এতিয়া অসমত সহজ হ'ব উদ্যোগ স্থাপন প্ৰক্ৰিয়া

এতিয়া অসমত সহজ হ'ব উদ্যোগ স্থাপন প্ৰক্ৰিয়া

Saturday June 04, 2016,

2 min Read

এতিয়া উদ্যোগ বা ব্যৱসায় স্থাপনৰ বাবে অসমত চৰকাৰী বিভাগৰ টেবুলে টেবুলে ঘুৰি ফুৰিব নালাগিব । বিশেষকৈ ষ্টাৰ্টআপ কৰিব খোজা সকলৰ বাবে ই এক ভাল খবৰ । অসম বিধানসভাৰ চলিত অধিৱেশনত গৃহীত হ'ল আছাম ইজ অৱ ডুইং বিজনেছ বিল ২০১৬ অথবা ব্যৱসায় প্ৰক্ৰিয়া সৰলীকৰণ বিধেয়ক ২০১৬ । উসমত উদ্যোগ স্থাপন আৰু ব্যৱসায় পৰিচালনাৰ সহজ কৰিবৰ বাবে এই বিধেয়কত গুৰুত্ব প্ৰদান কৰা হৈছে । উদ্যোগ স্থাপনৰ বাবে আবেদন কৰা আৰু অনুমতি প্ৰদান প্ৰক্ৰিয়াৰপৰা অদৰকাৰী জটিলতাসমূহ আঁতৰোৱা আৰু অসমত বিনিয়োগ অনুকূল এক পৰিবেশ গঢ়ি তোলাটো এই বিধেয়কৰ অন্যতম লক্ষ্য ।

এই বিধেয়কখনৰ এক গুৰুত্বপূৰ্ণ দিশ হৈছে আছাম ব্যুৰ' অৱ ইনভেষ্টমেন্ট নামৰ এক উচ্চস্তৰীয় সংস্থা গঠন । এই সংস্থাই উদ্যোগ স্থাপনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে উদ্যোগ স্থাপনৰ সৈতে জড়িত সকলোবোৰ প্ৰশাসনীয় কাম-কাজ চোৱা-চিটা কৰিব । এই সংস্থাৰ অধ্যক্ষ পদত থাকিব মূখ্যমন্ত্ৰী আৰু উপাধ্যক্ষ পদত থাকিব উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী । ইয়াৰ উপৰিও বিভিন্ন সংশ্লিষ্ট বিভাগৰ উচ্চপদস্থ বিষয়া আৰু উদ্যোগজগত তথা বিভিন্ন বাণিজ্যিক সংগঠনৰ প্ৰতিনিধি সদস্য হিচাপে থাকিব এই সংস্থাত ।

আনহাতে মূখ্য সচিবৰ অধ্যক্ষতাত স্থাপিত এক ছিংগল উইণ্ড' এজেন্সীয়ে ৰাজ্যখনত বিনিয়োগ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব দিব ।

উদ্যোগ স্থাপনৰ বাবে আবেদন প্ৰক্ৰিয়াটোক অনলাইন কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব । এই প্ৰক্ৰিয়াটোৰ প্ৰতিটো স্তৰতে আবেদনকাৰীক এছ এম এছ যোগে প্ৰক্ৰিয়াটোৰ অগ্ৰগতি সম্পৰ্কে নিয়মিত তথ্য প্ৰদান কৰা হ'ব । ইয়াৰ বাবে এক বিশেষ ৱেব পৰ্টেলো স্থাপন কৰা হ'ব ।

উল্লেখযওগ্য যে যোৱা বছৰৰ কেন্দ্ৰীয় চৰকাৰ আৰু বিশ্ব বেংকৰ এক সমীক্ষাত ব্যৱসায় সুচল স্থানৰ তালিকাত অসম ২২তম স্থানত আছিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

জানি লওক ষ্টাৰ্টআপ চলোৱাৰ নীতি-নিয়ম

অসুস্থ অৱস্থাতে চাকৰি হেৰুউৱা এজন অভিযন্তাই বহুতকে দিলে সংস্থাপন

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে 

উদ্যমিতাৰে সফলতাৰ নতুন নতুন কাহিনী লিখি গৈছে শ্ৰীনিবাসে