২৭ বছৰ বয়সত এটা বৃহৎ সংবাদ প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়া স্মৃতাক্ষী বি গোস্বামী

২৭ বছৰ বয়সত এটা বৃহৎ সংবাদ প্ৰতিষ্ঠানৰ নেতৃত্ব দিয়া স্মৃতাক্ষী বি গোস্বামী

Tuesday March 08, 2016,

3 min Read

বয়সৰ জোখেৰে ৩০ৰ দেওনাও পাৰ হোৱা নাই, কিন্তু কান্ধত গুৰু দ্বায়িত্ব। অসমৰ অন্যতম বৃহৎ তথা জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান সাদিন- প্ৰতিদিন গোষ্ঠীৰ সঞ্চালকৰ গুৰু দ্বায়িত্ব। ক’ব খুজিছো এটা জনপ্ৰিয় অসমীয়া নিউজ চেনেল প্ৰতিদিন টাইমক সন্মুখৰ পৰা নেতৃত্ব দি অহা সঞ্চালক স্মৃতাক্ষী বি. গোস্বামীৰ কথা। ২৭ বছৰ বয়সতে নিউজ চেনেলৰ এনে এটা গুৰুত্বপূৰ্ণ পদৰ দ্বয়িত্ব লোৱা স্মৃতাক্ষী বি. গোস্বামীৰ ওপৰত আছে জনপ্ৰিয় তথা সৰ্বাধিক চাৰ্কুলেশ্বন হোৱা অসমীয়া বাতৰি কাকত ‘অসমীয়া প্ৰতিদিন’ৰো বহু দ্বায়িত্ব।

image


স্মৃতাক্ষীৰ জন্ম অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি তথা সংবাদ জগতখনত প্ৰভুত অৱদান আগবঢ়াই অহা এটা পৰিয়ালত। অসমীয়া ভাষাৰ ওজা তথা ‘হেমকোষ’ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ পৰিনাতি স্মৃতাক্ষী। সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্বাধিকাৰ জয়ন্ত বৰুৱাৰ জী স্মৃতাক্ষী বৰুৱা। কিন্তু সেই সুবাদতে সংবাদ গোষ্ঠীটোৰ এনে এটা গুৰু দ্বায়িত্ব স্মৃতাক্ষীৰ ওপৰত পৰা নাই। দুখনকৈ প্ৰতিষ্ঠিত বাতৰি কাকত সাদিন আৰু প্ৰতিদিনৰ উত্থান দেখি ডাঙৰ হোৱা স্মৃতাক্ষীয়ে সংবাদ গোষ্ঠীটোৰ সৈতে ২০১০ চনৰ পৰা জড়িত হৈ ইতিমধ্যেই নিজৰ দক্ষতাৰ পৰিচয় দিছে। কম সময়তে সংবাদ জগতখনত নিজ দক্ষতাৰ পৰিচয় দিব পাৰিছে; কাৰণ সৰুৰে পৰা ঘৰুৱা পৰিবেশত সংবাদ গোষ্ঠীটোৰ কাম কাজ প্ৰত্যক্ষ কৰাৰ লগতে কিন্তু স্মৃতাক্ষীয়ে চিনাকী পৰিবৃত্তৰ আঁতৰত থাকিহে সম্পূৰ্ণ কৰিছে আনুষ্ঠানিক শিক্ষা।

ষষ্ঠ শ্ৰেণীতে গুৱাহাটীৰ ঘৰ খনৰ পৰা বহু নিলগত মছৌৰী ইন্টাৰনেচনেল স্কুলত নাম ভৰ্তি কৰালেগৈ স্মৃতাক্ষী বৰুৱাৰ। মছৌৰীত থকা ৬টা বছৰত বিশ্বৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে একেলগে শিক্ষা গ্ৰহণ কৰাৰ সময়চোৱাতে স্মৃতাক্ষীয়ে নিজকে সাজু কৰি তুলিলে প্ৰতিযোগিতামূলক পৃথিৱীখনত নিজকে খাপ খুৱাই আগুৱাই যাবলৈ। ঘৰতে এটা সংবাদ প্ৰতিষ্ঠান থকাৰ পিছত কেৰিয়াৰ নিৰ্বাচনৰ বাবে স্মৃতাক্ষীৰ বৰ বেছি চিন্তা কৰিব লগীয়া কথা নাছিল। নয়ডাৰ এমিতি ইউনিভাৰচিটিৰ পৰা স্মৃতাক্ষীয়ে জাৰ্ণেলিজিম এণ্ড মাছ কমিউনিকেশ্বনত স্নাতক ডিগ্ৰী ল’লে। ‘টেলিভিচন পাথৱেজ’ বিষয়ত স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰিলে লণ্ডনৰ ইউনিভাৰচিটি অৱ আৰ্টচৰ পৰা।

image


২০১০ চনত স্মৃতাক্ষীয়ে পিতৃৰ সাদিন-প্ৰতিদিন গোষ্ঠীত যোগদান কৰিলে। তেতিয়াৰে পৰা সংবাদ মাধ্যমৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে স্মৃতাক্ষী। প্ৰতিদিন কাকতখনত পৰীক্ষামূলক ভাবে বহু কেইটা কাম কৰি সফলতা লাভ কৰিছে স্মৃতাক্ষীয়ে। অসমীয়া বাতৰি কাকতত পোন প্ৰথমবাৰৰ বাবে ব্যৱসায়ৰ খবৰেৰ ‘ব্যৱসায় বাণিজ্য’ নামৰ এটা পৃষ্ঠা, শিক্ষা তথা কেৰিয়াৰ সম্পৰ্কীয় বাতৰিৰে ‘আৰোহণ’ আদি প্ৰতিদিন কাকত খনত আৰম্ভ হৈছে স্মৃতাক্ষী বৰুৱা গোস্বামীৰ পৰিকল্পনাৰে। অসমীয়া প্ৰতিদিন কাকত খনৰ অসমৰ লগতে দাঁতি কাষৰীয়া ৰাজ্য কেইখনতো কিছু চাৰ্কুলেচন থকাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ পৰিকল্পনাতে অসমীয়া প্ৰতিদিন কাকতখনত শেহতীয়াকৈ প্ৰতি সোমবাৰে সংযোজন ঘটিছে উত্তৰ পূৰ্বাঞ্চলৰ খবৰেৰে এটা বিশেষ পৃষ্ঠাৰ।

২০১৩ চনত স্মৃতাক্ষী বৰুৱা গোস্বামী জড়িত হৈ পৰে সংবাদ গোষ্ঠীটোৰ নতুন সংযোজন নিউজ চেনেলৰ সৈতে। ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰে ‘টেলিভিচন পাথৱেজ’ বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লোৱা স্মৃতাক্ষী নিউজ চেনেলটোত আৰম্ভণীৰ পৰাই সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। 

মই জন্মৰে পৰা সাদিনৰ উত্থান দেখিছো, প্ৰতিদিনৰ উত্থান দেখিছো। টেলিভিচন মিডিয়াৰ সৈতে সাদিন-প্ৰতিদিন গোষ্ঠী জড়িত হৈ পৰাৰ সময়ত মই আৰম্ভণিৰ পৰাই আছো। টেলিভিচন মিডিয়াতেই মই মোৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাব বিচাৰিছিলো, সেইবাবেই মই মাষ্টাৰ্ছো কৰিছিলো ‘টেলিভিচন পাথৱেজ’তে। এতিয়া মোৰ লক্ষ্য এটাই এই চেনেলটো অঞ্চলটোৰ ভিতৰত এক নম্বৰৰ চেনেল হ’ব লাগিব। এক নম্বৰৰ চেনেল মানে টিআৰপি বা বাৰ্ক ৰেটিং অনুসৰিয়েই নহয়, মানুহৰ মনৰ মাজত এক নম্বৰৰ চেনেল হ’ব লাগিব। কোনো পক্ষ নোলোৱাকৈ, কোনো ৰাজনৈতিক উদ্দেশ্য নথকাকৈ আমি মানুহৰ বাবে কাম কৰি যাব বিচাৰোঁ। সাদিন-প্ৰতিদিন গোষ্ঠীৰ সাদিন, প্ৰতিদিন দুখনকৈ সংবাদ পত্ৰৰ লগতে আলোচনী নন্দিনী আৰু সাতসৰী কোনোখনেই আজিলৈ ৰাজনৈতিক বা আন কোনো পক্ষৰ চাপত পৰি কোনো কাম কৰা নাই, প্ৰতিদিন টাইম চেনেলটোৱেও যাতে সেই পথেৰেই সদায় আগবাঢ়িব পাৰে, চেনেলটোৰ সঞ্চালক হিচাপে মই তাকেই বিচাৰোঁ আৰু সেই উদ্দেশ্য আগত লৈয়ে কাম কৰি আহিছো।” প্ৰতিদিন টাইম সম্পৰ্কত এনেদৰে ক’লে স্মৃতাক্ষী বৰুৱা গোস্বামীয়ে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

সংবাদ ব্যৱসায়ৰ প্ৰত্যাহ্বানক অতি কুশলতাৰে চম্ভালি থকা দিপান্নিতা জয়ছোৱালৰ সফলতাৰ আঁৰৰ মন্ত্ৰ

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন

ভগত সিঙক লৈ হঠাৎ কিয় এই টনা-আঁজোৰা