চাৰিজন ছাত্ৰৰে আৰম্ভ কৰা CEC আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে এক অগ্ৰণী ব্ৰেণ্ড

চাৰিজন ছাত্ৰৰে আৰম্ভ কৰা CEC আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে এক অগ্ৰণী ব্ৰেণ্ড

Thursday February 04, 2016,

5 min Read

২২টা বছৰৰ গৌৰৱোজ্জল ইতিহাসেৰে বৰ্তমান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী আৰু অন্যতম কম্পিউটাৰ তথা অন্যান্য পেছাদাৰী তথা কাৰিকৰী শিক্ষা প্ৰতিস্থান হৈছে চিইচি ( CEC)। এটা মাত্ৰ সৰু কোঠাত দুটা কম্পিউটাৰেৰে পিতৃৰ পৰা ৯২,০০০টকা লৈ দীপাংকৰ দত্তই আৰম্ভ কৰা চিইচি আজি সগৌৰৱে জ্বিলিকি আছে উত্তৰ পূৰ্বাঞ্চলৰ কম্পিউটাৰ শিক্ষা খণ্ডটোত। বৰ্তমান সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে ১৫০টা শাখাত শিক্ষা প্ৰদান কৰি আছে চিইচি( CEC)য়ে। এই পৰ্যন্ত প্ৰায় ৩,০০,০০০ ছাত্ৰ-ছাত্ৰীয়ে চিইচিৰ পৰা শিক্ষা সমাপ্ত কৰি অসম তথা দেশৰ ভিন ভিন প্ৰান্তত নিয়োজিত হৈ আছে। ৰাষ্ট্ৰীয় একতা বঁটা, বিকাশ ৰতন বঁটা আদিৰে বিভুষিত ছিইচিৰ আঁৰৰ মানুহজন হৈছে দীপাংকৰ দত্ত। এগৰাকী যুৱ উদ্যোগী তথা শিক্ষক দীপাংকৰ দত্তৰ অক্লান্ত পৰিশ্ৰম আৰু নিৰলস প্ৰচেষ্টাত আজি চিইচি( CEC)এ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এক অগ্ৰণী শিক্ষা প্ৰতিস্থান হিচাপে গঢ় লৈ উঠিছে ।


image


সেই আৰম্ভণী-

সেয়া ১৯৯৪চনৰ কথা। ছাত্ৰ-ছাত্ৰীসকলক পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু প্ৰতিযোগিতামূলক শিক্ষা জগতখনৰ সৈতে খাপ খাব পৰাকৈ সাজু কৰি তোলাৰ মানসিকতাৰে এটা সৰু কোঠাত মাত্ৰ দুটা কম্পিউটাৰেৰে আৰম্ভ কৰা হৈছিল চিইচি (CEC)। প্ৰথমটো ছাত্ৰ-ছাত্ৰীৰ দলত আছিল মাত্ৰ ৪জন। নিজ পিতৃক এই প্ৰতিস্থানটোৱে উন্নতি কৰিব বুলি আশ্বাস প্ৰদান কৰি দীপাংকৰ দত্তই পিতৃৰ পৰা ৯২,০০০টকা লৈ আৰম্ভ কৰিছিল চিইচি(CEC) । সেই ত্তিয়াৰে পৰা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে চিইচিৰ সুনাম। এটাৰ পিছত এটাকৈ চিৰি বগাই আগুৱাই গল চিইচি(CEC)। চিইচি (CEC) বৰ্তমান এক শিক্ষা প্ৰতিস্থানেই নহয়, বহুতো যুৱক-যুৱতীক শিক্ষক তথা অন্যান্য কৰ্মচাৰীৰ ৰূপত সংস্থাপন দি ই এক উদ্যোগশীল প্ৰতিস্থানো হৈ পৰিছে।

image


চিন্তাৰ বুৰবুৰণি-

১৯৯০ চনত দিল্লীলৈ এটা বিশেষ কোৰ্ছ কৰিবলৈ গৈছিল দীপাংকৰ দত্ত। সেই সময়ত তেওঁৰ কোৰ্ছটোৰ বাবে অপৰিহাৰ্য হৈ পৰিছিল কম্পিউটাৰৰ জ্ঞান। কিন্তু এইক্ষেত্ৰত দীপাংকৰ দত্তৰ কম্পিউটাৰৰ জ্ঞানৰ সীমাবদ্ধতা তেওঁৰ কোৰ্ছটোৰ ক্ষেত্ৰত অন্তৰায় হৈ দেখা দিছিল। তেতিয়াই তেওঁ অনুধাৱন কৰিছিল যে তেওঁৰ দৰে অসমৰ অন্যান্য বহু যুৱক-যুৱতীয়েই হয়তো কম্পিউটাৰৰ প্ৰকৃত জ্ঞানৰ অভাৱত অসুবিধাত পৰিব আৰু পৰিছে। সেই কথাটোৰেই আঁত ধৰি দত্তই চিন্তা কৰিছিল যে অসমত যদি এটা ভাল আৰু সকলো শিক্ষা দিব পৰাকৈ কম্পিউটাৰ শিক্ষা প্ৰতিস্থান গঢ়ি তুলিব পৰা যায় তেনেহলে ই ছাত্ৰ-ছাত্ৰীক নতুন দিগন্তৰ সম্ভেদ দিয়াৰ লগতে উদ্যোগশীলতাৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা কঢ়িয়াই আনিব।তেওঁৰ মতে তেওঁৰ উন্নতি হ'বলৈ হলে তেওঁৰ অঞ্চটোৰ উন্নতি হ'ব লাগিব।


image


CECৰ শিক্ষা –

চিইচি(CEC)য়ে বৰ্তমান আগবঢ়াই আহিছে বিভিন্ন বিভাগৰ কাৰিকৰী তথা পেছাদাৰী শিক্ষা । তাৰে ভিতৰত হাৰ্ডৱেৰ ,ছফ্টৱেৰ কম্পিউটাৰ কোৰ্ছ, ফেশ্বন টেকনলোজি, ইন্টেৰিয়ৰ ডিজাইনিং, মাছ কমিউনিকেশ্বন, কছমোটলজি, ট্ৰেভল এণ্ড ট্যুৰিজিম, এভিয়েছন আদি বিভিন্ন বিভাগৰ কোৰ্ছ আগবঢ়াই আহিছে। ছফ্টৱেৰ, কম্পিউটাৰ কোৰ্ছৰ ভিতৰত Integrated Computer Application (ICA),Business Computer Application (BCA ),Diploma in Computer Application (DCA),P.G. Diploma in Computer Application (PGDCA),Computer Engineering & E-Commerce (CEE), আদি আছে ।

তদুপৰি হাৰ্ডৱেৰৰ ভিতৰত Software-Hardware-Networking (SHN),Diploma in Computer Hardware Engineering (DCHE),Master in Hardware Engineering (MHE) ইত্যাদি।


Fashion Designing Courses ৰ ভিতৰত আছে Diploma in Fashion Designing (DFD), Cetrificate in Modelling(CFM), Diploma in Fashion & Textile Technology (DFTT) ইত্যাদি । Interior Designing Courses ৰ ভিতৰত আছে Advanced Diploma in Interior Designing (ADID)। Journalism & Mass Communication Coursesত আছে Diploma in Journalism (DJ), Diploma in Mass Communication & Journalism (DMCJ) আদি। ইয়াৰ উপৰিও Advanced Diploma in Beautician (ADB), Airlines, Travel & Tourism Courses, Diploma in Airlines, Tavel & Tourism Management (DATTM), Diploma in Aviation & Hospitality Management (DAHM) আদি কোৰ্ছো চিইচি(CEC)য়ে আগবঢ়াই আছে। এই সকলোধৰণৰ শিক্ষাৰ লগতে অন্যান্য কিছু শিক্ষা সামৰি চিইচিৰ পৰাই আৰম্ভ হৈছে আন এক শিক্ষানুস্থান Hindustan College।

ক'ত ক'ত আছে চিইচি-

চিইচিৰ মুখ্য কৰ্যালয় আছে গুৱাহাটীৰ শিলপুখুৰীত। তদুপৰি গুৱাহাটী পাণবজাৰ, নাৰেংগী, গণেশগুৰী, বেলতলা আদিৰে মুঠ ১৬টা স্থানত আছে চিইচি। কেৱল ইমানেই নহয়, অসমৰ সকলো জিলা মহকুমা সামৰি ৭০টাতকৈও অধিক শাখাই সমগ্ৰ অসমতেই কম্পিউটাৰ তথা অন্যান্য শিক্ষা প্ৰদান কৰি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ তুৰা, ৰেছুবেলপাৰা, বাজেংদোবা, পাছিঘাট, ইটানগৰ , টেজু আদিৰ পৰাও চিইচি চাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰি আহিছে।


কেৱল শিক্ষাই নহয়-

চিইচিয়ে কেৱল শিক্ষাৰ ক্ষেত্ৰতেই নহয়, অন্যান্য সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰতো কাম কৰি আহিছে। ইয়াৰে ভিতৰত অন্যতম হৈছে The Assam Fashion Week, the Fashion Festival of North East India। এই উত্সৱটোত কৰ্মশালা, কুইজ, ফটো প্ৰদৰ্শনী, বস্ত্ৰ প্ৰদৰ্শনী, স্কেট্ছ প্ৰতিযোগিতা, মেক অভাৰ প্ৰতিযোগিতা, মডেল হান্ট আৰু ৰেম্প শ্ব' আদি আয়োজন কৰা হৈছিল। ২০১০ চনৰ এই আয়োজনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট সংখ্যক উদিয়মান প্ৰতিভাক এখন ভাল মঞ্চ প্ৰদান কৰিছিল। তদুপৰি প্ৰযোজনাৰ ক্ষেত্ৰ খনতো আগবাঢ়িছে চিইচি।


image


বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰখন-

দীপাংকৰ দত্তৰ মতে, বৰ্তমানৰ ক্ষেত্ৰখন অতি উচ্চ খাপৰ আৰু এইক্ষেত্ৰত বহুতো শিক্ষা প্ৰতিস্থানৰ উন্নতি হোৱা দেখা গৈছে। উন্নয়নৰ বহুতো নিত্য নতুন চিন্তাৰে আগবাঢ়িছে নতুন প্ৰজন্মৰ শিক্ষাৰ্থীৰ লগতে শিক্ষাক্ষেত্ৰৰ উদ্যোগীসকল। দত্তই তদুপৰি কয়, সমাগত সময়ত উত্তৰ পূৰ্বাঞ্চল হৈ উঠিব ভাৰতৰ প্ৰতিটো কোণৰে শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হোৱা এক মূল ক্ষেত্ৰ। তেওঁৰ মতে যুৱ প্ৰজন্মক তেওঁলোকৰ চিন্তা আৰু ধাৰণাক এক নিৰ্দিষ্ট দিশত আগবঢ়াই নিয়াত সহায় কৰা উচিত। আনকি শিক্ষা সম্প্ৰসাৰণ পদ্ধতি অৱলম্বন কৰি সমগ্ৰ দক্ষিণ এছিয়াৰে শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰা যথেষ্ট থল আছে। উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যত অসমৰ সমান এইধৰণৰ শিক্ষা প্ৰতিস্থান নথকা বিষয়টো সন্দৰ্ভত দীপাংকৰ দত্তই কয় যে এটা অঞ্চলৰ শিক্ষাকে ধৰি অন্যান্য উদ্যোগৰ প্ৰসাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ সামগ্ৰিক পৰিবেশটোৰ ওপৰত। সেই স্থানৰ উদ্যোগী তথা শিক্ষাৰ্থীসকলক মুক্তমনে আগবঢ়াৰ সুবিধা দিলেহে অঞ্চলটোৰ বিকাশ ঘটিব। সমাজক অশুভ শক্তি কিছুমানৰ বাবে এইক্ষেত্ৰত বাধা আহি পৰে। উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলে ইয়াতেই শিক্ষা গ্ৰহণ কৰাৰ মানসিকতা গঢ়ি তোলাৰ সমান্তৰালকৈ সেই সুবিধাও তেওঁলোকক দিব পাৰিব লাগিব।

শিক্ষাৰ্থী তথা ন-উদ্যোগীসকললৈ দত্তৰ পৰামৰ্শ

শিক্ষাৰ্থীসকলে নিজৰ মাজৰ প্ৰতিভাক চিনাক্ত কৰি তাৰ বিকাশৰ বাবে কাম কৰি যোৱা উচিত। এই কামে তেওঁলোকৰ মাজত নিয়মানুৱৰ্তীতাৰ লগতে সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও প্ৰদান কৰিব। যিকোনো কামৰ ক্ষেত্ৰতেই পৰিশ্ৰম অপৰিহাৰ্য। লব্ধ সুযোগ আৰু সুবিধাৰ সঠিক ব্যৱহাৰে সফলতা অহাত সহায় কৰে। এটা কথা ঠিক যে টকাই ডিগ্ৰী হে আনি দিব, প্ৰতিভা নহয়। সকলোৱে সততৰে নিজৰ গুণ বিকাশত অহৰহ নিয়োজিত হৈ থাকিব লাগে।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ঘৰত চাহপাতৰ অভাৱ পুৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী

ঠেলাৰে মমবাতি বিক্ৰী কৰি ফুৰা দৃষ্টিহীন ভৱেশ ভাটিয়া এতিয়া কোটিপতি

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

‘মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন