অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

Thursday February 11, 2016,

7 min Read

আপুনি গুৱাহাটীত থাকে নেকি? বিহুৱে সংক্ৰান্তিয়ে গাৱঁৰ জলপান, পিঠালৈ মনত পৰে নেকি? যদি পৰে, আপুনি নিশ্চয় জানে ভোগালী জলপানৰ কথা। কাৰণ ভোগালী জলপানৰ বিভিন্ন থলুৱা জলপানৰ পেকেট আপুনি পাব আপোনাৰ ঘৰৰ কাষৰ দোকানখনতে। কোমল চাউল, চিৰা, মুৰি, আখৈ, পিঠাগুৰি, সান্দহ আদি সকলো অসমীয়া থলুৱা জলপান উপলব্ধ ভোগালী জলপানৰ সুদৃশ্য পেকেটত। কেৱল সেয়াই নহয় চুজি, বেচন, চাগু, ৰাজমাহ, আটা, ময়দা আদি বিভিন্ন বিধ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰো প্ৰচেছিং আৰু পেকেজিং কৰে ভোগালী জলপানে। বৰ্তমান ভোগালী জলপানে প্ৰতিদিনে নিজৰ উৎপাদিত ৩৩ বিধ সামগ্ৰীৰ প্ৰায় ১২০০০ পেকেটৰ পেকেজিং কৰে। আৰু এই সামগ্ৰী সমূহ গুৱাহাটীৰ চুকে কোণে প্ৰতিটো অঞ্চলতে ভোগালী জলপানৰ ১৪ খনকৈ ডেলিভাৰী ভানে যোগান ধৰি যায় প্ৰতি দিনে। কেৱল গুৱাহাটীতেই নহয়, অসমৰ প্ৰতিখন জিলাৰ সদৰতো নিজৰ গাড়ীৰে উৎপাদিত সামগ্ৰীৰ যোগান ধৰে ভোগালী জলপানে। ইয়াৰ উপৰিও ভোগালী জলপানৰ বেৱচাইটৰ জৰিয়তে অৰ্ডাৰ দিলেও ভাৰতৰ ভিন্ন প্ৰান্তলৈ কুৰিয়াৰ যোগে প্ৰেৰণ কৰি জলপানৰ প্ৰয়োজন পুৰণ কৰি আহিছে ভোগালী জলপানে। বৰ্তমান কেইবাটাও অনলাইন শ্বপিং চাইটৰ যোগেদিও অৰ্ডাৰ কৰিব পাৰি ভোগালী জলপানৰ প্ৰডাক্ট। বৰ্তমান এটা জনপ্ৰিয় ব্ৰেণ্ডলৈ পৰিণত পৰিণত হৈছে ভোগালী জলপান। লক্ষণীয় ভাবে ভোগালী জলপানৰ প্ৰতিটো পেকেটৰ জলপান ছমাহলৈ ভালে থাকে যদিও, মানৰ ক্ষেত্ৰত আপোচ নকৰিবলৈকে পেকেটত ব্যৱহাৰ উপযোগী সময় দিয়া হয় তিনিমাহ।

image


গাঁৱৰ ঘৰৰ পৰা গুৱাহাটীত চাকৰি কৰা পুতেকলৈ মাকে পঠিওৱা কোমল চাউল, সান্দহৰ টোপোলাটোৰ পৰা আৰম্ভ হোৱা ভোগালী জলপান আজিৰ পৰ্যায় পালেহি ভোগালী জলপানৰ ৰূপকাৰ অজিৎ শৰ্মা বৰুৱাৰ অসমৰ থলুৱা জলপানক নতুনকৈ উপস্থাপনৰ কৰাৰ আকাংক্ষা আৰু নেৰানেপেৰা চেষ্টাত। ১৯৯৭ চনত ব্যৱসায়িক ভাবে আৰম্ভ হোৱা ভোগালী জলপান আজিৰ পৰ্যায় পোৱাৰ এই সুদীৰ্ঘ পৰিক্ৰমাৰ আঁৰত আছে অজিৎ শৰ্মা বৰুৱাৰ সংগ্ৰামৰ এক দীঘলীয়া কাহিনী।

আজন্ম নতুনৰ সন্ধানত যাত্ৰা

অজিৎ শৰ্মা বৰুৱাৰ ঘৰ শিবসাগৰৰ টেঙাপুখুৰীত। অজিতে পঢ়া স্কুলখনৰ ওচৰতে দেউতাকৰ পাণ-তামোলৰ দোকান। অজিত তেতিয়া পঞ্চম-ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। দেউতাকক দোকানত সহায় কৰি দিয়াৰ উপৰিও স্কুলৰ জিৰণীৰ বেল দিয়াৰ লগে লগে অজিৎ দৌৰি গৈ পায়গৈ দেউতাকৰ দোকান। বুট-বাদাম, চানাচুৰৰ চাহিদা অনুসৰি ১০পইছা, ২০ পইছাৰ জোখাৰে আগতীয়াকৈ কাগজেৰে টোপোলা কৰি বান্ধি থয় অজিতে। নিলগাই থয় দুখন, তিনিখনকৈ তামোল একেলগে বান্ধি। কিছুপৰৰ পাছতে দোকানত উবুৰি খাই পৰা ছাত্ৰ ছাত্ৰীৰ ভিৰটোক দেউতাকে নিমিষতে সন্তুষ্ট কৰিব পাৰে অজিতৰ এই আগতীয়া কামফেৰাৰ বাবে। এনেদৰেই চলি থাকিল হাইস্কুলৰ দিনবোৰ। কিন্তু অজিতে মন কৰিলে বৈয়ামৰ পৰা চানাচুৰ বিক্ৰী কৰোতে আন্দাজমতে দিয়া হিছাপত খেলি মেলি হয়। কেতিয়াবা বেছি হয়, কেতিয়াবা কম। গ্ৰাহকৰ লগতে কেতিয়াবা দোকানীৰো লোকচান হয়। এটা নতুন বুদ্ধি উলিয়ালে অজিতে। বজাৰৰ পৰা দীঘলীয়া পলিথিনৰ পেকেট আনি নিৰ্দিষ্ট পৰিমাণৰ চানাচুৰ ভৰাই মম গলাই চীল কৰি পুনৰ একেজোখত ভৰাই চানাৰ পেকেটৰ দীঘলীয়া লানি প্ৰস্তুত কৰিলে, যাতে সহজতে চিঙি দিব পৰা যায় গ্ৰাহকক। এতিয়াৰ সকলো দোকানতে বিভিন্ন চানা, চিপচৰ ওলমি থকা পেকেটৰ দীঘলীয়া শৃংখল তেতিয়া ক’তো নেদেখাকৈ অজিতে নিজ হাতে মমেৰে চীল কৰি প্ৰস্তুত কৰি উলিয়াইছিল। চানাৰ পেকেটৰ ব্যৱসায় কেৱল দেউতাকৰ দোকানতে সীমাবদ্ধ নাৰাখি শিৱসাগৰ, সোনাৰীৰ দোকানতো দি গ’ল অজিতে। নিজে চাইকেল মাৰি দোকানত দি অজিতে চলাই গ’ল নতুন ব্যৱসায়। দুই একৰ পৰামৰ্শ মতে তিনিচুকীয়াটো চানাৰ পেকেট দিয়া আৰম্ভ কৰিলে অজিতে। তাৰ মাজতে ১৯৭৯ চনত অজিতে মেট্ৰিক পাছ কৰিলে। বাণিজ্য শাখাত নাম লগাই পঢ়া শুণা কৰি যোৱাৰ লগতে চলাই গ’ল নিজৰ ব্যৱসায়টো। এই সময়চোৱাত পেকেটত থকা সামগ্ৰীৰ প্ৰতি সাধাৰণ গ্ৰাহকৰ আকৰ্ষণৰ কথাটো ভালকৈয়ে উপলদ্ধি কৰিলে অজিতে। ১৯৮৪ চনত অজিৎ গড়গাও মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। চানাৰ পেকেটৰ ব্যৱসায়ৰ লগতে এখন দোকানো আৰম্ভ কৰিলে অজিতে। কিন্তু স্নাতক ডিগ্ৰী লোৱা অজিতত মাকে গুৱাহাটীত চাকৰি কৰিবলৈ যাবলৈ জোৰ দিলে। মাকৰ খেচ-খেচনি খায়ো তেনেকৈয়ে ব্যৱসায় গ’ল চাৰিবছৰ। মাকৰ কথা পেলাব নোৱাৰি নিজৰ ব্যৱসায় আনক গতাই ১৯৮৮ চনত গুৱাহাটী পালেহি অজিৎ শৰ্মা বৰুৱা।

কিৰ্লোস্কাৰ কোম্পানীত একাউন্টচ বিভাগৰ চাকৰিত সোমাল অজিৎ। পঢ়ি অহা বিষয়তে চাকৰি কৰিবলৈ পাই সুখী হোৱা অজিতে সেই চাকৰিতে শিকিলে ব্যৱহাৰিক ক্ষেত্ৰৰ একাউন্টচৰ খুটি-নাটি। কিন্তু সীমিত পাৰিশ্ৰমিকৰ বাবেই অজিতে অন্য কামৰ কথা চিন্তা কৰিলে। ১৯৯১ চনত সেই সময়ৰ এখন জনপ্ৰিয় অসমীয়া বাতৰি কাকত ‘নতুন দৈনিক’ৰ চাৰ্কুলেশ্বন বিভাগত যোগদান কৰিলে।

ভোগালী জলপানৰ জন্ম

image


গুৱাহাটীলৈ কাম কৰিবলৈ অহা দিন ধৰি অজিতৰ বাবে মাকে ঘৰৰ পৰা দি পঠিয়াইছিল কোমল চাউল, সান্দহ আদি ঘৰৰ জলপান। দুপৰীয়াৰ আহাৰৰ বাবে ঘৰৰ জলপান বান্ধি অফিচলৈ লৈ যোৱা অজিৎ শৰ্মা বৰুৱাৰ টিফিনটোত চকু বহু সহকৰ্মীৰ। কথাটো তেওঁ লক্ষ্য কৰিলে । চিন্তা কৰিলে থলুৱা জলপানৰে কিবা এটা কৰাৰ। ঘৰৰ পৰা অহা চাৰি পাঁচ কিলোগ্ৰাম কোমল চাউল, চিৰাকে আধা কিলোগ্ৰামৰ পেকেট কৰি নিজে থকা জাপৰিগোগৰ এখন দোকান আৰু কাৰ্যালয়ৰ ওচৰৰ দোকানত দি চালে বিক্ৰীৰ বাবে। পেকেট সামগ্ৰীৰ প্ৰতি থকা গ্ৰাহকৰ দুৰ্বলতাৰ কথা ভালকৈয়ে জানে অজিতে। এইবাৰো ফাঁচী বজাৰৰ পৰা পলিথিনৰ পেকেট আনি বানবাটীত কল সজোৱা ছবিৰে স্ক্ৰীণ প্ৰিন্টিং কৰি পেকেটত নাম দিলে ‘ভোগালী জলপান’। তেনে দৰেই চাকৰিৰ লগতে চেগা চোৰোকাকৈ আৰম্ভ হ’ল ভোগালী জলপান।

আনহাতে বাতৰি কাকতৰ চাৰ্কুলেশ্বন বিভাগৰ কৰ্মচাৰী হিছাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰিব লগীয়া হ’ল অজিৎ শৰ্মা বৰুৱাই। সেই সময়ত সৰু সৰু চহৰ সমূহত হোটেল নাছিল। বাতৰি কাকত সমূহৰ এজেন্টৰ ঘৰতে ৰাতি কটাব লাগে কামৰ সংক্ৰান্তত ঘুৰি ফুৰোঁতে। পুৱা প্ৰায় সকলোৰে ঘৰতে থলুৱা জা-জলপানেৰে অপ্যায়ন কৰে অতিথিক। এনেদৰে অসমৰ বিভিন্ন থাইৰ জা-জলপানৰ স্বাদলৈ গৃহস্থক জলপানবিধ কেনেদৰে প্ৰস্তুত কৰা হয়, সেই সম্পৰ্কে সুধি পুচি নিজৰ অভিজ্ঞতাৰ টোপোলাটো টনকিয়াল কৰি গ’ল অজিৎ শৰ্মা বৰুৱাই। একেটা সময়তে বুজি উঠিল নামনি অসম উজনি অসমৰ চাউল উৎপাদন ভেদে জলপানৰ ধৰণ আৰু স্বাদ, বুজি উঠিল জলপানৰ ক্ষেত্ৰত বিভিন্ন স্থানৰ বিভিন্ন লোকৰ ৰুচিবোধ। ইপিনে চেগা-চোৰোকাকৈ আৰম্ভ কৰা ভোগালী জলপানৰ আশাব্যঞ্জক সঁহাৰিয়ে অসমৰ থলুৱা জলপানকলৈ কিবা এটা কৰাৰ ইচ্ছাক প্ৰবল কৰি তুলিলে।

সেই সময়ত চলি থকা প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনাৰ পৰা থলুৱা জলপান পেকেজিং কৰাৰ এক প্ৰকল্পৰ খচৰাৰে ঋণৰ বাবে আবেদন জনালে অজিৎ শৰ্মা বৰুৱাই। এটা নতুন প্ৰকল্প দেখি অজিৎ শৰ্মা বৰুৱাই সহজতে ১লাখ টকাৰ ঋণ লাভ কৰিলে। ঋণ লাভ কৰিয়েই অজিতে চাকৰিৰ পৰা ইস্তাফা দিলে। সেয়া ১৯৯৭ চনৰ কথা। ঋণৰ ধনেৰে এটা গ্ৰাইণ্ডাৰ, চীলিং মেচিন, এটা এলপিজি গেছ কানেকশ্বন, কেৰাহীকে ধৰি সৰু সুৰা যাৱতীয় সামগ্ৰী ক্ৰয় কৰি ভাৰা ঘৰতে ব্যৱসায়িক ভাবে আৰম্ভ কৰিলে ‘ভোগালী জলপান’। প্ৰথম অৱস্থাত বজাৰৰ পৰা মুৰি, চিৰা আদি কিনি আনি পেকেজিং কৰি ব্যৱসায় আৰম্ভ কৰিছিল। ইতিমধ্যে অজিৎ শৰ্মা বৰুৱাৰ পত্নী আৰু মাতৃয়েও আহি সহায় কৰিলেহি ব্যৱসায়ত। সান্দহ, পিঠাগুৰি কোমল চাউল আদি নিজে প্ৰস্তুত কৰি পেকেজিং কৰা আৰম্ভ হ’ল। চফ গুটি কিনি আনি ভাজি পেকেট কৰি উৎপাদিত সামগ্ৰীৰ সংখ্যা বঢ়াই গ’ল ভোগালী জলপানে। লাহে লাহে বাঢ়ি গ’ল ভোগালী জলপানৰ উৎপাদন। জাপৰিগোগৰ ভাৰা ঘৰৰ পৰা প্ৰচেচিং তথা পেকেজিং ইণ্ড্ৰাষ্ট্ৰী ২০০৭ চনত পালেগৈ বামুনীমৈদামৰ ইণ্ডাষ্ট্ৰীয়েল কমপ্লেক্স। অৱশ্যে কাৰ্যালয় তেতিয়াৰ পৰা এতিয়ালৈ জাপৰিগোগতে আছে। সলনি হৈছে ঠিকনা। তাহানিৰ অজিৎ শৰ্মা বৰুৱাৰ ভাৰা ঘৰৰ কাষতে মাটি কিনি ২০১০ চনৰ নিজা ঘৰ তথা কাৰ্যালয়ো হ’ল অজিৎ শৰ্মা বৰুৱাৰ। ২০১৪ চনৰে পৰা ছয়গাৱঁটো হ’ল আন এটা প্ৰচেচিং তথা পেকেজিং ইণ্ড্ৰাষ্ট্ৰী। ভোগালী জলপানৰ জনপ্ৰিয়তা তথা পৰিষৰ বাঢ়ি যোৱাৰ প্ৰতি সক্ষ্য ৰাখি অজিৎ শৰ্মা বৰুৱাই ২০১১ চনত ভোগালী জলপানক ইন্টাৰপ্ৰাইজৰ পৰা প্ৰাইভেট লিমিটেড কোম্পানীলৈ সলনি কৰিলে। ‘ভোগালী ফুড প্ৰডাক্টচ’ সলনি হ’ল ‘ভোগালী ফুড প্ৰডাক্টচ প্ৰাইভেট লিমিটেড’লৈ ।

image


এতিয়া ১২ বিধ পৰম্পৰাগত জলপানৰ লগতে অন্যান্য মুঠ ৩৩ বিধ সামগ্ৰী প্ৰচেচিং তথা পেকেজিং হোৱা ভোগালী জলপান এটা ডাঙৰ উদ্যোগ। মাৰ্কেটি টীমকে ধৰি ৮৩ জন কৰ্মচাৰীৰ এটা ডাঙৰ পৰিয়াল।

image


‘ভোগালী জলপান’ৰ সপোন

ইমানতে কিন্তু ভোগালী জলপানৰ সফলতাৰ যাত্ৰাত স্থবিৰতা আহি পৰা নাই। অজিৎ শৰ্মা বৰুৱাই ভোগালী জলপানক লৈ ৰচিছে আৰু বহু সপোন। লক্ষ্য লৈছে ২০১৬ চনৰ ভিতৰতে এটা ইনহাউছ লেবৰেটৰী গঢ়ি তোলা। যাতে প্ৰতিদিনে ৰিছাৰ্ছ এণ্ড ডেভলপমেন্টৰ জৰিয়তে নতুন নতুন স্বাদৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। কাৰণ অজিৎ শৰ্মা বৰুৱাৰ লক্ষ্য ২০২০ চনৰ ভিতৰত দেশৰ সমগ্ৰ প্ৰান্ততে ভোগালী জলপান উপলদ্ধ কৰোৱা। ২০২১ চনৰ ভিতৰত সমগ্ৰ বিশ্বতে ভোগালী জলপান উপলব্ধ কৰোৱাৰ অভিলাসী আঁচনি। ইয়াৰ সমান্তৰাল ভাবে নতুন প্ৰজন্মৰ মাজত জলপান জনপ্ৰিয়কৰণৰ চেষ্টা চলাই গৈছে অজিৎ শৰ্মা বৰুৱাই। তাৰ ফলস্বৰূপেই ভোগালী জলপানে সান্দহ, আখৈৰগুৰি, চেনি মিলাই এটা ‘জলপান’ আৰু এই তিনিবিধ সামগ্ৰীৰ সৈতে গাখীৰ মিলাই ‘মিল্কী জলপান’ নাম দি নৱপ্ৰজন্মৰ মাজত জলপান জনপ্ৰিয়কৰণৰ চেষ্টা চলাইছে। এইবৰ্ষতে লেবৰেটৰী আৰম্ভ কৰি এই ক্ষেত্ৰত অধিক পৰীক্ষা নিৰীক্ষা কৰি আগবঢ়াৰ কথা অৱগত কৰিলে অজিৎ শৰ্মা বৰুৱাই।

“আঁতৰৰ পৰা ভাল লগা, ভালকৈ নজনা নুশুনা কিবা এটা কৰিবলৈ মন মেলাতকৈ, সদায় দেখি থকা কিবা এটাৰে আমি ব্যৱসায় কৰাৰ চিন্তা কৰা উচিত। কাৰণ যিটোৰ গুৰি গোষ্ঠীৰ কথা আমি ভালকৈ জানো তাত মান নিম্ন হোৱাৰ আশংকা কম থাকে। কম হয় বিফল হোৱাৰ সম্ভাৱনা। সেইবাবে চিনাকী কিবা এটাৰ কথাহে আমি চিন্তা কৰা উচিত। অসমত এতিয়াও সম্ভাৱনা থকা বহু থলুৱা সামগ্ৰী বা ক্ষেত্ৰ আছে।”- নৱ প্ৰজন্মক উদ্যোগৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে এনেদৰে ক’লে অজিৎ শৰ্মা বৰুৱাই।

image


স্বীকৃতি...

১৯৯৭ চনৰ পৰা বৰ্তমানলৈ ভোগালী জলপানৰ এই সুদীৰ্ঘ পৰিক্ৰমাত বহু প্ৰাপ্তি, স্বীকৃতি, বঁটা বাহন লাভ কৰিছে ভোগালী জলপান তথা অজিৎ শৰ্মা বৰুৱাই। ২০০৯ চনত MSME(Micro, Small and Medium Enterprise) ৰ অধীনত ‘ৰাষ্ট্ৰীয় পুৰস্কাৰ’, ২০০৪ চনত ‘নৰ্থ ইষ্ট এন্টাৰপ্ৰিনিঅ'ৰশ্বিপ এৱাৰ্ড’, ২০১১ চনত ‘নৰ্থ ইষ্ট এৱাৰ্ড ফৰ ই-কমাৰ্চ’, ২০১২ চনত বৃহত্তৰ গুৱাহাটী ব্যৱসায়ী সন্থাৰ ‘ভৱিষ্য ৰত্ন’ বঁটা ইত্যাদি। কিন্তু অজিৎ শৰ্মা বৰুৱাৰ বাবে আজি আটাইতকৈ ডাঙৰ স্বীকৃতি মানস পুত্ৰ ‘ভোগালী জলপান’ ৰ প্ৰতি গ্ৰাহকৰ মৰম। 


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কিছুমান কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

ঠেলাৰে মমবাতি বিক্ৰী কৰি ফুৰা দৃষ্টিহীন ভৱেশ ভাটিয়া এতিয়া কোটিপতি

৯৯ বছৰীয়া এগৰাকী যুৱতী: গুৱাহাটীৰ অৰুণা মুখাৰ্জী

বৃহৎ বিনিয়োগ নথকাকৈ তিনিজন ছাত্ৰৰ ষ্টাৰ্টআপঃ দ্য টেষ্টামেণ্ট