উত্তৰ-পূবৰ বাবে নতুন বিমান সেৱা

উত্তৰ-পূবৰ বাবে নতুন বিমান সেৱা

Wednesday July 13, 2016,

1 min Read

উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীকেইখনক সংযোগ কৰি এটা বিশেষ বিমানসেৱা প্ৰতিষ্ঠান আৰম্ভ কৰিব ভাৰত চৰকাৰে । উত্তৰ পূৰ্বাঞ্চলৰ যতায়ত ব্যৱস্থাত ই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে । 

Representational Image, Source - Keyword Suggestions

Representational Image, Source - Keyword Suggestions


ইণ্ডিয়া টাইমছৰ মতে পৱন হংস হেলিকপ্টাৰছ লিমিটেডৰ এক শাখা প্ৰতিস্থান হিচাপে আৰম্ভ কৰা হ'ব এই কোম্পানী । ৬ খন উৰাজাহাজ আৰু ৫খন হেলিকপ্টাৰেৰে আৰম্ব কৰা হ'ব এই সেৱা । এই কোম্পানীৰ ৫১ শতাংশ অংশীদাৰ হ'ব পৱন হংস আৰু বাকী অংশ থাকিব উত্তৰ পূব পৰিষদৰ হাতত ।

ড'নাৰ মন্ত্ৰীৰ সৈতে উত্তৰ পূবৰ মূখ্যন্ত্ৰীসকলৰ এক বৈঠকত এই সিদ্ধান্ত লোৱা হয় । উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মাজত যোগযোগ উন্নত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে এনেধৰণে এটা প্ৰতিস্থান স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে । উল্লেখযোগ্য যে এলায়েন্স এয়াৰে অঞ্চলটোৰ বচা বচা চহৰ কেইখনমানক সংযোগ কৰি চৰকাৰী পুঁজিৰ সহায়ত এক বিশেষ আগবঢ়াই আহিছে । বিশ্লেষকসকলৰ ধাৰণা যে এই আৰ্হিটো এটা প্ৰমাণিত আৰ্হি আৰু ই নিশ্চিতভাৱে পৱন হংসৰ বাবে লাভজনক বিবেচিত হ'ব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

বিপদকো নেওচি বন্যাৰ্তৰ সুৰক্ষাত এজন আৰক্ষী বিষয়া

উত্তৰ-পূৱ ভাৰতৰ ‘পুষ্পসজ্জা’ৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিছে নাচিমা বেগম লহকৰে

ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’