মানৱ সম্পদ বিভাগকে কৰ্ম-সংস্কৃতি গঢ়াৰ দায়িত্ব দি হাত সাৱতি বহি নাথাকিব- নবীন তিৱাৰী

মূল- অপৰ্ণা ঘোষ

মানৱ সম্পদ বিভাগকে কৰ্ম-সংস্কৃতি গঢ়াৰ  দায়িত্ব দি হাত সাৱতি বহি নাথাকিব- নবীন তিৱাৰী

Thursday October 20, 2016,

2 min Read


InMobi-ৰ প্ৰতিস্থাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নবীন তিৱাৰীয়ে টেকস্পাৰ্ক সমাৱেশত কোম্পানীৰ প্ৰতিষ্ঠাৰ প্ৰথম সময়ছোৱাত তেওঁ কৰা কিছুমান ভুলৰ কেনেদৰে সংশোধন কৰিছিল সেই বিষয়ে কয়।

“মানুহে স্বাধীনভাৱে থাকি ভালপায়।আমি আৰু স্কুলত পঢ়ি থকা নাই, আমি এজাক যৌৱনৰ সৈতে কাম কৰিছো।আমি যদি অৰ্থপূৰ্ণ কাম কৰিব বিচাৰো, তেন্তে আমি আমাৰ কৰ্মচাৰীসকলকো আমাৰ বাবে অৰ্থপূৰ্ণ কাম কৰিব পৰাকৈ গঢ়ি ল’ব লাগিব। তেওঁলোকক কামৰ উৎস হিচাপে পৰিচালিত কৰিব নালাগিব,” তেওঁ কয়।

image


InMobi-য়ে সময়ৰ অপব্যৱহাৰ আৰু অনৰ্থক চেষ্টাৰ বিষয়ে বুজি পোৱাৰ আগতে কেনেদৰে এটা জটিল ব্যাৱস্থাপনাৰ মাজেৰে কাম কৰিছিল সেই সম্পৰ্কে নবীনে বিশদভাৱে বৰ্ণনা কৰিছে।“আমি সকলোৱে কওঁ যে আমি আমাৰ কৰ্মচাৰীসকলক বিশ্বাস কৰো, কিন্তু বাস্তৱত সেয়া সত্য নহয়।আমি তেওঁলোকক বিশ্বাস কৰাৰ প্ৰথম মিনিটটোৰ পৰাই তেওঁলোকে আমাৰ বাবে বেছি ভালকৈ কাম কৰিবলৈ লয়,” তেওঁ এইদৰে উল্লেখ কৰি লগতে ক’লে যে তেওঁলোকে এই ক্ষেত্ৰত সকলো ধৰণৰ অধিকাৰ আৰু মঞ্জুৰী বাতিল কৰিছে।তেওঁ ইয়াকো কৈছে যে পৰিসংখ্যাই তেওঁৰ সিদ্ধান্তক সমৰ্থন কৰিছে।কেৱল মাত্ৰ ১ শতাংশ লোকেহে লাভ কৰা স্বাধীনতাৰ সদ্ প্ৰয়োগ কৰিব পৰা নাই।তেওঁ লগতে কৈছে যে, তেওঁলোকে খুউব এটা ভাল ফল আশা কৰা নাছিল,কিন্তু বেছিভাগ মানুহেই হঠাৎ লাভ কৰা স্বাধীনতাৰ অপব্যৱহাৰ কৰা নাছিল। তেওঁলোকে আগতকৈও ভালদৰেহে কাম কৰিছিল।

বাহিৰলৈ চাব লাগে কিয়, যেতিয়া আপোনাৰ হাততেই আছে সম্পদ

আমি দেখিছিলো যে বেছিভাগ মানুহেই কোম্পানী এৰে মূলতঃ সেই কোম্পানীত নিজৰ উন্নতি দেখা নাপাই।আমি সেইটো পৰিৱৰ্তন কৰিব বিচাৰিলো আৰু আন্তঃ নিয়োগ ব্যৱস্থাৰ আৰম্ভণি কৰিলো।

“আমাৰ চিন্তা আছিল আমিনো আমাৰ কৰ্মচাৰীসকলক কিবা এটা নতুন কৰিবলৈ কিয় সুবিধা নিদিওঁ,” নবীনে কৈছিল।এই আঁচনিখন প্ৰৱৰ্তন হোৱাৰে পৰা কোম্পানীৰ ৩৫ শতাংশ পদবী কোম্পানীৰ ভিতৰৰ কৰ্মচাৰীসকলৰ মাজৰ পৰাই পূৰোৱা হৈছে।

“আন এক উল্লেখনীয় দিশ আছিল যে যেতিয়া আপুনি কোম্পানীৰ ভিতৰৰ মানুহৰ মাজতেই পদবীৰ ৰদ-বদল কৰিব, তেতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোত শিকাৰ এটা ভাল সুযোগ সকলোৱে পায়,” তেওঁ ক’লে।

ডাঙৰ চিন্তা সৰু পাতনি

“যেতিয়া আপুনি এটা কোম্পানী প্ৰতিষ্ঠা কৰিব, প্ৰতিষ্ঠাপকসকলে এইটো থিক কৰি ল’ব লাগে যে তেওঁলোকে কিছুসংখ্যক লোকৰ কাৰণে নে সমগ্ৰ বিশ্বৰ বাবে কোম্পানী প্ৰতিষ্ঠা কৰিছে।যদি দীঘলীয়া সময়ৰ লক্ষ্যত আগবঢ়া হৈছে, মনত ৰাখিব যে এটা কোম্পানী প্ৰতিষ্ঠা কৰাৰ তুলনাত এটা সংস্কৃতি গঢ়াটো সহজ।গতিকে সৰু হৈ থাকোতেই আৰম্ভ কৰিব লাগে।” তেওঁ লগতে কয় যে, প্ৰতিষ্ঠাপকসকলে কোম্পানীৰ ভিতৰত কৰ্ম-সংস্কৃতি গঢ়ি তুলিবৰ বাবে যথেষ্ঠ পৰিমাণে ব্যক্তিগত সময় দিব লাগে।

“আপুনি যদি সঁচাকৈয়ে ক, খ, গ বা তাৰো ওপৰলৈ যাব বিচাৰিছে, তেন্তে এটা ভাল কৰ্ম-সংস্কৃতি গঢ়ি তুলিবৰ বাবে যথেষ্ঠ পৰিমাণে ব্যক্তিগত সময় দিয়ক, কেৱল আপোনাৰ কোম্পানীৰ মানৱ সম্পদ বিভাগকে কৰ্ম-সংস্কৃতি গঢ়ি তুলিবৰ বাবে দায়িত্ব দি নথ’ব।” এইদৰে কৈ নবীনে তেওঁৰ বক্তব্য সামৰে।