আলোকসন্ধানী যাত্ৰাত কাবাদীয়েই অস্ত্ৰ বন্দী ইলিয়াছৰ

আলোকসন্ধানী যাত্ৰাত কাবাদীয়েই অস্ত্ৰ বন্দী ইলিয়াছৰ

Monday December 28, 2015,

3 min Read

যাৱজ্জীৱন কাৰাদণ্ডৰ সিদ্ধান্তই হঠাতে জীৱনলৈ নমাই আনিলে অন্ধকাৰ৷ তেতিয়া বন্ধ দেৱালৰ ভিতৰত মাথোঁ দীৰ্ঘশ্বাস এৰিছিল তেওঁ৷ অন্ধকাৰৰপৰা মাথোঁ শুনিছিল মুক্তিৰ আহ্বান৷ আলিপুৰৰ সংশোধনী গৃহই আক্ষৰিক অৰ্থতেই তেওঁৰ জীৱনক সংশোধনৰ পথ দেখুৱালে৷ ১৩ বাই ১০ মিটাৰৰ ক'ৰ্টৰ প্ৰতি আগ্ৰহ পৰিহাৰ কৰিব পৰা নাই তেওঁ৷ এই বিষয়ত তেওঁ উৎসাহ লাভ কৰিছিল কাৰাগাৰ এডিজিৰপৰা৷ তাৰ পিছত থমকি ৰোৱা নাই৷ কাবাদীৰ ক'ৰ্টত কঁপনি তুলিছে ইলিয়াছ সৰদাৰে৷ পশ্চিম বঙ্গৰ দক্ষিণ ২৪ পৰগনাৰ তালদিৰ এইগৰাকী যুৱক বৰ্তমান আলিপুৰ কাবাদী দলৰ অধিনায়ক৷ কেইবাটাও টুৰ্ণামেণ্টৰ চেম্পিয়ন৷


image


কেনিং-বাৰুইপুৰ ৰোডৰ তালাদি চেণ্টাৰত নামি একা-বেঁকা পথ৷ সেউজীয়া ধাননিৰ মাজেৰে পোন্ধৰমিনিটমান গ'লেই পোৱা যায় ইলিয়াছ সৰদাৰৰ ঘৰ৷ নাৰায়ণগড়ৰ এই ঘৰত তেওঁ একপ্ৰকাৰৰ 'অতিথি'৷ এসপ্তাহৰ বাবে আহিছে৷ সন্তানৰ সৈতে কথা-বতৰা; মাক, ককায়েক, পত্নীৰ সৈতে সংসাৰৰ আলোচনা কৰোতেই সময়বোৰ পাৰ হৈ যায়৷ পুনৰ যাব লাগিব আলিপুৰ কাৰাগাৰলৈ৷

২০০৬ চনত তালাদিৰ দাঁড়িয়াৰ এটা হত্যাকাণ্ডৰ ঘটনাত জড়িত হৈ পৰিছিল ইলিয়াছ আৰু আত্মীয়বৰ্গ৷ ইলিয়াছৰ অভিযোগ, সেইসময়ত তেওঁলোকে বিৰোধী দলৰ সৈতে জড়িত থকাৰ বাবেই ৰাজনৈতিক ষড়যন্ত্ৰৰ চিকাৰ হ'ল৷ তেতিয়াৰপৰাই আলিপুৰ কেন্দ্ৰীয় কাৰাগাৰেই ঘৰ৷ হয়, ঘৰেই হৈ পৰিছে৷ ঘৰৰ দৰেই ইয়াত কেইবাঘণ্টা কাবাদী খেলিব পাৰি৷ সৰুতে যিদৰে গাঁৱৰ বন্ধুসকলক গাইড কৰিছিল, ইয়াতো তেনেকুৱাই৷ ইয়াত আলিপুৰ কাৰাগাৰৰ কাবাদী দলৰ নেতা৷ জে'লৰ অন্ধকাৰত মুক্তিৰ সোৱাদ ল'বলৈ কাবাদীয়েই ইলিয়াছৰ সকলো৷ কাৰাগাৰ এডিজি থকাৰ সময়ত বি ডি শৰ্মাৰ দৃষ্টিত পৰিছিল তেওঁ৷ মূলতঃ তেৱেই উৎসাহ দিছিল এই যুৱকক৷ তাৰ পিছত উভতি চাবলগীয়া হোৱা নাই৷ সংশোধনাগাৰৰ সকলো কাম কৰি বিয়লি ৩ বাজিলেই কাবাদী ক'ৰ্টলৈ আহে ইলিয়াছ৷ সহযোদ্ধাসকলৰ সৈতে আৰম্ভ হয় নতুন প্ৰভাতৰ ৰণ৷


image


২০০৬ চনৰপৰাই বন্দিত্বত থাকিলেও কিছুদিনৰ ভিতৰতে যোগ্যতা প্ৰতিপন্ন কৰিলে ইলিয়াছে৷ তেওঁৰ নেতৃত্ব দিয়াৰ ক্ষমতা দেখিছে কাৰাগাৰ কৰ্তৃপক্ষই৷ ২০১০ চনত তেওঁক কেপ্টেইনৰ দায়িত্ব দিয়া হ'ল৷ ইয়াৰ পিছত কাৰাগাৰ দলৰ অধিনায়ক হিচাপে ইলিয়াছ মেদিনীপুৰলৈ গৈছিল৷ তাত ১৬টা দলৰ মাজত শ্ৰেষ্ঠত্ব অৰ্জন৷ কলকাতা প্ৰিমিয়াৰ কাবাদী লিগ৷ তাতো শ্ৰেষ্ঠ৷ সাফল্যৰ পথত আগুৱাওতে বৰ্তমান দেশজুৰি চৰ্চিত প্ৰ' কাবাদী লীগতো খেলাৰ সুযোগ লাভ কৰিছিল৷ কিন্ত চৰকাৰী নিয়ম আৰু অনভিজ্ঞতাৰ কাৰণে তথাকথিত গ্লেমাৰৰ পথাৰত নমা নহ'ল ইলিয়াছৰ৷ তাতে কি হ'ল? আলিপুৰৰ টীমমেটসকলৰ সৈতে আৰু দূৰলৈ আগুৱাব খোজে তেওঁ৷ কাবাদীত ইলিয়াছৰ পচন্দৰ পজিচন গালা কেচাৰ৷ গালা কেচাৰৰ দায়িত্ব হৈছে বিপক্ষৰ কোনো খেলুৱৈ প্ৰৱেশ কৰিলেই তেওঁক বশ কৰা৷ ইয়াৰ মাদতেই বোধকৰো মুক্তিৰ সপোনো দেখে ইলিয়াছে৷

চাওঁতে চাওঁতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৯ বছৰ পাৰ হৈ গ'ল৷ ইমান ভাল খেলাৰ বাবে আৰু কাৰাগাৰৰ শৃংখলা ৰক্ষাৰ বাবে বছৰটোত একাধিকবাৰ পেৰলত ঘৰলৈ অহাৰো সুযোগ লাভ কৰে ইলিয়াছে৷ মূলসুঁতিলৈ ঘূৰি অহাৰ অদম্য ৰণত কাবাদী হৈ উঠিছে তেওঁৰ মন্ত্ৰ৷ কাৰাগাৰৰ আনসকল বন্দীৰ সৈতে তেওঁ উপলব্ধি কৰিব পাৰিছে যে অন্ধকাৰত হেৰাই যোৱা নহয়, পোহৰলৈ উভতি আহিবলৈ হ'লে প্ৰতিনিয়ত যুদ্ধ কৰিবই লাগিব৷ তেওঁলোক মূল সুঁতিলৈ উভতিলে সকলোৰে লাভ৷


image


শিবপ্ৰসাদ বসু আৰু নন্দিতা ৰায়ৰ 'মুক্তধাৰা'ত দেখুওৱা হৈছিল যে কাৰাগাৰৰ সকলোবোৰ ক'লা-বগা নহয়৷ ইউছুফ ওৰফে নাইজেল আকাৰা তাৰ জ্বলন্ত উদাহৰণ৷ অলকানন্দা ৰায়ৰ নৃত্যনাটিকা 'বাল্মিকী প্ৰতিভা'ই জীৱনৰ দৃষ্টি মুকলি কৰিছিল ইউছুফহঁতৰ৷ বাস্তৱৰ ইলিয়াছহঁতো একেই পথৰ পথিক৷ অলকানন্দাৰ দলৰ হৈ মুম্বাই-দিল্লীলৈ গৈ নৃত্যনাটিকালৈ মাতি অনা হৈছে ইলিয়াছ আৰু সহবন্দীসকলক৷ কলকাতাত তেওঁলোকৰ নৃত্যৰ ভংগীমা দেখি আবেগবিহ্বল হৈ পৰিছে তেওঁলোকৰ পৰিয়াল-পৰিজন৷ ভুল হয়৷ কিন্তু সেই ভুলৰ বাবে দোষাৰোপ নকৰি আৰু যাতে ভুল নহয় তাৰ বাবে পথৰ সন্ধান কৰিছে এইসকল যুৱকে৷ মুক্তিৰ সন্ধানত তেওঁলোকৰ হৃদয়৷

জীৱনৰ ৩৩টা বসন্ত পাৰ হ'ল৷ হাৰিবলগীয়া মেচ জিকালেও বন্দিত্ব কিমান দ্ৰুতভাৱে শেষ হ'ব নাজানে ইলিয়াছে৷ তথাপি এটা কথা জানে যে নিজৰ কাম কৰি গ'লে সঁচাকৈ জীৱনলৈ আহিব মুক্তিৰ প্ৰভাত৷

মূল: তন্ময় মুখাৰ্জী

অনুবাদ: ৰুবুল দাস