চাৰ্টাৰ্ড একাউনটেন্ট হোৱা এজন চাহ দোকানীৰ কথা

চাৰ্টাৰ্ড একাউনটেন্ট হোৱা এজন চাহ দোকানীৰ কথা

Monday February 01, 2016,

4 min Read

যিসকলে অসফল হ’লে জীৱনত পোৱা অসুবিধাৰ কথা কৈ দুখ কৰে, তেওঁলোকে আচলতে অসুবিধা সমূহৰ বাবে নহয়, নিজৰ দুৰ্বলতাকলৈহে দুখ কৰে। নিজৰ ভুল খিনি লুকুৱাব বিচাৰে। তেওঁলোকৰ চেষ্টাত এনে কিছু আসোঁৱাহ ৰৈ গৈছে, যাৰ বাবে লক্ষ্যত উপনীত হ’বগৈ পৰা নাই। আজি যিজন লোকৰ কথা ক’ব বিচাৰিছো, তেওঁৰ কথা জনাৰ পিছত সকলোৰে উপলব্ধি হ’ব যে, জীৱনত উদ্যম হেৰুৱাই পেলাব নালাগে। নিষ্ঠাৰে সঠিক দিশত আগবাঢ়িলে লক্ষ্যত উপনীত হোৱাতো নিশ্চিত।

কাহিনীটো ২৮ বছৰীয়া সোমনাথ গিৰাম নামৰ এজন যুৱকৰ। যিজন যুৱকক কিছু দিনৰ আগলৈকে মানুহে জানিছিল চাহ দোকানী হিচাপে। বিভিন্ন জনে আহি সোমনাথ গিৰামৰ হাতৰ চাহ কাপ খাই যায়, কিন্তু কোনেও নোসোধে –“ভৱিষ্যতে কি কৰিম বুলি ভাবিছা?” কিন্তু হঠাৎ কি হ’ল যে চাহ দোকানী সোমনাথ গিৰামৰ পৰিচয়েই সলনি হৈ গ’ল? এতিয়া পুনৰ শুণক তেওঁৰ পৰিচয়- নামঃ সোমনাথ গিৰাম। পুণেৰ সদাশিব পীঠৰ চাহ বিক্ৰেতা। সোমনাথ গিৰামে চাহ বেছি বেছিয়েই সম্পূৰ্ণ কৰিলে ‘চাৰ্টাৰ্ড একাউনটেন্সি ’ পাঠ্যক্ৰম। এতিয়া সোমনাথ গিৰাম ‘চাৰ্টাৰ্ড একাউনটেন্ট’। বছৰ বছৰ ধৰি চাহ বিক্ৰী কৰি অহা গিৰাম আনে যথেষ্ট কঠিন পাঠ্যক্ৰম বুলি কোৱা চি এ পৰীক্ষা ৫৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’ল।

image


কোৱা হয় সুখ ঘৰৰ দুৱাৰ মুখৰ পৰা নাহে, বৰঞ্চ আহিব লগীয়া থাকিলে য’ৰেপৰাই নহওক সুখ আহি ঘৰ সোমাইহি। সোমনাথৰ বাবেও দুটাকৈ সুখৰ খবৰ একেলগে আহিল। এফালে সোমনাথৰ চি এ পৰীক্ষাৰ ফলাফল, আনফালে মহাৰাষ্ট্ৰ চৰকাৰে সোমনাথ গিৰামক ৰাজ্য চৰকাৰৰ ‘আৰ্ন এণ্ড লাৰ্ন’ আঁচনিৰ ব্ৰেণ্ড এম্বেছেদৰ হিছাপে নিযুক্ত কৰাৰ ঘোষণা। এতিয়া সোমনাথ কেৱল মহাৰাষ্ট্ৰৰে নহয়, সমগ্ৰ দেশৰে এনেধৰণৰ শিক্ষাৰ্থী সকলৰ বাবে আদৰ্শ, যিসকলে জীৱন যুঁজৰ চাপত পৰি সময়ত ইচ্ছা থকা স্বত্বেও পঢ়া- শুনা কৰিব নোৱাৰিলে। মহাৰাষ্ট্ৰৰ শিক্ষা মন্ত্ৰী বিনোড তাৱড়ে এই সম্পৰ্কত য়’ৰ ষ্টৰীক ক’লে এনেধৰণেৰে-“এজন চাহ বিক্ৰেতাই সাধাৰণতে কঠিন বুলি কোৱা চি.এ. পৰীক্ষাত উত্তীৰ্ণ হোৱাটো খুবেই ভাল খবৰ।এতিয়া দেশত চাহ বিক্ৰেতা সকলৰ ভাল দিন চলিছে, নৰেন্দ্ৰ মোডী প্ৰধান মন্ত্ৰীৰ আসন পালেগৈ, সোমনাথ চি এ উত্তীৰ্ণ হ’ল।”

সোমনাথে চিএ পৰীক্ষা পাছ কৰাৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে সিদ্ধান্ত ল’লে যে সোমনাথক চৰকাৰৰ ‘আৰ্ন এণ্ড লাৰ্ন’ আঁচনিৰ ব্ৰেণ্ড এম্বেছেদৰ কৰা হওক যাতে অন্যান্য শিক্ষাৰ্থীয়ে প্ৰেৰণা পায়।

image


মহাৰাষ্ট্ৰৰ চ’লাপুৰ জিলাৰ এখন সৰু গাওঁ সাংগবীৰ বাসিন্দা সোমনাথ। সৰুৰেপৰাই পঢ়া- শুনা কৰি কিবা এটা হোৱাৰ ইচ্ছা আছিল সোমনাথৰ। কিন্তু দৰিদ্ৰতাৰ বাবেই সোমনাথে পঢ়া শুনা কৰিব নোৱাৰিলে। বিপৰীতে উপাৰ্জন কৰিবৰ বাবে নিজৰ গাওঁখন এৰি বাহিৰলৈ ওলাই আহিল সোমনাথ। কোৱা হয় দৰিদ্ৰতাৰ ক্ষুধা বৰ ভয়ানক। পৰিয়ালৰ কোনোবাই খাবলৈ নাপালে সন্মুখৰ জনে যিকোনো কামেই কৰিব পাৰে। সোমনাথেও তাকেই কৰিলে। ঘৰৰ পৰা ওলাই সোমনাথে পুণেৰ সদাশিব পীঠ অঞ্চলত এখন সৰু চাহৰ দোকান আৰম্ভ কৰিলে। সোমনাথৰ উপাৰ্জনেৰে পৰিয়ালটো কোনোমতে চলি আছিল, কিন্তু বিষম পৰিস্থিতিৰ মাজতো সোমনাথৰ পঢ়া শুনা কৰাৰ ইচ্ছাটো মনত সজীৱ হৈ আছিল। চাহৰ দোকানৰ উপাৰ্জন কিছু ভাললৈ অহাত সোমনাথে পুনৰ পঢ়াৰ কথা চিন্তা কৰিলে। সোমনাথে এটা লক্ষ্য নিৰ্ধাৰণ কৰিলে। চি এ কৰাৰ কৰাৰ মানসেৰে সোমনাথে কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে। দিনত পঢ়িবৰ বাবে সময় নোপোৱাৰ বাবে ৰাতি ৰাতি টোপনি খতি কৰি পৰীক্ষাৰ বাবে নোটছ তৈয়াৰ কৰে সোমনাথে।

“চি এ পৰীক্ষা পাছ কৰিম বুলি মোৰ বিশ্বাস আছিল। বহুতেই মোক কৈছিল এইটো বৰ টান পৰীক্ষা। তই নোৱাৰিবি, মোৰ কিন্তু পাৰিম বুলি বিশ্বাস আছিল। বহুতেতো চি এ কৰিবৰ বাবে ভালকৈ ইংৰাজী জনাৰ প্ৰয়োজন বুলি কৈ মোক নিৰুৎসাহিত কৰিব বিচাৰিছিল, কাৰণ মই মাৰাঠীৰ বাহিৰে একো ভাষাই ভালকৈ নাজানো, হিন্দীও ভালকৈ নাজানো। কিন্তু মই হাৰ নামানিলো। চেষ্টা কৰি গ’লো। প্ৰথমে মই বেংকিং এণ্ড ফাইনেন্সত মাৰাঠী মাধ্যমতে স্নাতক ডিগ্ৰী ল’লো। আৰু আজি মোৰ সপোন পুৰা হ’ল।”- য়ৰ ষ্টৰীক এনেদৰে ক’লে সোমনাথ গিৰামে।

এটা দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা সোমনাথৰ পিতৃ বলীৰাম গিৰাম এজন সাধাৰণ কৃষক। মহাৰাষ্ট্ৰত কৃষক সকলৰ দুৰৱস্থাৰ কথা জানিয়েই সোমনাথে সৰুতেই সিদ্ধান্ত লৈছিল, পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নতি ঘটাবলৈ হ’লে যিকোনো ডাঙৰ কাম এটা কৰিব লাগিব। আৰু তাৰ পৰাই আৰম্ভ হ’ল সোমনাথৰ চিএ হোৱাৰ সপোনৰ দৌৰ। ২০০৬ চনত নিজৰ গাওঁ এৰি থৈ আহি সোমনাথ পুণেৰ সাহু কলেজৰ পৰা বিএ পৰীক্ষাত উত্তীৰ্ণ হয়। বিএ পাছ কৰাৰ পিছতে সোমনাথে চি এ কৰিবৰ বাবে প্ৰযোজনীয় সকলো কাম কৰিলে। পইছাৰ বাবে যথেষ্ট অসুবিধা হ’ল সোমনাথৰ।

image


“এনেকুৱা সময়ো আহিছিল, যে মই আৰু চি এ কৰিব নোৱাৰিমগৈ বুলি ভাবিবলৈ বাধ্য হৈছিলো। পইছাৰ বাবে বহু অসুবিধা হৈছিল, ঘৰৰ মানুহৰ চলাৰ বাবেও যথেষ্ট অসুবিধা হৈছিল, কিন্তু মই উৎসাহ নেহেৰুৱালো। আৰম্ভ কৰিলো চাহৰ দোকান। চাহৰ দোকান খনে পুণেত থকাৰ চিন্তা আতৰ কৰিলে, এদিন দোকান খনৰ জহতে চি এও সম্পূৰ্ণ কৰিলো।”- সোমনাথ গিৰামে ক’লে এনেদৰে।

ৰাজ্য চৰকাৰে ‘আৰ্ন এণ্ড লাৰ্ন’ আঁচনিৰ বাবে ব্ৰেণ্ড এম্বেচাদৰ নিযুক্ত কৰাৰ বাবে খুবেই সুখী সোমনাথ গিৰাম। “চৰকাৰে উপাৰ্জন কৰি শিক্ষা গ্ৰহণ কৰা আঁচনিৰ বাবে মোক ব্ৰেণ্ড এম্বেছেদৰ নিৰ্বাচিত কৰাৰ বাবে মই খুবেই সুখী।”- এই সম্পৰ্কত এনেদৰে ক’লে সোমনাথে।

নিজৰ সফলতাৰ বাবে ঘৰৰ লোকসকলক কৃতিত্ব দিলে সোমনাথে। কাৰণ ঘৰৰ সকলোৱে সদায় বিশ্বাস ৰাখিছিল সোমনাথৰ ওপৰত। আজি মহাৰাষ্ট্ৰ চৰকাৰৰ ‘আৰ্ন এণ্ড লাৰ্ন’ আঁচনিৰ এম্বেছেদৰ সোমনাথ গিৰাম আন বহুতৰ বাবে এক প্ৰেৰণাৰ নাম।

মূলঃ নিৰজ সিং

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

দুটা সন্তানৰ মাতৃ অৰ্চনা চৰডানা হৈছে ভাৰতৰ প্ৰথম মহিলা“বেছ” জাম্পাৰ

এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

IIT, IIM আৰু বিদেশৰ শিক্ষাৰ পাছত কোটিটকীয়া চাকৰি এৰি গাঁৱত গো-পালনত ব্যস্ত এজন যুৱক