য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা

Monday April 18, 2016,

4 min Read

Askmebazaar ক সমাধান হিচাপে দেখুৱাই ৰণবীৰ কাপুৰে এগৰাকী যুৱতীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আন কিছুমান এপৰ দ্বাৰা বিৰক্ত হৈ যুৱতী গৰাকীয়ে যেতিয়া প্ৰশ্ন কৰে 'ইয়াৰ কোনো সহজ সমাধান নাইনে?' ঠিক সেইদৰে আন কেইটামান বিজ্ঞাপনত কংগনা ৰানাৱট আৰু ফাৰহান আখটাৰেও আস্কমিবাজাৰ এপৰ সহজলভ্যতাৰ বিষয়ে দৰ্শকক পতিয়ন নিয়ায়।

প্ৰকৃত অৰ্থত Askme গ্ৰুপৰ লক্ষ্যই সেয়া-সৰু, ডাঙৰ চহৰত সকলো ধৰণৰ সামগ্ৰীৰ বাবে প্ৰধান কেন্দ্ৰ গঢ়ি তোলা। ২০১২ চনত smaller and medium enterprises (SMEs) ৰ বাবে Askmebazaar ৰ সমান্তৰাল বিক্ৰী কেন্দ্ৰ হিচাপে গঢ় লৈ উঠাৰ সময়ত ফ্লিপকাৰ্ট আৰু শ্নেপডিলে দেশৰ ই-কমাৰ্চ ক্ষেত্ৰখনত নিজৰ খোপনি পুতিছিল।


image


কিন্তু পাঁচ বছৰৰ কম সময়তে Askme গ্ৰুপে গ্ৰাহকৰ মাজত জনপ্ৰিয়তাৰে সফলতাৰ শীৰ্ষত ভৰি থৈছ্ল।

আৰম্ভণি

আক্সমিবাজাৰৰ পিতৃ প্ৰতিষ্ঠান গেইট ইনফছাৰ্ভিছে কেইবা দশক ধৰি Yellow Pages প্ৰকাশ কৰিছিল য'ত আছিল দেশৰ সকলো চহৰৰ উদ্যোগী সকলৰ নাম। কিন্তু ২০০৬ চনত প্ৰিন্টৰ লগতে ডিজিটেল মিডিয়াৰ সমন্বয় আৰম্ভ হৈছিল। ২০১০ চনত Askme.com ক্লাছিফাইড পৰ্টেল হিচাপে পৰিচিত হয়। সেইদৰে ২০১২ চনত Askme গ্ৰুপ Askmebazaar লৈ ৰূপান্তৰিত হয়। ২০১৩ চনত মালায়েছিয়াৰ কোটিপতি টি. আনন্দ কৃষ্ণনৰ এষ্ট্ৰ হল্ডিংছে গেইট ইনফছাৰ্ভিছ ক্ৰয় কৰে।

ব্যতিক্ৰমী পথ

অনলাইন ব্যৱসায়ত আগ্ৰহী সৰু নগৰৰ বিক্ৰেতা সকলক লৈ Askmebazaar এ ব্যৱসায় আৰম্ভ কৰিছিল। যদিও প্ৰযুক্তিটো পৰিচালনা কৰা এক প্ৰকাৰ প্ৰত্যাহ্বানৰ দৰে আছিল, স্থানীয়ভাবে সামগ্ৰী সংগ্ৰহ আৰু বিতৰণৰ সুবিধাৰ বাবে ই-কমাৰ্চক স্থানীয় ব্যৱসায় হিচাপে গঢ় দিয়াৰ এক সুবিধা আছিল। আস্কমিবাজাৰৰ মুখ্য প্ৰধান সঞ্চালক কিৰণ মুৰ্তিয়ে এই সন্দৰ্ভত কয়-'সামগ্ৰী বিতৰণ আৰু পইচা সংগ্ৰহৰ ক্ষেত্ৰত আমি গ্ৰাহক সেৱাক বেছি মূল্য দিওঁ। অনলাইনত এজন গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰোঁতে যি নিশ্চয়তা বিচাৰে, সেই একে নিশ্চয়তা স্থানীয় দোকান এখনৰ পৰা সামগ্ৰী ক্ৰয় কৰোঁতেও গ্ৰাহকে বিচাৰে।'


image


আনহাতে, 'নেস্কট ডে ডেলিভাৰী অফাৰে'ও Askmebazaar ক গ্ৰাহকৰ মাজত জমপ্ৰিয় কৰি তুলিলে। যদিওঁ এই আঁচনি ৰূপায়ন কৰোঁতে ওঠৰ মাহ সময় লাগিছিল, পৰৱৰ্তী সময়ত গ্ৰাহকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছিল বুলি মন্তব্য কৰে কিৰণ মুৰ্থীয়ে।

বিতৰণ পদ্ধতি উন্নতকৰণৰ দ্বাৰা হাইপাৰলকেল ব্যৱসায় অগ্ৰসৰ হোৱাৰ সম্ভাৱনা থকাৰ লগতে এনে সেৱাৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহৰ বিষয়টো বেছি গুৰুত্বপূৰ্ণ। টেকন'পাক মেনেজমেন্ট কন্সাল্টেন্সিৰ ৰিটেইল এণ্ড কনজিউমাৰ প্ৰডাক্টছৰ সহকাৰী সঞ্চালক অংকুৰ বিছেনে মন্তব্য কৰে যে 'বহু হাইপাৰলকেল ব্যৱসায় খণ্ড খৰতকীয়াকৈ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে গ্ৰাহকৰ মাজত ডিমাণ্ড কমি আহিছে।ইয়াৰ অৰ্থ এয়া নহয় যে গ্ৰাহকে হাইপাৰ লকেল সেৱা নিবিছাৰে,এই সেৱা তেওঁলোকে বেলেগ ধৰণে বিছাৰে।'

স্থানীয় বজাৰত গুৰুত্ব

উন্নত মানৰ সামগ্ৰীৰে স্থানীয় বিক্ৰেতা আৰু গ্ৰাহকৰ মাজত বিনিময় মাধ্যম হিচাপে গঢ় লৈ উঠাই হ'ল Askmebazaar ৰ ব্যৱসায় কৌশল।

কিৰণে আৰু কয় যে, যদিও তেওঁলোকে সকলো পাৰ্টনাৰৰ লগতে ব্যৱসায় কৰিছে, কিন্তু বহুতেই স্থানীয় গ্ৰাহকৰ সৈতে ব্যৱসায় কৰিব নোখোজে। কিন্তু Askmebazaar ৰ স্থানীয় গ্ৰাহক আছে যি HUL, Airtel আদিৰ বাবে স্থানীয় বজাৰ সৃষ্টি কৰে।

সম্প্ৰতি পঞ্চাশতকৈ অধিক দেশত ব্যৱসায় কৰা Askmebazaar এ টায়াৰ টু চহৰ বাৰানসী, কটা, কানপুৰৰ লগতে দিল্লী, মুম্বাই, বাঙ্গালুৰু আদি মেট্ৰ চহৰৰ পৰা সৰ্বাধিক কৰ সংগ্ৰহ কৰে। টায়াৰ টু চহৰত পোন্ধৰ হাজাৰ টকাত next day delivery (NDD) সুবিধাৰ লগতে ২,২০০ টকাত Askmegrocery ৰ সাধাৰণ বাস্কেট উপলব্ধ।


image


এটা সুন্দৰ ভৱিষ্যত অপেক্ষাৰত

Askmebazaar এ মধ্যবিত্ত শ্ৰেণীটোক লক্ষ্য হিচাপে লৈ ব্যৱসায় কৰিছে যদিওঁ ইয়াক প্ৰসাৰিত কৰাৰ কথা চিন্তা কৰা হৈছে। ফাৰ্নিচাৰ বিক্ৰীৰ লগতে Askmepay নামৰ এক ব্যৱসায়িক সমাধান অন্তৰ্ভুক্ত কৰা হৈছে।

আকৰ্ষণীয় মডেলেৰে সমৃদ্ধ হলেও Askmebazaar এ প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত বৰ্তি থকাৰ কচৰৎ কৰিব লগীয়া হয়। ফ্লিপকাৰ্ট, শ্নেপডীলৰ পৰা পেপাৰটেপলৈকে সৰু-ডাঙৰ প্ৰতিষ্ঠান তেওঁলোকৰ প্ৰতিদ্বন্দ্বী। গ্ৰাহক সকলে সহজলভ্যতাক গুৰুত্ব দিয়ে, ই যেনেকৈয়ে সম্ভৱ নহওক কিয়।


image


Investment bank Goldman Sachs ৰ এক সমীক্ষা অনুসৰি, অনলাইন খুচুৰা ব্যৱসায়ৰ বৃদ্ধি ২০১৪-১৫ ৰ এঘাৰ বিলিয়ন ডলাৰৰ পৰা ২০১৬-১৭ লৈ ৩৬ বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে। এই সমীক্ষা অনুসৰি ২০২০ চনৰ বিত্তীয় বৰ্ষত এই বৃদ্ধি ৬৯ বিলিয়ন ডলাৰলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইয়াত কোনো সন্দেহ নাই যে অনাগত বৰ্ষত এই ক্ষেত্ৰখনত আৰু প্ৰতিদ্বন্দ্বীৰ আগমন ঘটাৰ লগতে নিত্য নতুন ব্যৱসায় আঁচনি তৈয়াৰ হ'ব।

'প্ৰত্যেক ব্যৱসায় ক্ষেত্ৰই বিভিন্ন আঁচনিৰ সম্পৰীক্ষা কৰিছে। কিন্তু ইয়াৰ কোন আঁচনি বেছি ফলপ্ৰসূ আৰু কিমান দিন বৰ্তি থাকিব সেয়া সময়েহে ক'ব।' এই মন্তব্য কৰে টেকনপাৰ্কৰ সহকাৰী সঞ্চালক অংকুৰ বিছেনে। এই খণ্ড সমূহে কৰা সম্পৰীক্ষাত চৰকাৰী নীতি-নিৰ্দেশনাইও প্ৰভাৱ পেলোৱাৰ কথা অংকুৰে মন্তব্য কৰে।

২০১৬ চনৰ জানুৱাৰীলৈকে Askmebazaar ৰ বাৰ্ষিক জি.এম.ভি. ৮০০ মিলিয়ন ডলাৰ। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি এই বৃদ্ধি ১৫০-২০০ মিলিয়ন ডলাৰলৈ বঢ়াৰ লগতে সম্ভাৱনীয় বিনিয়োগকাৰী হিচাপে আলিবাবাৰ নাম উল্লেখিত হয়। অৱশ্যে এই কিৰণে মন্তব্য কৰে যে তেওঁলোকৰ প্ৰযুক্তি আৰু বিত্ত সম্প্ৰতি স্থিতিলৈ আহিছে।


মূল: অথিৰা এ. নায়াৰ

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

উদ্যোগীয়ে টোপনিৰ ওচৰত হাৰ নামানে

চাহৰ কাপত বিপ্লৱ আনিছে সন্দীপ গগৈয়ে

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক