জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি বিশ্বজুৰি সমাদৰ লাভ কৰিছে লখিমপুৰৰ গোবিন হাজৰিকাই

জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি বিশ্বজুৰি সমাদৰ লাভ কৰিছে লখিমপুৰৰ গোবিন হাজৰিকাই

Sunday January 17, 2016,

7 min Read

হাতীৰ ছবিৰে বুটা বচা ফুলাম গামোছাৰ ছবি সম্বলিত পেকেটেৰে কানাডাত বহুল ভাবে জনপ্ৰিয় এবিধ জৈৱিক চাহ “মধুপুৰ ভিলেইজ টী”। অসমৰ লখিমপুৰ জিলাৰ এখন সৰু গাওঁ মধুপুৰ। মধুপুৰৰ গোবিন হাজৰিকা নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কে জৈৱিক পদ্ধতিৰে উৎপাদন কৰা চাহ কেৱল কানাডাৰে নহয়, বিশ্বৰ বহু কেইখন দেশৰ কোম্পানীৰ বাবে প্ৰথম পচন্দৰ। ক্ষুদ্ৰ চাহ খেতিয়ক গোবিন হাজৰিকাই নিজৰ দহ বিঘাৰ চাহ বাগিচা খনৰ পৰা ঘৰুৱা ভাবে উৎপাদিত চাহে সকলোৰে চাহিদা পুৰণ কৰিব নোৱাৰিলেও সমগ্ৰ বিশ্বতে লাভ কৰিছে এক সুকীয়া পৰিচিতি।

গোবিন হাজৰিকাৰ এই সফলতা কিন্তু একেদিনাই সম্ভৱ হোৱা নাছিল। ইয়াৰ আঁৰত আছে দীঘলীয়া এক সংগ্ৰামৰ কাহিনী।

image


১৯৬৬ চনত লখিমপুৰৰ মধুপুৰ গাৱঁত জন্ম গোবিন হাজৰিকাৰ। কৈশোৰ অৱস্থাতে ১৯৭৯ চনত মাতৃ মীন হাজৰিকা আৰু ১৯৯৩ চনত পিতৃ মোহন হাজৰিকাক হেৰুৱালে গোবিনে। পিতৃয়ে কৰ্কট ৰোগৰ সৈতে যুঁজি থকাৰ সময়ছোৱাতে উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱা গোবিনৰ আৰু আনুষ্ঠানিক ভাবে পঢ়া শুনা কৰা নহ’ল। প্ৰয়াত পিতৃ মাতৃৰ নামত কিবা এটা কৰাৰ মানসেৰে গোবিন হাজৰিকাই ১৯৯৫ চনত “মীন-মোহন চাহ বাগিচা” নাম দি এখন চাহ বাগিচা আৰম্ভ কৰিলে। দুকঠা মাটিতে প্ৰথম আৰম্ভ কৰিলে চাহ খেতি। চাহ পাতৰ উৎপাদন আৰম্ভ হোৱাৰ লগে লগে গোবিন হাজৰিকা সমস্যাত পৰিল কলঘৰকলৈ। ইমান কম পৰিমাণৰ চাহ পাত কলঘৰত খুন্দুৱাও সমস্যা, লগতে নাই সেই সুবিধাও।

“কলঘৰত চাহপাত খুণ্ডিব নোৱাৰি উপায়ন্তৰ হৈ মই চাহ পাত ঢেকীত খুণ্ডি, কেৰাহীত ভাজি উৎপাদনৰ চেষ্টা চলালো। কেইবাবাৰো বিফল হ’লো। চাহ পাত উপযুক্ত হৈ উঠা নাই বুলি বুজি পালেই সেই খিনি পেলাই দি পুণৰ বাৰ চেষ্টা কৰোঁ। পিছৰ বাৰ ভজা বা ৰ’দত দিয়া সময়ৰ তাৰতম্য ঘটায় চাওঁ। প্ৰায় দুটা বছৰৰ চেষ্টাৰ অন্তত ১৯৯৭ চনত মোৰ চাহে ব্যৱহাৰ উপযোগী চাহপাতৰ ৰূপ ল’লে।”- প্ৰথম ঘৰুৱা পদ্ধতিৰে চাহপাত উৎপাদনৰ কথা এনেদৰে ক’লে গোবিন হাজৰিকাই। প্ৰথম অৱস্থাত নিজে উৎপাদন কৰা চাহপাত ওচৰৰ অঞ্চল সমুহতে জৈৱিক চাহ বুলি বিক্ৰী কৰি ফুৰিছিল গোবিন হাজৰিকাই। প্ৰতি পোৱাত ১০ টকা, কিলোগ্ৰামত ৪০-৫০ টকাৰ দৰতে বিক্ৰী কৰিছিল গোবিনে। সেই সময়তে আন এটা সমস্যাই দেখা দিলে গোবিনৰ চাহ বাগিচাত। চাহ পাতত পোক লাগিল। নিৰাময় বিচাৰি ওচৰৰে হাৰমতী বাগানলৈ এবাৰ দুবাৰ নহয় সাত বাৰকৈ গ’ল গোবিন হাজৰিকা। কিন্তু গেটৰ পৰাই ভিতৰ সোমাব নোৱাৰিলে তেওঁ। সেই সময়ত বাগান খনত আলফাৰ আক্ৰমণৰ আশংকাত গঢ়িতোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সেনাৰ বেৰা ভাঙি বাগানত চাহৰ কীটনাশকৰ কথাও জানিবলৈ নোৱাৰিলে গোবিন হাজৰিকাই। দুকঠা- চাৰিকঠাকে লাহে লাহে বাঢ়ি অহা নিজৰ চাহ বাগিছা খনৰ পাত বোৰ পোকে খোৱাৰ চিন্তাই অহৰহ খেদি ফুৰিছিল গোবিন হাজৰিকাক। কিন্তু গোবিন হাজৰিকাই পৰামৰ্শ গ্ৰহণ কৰিবলৈ এজন মানুহকো বিচাৰি নাপালে। সেই সময়ত ক’ৰবালৈ ফুৰিবলৈ যাওঁতেও কাষৰ যাত্ৰীৰ সৈতে কথা পাৰিবলৈ চেষ্টা কৰে গোবিনে, কিজানিবা কোনোবাই দিব পাৰে সমাধান সুত্ৰ। এনেদৰেই এটা বাছ যাত্ৰাত চাহ বাগিছা থকা এজন ব্যক্তি লগ পাই চাহ পাতৰ পোক মৰা ৰাসায়নিক ঔষধ বিধৰ কথা গোবিনে জানিব পাৰিলে। সেই মতেই ঔষধ বিধ আনি চাহ বাগিছাত প্ৰয়োগ কৰিলে। চাহ পাতৰ কীট আতৰিল ঠিকেই কিন্তু ঔষধ ছটিয়াই গোবিন হাজৰিকাৰই নিজেই শাৰিৰীক ভাবে কষ্ট পালে। মুখৰ পোৰণি, পেট ফুলা আদি হ’ল ঔষধ বিধ ব্যৱহাৰ কৰাৰ পিছতে। এই কথাত চিন্তিত হৈ পৰিল গোবিন- “ইমান পাৰ্শ্বক্ৰিয়া থকা কীটনাশক চাহ পাতত ব্যৱহাৰ কৰিলে নিশ্চয় পাছতো সেই চাহপাতে মানুহৰ অনিষ্ট কৰিব পাৰে। মই ইয়াৰ পৰিবৰ্তে প্ৰাকৃতিক কিবা ঔষধ ব্যৱহাৰ কৰিব পাৰি নেকি ভাবিবলৈ ধৰিলো”। গোবিন হাজৰিকা বিকল্পৰ সন্ধানত ব্ৰতী হ’ল। বাৰিৰে ঔষধি গুণাগুণ থকা গছ পাত পিছি ব্যৱহাৰ কৰি চালে। কীট আঁতৰে ঠিকেই কিন্তু সহজতে আঁতৰি যায় ঔষধো। এইবাৰ ঔষধি পাতৰ সৈতে খলিহৈ মিহলী কৰি ব্যৱহাৰ কৰি চালে। খলিহৈৰ তেলেতীয়া গুণৰ বাবে তেওঁৰ সমস্যা দুৰ হ’ল। পুনৰ আৰম্ভ হ’ল গোবিন হাজৰিকাৰ নিজা পদ্ধতিৰে চাহ উৎপাদন।

image


২০০১ চন। গোবিন হাজৰিকাৰ বাবে বহু সুখবৰ কঢ়িয়াই আনিলে এই বছৰটোৱে। চাহৰ বাবে বিখ্যাত অসমলৈ চাহৰ গৱেষণাৰ বাবে কানাডা পৰা আহিছিল পেগী কাৰ্চুৱেল নামৰ এগৰাকী মহিলা গৱেষক। কাৰ্চুৱেল World Community Development Education Society ৰ এগৰাকী সদস্য। পেগী কাৰ্চুৱেলে অসমত জৈৱিক পদ্ধিতিৰে চাহ খেতি কৰা কৃষক বিচাৰি নাপালে। অৱশেষত সহায়ৰ বাবে কাষ চাপিল যোৰহাটৰ অসম কৃষি বিশ্ব বিদ্যালয়ৰ। কৃষি বিশ্ব বিদ্যালয়ে অসমত সেই সময়ত জৈবিক পদ্ধতিৰে চাহ খেতি কৰা একমাত্ৰ কৃষক গোবিন হাজৰিকাৰ ঠিকানাটো দিলে কাৰ্চুৱেলক। কাৰ্চুৱেলে গোবিন হাজৰিকাৰ উৎপাদন পদ্ধতিৰ বিষয়ে সবিশেষ অধ্যয়ন কৰাৰ লগতে তেওঁৰৰ বিষয়ে পাৰ্যমানে প্ৰচাৰ চলালে। কেৱল সেয়াই নহয় কাৰ্চুৱেলে গোবিন হাজৰিকাক লগত লৈ মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডিগবৈ আদি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰধান অঞ্চল সমুহত চাহ খেতিয়ক সকলৰ মাজত আলোচনা চক্ৰ পাতি উৎপাদন পদ্ধতিৰ বিষয়ে অৱগত কৰালে। কাৰ্চুৱেলৰ প্ৰচাৰৰ ফলতেই ৰাজ্যচৰকাৰৰ উদ্যোগত গুৱাহাটীৰ হোটেল ব্ৰহ্মপুত্ৰ অশোকাত অনুষ্ঠিত এখন আলোচনা চক্ৰতো ভাগ লব’লৈ আমন্ত্ৰণ লাভ কৰিলে গোবিন হাজৰিকাই।

গুৱাহাটীৰ এখন হোটেলত চাহ খাই থাকোতেই গোবিন হাজৰিকাই অচিনাকী লোক দুজনে দাৰ্জিলিঙৰ গ্ৰীঁণ টিৰ কথা পতা শুনিলে। কোনো দিনে নেদেখাকৈয়ে অচিনাকী লোক দুজনে পাতি থকা কথা শুনিয়েই গোবিন হাজৰিকাই সংকল্প ল’লে গ্ৰীণ টী প্ৰস্তুত কৰাৰ। আকৌ আন এক সংগ্ৰাম। এই বাৰ লক্ষ্য গ্ৰীণ টি। এইবাৰ সিজাই গুৰি কৰাৰ পদ্ধতি বাছি ল’লে গোবিন হাজৰিকাই। বাৰে বাৰে বিফল হয়। অৱশেষত কেবা বছৰৰো প্ৰচেষ্টাৰ অন্তত ভাপত সিজাই গুৰি কৰা চাহ পাতৰ ‘গ্ৰীণ টি’ৰ গুণা গুণ আছে বুলি গোবিন হাজৰিকা পতিয়ন গ’ল। কিন্তু তেতিয়াও ক’তো গ্ৰীণ টি দেখা নাছিল তেওঁ। মাত্ৰ নিজে খাই ভাল পোৱাৰ বাবে সেয়াই গ্ৰীণ টি বুলি ধৰি ল’লে। ২০০৯ চনত গুৱাহাটীত অনুষ্টিত ট্ৰেড ফেয়াৰত ভাগ ল’বলৈ আহিছিল গোবিন হাজৰিকা। ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰা নিজৰ জৈৱিক ক’লা চাহপাতৰ লগতে দুই কিলেগ্ৰাম গ্ৰীণ টি এ প্ৰদৰ্শনৰ বাবে লৈ আহিছিল তেওঁ। সেই সময়ত ক’লা চাহ পাত প্ৰতি কিলোগ্ৰামত ৮০০ টকাকৈ বিক্ৰী কৰি আছিল তেওঁ। গ্ৰীণ টি ৰ দাম তাতকৈ বেছি বুলি শুণি অনুমানতে ১২০০ টকা প্ৰতি কিলোগ্ৰাম দাম ৰাখিছিল। এজন ব্যক্তিয়ে দুই কিলোগ্ৰামেই ক্ৰয় কৰি লৈ গ’ল। সেইদিনা গোবিন হাজৰিকা নিজেই অনিশ্চয়তাত আছিল কাৰণ তেওঁ নিজেই নাজানে আচলতে সেয়া গ্ৰীণ টি হৈছেনে নাই! পাছদিনা সেই একেজন ব্যক্তিয়েই পুণৰ আৰু গ্ৰীণ টি বিচাৰি আহিল বন্ধু এজনৰ বাবে। কাৰণ সেই গ্ৰীণ টী আছিল অনন্য। ভাপত সিজোৱা বাবে তাৰ এক সুকীয়া গোন্ধৰ সৃষ্টি হৈছিল, যিটো আন গ্ৰীণ টিত পোৱা নাযায়। পৰবৰ্তী সময়ত এনেদৰেই গ্ৰীণ টী উৎপাদনৰ ক্ষেত্ৰতো সুকীয়া পৰিচিতি লাভ কৰিলে গোবিন হাজৰিকাই।

image


ইতিমধ্যে কানাডাৰ গৱেষক পেগী কাৰ্চুৱেলে লৈ যোৱা গোবিন হাজৰিকাৰ জৈৱিক পদ্ধতিৰে উৎপাদিত চাহৰ নমুনাই বিশেষ সমাদৰ লাভ কৰিলে কানাডাত। ২০০৭ চনত দেশখনত সৰ্বোৎকৃষ্ট চাহৰ সন্মান লাভ কৰিলে গোবিন হাজৰিকাৰ উৎপাদিত চাহপাতে। তাৰ পিছতে ২০০৭ চনতে গোবিন হাজৰিকাৰ চাহপাত কানাডাত বিক্ৰীৰ অনুমতি বিচাৰিলে। তেতিয়াৰে পৰা প্ৰথমে ৫০ কিলেগ্ৰাম পৰা আৰম্ভ কৰি ২০১১ চনলৈ ১৭৫ কিলেগ্ৰাম পৰ্যন্ত চাহ প্ৰেৰণ কৰি আহিছে কানাডালৈ। ২০১২ চনৰ পৰা কলম্বিয়াৰ এটা কোম্পানীলৈ হাজৰিকাই প্ৰায় ৭ কুইন্টলকৈ চাহপাতৰ যোগান ধৰি আহিছে। কেৱল সেয়াই নহয় ২০০৯-২০১৩ চনলৈ ইজিপ্টলৈও চাহপাত প্ৰেৰণ কৰিছিল চাহপাত। মুঠতে এই সময় চোৱাত গোবিন হাজৰিকাৰ চাহ ক্ৰয় কৰিবৰ বাবে বহু কেইখন দেশৰ চাহ কোম্পানীয়ে এক প্ৰকাৰৰ হেতা ওপৰা লগালে। দুই চাৰিটা কোম্পানীৰ সৈতে গোবিন হাজৰিকাই চুক্তি কৰাৰ বাহিৰে বহুতকে বিমুখ কৰিব লগীয়া হ’ল সীমিত উৎপাদনৰ বাবে। কিন্তু এই সময় চোৱাত কানাডাৰ কোম্পানীটোৰ লগতে গোবিন হাজৰিকাৰ চাহে সমাদৰ লাভ কৰিছিলগৈ কলম্বিয়া, ডেনমাৰ্ক, জাৰ্মানী, জাপান, অষ্টিয়া আদি দেশত। ২০০৯ চনৰ পৰা হাজৰিকাৰ দ্বাৰা উৎপাদিত গ্ৰীণ টিৰো সমাদৰ বাঢ়ি আহিল। বহু কোম্পানীয়ে বিচাৰিলে গ্ৰীণ টি। কিন্তু গ্ৰীণ টী প্ৰস্তুতৰ বাবে অধিক সময়ৰ প্ৰয়োজন হোৱাৰ বাবে অধিক পৰিমাণৰ গ্ৰীণ টি উৎপাদন কৰিব নোৱাৰে হাজৰিকাই। সেইবাবে গ্ৰীণ টিৰ বজাৰ খন ঘৰুৱা বজাৰতে সীমাবদ্ধ কৰি ৰাখিছে বুলি কলেও ভুল কোৱা নহব। এনেদৰে নিজৰ দহবিঘা চাহ বাগানৰ পৰা উৎপাদিত চাহপাত ঘৰুৱা বজাৰ খনৰ লগতে বহু কেইটা বিদেশী কোম্পানীলৈ প্ৰেৰণ কৰা গোবিন হাজৰিকা এতিয়া এজন প্ৰতিষ্ঠিত ক্ষুদ্ৰ চাহ খেতিয়ক।

২০১৪ চনত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত হংকং (আগষ্ট) আৰু অষ্ট্ৰেলিয়াত (ছেপ্তেম্বৰ- অক্টোবৰ) অনুষ্টিত আন্তৰাষ্ট্ৰীয় বাণিজ্য মেলাত গোবিন হাজৰিকাই ভাগ লৈছিলগৈ। দুয়োখন দেশতে গোবিন হাজৰিকাৰ জৈবিক চাহে বহু দেশৰ চাহ কোম্পানীৰ সমাদৰ লাভ কৰিছিল। হংকঙতে কেনিয়াৰ এটা কোম্পানীয়েও হাজৰিকাৰ সৈতে গ্ৰীণ টি বিচাৰি চুক্তি কৰে।

image


কেৱল পইছাৰ বাবেই নিজে উদ্ভাৱন কৰা শৈলীৰ পেটেন্ট লাভ কৰিবলৈ সক্ষম নোহোৱা গোবিন হাজৰিকাই পৰবৰ্তী সময়ত অসমৰ জনপ্ৰিয় আলোচনী প্ৰান্তিকত নিজৰ জৈৱিক উৎপাদন পদ্ধতিৰ বিষয়ে সবিস্তাৰে প্ৰকাশ কৰে। উদ্দেশ্য অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল আগবাঢ়ি আহক এনে ধৰণেৰে চাহ উৎপাদনৰ বাবে। এতিয়া গোবিন হাজৰিকা অসমৰ বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে এক প্ৰেৰণা। কাৰণ জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে এক নতুন বাট মোকলাই দিছে গোবিন হাজৰিকাই।

উৎকৃষ্ট মানৰ চাহপাতৰ বাবে ২০০৭ চনতে কানাডাত সৰ্বোৎকৃষ্ট চাহৰ সন্মান লাভ কৰা গোবিন হাজৰিকাই লাভ কৰিছে অন্যান্য বহু সন্মান। ২০১১ চনৰ নেছীয়া নামৰ বেচৰকাৰী সংগঠনটোৱে হাজৰিকাক প্ৰদান কৰে উদ্যোগ ৰত্ন অসম সন্মান। ২০১৩ চনত ইণ্ডিয়ান চেম্বাৰছ অৱ কমাৰ্চে দিল্লীত প্ৰদান কৰে নৰ্থ ইষ্ট এক্সিলেন্সী এৱাৰ্ড। ২০১৪ চনত অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা ভাবে সম্বৰ্ধনা জনায় গোবিন হাজৰিকাক।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

কামাল হাজ : ৩২০০ কিলোমিটাৰ চাইকেল চলোৱা যুৱকজন

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

হলীউডৰ সুন্দৰ শৰীৰৰ পৰা ভাৰতীয় মাতৃলৈকে; ৰেমোনা ব্ৰেগাঞ্জাৰ ফিটনেছ মন্ত্ৰ আটাইৰে বাবে ফলদায়ক