বিন্দু উপাধ্যায়: খালী ভৰিৰে দৌৰি সপোন পূৰাব খোজা ছোৱালীজনী

এছ এইজাজ

বিন্দু উপাধ্যায়: খালী ভৰিৰে দৌৰি সপোন পূৰাব খোজা ছোৱালীজনী

Thursday October 20, 2016,

3 min Read

‘যোৱা সাত মাহে খালী ভৰিৰে দৌৰিছো আৰু উইপ্ৰ' হাফ মাৰাথন শুদা ভৰিৰে সম্পূৰ্ণও কৰিলো।এতিয়া বাকী অংশও একেদৰে সম্পূৰ্ণ কৰাৰ আশা বুকুত বান্ধি ৰাখিছো।’
image


এজনী উচ্চাকাংক্ষী, সপোন দেখি ভাল পোৱা ছোৱালী।বিন্দু উপাধ্যায় নামৰ এই ছোৱালীজনীৰ তেজত সপোন পূৰোৱাৰ তাড়নাও আছে।দৌৰি ভালপোৱা বিন্দুৰ বাবে দৌৰ যেন সত্ত্বাৰ অভিন্ন অংশ।আই আই টিত অধ্যয়্নৰত অৱ্স্থাতে তেওঁ ফৰেষ্ট গাম্পছ নামৰ ৰাণিং গ্ৰুপটোৰ সদস্য হৈ থকা সময়ত এই ক্ৰীড়াৰ প্ৰতি ইমানে আকৰ্ষণ বৃদ্ধি পালে যে তেওঁ ব্যক্তিগত ভাৱেও ইয়াৰ অভ্যাস কৰিবলৈ ললে।শেহতীয়াভাৱে বিন্দুৱে তামিলনাডুৰ গ্ৰাম্যাঞ্চলৰ শিশুসকলৰ উন্নত শিক্ষাৰ সাহায্যাৰ্থে পুঁজি সংগ্ৰহ কৰাৰ বাবে অভিযান চলায়।

মাৰাথন দৌৰৰ কথা শুনিলেই একাংশ লোকে পিছহোঁহকে।কিন্ত্ত বিন্দুৰ বাবে হেনো হাঁহি উঠা কথাটো হ’ল,‘মানুহে মোক দেখি হয়তো বিশ্বাসেই নকৰিব যে মই মাৰাথন দৌৰোঁ,কাৰণ মই যথেষ্ট নিপোটল চেহেৰাৰ।কিন্ত্ত দৌৰবিদ হবলৈ শাৰীৰিক সুস্থতা আৰু সামৰ্থৰ হে অধিক প্ৰয়োজন,ইয়াৰ বাবে পাতল বা ক্ষীণ হব লাগিবই বুলি কথা নাই।’ ভাৰতৰ কেইবাখনো প্ৰধান চহৰত বিন্দুৱে হাফ মাৰাথন দৌৰিছে যদিও বাংগালুৰুতে তেওঁৰ আটাইতকৈ ভাল লাগিছে। ‘বাংগালুৰুত ভালেমান প্ৰশিক্ষণৰ সুবিধা আছে আৰু ঠাইখনৰ পৰিবেশ এইক্ষেত্ৰত বেচ সুবিধাজনক।অহা দুমাহৰ ভিতৰত এই মাৰাথনৰ যোগেদি বিন্দুৱে ডেৰ লাখ টকা সংগ্ৰহ কৰিব পাৰিব বুলি আশা কৰিছে ।এতিয়ালৈকে তেওঁ ৬৬,৫৯৫ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।ইউৰেকা চাইল্ড ফাউণ্ডেশ্যন নামৰ সংস্থাটোৰ সংস্পৰ্শলৈ অহাৰ পাচতে বিন্দুৱে এই অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল আৰু এই সংস্থাটোৱে বিন্দুৰ মাৰাথনৰ দ্বাৰা সংগৃ্হীত ধনৰাশি লাভ কৰিব।

তামিলনাডুৰ গ্ৰামাঞ্চলত শিশুসকলৰ শিক্ষাৰ দুৰৱস্থালৈ লক্ষ্য কৰি পথৰ দাঁতিত সৰু সুৰা বস্ত্ত বিক্ৰীৰ দ্বাৰা পেট প্ৰৱৰ্তোৱা দৰিদ্ৰ শিশুসকলেওঁ নিজৰ ভৱিষ্যত গঢ়াৰ বাবে শিক্ষাৰ সুযোগ লাভ কৰিব লাগে বুলি বিন্দুৱে অনুভৱ কৰে।২১ চেপ্তেম্বৰত স্পিৰিট অৱ উইপ্ৰ’ মাৰাথন ,১৯ অক্টোবৰত বাংগালুৰু মাৰাথন সম্পূৰ্ণ কৰা বিন্দু উপাধ্যায়ে অহা ৭ ডিচেম্বৰত উইপ্ৰ’ চেন্নাই মাৰাথন সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে।

এই দৌৰ বিন্দুৰ বাবে কিয় গুৰুত্বপূৰ্ণ বুলি সোধা প্ৰশ্নৰ উত্তৰত বিন্দুৱে কয়, ‘মই স্বাস্থ্য আৰু শাৰীৰিক সুস্থতাৰ ওপৰত খুবেই গুৰুত্ব দিওঁ আৰু ভাৱো যে মানুহে সদায় স্বাস্থ্যবান হৈ থকাৰ চেষ্টা কৰা উচিত।আনহাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত শিশুক শিক্ষাৰ সুযোগ দিবলৈ মই ভীষণ আগ্ৰহীI’


ফৰেষ্ট গাম্প্ছ,আই আই টি মাদ্ৰাছ

ফৰেষ্ট গাম্প্ছ,আই আই টি মাদ্ৰাছ


চিকিৎসকে বিন্দুৰ শৰীৰত থাইৰয়’ড হ’ৰম’নৰ তাৰতম্য ঘটা বুলি কোৱাৰ পাচত তেওঁৰ স্বাস্থ্য সচেতনতা বৃদ্ধি পায়।প্ৰথমতে তেওঁ ২০০ মিটাৰকৈ দৌৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াই অনুভৱ কৰিছিল যে তেওঁৰ শাৰীৰিক অৱয়বৰ বিসংগতি ঘটিছে যি বিসংগতি আধুনিক জীৱন ধাৰণৰ বলি হোৱা বহুলোকৰে হয়।


স্পিৰিট অৱ উইপ্ৰ’ ৰাণ

স্পিৰিট অৱ উইপ্ৰ’ ৰাণ


সকলো মানুহেই বিন্দুৰ দৰে নিজৰ হেঁপাহ বা তাড়ণাক মূৰ্ত ৰূপ দিবলৈ সক্ষম নহয়,কিন্ত্ত বিন্দুৱে কেৱল দৌৰৰ হেঁপাহকে মূৰ্ত কৰি তোলা নাই,শাৰীৰিক সুস্থতা বজাই ৰখা বা ফিটনেছ আৰু প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত শিশুক অধিকাৰ প্ৰদানৰ ইচ্ছাকো তেওঁ বাস্তৱ ৰুপ দিবলৈ সক্ষম হ’ল।

জীৱ্ন যাপনেই নহয় অৰ্থপূৰ্ণ ভাৱে জীৱ্ন উদযাপনৰ স্পৃ্হাৰে বিন্দু অনেকৰ বাবে প্ৰেৰণাৰ স্ৰোত।ইতিবাচক জীৱ্নবোধৰ গৰাকী বিন্দুৰ অনুৰাগীসকলক তেওঁ মাথো এষাৰ পৰামৰ্শই দিব খোজেঃজোতাৰ ফিটা গাঁঠি লোৱা আৰু দৌৰা!কিয়নো জীৱ্ন যে এক অন্তহীন দৌৰ..