সংবাদ ব্যৱসায়ৰ প্ৰত্যাহ্বানক অতি কুশলতাৰে চম্ভালি থকা দিপান্নিতা জয়ছোৱালৰ সফলতাৰ আঁৰৰ মন্ত্ৰ

সংবাদ ব্যৱসায়ৰ প্ৰত্যাহ্বানক অতি কুশলতাৰে চম্ভালি থকা দিপান্নিতা জয়ছোৱালৰ সফলতাৰ আঁৰৰ মন্ত্ৰ

Monday March 07, 2016,

4 min Read

উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ জগতখনৰ এক উল্লেখযোগ্য প্ৰতিস্থান হৈছে ডি ৱাই ৩৬৫। ২০০৮চনৰ অক্টোবৰ মাহৰ পৰা এই পৰ্যন্ত এক প্ৰভাৱশালী আৰু নিৰ্ভৰযোগ্য টিভি চেনেল হিচাপে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰৰ দৰ্শকৰ মনত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে ডিৱাই ৩৬৫এ। অসমৰ সংবাদ জগতৰ কেইবাগৰাকীও উজ্জল ব্যক্তিত্ব, জ্যেষ্ঠ সাংবাদিক তথা শতাধিক দক্ষ সাংবাদিকেৰে জন্মলগ্নৰে পৰা আজিকোপতি সংবাদ পৰিবেশনেৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে চেনেলটোৱে। এই সকলোবোৰৰ আঁৰত আছে এগৰাকী মহিলা উদ্যোগী। তেওঁ হৈছে দিপান্নিতা জয়ছোৱাল। উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী প্ৰতিস্থিত ব্যৱসায়ী স্বামী সঞ্জীৱ জয়ছোৱালৰ সমান্তৰালভাবে দিপান্নিতা জয়ছোৱালেও ডিৱাই৩৬৫ৰ পৰিচালন সঞ্চালক হিচাপে অতি দক্ষতাৰে কাম কৰি গৈছে ।


image



একালত মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰা জয়ছোৱালে পৰৱৰ্তী সময়ত চম্ভালী লয় টিভি চেনেলৰ সঞ্চালকৰ দৰে তীব্ৰ প্ৰত্যাহ্বানমূলক আৰু কঠিন এক কৰ্ম। কাৰণ ব্যৱসায়ৰ দিশৰ পৰা যদি চোৱা যায়, টিভি চেনেলৰ ব্যৱসায়ৰ ক্ষেত্ৰত গ্ৰাহক হৈছে দৰ্শক আৰু দৰ্শকৰ ৰূচি বুজাটো আটাইতকৈ কঠিন কাম। সমান্তৰালভাবে সাংবাদিকতাৰ সকলো নীতি আদৰ্শক অক্ষুন্ন ৰাখি এই ব্যৱসায় চলাই যাব লগীয়া হয়। নীতি আদৰ্শ পৰিহাৰ কৰি সাংবাদিকতা সম্ভৱ নহয়। সাংবাদিকতাৰ নীতিক অক্ষুন্ন ৰাখি ব্যৱসায়িক লাভালাভৰ বাবে দৰ্শকৰ ৰূচি অনুসৰি টিআৰপি আহৰণো এক প্ৰত্যাহ্বান। কাৰণ টিআৰপিৰ বাবে সকলো কাম কৰাটোও সম্ভৱ নহয়, কিন্তু টিআৰপি আবিহনে চেনেলৰ ব্যৱসায়ো অসম্ভৱ। গতিকে এটা চেনেল চলোৱাটো অন্য কিছু ব্যৱসায়তকৈ কিছু পৃথক আৰু এই সকলো দিশ সুকলমে পৰিচালনা কৰি গৈছে দ্বিপান্বিতা জয়ছোৱালে।


image


আইজলত জন্মলাভ কৰা দিপান্নিতা জয়ছোৱালে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে গুৱাহাটীৰ খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা। দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰায়ে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি কামৰূপৰ সোনাপুৰ মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কৰ্মময় জীৱন আৰম্ভ কৰে। তদুপৰি ডনবস্কো ইনষ্টিটিউটৰ সমন্বয়ৰক্ষী হিচাপেও কাম কৰিছিল তেওঁ। পিতৃ দেৱব্ৰত চৌধুৰী আছিল এগৰাকী আইপিএছ বিষয়া আৰু মাতৃ আছিল এগৰাকী লেখিকা। শিক্ষকতাৰ সমান্তৰালভাবেই উদ্যোগশীলতাৰ জগতখনতো কিবা এটা স্থায়ীভাবে কৰাৰ বাসনা পুহি ৰাখিছিল দিপান্নিতা জয়ছোৱালে। বিবাহোত্তৰ জীৱনত বিভিন্ন ধৰণে প্ৰায় দুবছৰ কাল বজাৰ অধ্যয়ন আৰু গৱেষণাৰ অন্তত তেওঁ হাত দিছিল মিডিয়া ব্যৱসায়ত।


image


ব্যৱসায় আৰম্ভ কৰাৰ পিছত কামৰ মাজেৰেই কৰ্মৰ বিভিন্ন পাঠ গ্ৰহণ কৰি আজি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ব্ৰহ্মপুত্ৰ টেলিপ্ৰডাকশ্বন প্ৰাইভেট লিমিটেডক এক অগ্ৰণী সংবাদ গোষ্ঠী হিচাপে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা দিপান্নিতা জয়ছোৱালক য়'ৰ ষ্ট'ৰীৰ তৰফৰ পৰা যেতিয়া শোধা হৈছিল যে উদিয়মান মহিলা উদ্যোগীলৈ তেওঁৰ পৰামৰ্শ কি বুলি, তেতিয়া তেওঁ কয়, “যেতিয়া আপুনি কিবা এটা আৰম্ভ কৰিবলৈ বিচাৰে, তেনেহলে প্ৰথমতে এই বিষয়ত গৱেষণা কৰি লোৱাটো দৰকাৰ। বজাৰখন অধ্যয়ন কৰি ল’ব লাগিব। আৰম্ভ কৰিবলৈ লোৱা ব্যৱসায়টোৰ বাবে উপযুক্ত বজাৰ এখন আছেনে নাই, সেই কথা অধ্যয়ন কৰিব ল’ব লাগিব। যদি বজাৰখন উপযুক্ত হয়, তেনেহলে প্ৰথম কৰিব লাগিব পৰিকল্পনা। তাৰ পিছত নিৰ্ধাৰণ কৰিব লাগিব কৰ্ম পদ্ধতি। তাৰ পিছত বিনিয়োগ আৰু শেষত কাৰ্যকৰী কৰিব লাগিব সকলো পৰিকল্পনা। এগৰাকী মহিলাৰ সৰ্বাংগীন কাৰ্যকুশলতাই মহিলাগৰাকীক কেতিয়াও ভাগি নপৰাকৈ শক্তিশালী কৰি তোলে। নাৰী হৈছে সৃষ্টিৰ আধাৰ। ইচ্ছা কৰিলে নাৰীয়ে নোৱাৰা কাম একো নাই”


কেৱল ইমানেই নহয়,এগৰাকী অধ্যয়নশীল মহিলা তথা পেইন্টাৰ দিপান্নিতা জয়ছোৱালে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো নিজৰ অৱদান আগবঢ়াই আহিছে। তাৰে ভিতৰত অন্যতম হৈছে ডিৱাই ফাউন্ডেশ্ব্যন। বিভিন্ন দুৰ্যোগ দুৰ্গতিৰ সময়ত সহায় সাহাৰ্যৰে আৰ্তজনৰ কাষত থিয় দি অহা এই সংস্থাটোৰ অধ্যক্ষ হৈছে দিপান্নিতা জয়ছোৱাল। তদুপৰি সম্প্ৰতি তেওঁ চিআইআইৰ সদস্য হিচাপেও কাম কৰি আছে। কেৱল ইমানেই নহয় চিআইআইৰ(CII) অভিন্ন অংগ ইয়ং ইণ্ডিয়ানছৰ উত্তৰ পূৰ্বাঞ্চল শাখাৰ মুৰব্বী হিচাপেও কুশলতাৰ কাম কৰি আছে জয়ছোৱালে। এগৰাকী উদ্যোগী মহিলা হিচাপে ইতিমধ্যে ২০১৩চনত তেওঁ মস্কোত আৰু ২০১৫চনত ইষ্টানবুলত অনুস্থিত জি২০ ইয়ং অন্ট্ৰপ্ৰিনিয়ৰ এলায়েন্স চামিতত(G20 YEA Summit) অংশগ্ৰহণ কৰে। ব্ৰহ্মপুত্ৰ টেলিপ্ৰডাকশ্বনছ প্ৰাইভেট লিমিটেডৰ মনোৰঞ্জনধৰ্মী চেনেল জোনাকেও এতিয়া দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে। দুটাকৈ চেনেলৰ সহস্ৰাধিক কৰ্মচাৰীৰ দক্ষতাৰে সকলো কাম কাজ পৰিচালনা কৰি যোৱা দুই সন্তানৰ মাতৃ দিপান্নিতা জয়ছোৱাল নিসন্দেহে নৱ প্ৰজন্মৰ উদ্যোগী মহিলা সকলৰ বাবে এক প্ৰেৰণা। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

২৭ বছৰ বয়সত এটা বৃহৎ সংবাদ প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়া স্মৃতাক্ষী বি গোস্বামী

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

ভগত সিঙক লৈ হঠাৎ কিয় এই টনা-আঁজোৰা

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন

স্বাস্থ্য-সৌন্দৰ্যৰ ৰাণী, ভিএলচিচিৰ প্ৰতিষ্ঠাতা বন্দনা লুথৰাই কিদৰে এই সাম্ৰাজ্য গঢ়ি তুলিলে