মেঘনা ঘাই, ভৱিষ্যতৰ ছবিনিৰ্মাতাৰ প্ৰশিক্ষণত ব্যস্ত শ্ব'মেন সুভাষ ঘাইৰ কন্যা

মূল- প্ৰীতি চামিকুট্টি

মেঘনা ঘাই, ভৱিষ্যতৰ ছবিনিৰ্মাতাৰ প্ৰশিক্ষণত ব্যস্ত শ্ব'মেন সুভাষ ঘাইৰ কন্যা

Thursday October 20, 2016,

7 min Read

হিন্দী ছবিজগতৰ শ্ব'মেন ৰূপে বিখ্যাত তেওঁৰ পিতৃয়ে ‘খলনায়ক’, ‘কৰ্জ’, ‘হিৰ’ আৰু ‘ৰাম লখন’ আদি ব্লকবাষ্টাৰ ছবিৰে আমাক অফুৰন্ত মনোৰঞ্জন প্ৰদান কৰি আহিছে। কিন্তু কেৰিয়াৰৰ আৰম্ভনিতে মেঘনা ঘাই পুৰী অভিনয়ৰ প্ৰতি মুঠেও আগ্ৰহী নাছিল। এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গণসংযোগ, এডভাৰটাইজিং আৰু মাৰ্কেটিঙৰ বৃত্তিধাৰী মেঘনাই পিতৃ সুভাষ ঘাইক তেওঁৰ ছবি ‘পৰদেশ’,‘তাল’ আৰু ‘য়াদে’ ৰ মাৰ্কেটিঙত সহযোগিতা কৰিছিল।

image


অভিনয়ৰ পৰা সুদূৰ পৰাহত হলেও বলিউড মেঘনাৰ শিৰে শিৰে প্ৰবাহিত হৈ আছিল। সেইবাবে এখন ছবিৰ শিক্ষানুষ্ঠান খোলাৰ পিতৃৰ স্বপ্ন পূৰণৰ ভাৰ পৰিছিল মেঘনাৰ দুই কান্ধত। গ্ৰেট ব্ৰিটেইনৰ পৰা মেঘনাক মতাই অনা হৈছিল আৰু ছবিজগতৰ জ্ঞান বিতৰণৰ এখন লেখত লবলগীয়া প্ৰতিষ্ঠান পৰিচালনাৰ ভাৰ তেওঁক অৰ্পণ কৰা হৈছিল।

হাৰ ষ্টৰীয়ে Whistling Woods Internationalৰ সভানেত্ৰী আৰু উত্তৰাধিকাৰীগৰাকীৰ সৈতে মত বিনিময় কৰি তেওঁৰ যাত্ৰাকালৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিল।

প্ৰথম খোজ

মেঘনাৰ মতে সৃজনীশীলতাৰ অভাৱৰ বাবে তেওঁ সকলোধৰণৰ সৃষ্টিশীল কামৰ পৰা সদায়ে আঁতৰি থাকিছিল। কিন্তু ইয়াৰ মাজতে দেউতাকে ছবিৰ শিক্ষানুষ্ঠান খোলাৰ নিজৰ পৰিকল্পনাৰ বিষয়ে সদৰি কৰাত মেঘনা উৎসাহী হৈ উঠে। “প্ৰতিষ্ঠাপকৰ দায়িত্ব মোক দিয়াটো সুষ্ঠিৰভাৱে লোৱা সিদ্ধান্ত আছিল। দেউতাই কৈছিল তুমি একো নুবুজিলেও কথা নাই, কেৱল মই তোমাক তাত থকা প্ৰথম ব্যক্তিৰূপে বিচাৰো। এই প্ৰতিষ্ঠান তোমাৰ বাবে হ’ব তোমাৰ সন্তানৰ দৰে।” মেঘনাই কৈ গ’ল।

সেয়া আছিল ২০০০ চনৰ কথা, এবছৰৰ পাছত অৰ্থাৎ ২০০১ চনত মেঘনা ঘৰলৈ ঘুৰি আহে আৰু কথামতেই Whistling Woods International স্কুলৰ আধাৰশিলা স্থাপন কৰাৰ দিনাৰ পৰা ইয়াৰ সৈতে জড়িত হৈ পৰে। ইয়াৰ পৰৱৰ্তী ৫বছৰ মেঘনা আৰু WWIৰ তেওঁৰ প্ৰাৰম্ভিক দলে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অভিনয় আৰু ছবিজগতৰ সৈতে সম্পৰ্কিত বহু বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰিদশৰ্ন কৰি যথেষ্ট গৱেষণা কৰে। মেঘনাই নিজে ব্যক্তিগতভাৱে অভিনয় আৰু ছবিৰ বিদ্যালয়ৰ বিভিন্ন সন্মিলনত অংশগ্ৰহণ কৰি এইবিষয়ত সকলো খৰছি মাৰি জানিবলৈ চেষ্টা কৰে। কেৱল পাঠ্যক্ৰমেই নহয় বিদ্যালয়ৰ স্থাপত্য, নীতি-নিয়ম নিৰ্ধাৰণ আৰু প্ৰশাসনীয় দিশৰ পৰিচালনা আদি সকলো বিষয় জানিবলৈ তেওঁ চেষ্টা চলাইছিল।

ইয়াৰ পৰৱৰ্তী পদক্ষেপ আছিল বিদ্যালয়ৰ নিৰ্মাণ আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছিল তিনিবছৰ সময়ৰ। “WWIৰ চৌহদ আছিল যথেষ্ট বৃহৎ। আমি এই নিৰ্মাণ ডাঙৰকৈ কৰিব বিচাৰিছিলো কাৰণ আমেৰিকাৰ এখন শ্ৰেষ্ঠ ছবিৰ বিদ্যালয়ৰ ডীনে আমাক কৈছিল যে ঠাইৰ অভাৱ আমি সন্মুখীন হবলগীয়া অন্যতম সমস্যা হব পাৰে। প্ৰতিষ্ঠানখন যিমানেই ডাঙৰকৈ নিৰ্মাণ কৰা নহওক কিয় নতুন নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ লগে লগে ঠাইৰ অভাৱে সমস্যাৰ সৃষ্টি কৰিব পাৰে।” তেওঁ কৈ যায়।

পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বহুকেইজন বিশেষজ্ঞৰ সৈতে আলোচনা কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ দক্ষ ব্যক্তিৰো মতামত গ্ৰহণ কৰা হৈছিল। পাঠ্যক্ৰম প্ৰস্তুত কৰোতে শেখৰ কাপুৰ, মনমোহন শেট্টী, আনন্দ মহিন্দ্ৰা আৰু শ্যাম বেনেগালৰ দৰে ব্যক্তিৰ অভিমত লোৱা হৈছিল। এই পাঠ্যক্ৰমৰ গুণগত মান উন্নত হোৱাৰ বাবেই CBSE বৰ্ডে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে প্ৰৱৰ্তন কৰিব বিচৰা মিডিয়া ষ্টাডিজ বিষয়ৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ দায়িত্বও WWIক অৰ্পন কৰিছিল। WWIয়ে CBSEবৰ্ডৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ লগতে শিক্ষকৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিছিল। “আমি পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰিছিলো যে ইয়াৰ মিডিয়া ষ্টাডিজ বিষয়ত সৃষ্টিশীল কলা, থিয়েটাৰ আৰু নাটক এই সকলোৰে সমাহাৰ ঘটিছিল। প্ৰত্যেকজন শিক্ষাৰ্থী ছবি নিৰ্মাতা হ’বই সেয়া আমি প্ৰত্যাশা কৰা নাছিলো বৰং তেওঁলোকে ছবি এখন শুদ্ধভাৱে সমাদৰ কৰিবলৈ শিকক সেয়াহে বিচাৰিছিলো। শিশুৰ মাজত আমি এইধৰণৰ জ্ঞানৰ প্ৰচাৰ কৰিবলৈ বিচাৰিছিলো।” মেঘনাৰ ভাষ্য।

সফলতা আৰু প্ৰত্যাহ্বান

৭০ জন শিক্ষাৰ্থীৰে আৰম্ভ হোৱা WWIৰ অধীনত বৰ্তমান ৪০০ জন শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। এই প্ৰতিষ্ঠানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ছবি উদ্যোগটোৰ সৈতে জড়িত হৈ আছে সহস্ৰাধিক শিক্ষাৰ্থী। যথেষ্ট লাভৰ মুখ দেখা এই শিক্ষানুষ্ঠানে ২০১৩ চনত ১৮.৮৬ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। ‘THE HOLLYWOOD REPORTER’ৰ আগষ্ট, ২০১৩ চনৰ সংখ্যাই WWIক বিশ্বৰ শ্ৰেষ্ঠ দহখন ছবিৰ সৈতে জড়িত বিদ্যালয়ৰ ভিতৰত স্থান প্ৰদান কৰিছে।

মেঘনাই জনোৱা মতে তেওঁলোকৰ শিক্ষাৰ্থীসকলে বলিউডত দৃঢ়তাৰে খোজ পেলোৱাৰ লগতে বহুসংখ্যকে ধৰ্মা প্ৰডাকচন, ডিজনী, য়শৰাজ ফিল্মছ আৰু ফেণ্টম ফিল্মছৰ দৰে কোম্পানীত চাকৰিও লাভ কৰিছে। তেওঁলোকৰ শিক্ষাৰ্থী মোহিত চাব্ৰাই নিৰ্মাণ কৰা The Rubber Band Ball নামৰ চুটিছবিখনে (কংক্ৰীটৰ মহানগৰী মুম্বাইত এখন খেলপথাৰ বিচাৰি এটি শিশুৰ অভিযানৰ ওপৰত আধাৰিত ছবি) ২০১৩ চনৰ Cannes corporate media & TV awards ত ছিলভাৰ ডলফিন বঁটা, ২০১৩ বৰ্ষৰ Deauville Green Awards আৰু ২০১২ বৰ্যৰ লণ্ডনৰ France & City stories projectত সোণ আঁজুৰি আনিবলৈ সক্ষম হৈছে।

প্ৰকাশ ঝাৰ ছবি ‘সত্যাগ্ৰহ’ৰ নিৰ্মাণৰ সৈতে WWIৰ কেইজনমান শিক্ষাৰ্থী জৰিত হৈ আছিল। শেহতীয়াকৈ হংকঙৰ পৰ্যটন ক্ষেত্ৰক ছুটি ছবিৰে প্ৰচাৰ কৰাৰ বাবে WWIৰ শিক্ষাৰ্থীক হংকং পৰ্যটনে সম্বৰ্ধনা জনায়।

image


বিদ্যালয়খন বৰ্তমানে বহুল পৰিচিত হোৱাৰ লগতে ইয়াৰ বজাৰ দখলো চকুত লগা। কিন্তু মেঘনাই জনোৱা মতে আৰম্ভনিতে তেওঁলোকে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। ভাল শিক্ষক-শিক্ষয়িত্ৰী লাভ কৰাটো আছিল এক বৃহৎ সমস্যা। “এনেধৰণৰ প্ৰশিক্ষণৰ বাবে উদ্যোগটোৰ সৈতে ভালদৰে জৰিত পেছাদাৰী ব্যক্তিৰ প্ৰয়োজন অন্যথা শিক্ষাৰ্থীসকলে তেওঁক যথোপযুক্ত সন্মান নিদিয়ে। সেইবাবে আমি ভালদৰে চালি-জাৰী চাই কৰ্মৰত পেছাদাৰী ব্যক্তিসকলক ইয়াত পঢ়ুৱাবলৈ আনো, যদিও তেওঁলোকৰ পূৰ্বৰ শিক্ষকতাৰ অভিজ্ঞতা আছিল শূণ্য।” হাঁহিমুখেৰে ক’লে মেঘনাই।

উন্নত আন্তঃগাথনিৰ সুবিধা প্ৰদান আছিল আন এক সমস্যা। সৌভাগ্যক্ৰমে তেওঁলোকে Sonyৰ দৰে অংশীদাৰৰ সহায় লাভ কৰিবলৈ সক্ষম হয়। Sonyয়ে প্ৰতিষ্ঠানৰ চৌদহৰ ভিতৰতে এক মিডিয়া চেণ্টাৰ প্ৰতিষ্ঠা কৰে। বিশ্বত Sonyৰ এনেধৰণৰ চেণ্টাৰ কেৱল তিনিটা আছে-লণ্ডন, লছ এঞ্জেলছ আৰু মুম্বাইত।

ইয়াৰ পিছতে সন্মুখীন হোৱা আন এক সমস্যা আছিল শিক্ষাৰ্থী আৰু অভিভাৱকক পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ সৈমান কৰোৱা। WWIয়ে আগবঢ়োৱা পাঠ্যক্ৰমক লৈ প্ৰথমাৱস্থাত বহুতৰ মনত সন্দেহৰ উদ্ৰেক হৈছিল। মেঘনাৰ মতে, “এটা সম্পূৰ্ণ প্ৰজন্মৰ ভাৱধাৰা সলোৱাটো প্ৰায় অসম্ভৱ, তেওঁলোকৰ সন্তানক ইয়ালৈ আনি সৃষ্টিশীলতাৰ পাঠ গ্ৰহণ দিয়াবলৈ মান্তি কৰোৱাটো কঠিন শ্ৰম। কিন্তু বৰ্তমান আমাৰ শিক্ষানুষ্ঠানে বিএছচি আৰু এমবিএ ডিগ্ৰী প্ৰদান কৰা বাবে অভিভাৱকসকলে সন্তানক ইয়াত দিবলৈ অসন্মতি প্ৰকাশ নকৰে।” তামিলনাডুৰ ভাৰতীদাসন বিশ্ববিদ্যালয় আৰু মণিপাল বিশ্ববিদ্যালয়ৰ সহযোগিতাত ছাত্ৰ-ছাত্ৰীক এই ডিগ্ৰীসমূহ প্ৰদান কৰে WWIয়ে।

ভৱিষ্যত পৰিকল্পনা

ছবিনিৰ্মাণৰ লগতে বৰ্তমান WWIত ছাত্ৰ-ছাত্ৰীৰ বাবে মিডিয়া, সাংবাদিকতা, ফেশ্বন আৰু এনিমেশ্বনৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে। অন্যান্য চহৰ আৰু দেশত সম্প্ৰসাৰণৰ বাবে তেওঁলোকে অংশীদাৰী পন্থাও গ্ৰহণ কৰিছে। দেশৰ ভিতৰত তেওঁলোকে DY Patilৰ সৈতে সহযোগিতাৰে পুণেত খোপনি পুতিছে। গ্ৰেট ব্ৰিটেইনত ব্ৰেডফৰ্ড কলেজৰ সৈতে যুটীয়াভাৱে এক শাখা স্থাপন কৰে। নাইজেৰিয়াত Trend media cityৰ সৈতে হাত মিলাই WWIয়ে African Film and TV academy প্ৰতিষ্ঠা কৰে। মেঘনাৰ মতে, “Trend mediaই সেই ঠাইত এক সম্পূৰ্ণ ফিল্ম চিটী নিৰ্মাণ কৰি আছে। নাইজেৰিয়া হৈছে ছবি নিৰ্মাণৰ সৰ্ববৃহৎ উদ্যোগ কিন্তু তেওঁলোকৰ চিনেমাসমূহক ছবিগৃহত মুক্তি প্ৰদান কৰাৰ বিপৰীতে পোনে পোনে ভিডিঅ ৰূপলৈ নিয়া হয়। প্ৰতিভাৰ কোনো অভাৱ নাথাকিলেও তাত প্ৰশিক্ষণ প্ৰদান কৰা প্ৰতিষ্ঠানৰ অভাৱ আৰু সেইবাবে আমি সেই স্থানত WWI স্থাপনৰ সিদ্ধান্ত লও। কলা, ব্যৱসায় আৰু প্ৰযুক্তিৰ সমাহাৰ ঘটোৱাৰ উদ্দেশ্যৰে আমি অংশীদাৰীৰ পথ গ্ৰহণ কৰিছো।” বৰ্তমান মুম্বাইৰ WWIত অধ্যয়নৰত ১৫-২০% শিক্ষাৰ্থী হৈছে বিভিন্ন ৰাষ্ট্ৰৰ ছবি নিৰ্মাণকাৰী বিদ্যালয়ৰ পৰা বিনিময় কাৰ্যসূচীৰ মাধ্যমত অহা আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী।

মেঘনাই WWIৰ সফলতাৰ আঁৰত পিতৃৰ ভূমিকাও স্বীকাৰ নকৰাকৈ থকা নাই। “যধে-মধে যিকোনো ঠাইৰ পৰা আহি এই উদ্যোগত প্ৰতিষ্ঠাৰ চেষ্টা কৰিবলগীয়া হোৱা হলে মই হয়তো সফলতাৰ মুখ নেদেখিলোহেতেন। উদ্যোগটোৰ দেউতাৰ ভাল ভাবমূৰ্তিয়ে প্ৰাৰম্ভিক কামবোৰ সহজ কৰি তুলিছিল।” মেঘনাই কয়। অৱশ্যে এটা ডাঙৰ নাম শিক্ষানুষ্ঠানখনৰ সৈতে জড়িত হৈ থকাটো বহুসময়ত অসুবিধাৰ কাৰণ বুলিও উল্লেখ কৰি মেঘনাই ব্যাখ্যা কৰে যে মানুহে প্ৰায়ে অৱধাৰিতভাৱে ধৰি লয় যে ইয়াত কেৱল সুভাষ ঘাইৰ শৈলীতহে চিনেমা নিৰ্মাণৰ শিক্ষা দিয়া হয়।

নিজৰ অনুভৱ আৰু স্বকীয় শৈলীৰে মেঘনাই WWIক এক প্ৰতিযোগিতামূলক আৰু সন্তোষজনক কৰ্মস্থলীৰূপে গঢ়ি তুলিছে। সপ্তাহৰ অন্তত বন্ধ দিয়া, কৰ্মচাৰীক মুখামুখিকৈ কথা পতাৰ সুবিধা প্ৰদান আদি বিভিন্ন পদক্ষেপেৰে হিন্দী ছবি উদ্যোগত প্ৰচলিত বহু নিয়ম মেঘনাই ভংগ কৰিছে। নিজৰ কামক লৈ সন্তুষ্টি প্ৰকাশ কৰা মেঘনাক নিয়মীয়া চাকৰি কৰাৰ সুবিধা দিলে গ্ৰহণ কৰিবনে নাই বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মেঘনাই সজোৰে হাঁহি উত্তৰ দিলে, “মই নাজানো মোক কোনোবাই চাকৰিৰ প্ৰস্তাৱ দিব নে নাই। আমাৰ কাম আৰম্ভ হওতে মোৰ ওপৰত থকা বৰমূৰীয়া হিচাপে মই প্ৰতিটো কাম দেউতাক জনাবলগীয়া হৈছিল। কিন্তু শেহতীয়া বছৰকেইটাত মই কাকো একো জনাবলগীয়া হোৱা নাই। ভৱিষ্যতে মোক কৰ্মচাৰীৰূপে পাব বিচৰা ব্যক্তিয়ে মোৰ কৰ্তৃত্বসুলভ মনোভাৱৰ বাবে অসুবিধা পোৱাটো নিশ্চিত।”

বিভিন্ন ক্ষেত্ৰত থকা সমৰ্থনৰ বাবে ভাৰতক মেঘনাই মহিলাৰ কৰ্মৰ বাবে এক সঠিক স্থান বুলি বিবেচনা কৰে। তেওঁৰ দৃষ্টিত যদিহে কোনোৱে ইয়াত কাম নকৰে অথবা ব্যস্ত হৈ থাকিব নোখোজে তেনেহলে তেওঁ নিজে নিজৰ চৌপাশে এখন অদৃশ্য আয়নাৰ বেৰা নিৰ্মাণ কৰি লৈছে। “আমি বিৰতি লব খোজোঁ। আমি সন্তান জন্ম দিব বিচাৰোঁ আৰু সেই সময়চোৱা উপভোগ কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ মাজতো যিসকলে নিজকে ব্যস্ত কৰি ৰাখিব খোজে তেওঁলোকৰ বাবে বহুতো দুৱাৰ মুকলি আছে। আপুনি যদি কেক প্ৰস্তুত কৰিব খোজে সেয়াও উত্তম প্ৰকৃতিৰ কৰ্ম। কৰ্মই মহিলা সৱলীকৰণৰ বাট প্ৰশস্ত কৰে। এক যোগাত্মক আত্মবিশ্বাসৰ ভাৱ কেৱল এগৰাকী নাৰীৰ বাবেই নহয় তেওঁৰ পৰিয়ালৰ বাবেও হিতকৰ।” মেঘনাই মন্তব্য কৰে।