, আপুনি হৈ পৰিব সূৰ্য্য।

মূল ৰচনা -----জেমছ আল্টাছাৰ

অনুবাদ-----প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন