সুস্থ সমাজৰ বাবে মাতৃৰ সুস্থতাৰ বাণী বিলাইছে 'Fitness Mom' দলি কাকতিয়ে

সুস্থ সমাজৰ বাবে মাতৃৰ সুস্থতাৰ বাণী বিলাইছে 'Fitness Mom' দলি কাকতিয়ে

Thursday March 03, 2016,

5 min Read

এগৰাকী মাতৃ আৰু গৃহিণী বুলি ক'লে আমাৰ মনলৈ সচৰাচৰ অহা ছবি এখন-সন্তান,স্বামীৰ দায়িত্ব পালন কৰি ঘৰ এখন সুন্দৰকৈ পৰিচালনা কৰা লৈকে। তাৰ মাজত নিজৰ কথা ভাবিবলৈ মাতৃসকলে জানো আজৰি পায়। নিজৰ জীৱনটো আনৰ বাবে উছৰ্গা কৰিব পৰা কষ্ট আৰু ত্যাগৰ বাবেই মাতৃসকল পূজনীয়। তাৰমাজতে সেই সকল মাতৃও আছে যি ঘৰ এখন সুন্দৰকৈ পৰিচালনা কৰাৰ লগতে নিজাকৈ কিবা এটা কৰিবলৈ ওলাই আহে। সমাজৰ বাবেও অৱদান আগবঢ়ায় এই সকল নাৰীয়ে। আমি আপোনালোকক এনে এগৰাকী মাতৃৰ কথা কব খুজিছোঁ যি কম বয়সতে বিবাহ পাশত আবদ্ধ হোৱা বাবে মনত থকা বহু সপোন পূৰণ কৰিব পৰা নাছিল। কিন্তু তীব্ৰ ইচ্ছা শক্তিয়ে দেৰিকৈ হলেও তেওঁৰ সপোনৰ বাট মুকলি কৰিলে।এইগৰাকী নাৰীয়ে সপোন সফল কৰাই নহয়, সপোন সফল কৰাৰ বাটত তেওঁ ৰাজ্যখনলৈ কঢ়িয়াই আনিলে ৰাষ্ট্ৰীয় সন্মান।

গুৱাহাটীৰ জু ৰোড নিবাসী দলি কাকতি। ২০১৬ ত হিমাচল প্ৰদেশৰ হামিৰপুৰত NABBA/WFFৰ দ্বাৰা আয়োজিত হোৱা Body Building and Fitness Competition ত Mom Fitness শাখাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে দলি কাকতিয়ে।ইয়াৰ পূৰ্বে জিলা ভিত্তিত আৰু ৰাজ্যিক ভিত্তিত আয়োজিত ফিটনেছ প্ৰতিযোগিতাতো তেওঁ সোণৰ পদক লাভ কৰিছিল। কিন্তু ফিটনেছ প্ৰতিযোগিতাত অংশগ্ৰহণৰ উদ্দেশ্য আগত ৰাখি তেওঁ শৰীৰ চৰ্চা কৰা নাছিল। যেতিয়া শৰীৰত কিছুমান সমস্যাই দেখা দিছিল, তেতিয়া তেওঁ সুস্থ হৈ থকাৰ বাবে ফিটনেছৰ প্ৰতি সজাগ হৈছিল।


image


'ত্ৰিশ বছৰ বয়সত মই ডাইবেটিছ, ইউৰিক এচিড আদিৰ সমস্যাত ভুগিছিলো। মই ইতিমধ্যে দুটা সন্তানৰ মাতৃ হৈছিলোঁ। সেয়ে নিজকে সুস্থ কৰি ৰখাটো জৰুৰী আছিল। যোৱা বছৰৰ আগষ্ট মাহত মই 'চিটি জিম' জইন কৰিলো। দৈনিক ব্যায়াম কৰিবলৈ ল'লো। শাৰীৰিক সমস্যা সমূহ নোহোৱা হ'ল। National Amateur Body Builders' Association(NABBA) য়ে আয়োজন কৰা Body Building and Fitness Competition ত প্ৰথম বাৰৰ বাবে Mom Fitness কেটেগৰী অন্তৰ্ভূক্ত কৰিছিল। মই সেই কেটেগৰীত যোগদান কৰি পদক লাভ কৰিছিলোঁ।'

সোতৰ বছৰীয়া ল'ৰা আৰু ন বছৰীয়া কন্যা সন্তানৰ মাতৃ দলি কাকতিয়ে প্ৰতিযোগিতাত যোগদান কৰা সন্দৰ্ভত এনেদৰে কৈছিল।উনৈছ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হৈছিল দলি কাকতি। বিবাহৰ পিছত তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।'সৰুৰে পৰা মোৰ মডেলিঙত চখ আছিল। ফেশ্বন ডিজাইনিঙ আৰু ইন্টেৰিঅ'ৰ ডেকৰেশ্যনৰ প্ৰতি আগ্ৰহী আছিলোঁ। কিন্তু কোনো এটা লাইনতে কেৰিয়াৰ গঢ়াৰ সুবিধা নাপালো কিন্তু ঘৰতে মই ইটো সিটো কৰি থাকোঁ। ফিটনেছ কন্টেষ্টত জইন কৰাৰ প্ৰস্তাব আহোতে মই অতি সুখী হৈছিলোঁ। প্ৰতিযোগী বহু আছিল যদিও মোৰ আত্মবিশ্বাস আছিল।'


image


'বিবাহৰ আগত বা পিছত জীৱনটো গতানুগতিক আছিল। কিন্তু যেতিয়াৰ পৰা মই নিজৰ শৰীৰটোক গুৰুত্ব দিলো বা শৰীৰ চৰ্চাৰ বাবে জিম জইন কৰিলো, তেতিয়া জীৱন সম্পৰ্কে দৃষ্টিভংগী বহু সলনি হৈছিল। কিবা এটা নতুনত্ব অনুভৱ কৰিছিলো। মই অনুভৱ কৰিছিলো এতিয়া যেন মোৰ জীৱনত এটা লক্ষ্য আছে আৰু মই আগবাঢ়ি যাব লাগে।'

দলি কাকতিয়ে মন্তব্য কৰে যে মহিলা সকলে নিজৰ শৰীৰটোৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। কিয়নো তেওঁ নিজে সুস্থ হৈ থাকিলেহে পৰিয়ালৰ দায়িত্ব পালন কৰিব পাৰিব। জিমলৈ নোযোৱাকৈয়ো ঘৰতে কিছুমান ব্যায়াম মহিলা সকলে কৰিব লাগে। ব্যস্ততাৰ মাজতো প্ৰতি গৰাকী মহিলাই দৈনিক এঘন্টা সময় নিজৰ বাবে ৰাখিব লাগে। এয়া অতি জৰুৰী বুলি তেওঁ কয়।


image


জিম যোৱাৰ পূৰ্বে তেওঁ ঘৰতে যোগ আৰু ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰি নিজকে সুস্থ ৰাখিব পাৰিছিল। কিন্তু তেওঁ কয় যে জিমলৈ গলে আনক দেখিও কিবা এটা কৰিবলৈ উৎসাহ আহে। সেয়ে সুবিধা কৰিব পাৰিলে জিমলৈ যোৱাটো প্ৰয়োজন বুলি তেওঁ অনুভৱ কৰে।

স্কুলত থাকোঁতে নাচ-গান, খেল-ধেমালি আদি সকলোতে আগভাগ লোৱা দলি কাকতিয়ে বৰ্তমান সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ লৈ আছে।'সত্ৰীয়া নৃত্যই মোক দুটা দিশত সহায় কৰিছে-প্ৰথম মোৰ নৃত্যৰ প্ৰতি থকা আগ্ৰহ পূৰণত, দ্বিতীয়তে এই নৃত্য শৈলীত এনে কিছুমান ব্যায়াম আছে যিবোৰে শৰীৰ সুস্থ ৰখাত বহু সহায় কৰে।'

সৰুতেই বহু সপোন আছিল যদিও সেই সপোন সমূহ সাৰ্থক কৰিবলৈ সুবিধা পোৱা নাছিল দলি কাকতিয়ে।এটা বয়সলৈ তেওঁ এগৰাকী গৃহিনী হিচাপেই পৰিচিত আছিল আৰু এটা গতানুগতিক জীৱন যাপন কৰিছিল। কিন্তু ইচ্ছা শক্তি দৃঢ় হলে যিকোনো সময়তে সপোনৰ বাটবোৰ মুকলি হয় আৰু সেই সপোন সাৰ্থক কৰিব পাৰে ইচ্ছা শক্তিৰেই। দলি কাকতিৰ সফলতাৰ পৰিক্ৰমাৰ পৰা আমি এই কথা শিকিব পাৰোঁ।

সত্নান প্ৰসবৰ পিছত আহি পৰা শাৰীৰিক সমস্যা

'সন্তান প্ৰসবৰ পিছত মাতৃসকলৰ বহু সমস্যা আহি পৰে। ওজন বৃদ্ধি, থাইৰয়দ আদিৰ সমস্যা। কিন্তু মাতৃত্বৰ পিছত নাৰী এগৰাকীয়ে নিজৰ শৰীৰটোৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি ভাবোঁ। এগৰাকী মাতৃ সুস্থ হৈ থকা মানে তেওঁ কেৱল নিজে সুস্থ হৈ থকা নহয়,এটা পৰিয়াল, এখন ঘৰ আৰু সমাজৰ বাবে তেওঁ সুস্থ হৈ থাকে।'


image


মোৰ অনুভৱ হয় মই আগতেই শৰীৰ চৰ্চা কৰিব লাগিছিল। তেতিয়া শাৰীৰিক সমস্যা সমূহ নহলহেঁতেন। কিন্তু এতিয়া কৰিব পাৰিও মই সুখী। সন্তান দুটাক স্কুললৈ পঠিয়াই, স্বামীক অফিচলৈ পঠিয়াই মই জিমলৈ যাওঁ। মই ৰাতিপুৱাৰ ভাগত জিম কৰি ভালপাওঁ। কিন্তু ৰাতিপুৱা বিশেষ অসুবিধা হলে গধূলি কৰোঁ। ডায়েটৰ ক্ষেত্ৰত মই ব্ৰেক ফাষ্টত অ'টছ খাওঁ, বাকী সময়ত নৰ্মেল ডায়েট কৰোঁ। সিজোৱা শাক-পাচলি বেছি খাওঁ। পানী দিনটোত বেছি খাব লাগে।


image


এটা সুন্দৰ, সুস্থ শৰীৰৰ লগত এটা সবল ব্যক্তিত্বৰ প্ৰয়োজন বুলি দলি কাকতিয়ে বিশ্বাস কৰে। তেওঁৰ মতে মানুহ এজনৰ ব্যক্তিত্ব প্ৰকাশ পায় তেওঁৰ ব্যৱহাৰত। সকলো ধৰণৰ লোকৰ লগত তেওঁ কেনে ব্যৱহাৰ কৰে, ইয়াৰ পৰা তেওঁৰ ব্যক্তিত্বৰ আভাস পাব পাৰি।

ভৱিষ্যতে স্বাস্থ্য সচেতনতাৰ ক্ষেত্ৰত মহিলা সকলক সজাগ কৰাৰ ইচ্ছাৰ কথা ব্যক্ত কৰাৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিজক সাজু কৰাৰ কথা কয় দলি কাকতিয়ে।

Body Building and Fitness ৰ জিলা, ৰাজ্যিক, ৰাষ্ট্ৰীয়-তিনিটা প্ৰতিযোগিতাতে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা দলি কাকতিয়ে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো যেন ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে, য়'ৰষ্ট'ৰীৰ ফালৰ পৰা থাকিল শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

মানসিক শক্তিয়েই মূলধন ৱাচিমৰ

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক