মহিলা হৈ জন্মগ্ৰহণ কৰা সকলতকৈ মই বেছি সুখী আৰু উদাৰঃ কল্কী সুব্ৰমণিয়াম

মহিলা হৈ জন্মগ্ৰহণ কৰা সকলতকৈ মই বেছি সুখী আৰু উদাৰঃ কল্কী সুব্ৰমণিয়াম

Saturday November 07, 2015,

4 min Read

তেওঁৰ নাম কল্কী সুব্ৰমণিয়ম। এগৰাকী অভিনেত্ৰী, লেখিকা, উদ্যোগশীল মহিলা তথা ট্ৰান্সজেন্দাৰ কৰ্মী হিচাপে তেওঁৰ পৰিচয় আছে।

কল্কীয়ে নিজৰ বিষয়ে কি ভাৱে বুলি সোধাত কল্কীৰ উত্তৰ, ‘মই নিজক লৈ গৌৰাৱাণ্বিত আৰু পুৰুষ আৰু মহিলাৰ সমতাৰ বাবে কৰা কামবোৰে মোক উৎসাহিত কৰে। যদিও মোৰ হৃদয়ে প্ৰতিটো মুহুৰ্তত মোক এগৰাকী গাৱলীয়া ছোৱালী হিচাপে উপলব্ধি কৰায় তথাপি মই আধুনিক সমাজৰ সৈতে খোজ মিলাই যাবলৈ সদায় চেষ্টা কৰোঁ। এটা শিল্পী মন লৈ মই উদ্যোগশীলতাৰ বিকাশৰ ওপৰতো গুৰুত্ব দিওঁ।’

১৬ বছৰ বয়সলৈ ল’ৰা হিচাপে থকা পৰিচয়কলৈ বিভ্ৰান্ত হৈ থকা কল্কী এতিয়া বহু আগুৱাই আহিবলৈ সক্ষম হৈছে। নিজৰ আত্মবিশ্বাস আৰু ইতিবাচক চিন্তাৰ জৰিয়তে বহু জটিল-কঠিন সময় অতিক্ৰম কৰা কল্কীয়ে কয়, ‘যদি এজন বিভ্ৰান্ত হৈ থকা ল’ৰা আজি নায়িকা হ’ব পাৰিছে তেন্তে এই পৃথিৱীত অসম্ভৱ একো নহয়।’

image


ট্ৰান্সজেন্দাৰক লৈ সমাজত প্ৰচলিত ভ্ৰান্ত ধাৰণাক অমূলক প্ৰতিপন্ন কৰি ট্ৰান্সজেন্দাৰ হোৱাতো যে একো লজ্জাৰ কাৰণ হ’ব নোৱাৰে, এই কথাটো প্ৰমাণ কৰি দেখুৱাটোৱে আছিল কল্কীৰ প্ৰধান সংকল্প। কল্কীয়ে কয় যে, সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ দৰেই ট্ৰান্সজেন্দাৰসকলেও দেশ তথা সমাজৰ প্ৰতি নিজৰ কৰ্তব্য কৰি যাব পাৰে।

আজিৰ অবস্থা পাবলৈ কল্কীয়ে নিজৰ লগত বহু যুঁজ কৰিবলগীয়া হৈছে। ১৬ বছৰ বয়সত এজন ল’ৰা হিচাপে নিজৰ শাৰিৰীক পৰিচয় তথা ছোৱালী হিচাপে থকা মানসিক পৰিচয়ৰ লগত মোকাবিলা কৰি নিজৰ এক শুদ্ধ পৰিচয় বিচাৰি লোৱাটো সঁচাকৈয়ে কঠিন আছিল। শৈশৱ আৰু যৌৱনৰ অভিসন্ধিত থিয় হৈ কল্কীয়ে নিজকে প্ৰশ্ন কৰিছিল - তেওঁ জানো যৌৱনত পুৰুষৰ পৰিচয় লৈ জীয়াই থাকিব পাৰিব ? পৰিয়াল তথা সমাজে তেওঁৰ প্ৰকৃত পৰিচয়ক লৈ কি ভাৱিব এই চিন্তাই কল্কীৰ মনত দুঃচিন্তাৰ সৃষ্টি কৰিছিল আৰু তেওঁৰ মনত আত্মহত্যাৰ দৰে চিন্তাৰ উদ্ৰেক ঘটাইছিল। অৱশ্যে কল্কীয়ে তেনে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে।

এদিন যথেষ্ঠ সাহস গোটাই কল্কীয়ে সিদ্ধান্ত ল’লে আৰু তেওঁ মাক-দেউতাকক তেওঁৰ নাৰীসুলভ পৰিচয় তথা নাৰী হ’বলৈ গ্ৰহণ কৰা সিদ্ধান্তৰ কথা ব্যক্ত কৰিলে। কল্কীৰ সিদ্ধান্তৰ কথাই মাক-দেউতাকৰ মনত সৰগ ভাগি পৰা দৰেই এক পৰিস্থিতিৰ উদ্ভৱ কৰালে আৰু তেওঁলোক দুখত ভাগি পৰিল। তেতিয়াই কল্কীয়ে যথেষ্ট সাহস আৰু আত্মবিশ্বাসৰ পৰিচয় দি নিজৰ পিতৃ-মাতৃক ক’লে যে যদিহে তেওঁলোকে কল্কীক সাহস দিয়ে তেন্তে কল্কীৰ এই সিদ্ধান্তৰ বাবেই তেওঁলোক এদিন নিজৰ সন্তানক লৈ গৌৰৱবোধ কৰিব পাৰিব। আৰু ঠিক তেনেধৰণেই হ’ল।

image


কল্কীৰ সফলতাৰ তালিকাখন যথেষ্ঠ দীঘল। কল্কীয়ে নিজৰ উদ্যোগশীল মনোভাৱৰ পৰিচয় দিছিল তেতিয়াই, যেতিয়া তেওঁ নিজৰ এজন চিত্ৰকৰ বন্ধুৰ বাবেই ব্ৰেন্ড কল্কী এন্টাৰপ্ৰাইজ নামেৰে এটা অনলাইন বিক্ৰী কেন্দ্ৰ খুলি নিজৰ বন্ধুগৰাকীৰ চিত্ৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। আজি সেই প্ৰচেষ্টাৰ ফচলস্বৰূপে কল্কীয়ে ভাল আয় কৰাৰ লগতে নিজৰ বন্ধুগৰাকীকো প্ৰতিষ্ঠা কৰাবলৈ সক্ষম হৈছে।

কল্কীৰ শীঘ্ৰে আৰম্ভ হ’বলগীয়া আন এটা প্ৰকল্প হ’ল কল্কী অৰগেনিকছ, ইয়াৰ জৰিয়তে তেওঁ জৈৱিক পদ্ধতিৰে তৈয়াৰী চাবোন তথা আন স্বাস্থ্য সম্বন্ধীয় সামগ্ৰী বিক্ৰী কৰিব।

ইংৰাজী আৰু তামিল এই দুয়োটা ভাষাতেই সাহিত্য চৰ্চা কৰা কল্কী সুব্ৰমণিয়ামে তামিল ভাষাত কুৰিআৰ্থইয়ান নামেৰে নিজৰ প্ৰকাশিত কবিতাসমূহৰ এখন সংকলন প্ৰকাশ কৰিছে। কল্কী কয় যে ট্ৰান্সজেন্দাৰ হিচাপে নিজৰ মনলৈ অহা অনুভূতিবোৰ প্ৰকাশ কৰাৰ উত্তম মাধ্যম হৈছে কবিতা। তামিল ভাষাত প্ৰকাশিত কবিতাৰ পুথিখনে ইতিমধ্যে কল্কীক তামিল সাহিত্য জগতত প্ৰতিষ্ঠা কৰিছে। কল্কী বৰ্তমান তেওঁৰ দ্বিতীয় তামিল পুথি আৰু প্ৰথম ইংৰাজী পুথিখন লিখাত ব্যস্ত।

ভাৰতবৰ্ষত ট্ৰান্সজেন্দাৰসকলে বহু সমস্যাৰ সম্মুখীন হ’বলগীয়া হয়। সমাজিক স্বীকৃতিৰ অভাৱ, জীৱন নিৰ্বাহৰ উচিত কামৰ পৰা বঞ্চনাৰ সম্মখীন হ’বলগীয়া হোৱা ট্ৰান্সজেন্দাৰসকলৰ হৈ কল্কী সুব্ৰমণিয়ামে নিজৰ মনৰ ভাৱ ব্যক্ত কৰি কয় যে আমাৰ মাজৰ বেছিভাগেই পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’বলগীয়া হোৱাৰ লগতে ভাল শিক্ষা, সুষ্ঠ জীৱন, চিকিৎসা সেৱাৰ তথা সামাজিক নিৰাপত্তাৰ পৰাও বঞ্চিত হয়। আৰু এইবোৰ কাৰণৰ বাবেই কল্কীয়ে ট্ৰান্সজেন্দাৰ সমাজৰ উন্নতিৰ বাবে বিভিন্ন কাম হাতত লৈছে। আইন ব্যৱস্থাৰ সহায় লৈ ট্ৰান্সজেন্দাৰসকলৰ বাবে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহবলৈ কল্কীয়ে সহোদৰী ফাউণ্ডেছন নামৰ সংস্থা এটাৰ লগত জড়িত হৈ কাম কৰি আছে। ট্ৰান্সজেন্দাৰসকলৰ জীৱনলৈ এক ধনাত্মক পৰিবৰ্তন আনিবলৈ কল্কী সংকল্পবদ্ধ।

প্ৰচুৰ আত্মসন্মান আৰু আত্মবিশ্বাস থকা কল্কীয়ে কয় , 'মই বেলেগ কিন্তু মই আন বহুতৰ দৰেই ভাল আৰু উত্তম হ’বলৈ চেষ্টা কৰি থাকো। কিয়নো জীৱনৰ পৰা প্ৰতি মুহুৰ্তত মই শিকি থাকোঁ।'

ট্ৰান্সজেন্দাৰসকলৰ জীৱনক লৈ নিৰ্মিত নৰ্তকী নামৰ এখন বহুলভাৱে সমাদৃত কথাছৱিৰ মুখ্য ভূমিকাত অভিনয় কৰি দেশ-বিদেশৰ দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা কল্কী সুব্ৰমণিয়ামে ২০০৯ চনত ট্ৰান্সজেন্দাৰসকলৰ বিবাহৰ সহায়ক হোৱাকৈ এটা মেট্ৰিম’নিয়েল ৱেবচাইটো আৰম্ভ কৰিছে।

image


কল্কীয়ে লাভ কৰা সফলতা আৰু প্ৰশংসাৰ বাবে তেওঁ সদায় নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ প্ৰতি কৃতজ্ঞ। নিজৰ পৰিস্থিতিৰ বাবে কেতিয়াওঁ নিজৰ কপালক ধিয়াই নথকা কল্কীয়ে কয় , ‘মই ভাৱোঁ যে পৰিস্থিতি সলনি কৰিবলৈ নিজক এক পৰ্যায়লৈ উন্নীত কৰাতো প্ৰয়োজনীয়। অসফলতা দুখৰ কাৰণ হ’ব নোৱাৰে, দুখৰ কাৰণ হৈছে অসফল হ’ম বুলি মনলৈ অহা ভয়টো। মোৰ বাবে সদায় সাহসৰ কাৰণটো হৈছে পৰিয়ালৰ পৰা পাই থকা মৰম আৰু সহযোগিতা।’

কল্কীয়ে ভাৱে যে অধ্যয়নৰ জৰিয়তেও বহু সাহস গোটাব পাৰি, কিয়নো অধ্যয়নৰ জৰিয়তে আহে জ্ঞান আৰু জ্ঞানেই হৈছে জীৱনৰ আমোঘ মন্ত্ৰ।

কল্কী সুব্ৰমণিয়ামৰ দ্বাৰা ৰচিত এটা কবিতা বৰ্তমান তিৰুচিৰাপল্লীৰ বিছপ হাৰবাৰ কলেজৰ পাঠ্যক্ৰমৰ অম্তৰ্গত। এনে বহু সফলতাৰ কাহিনীৰে মহিয়ান কল্কীয়ে কয় যে তেওঁ বৰ্তমান যি তাক লৈ তেওঁ ধন্য।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা