দক্ষিণ মেৰু, এভাৰেষ্ট আৰু চিয়াচেন আৰোহণ কৰা একমাত্ৰ ভাৰতীয় অৰ্জুন থাপা

দক্ষিণ মেৰু, এভাৰেষ্ট আৰু চিয়াচেন আৰোহণ কৰা একমাত্ৰ ভাৰতীয় অৰ্জুন থাপা

Friday July 08, 2016,

2 min Read

মে মাহত ভাৰতীয় সেনাৰ এটা অভিযানকাৰী দলে সফলতাৰে মাউন্ট এভাৰেষ্ট আৰোহন কৰে । ক্ৰমে লেফটেনেন্ট কৰ্ণেল জামৱাল আৰু মেজৰ মিৰ্জা জাহিদ বেইঘৰ নেতৃত্বত দুটা ১৫ জনীয়া অভিযাত্ৰী দলে ১৯ আৰু ২০ তাৰিখে এই অভিযান সম্পন্ন কৰে । এই দলটোৰ অন্যতম সদস্য আছিল মাউন্ট এভাৰেষ্ট, দক্ষিণ মেৰু আৰু কৰ্তব্যৰ সময়ত চিয়াচেন হিমবাহৰ দুটাকৈ যাত্ৰা সম্পন্ন কৰা অৰ্জুন কুমাৰ থাপা । গোৰ্খা ৰেজিমেন্টৰ ৩৪ বছৰীয়া হাবিলদাৰজনে ২০১১ চনত আঠজনীয়া দল এটাৰ সৈতে দক্ষিণ মেৰু অভিযান সম্পন্ন কৰিছিল ।

image



Image: (L-R) NDTV ; The Indian Express

Image: (L-R) NDTV ; The Indian Express

অৰ্জুনে ইণ্ডিয়ান এক্সপ্ৰেছক কয়, 'দুয়োটায়েই গ্লেচিয়াৰ কিন্তু দুয়োটাই বেলেগ বেলেগ ধৰণৰ প্ৰত্যাহ্বান আগবঢ়ায় । দক্ষিণ মেৰুলৈ যাত্ৰা এক লাহে লাহে উঠি যোৱা সমতলৰ ওপৰেদি হয় আৰু তাত অক্সিজেনৰ কোনো সমস্যা নহয় । এভাৰেষ্টআৰোহণৰ সময়ত অন্যান্য বহু সমস্যাই দেখা দিয়ে । বিশেষকৈ বিশাল বৰফখণ্ড খহি পৰাৰ সমস্যা ভয়াবহ । '

ইণ্ডিয়া টাইমছৰ এক বাতৰি মতে চিয়াচেন সমৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু দক্ষিণ গ্লেচিয়াৰত কটোৱা দুবছৰৰ অভিজ্ঞতাই তেওঁক দক্ষিণ মেৰু আৰু এভাৰেষ্ট অভিযানত যথেষ্ট সহায় কৰে । 'এই অভিজ্ঞতাই মোক যথেষ্ট শক্তিশালী কৰে । ইয়াতকৈ ভাল প্ৰস্তুতি আৰু একো হ'ব নোৱাৰে ।' তেওঁ কয় । তেওঁ লগতে কয়, 'মই থ্ৰি প'লছ চেলেঞ্জ জয় কৰা প্ৰথমজন ভাৰতীয় হবলৈ বিচাৰোঁ ।' উল্লেখযোগ্য যে ইয়াত নিশা সৰ্বনিম্ন তাপমান মাইনাছ ৪২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ মাইনাছ ২৫ ডিগ্ৰী চেলছিয়াছ হয় ।

ছিয়াচেন হিমবাহ অঞ্চলৰ ১৬,০০০ ৰপৰা ২২,০০০ ফুটা উচ্চতাৰ প্ৰায়ভাগ হিমবাহ ভাৰতীয় সেনাই নিয়ন্ত্ৰণ কৰে । এই অঞ্চলত প্ৰায় ৯০০ ভাৰতীয় সৈনিকৰ মৃত্যু ঘটিছে । তিনি দশক ধৰি এই অ়ঞ্চলত ভাৰতীয় সেনাই কাৰ্যনিৰ্বাহ কৰি আহিছে । আনকি এই উচ্চতাত এনেধৰণৰ হেলকপ্টাৰ চলাই আহিছ যিবোৰ সেই উচ্চতাৰ বাবে নিৰ্মিত হোৱাই নাছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আলিবাবাই মুকলি কৰিলে প্ৰথমখন ব্যাৱসায়িক স্মাৰ্ট কাৰ

চেষ্টা কৰা কিন্তু ভাগি নপৰিবা: 'ফেইল ফাষ্ট অৰ উইন বিগ'ৰ লেখক বাৰ্ণহাৰ্ড স্ৰডাৰৰ পৰা ষ্টাৰ্ট-আপৰ বাবে কেইটামান কিটিপ

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

আলোকসন্ধানী যাত্ৰাত কাবাদীয়েই অস্ত্ৰ বন্দী ইলিয়াছৰ