চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?

চৰকাৰী আঁচনিৰ সহায়ে উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্ট আপ সমুহক উপকৃত কৰিবনে?

Friday February 12, 2016,

6 min Read

যেতিয়াই উত্তৰ পূৰ্বাঞ্চল সন্দৰ্ভত কোনো কথা আলোচিত হয়,তেতিয়াই প্ৰথম কথাটোৱেই আহে দেশৰ ৰাজধানীৰ পৰা সুদুৰত অৱস্থিত ৭খন ৰাজ্য অৰ্থাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ডৰ মনোমোহা প্ৰাকৃতিক সুষমা আৰু সৌন্দৰ্য।কিন্তু পৰিতাপৰ কথা এয়েই যে এটা উপযুক্ত পৰিস্থিতিতন্ত্ৰৰ অভাৱত এই ৰাজ্যকেইখনে নিজৰ উদ্যোগশীল দিশটোৰ প্ৰচাৰৰ পৰা দুৰত ৰৈ গৈছে। উত্তৰ পূ্ৰ্বাঞ্চলৰ লুপ্ত হৈ থকা ষ্টাৰ্টআপৰ সম্ভাৱনীয়তাক উলিয়াই আনি দেশৰ অন্যান্য মোট্ৰ চহৰসমুহৰ সৈতে সমান্তৰালভাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা কৰি তোলাৰ সময় আহি পৰিছে। দেশৰ মূল সূঁতিৰ সৈতে ফেৰ মাৰিব পৰাকৈ উত্তৰ পূৰ্বাঞ্চলৰ ষ্টাৰ্টআপক গঢ়ি তুলিবলৈ কেন্দ্ৰই এক আঁচনিৰ ধনৰ কথা ঘোষণা কৰিছে।


image


ড'নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে অলপতে ঘোষণা কৰিছে যে ভাৰত বৰ্তমান জনসংখ্যাৰ ৬৫শতাংশৰ যুৱ শক্তিৰে বিশ্বৰ এখন আগশাৰীৰ দেশ হৈ উঠাৰ পথত আৰু এই যুৱশক্তিয়েই হৈছে ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ ধ্বজাবাহী। এই আঁচনিৰ ধনখিনি কেৱল উত্তৰ পূৰ্বাঞ্চলত ষ্টাৰ্ট আপক শক্তিশালী কৰিবলৈকেই নহয়, অঞ্চলটোত সামগ্ৰীকভাবে ষ্টাৰ্ট আপৰ এক ভেটি গঢ়ি তুলিবলৈও ধাৰ্য কৰা হৈছে। International Finance Corporationএ প্ৰকাশ কৰা এক তথ্যত উল্লেখ কৰা হৈছে যে ভাৰতত বৰ্তমান এনেকুৱা দুই লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে যিয়ে দেশৰ মুঠ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ জগতখনৰ ৩শতাংশতকৈও কম আয় কৰে। উত্তৰ পূৰ্বাঞ্চলত থকা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমুহে দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ ২.৬শতাংশ অৰিহণা আগবঢ়ায়। ই ইয়াকে সুচায় য়ে উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে ঔদ্যোগিক বাতাবৰণ এটা গঢ়ি উঠিছে।

ইয়াত কিছুমান এনেকুৱা ষ্টাৰ্টআপৰ বিষয়ে উল্লেখ কৰা হৈছে যিয়ে ইতিমধ্যে নিজৰ দক্ষতা প্ৰমান কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যেই আৰম্ভ হোৱা ষ্টাৰ্ট আপৰ ক্ষেত্ৰখনত অগ্ৰদূত হিচাপে পৰিগনিত হৈছে ।

আৰোহন ফুডঃ( Arohan Food): গুৱাহাটীৰ পৰা ব্যৱসায় পৰিচালনা কৰি থকা আৰোহন ফুডে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে গাহৰি ফাৰ্ম সমুহৰ সৈতে যোগাযোগ ৰক্ষা কৰি সমগ্ৰ দেশলৈ গাহৰিৰ মাংসৰ খাদ্য সমাগ্ৰী ৰপ্তানি কৰে। ইতিপূৰ্বে কোটক মহিন্দ্ৰা বেংক, টাটা কেমিকেলছ আৰু বেংক অৱ বৰোডাত কাম কৰা ক্ৰমে অনাবিল গোস্বামী, অৰিন্দম হাজৰিকা আৰু ৰাণাপ্ৰতাপ ব্ৰহ্মই প্ৰতিস্থা কৰিছে আৰোহণ ফুডছ। কৃষকসকলৰ পশুপালনৰ ক্ষেত্ৰখনক উৎসাহ যোগাই তাৰ পৰা উৎকৃষ্ট মানৰ গাহৰিৰ বাবে উৎস সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে এই ব্যৱসায় আৰম্ভ কৰিছিল। Omnivore Partnersএ ২০১৩চনত এই ব্যৱসায়ত বিনিয়োগ কৰিছিল ২ৰ পৰা ৬কোটি টকা।

টিবক্স (Teabox): ২০১২চনত শিলিগুৰিত কুশল ডুগৰে স্থাপন কৰা টিবক্স হৈছে চাহৰ উৎপাদন, ব্ৰেণ্ডিং আৰু বিতৰণৰ এক প্ৰিমিয়াম ব্ৰেণ্ড। এই ব্ৰেণ্ডটোৱে দাৰ্জিলিঙ,অসম, নীলগিৰি আৰু নেপালৰ পৰা চাহ সংগ্ৰহ কৰি সমগ্ৰ বিশ্বতে ইয়াৰ অনলাইন প্লেটফৰ্মৰ মাধ্যমেৰে বিপণন কৰে। কুশল ডুগৰ হৈছে এজন KPMG ৰ পৰামৰ্শদাতা আৰু চিংগাপুৰ মেনেজনেন্ট ইউনিভাৰ্চিটিৰ প্ৰাক্তন ছাত্ৰ। শেহতীয়াভাবে টিবক্সে JAFCO আৰু আন বিনিয়োগকৰ্তাৰ পৰা ৬মিলিয়ন ডলাৰ বিনিয়োগ আহৰণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ৰতন টাটাৰ পৰা বিনিয়োগ লাভ কৰিছিল কোম্পানীটোৱে।


image


গীছকা (Giskaa): উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত সামগ্ৰীৰ অনলাইন বিপণনৰ কোম্পানী গীছকাৰ জন্ম গুৱাহাটীত ২০১৪চনত হৈছিল মেঘনাথ সিঙৰ দ্বাৰা। এই চাইটটোত বিভিন্ন প্ৰান্তৰ ১০০টা উৎস আৰু শিল্পীৰ দ্বাৰা প্ৰায় ১,৬০০ বিভিন্ন সামগ্ৰী উপলব্ধ হৈছে। ফাৰ্মাচিটিকেল আৰু পাবলিশ্বিঙ ক্ষেত্ৰৰ মাৰ্কেটিঙৰ ১৫বছৰৰ অভিজ্ঞতাৰে পুষ্ট মেঘনাথ। গীছকাৰ কৰ্মচাৰীৰ দলটোৱে বিভিন্ন ভিতৰুৱা অঞ্চলতো বাস কৰা শিল্পীসকলক ব্যক্তিগতভাবে সাক্ষাৎ কৰি উৎপাদিত সামগ্ৰীসমুহৰ গুণাগুণ, সক্ষমতা, মান, বজাৰ দখলৰ ক্ষমতা আদি সন্দৰ্ভত তথ্য আহৰণ কৰে।

এলৰাইনো (Elrhino): গুৱাহাটীত নিশা বৰাৰ দ্বাৰা প্ৰতিস্থা হোৱা এলৰাইনোৰ জন্ম হৈছিল স্থানীয় বাসিন্দাসকলক জীৱিকাৰ এক উৎস প্ৰদান কৰা আৰু অসমৰ প্ৰায় ২০০০ এশিঙীয়া গড় ৰক্ষা কৰাৰ উদ্দেশ্যেৰে। তাৰ পূৰ্বে নিশাই কোৱান্টাম নামৰ কোম্পানীটোত মাৰ্কেট ৰিচাৰ্ছাৰ হিচাপে কাম কৰিছিল। এলৰাইনোৱে হস্তনিৰ্মিত বিভিন্ন সামগ্ৰীৰ লগতে হাতী আৰু গড়ৰ গোবৰৰ পৰা নিৰ্মিত বিভিন্ন সামগ্ৰী উৎপাদন আৰু বিক্ৰী কৰে। গোবৰৰ পৰা কাগজ প্ৰস্তুত কৰা সমগ্ৰ প্ৰক্ৰিয়া অৰ্থাৎ সংগ্ৰহ, প্ৰস্তুতি আৰু নিৰ্মাণৰ লগতে গোবৰৰ কাগজেৰে নিৰ্মিত সামগ্ৰী নিৰ্মাণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে।

তামোল প্লেটছ (Tamul Plates): ২০১০চনত বৰপেটাত অৰিন্দম দাসগুপ্তাই গঞা ৰাইজক জীৱন ধাৰণৰ মান উন্নীতকৰণত সহায় কৰিব পৰাকৈ জীবাণুবিয়োজ্য বাচন নিৰ্মাণ আৰু বিপণনৰ কাৰণে তামোল প্লেটছৰ জন্ম দিয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ অৰিন্দম দাসগুপ্তাই ইতিপূৰ্বে ফড্ৰা নামৰ এনজিঅ' এটাত কাম কৰিছিল। তেওঁলোকে আনকি গ্ৰামাঞ্চলৰ তাপোল উৎপাদকসকলক কাৰিকৰী আৰু আৰ্থিক সহায়ো আগবঢ়ায়। তামোল প্লেটছে দিছপোজেবল প্লেট , বাতি আৰু অন্যান্য বাচন নিৰ্মাণ কৰে। অনকি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰীহিত তামোলেৰে অন্যান্য বাচনো নিৰ্মাণ কৰে।

ৱেবএক্স টেকনলজিজ (WebX Technologies): তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ সকলো সমাধান উপলব্ধ ৱেবএক্স টেকনলজিজৰ জন্ম হৈছিল ২০০৮চনত গুৱাহাটীত সঞ্জীৱ শৰ্মাৰ দ্বাৰা। এই কোম্পানীয়ে প্লেনিং,ডিজাইনিং,ডেভেলপিং আৰু মেইনটেইনিং আদি তথ্য প্ৰযুক্তিৰ সকলো দিশ সামৰি লয়। সঞ্জীৱে জেপ ইনফোটেকত এজন ছফ্টৱেৰ কনচালটেন্ট হিচাপে কাম কৰিছিল। এই কোম্পানীটোৰ তিনিটা বিভাগ- Software Services, IT Infrastructure Management Services, আৰু IT Sales and Marketingৰ বাবে তিনিগৰাকী পূৰ্ণকালীন সঞ্চালক আছে। চিষ্টেম এনালাইছিচৰ পৰা চল্যুছন ইম্প্লিমেন্টেশ্বনলৈকে সকলো সেৱা উন্নত প্ৰযুক্তিৰে এইটো কোম্পানীয়ে আদবঢ়াই আহিছে।

আছাম ছিল্ক শ্বপিঙ( Assam Silk Shopping): ২০১৩ চনত ডেইজি ৰাণী নাথে গুৱাহাটীত আৰম্ভ কৰে আছাম ছিল্ক শ্বপিঙ নামৰ অনলাইন বিক্ৰী প্লেটফৰ্মখন। ইয়াত সকলো ধৰণৰ এঢ়ি-মুগা সামগ্ৰী উপলব্ধ। তদুপৰি গল্ডেন ছিল্ক, মালবেৰী ছিল্ক ,হস্ত তাঁত শাৰি,মেখেলা চাদৰ, অসমীয়া গহনা আদি বৰপেটা আৰু নগাওঁ জিলাৰ পৰা সংগ্ৰহ কৰি বিক্ৰী কৰা হয়। কোম্পানীটোৰ নিজৰ উৎপাদন কেন্দ্ৰ আছে শুৱালকুছিত । শুৱালকুছি হৈছে অসমৰ পাট মুগাৰ বস্ত্ৰৰ অন্যতম ক্ষেত্ৰ। কোম্পানীটোৱে আনকি বাঁহ বেতৰ সামগ্ৰীৰো বিক্ৰীৰ ব্যৱস্থা কৰিছে।


image


ক্ৰাফ্টটিন (Kraftinn): ২০১০চনত যোৰহাটত পৰিক্ষীত বৰকটকীয়ে আৰম্ভ কৰিছিল ক্ৰাফ্টটিন । এই কোম্পানীটোৰ বিশেষজ্ঞ কৃষক কৰ্মীয়ে নৱেম্বৰ আৰু ডিছেম্বৰ মাহত বাঁহৰ খেতি কৰে। এই উৎপাদিত বাঁহবোৰ শুকুৱাবলৈ দিয়া হয় আৰু গোটেই বছৰটোতে সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়। জাপান আদি দেশলৈও ইয়াৰ দ্বাৰা নিৰ্মিত সামগ্ৰীসমুহ প্ৰেৰণ কৰা হয়। এই ষ্টাৰ্ট আপটোৱে হিমালয়া ড্ৰাগছ আৰু অএনজিছি আদিৰ দৰে কোম্পানীৰ ক'ৰ্পৰেট উপহাৰ সামগ্ৰী যোগান ধৰে।

উদয়ন টি (Udyan Tea): ২০১৩চনত শিলিগুৰিত প্ৰৱেশ গুপ্তাৰ দ্বাৰা স্থাপিত উদয়ন টিয়ে উচ্চ মানৰ একক চাহ বাগিচাৰ চাহ গ্ৰাহকক যোগান ধৰে। ইতিপূৰ্বে প্ৰৱেশে Accentureনামৰ চিংগাপুৰৰ কোম্পানী এটাত আইটি কনচালটেন্ট হিচাপে কাম কৰিছিল। বিশেষজ্ঞসকলে দাৰ্জিলিঙ অসম আদিৰ নিৰ্দিষ্ট চাহ বাগিছাৰ পৰা ভেকুৱাম চিল্ড চাহ যোগান ধৰে। তদুপৰি কোম্পানীটোৱে গ্ৰীন টি বেগ, বক্স আৰু টিনো সাধাৰণ আৰু ফ্লেভাৰড ভেৰাইটিত প্ৰস্তুত কৰি যোগান ধৰে গ্ৰাহকক।

ফেব্ৰিক প্লাছ( Fabric Plus): ২০০৩চনত গুৱাহাটীত দিলীপ বৰুৱাই আৰম্ভ কৰা ষ্টাৰ্ট আপ ফেব্ৰিক প্লাছে সকলো ধৰণৰ এৰী,মুগা আৰু পাট কাপোৰ যোগান ধৰে। তদুপৰি সকলো এৰী পলু,আঁহ,সুতা আদিও প্ৰস্তুত কৰি আহিছে এইটো কোম্পানীয়ে । লগতে আছে বিভিন্ন বস্ত্ৰ আৰু অলংকাৰ।

যিহেতু চৰকাৰ, বিনিয়োগকাৰী, ইনকিউবেটৰ আদি সকলোৱে ইতিপূৰ্বে এইক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অৱজ্ঞাৰ চাৱনি দি আহিছিল, তেনেস্থলত গীছকা,আৰু টিবক্স আদিৰ দৰে ষ্টাৰ্ট আপে বাংগালুৰুৰ দৰে স্থানত নিজৰ ব্যৱসায়িক কেন্দ্ৰ সম্প্ৰসাৰণ কৰি এক উন্নত ষ্টাৰ্ট আপৰ পৰিবেশ লাভ কৰি এক চকুত পৰা কোম্পানী হৈ উঠিছে। তদুপৰি চৰকাৰৰ এই আঁচনিৰ ধনে সমগ্ৰ জগতখনকে এক শক্তি প্ৰদান কৰি এইক্ষেত্ৰত আন্তৰ্জাতিক মানচিত্ৰত উত্তৰ পূৰ্বাঞ্চলক প্ৰতিস্থাৰ সুবিধা দিব। আমি আশা কৰিম আৰু বহুতো ষ্টাৰ্ট আপে নিজৰ যাত্ৰা আৰম্ভ কৰিব আৰু এই তালিকাখন দিঘলীয়া কৰি লৈ গৈ থাকি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে সমৃদ্ধ কৰি তুলিব।

মূলঃ অপৰাজিতা চৌধুৰী

অনুবাদঃপ্ৰাঞ্জল শৰ্মা


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এনেধৰণৰ আৰু কাহিনী


অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব

চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক