বৃহৎ বিনিয়োগ নথকাকৈ তিনিজন ছাত্ৰৰ ষ্টাৰ্টআপঃ দ্য টেষ্টামেণ্ট

বৃহৎ বিনিয়োগ নথকাকৈ তিনিজন ছাত্ৰৰ ষ্টাৰ্টআপঃ দ্য টেষ্টামেণ্ট

Saturday February 06, 2016,

4 min Read

যিকোনো ষ্টাৰ্টআপৰ আৰম্ভণী ইমান সহজ নহয়, বিশেষকৈ টায়াৰ-২ শ্ৰেণীৰ মহাবিদ্যালয়ত অধ্যয়নৰত সকলৰ বাবে ব্যৱসায় যথেষ্ট প্ৰত্যাহ্বানমূলক।পঢ়া-শুনালৈ মন দিয়া, সামগ্ৰীৰ নিৰ্বাচন, ব্যৱসায়ৰ ভৱিষ্যত নিৰ্ধাৰক বাট নিৰ্ণয় আৰু পূঁজি সংগ্ৰহ এইসকলোবোৰে একেসময়তে জুমুৰি ধৰেহি।ভূতৰ ওপৰত দানহ হয় যেতিয়া আপোনাৰ ব্যৱসায়ত বিনিয়োগ কৰাৰ আনুষ্ঠানিক প্ৰতিশ্ৰুতি দিয়া বিনিয়োগকৰ্তাই শেষ মুহুৰ্তত ৰামঠগন শোধায়। এনেধৰণৰ পৰিস্থিতিৰে সন্মুখীন হৈছিল আই পি বিশ্ববিদ্যালয়ৰ তিনিজন প্ৰাক্তন ছাত্ৰ যেতিয়া তেওঁলোকৰ ষ্টাৰ্টআপ-দ্য টেষ্টামেণ্টক পূঁজি দিম বুলি প্ৰতিশ্ৰুতি দিয়া কলেজ কৰ্তৃপক্ষই অন্তিম সময়ত প্ৰকল্পটোৰ পৰা হাত দাঙি দিছিল।

ষ্টাৰ্টআপটোৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল ২০১২ চনৰ এপ্ৰিল মাহত।বিশ্ববিদ্যালয়ৰ জাৰ্ণেলৰূপে প্ৰথম প্ৰকাশ পাইছিল টেষ্টামেণ্ট।“আমাৰ লক্ষ্য আছিল আই পি বিশ্ববিদ্যালয়ক এক ব্ৰেণ্ডৰূপে গঢ়ি তোলা কাৰণ আমি টায়াৰ-২ শ্ৰেণীৰ প্ৰতিষ্ঠানৰ হীনমান্যতাৰ পৰা আঁতৰি আহিব বিচাৰিছিলো।” এনেদৰে কয় দ্য টেষ্টামেণ্টৰ সহ-প্ৰতিষ্ঠাপক ২৩ বছৰীয়া নিশান্ত মিট্টালে।

'দ্য টেষ্টামেণ্ট'ৰ  টীম

'দ্য টেষ্টামেণ্ট'ৰ টীম


প্ৰথমাৱস্থাত টীম টেষ্টামেণ্টৰ বাবে সকলো পানীৰ দৰে সহজ যেন হৈ দেখা দিছিল কাৰণ কলেজ মেনেজমেণ্টে প্ৰাৰম্ভিক পূঁজি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ইয়াৰ বিষয়ে কেতবোৰ ৰাষ্ট্ৰীয় সংবাদপত্ৰত প্ৰকাশ পাইছিল।কিন্তু পৰিস্থিতি প্ৰতিকূল হৈ পৰে যেতিয়া কলেজে পূঁজি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

“আমি তেতিয়াই এই পৰিকল্পনা বাদ দি বেলেগ কিবা আৰম্ভ কৰাৰ কথা ভাবিব পাৰিলোহেতেন। কিন্তু আমি নিজৰ প্ৰকল্পত স্থিৰ হৈ ৰ’লো আৰু অৱশেষত আমাৰ বাবে সফলতাৰ দুৱাৰ খোল খায়।”নিশান্তই জনায়।নিশান্তৰ লগতে অৱনীশ খান্না আৰু কুমাৰ সম্ভৱ দ্য টেষ্টামেণ্টৰ সহ-প্ৰতিষ্ঠাপকৰূপে আছে।তিনিওজনে আই পি বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী গ্ৰহণ কৰিছে।

সঠিক পথৰ সন্ধান নোপোৱালৈকে আগুৱাই যোৱা

এখন বিশ্ববিদ্যালয়ৰ জাৰ্ণেলৰ পৰা এক প্ৰশিক্ষণ প্ৰদানকাৰী আৰু বিকাশৰ কোম্পানীলৈ বিৱৰ্তন ঘটিছে দ্য টেষ্টামেণ্টৰ।পৰৱৰ্তী সময়ত ইয়াত সংযোজন ঘটিছে গণমাধ্যম আৰু বিপণন ক্ষেত্ৰৰ সুবিধাৰো।“বিত্তীয় দিশৰ পৰা এইসমূহ কিছু কম লাভদায়ক কিন্তু আমাৰ যাত্ৰাপথত আমি দেশজুৰি এক নিযুত শিক্ষাৰ্থীৰ বিশাল নেটৱৰ্ক গঢ়িবলৈ সক্ষম হৈছো আৰু তাকো ১২ মাহৰ ভিতৰত।” নিশান্তৰ মত।

পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ প্ৰশিক্ষণৰ সুবিধা দিয়া টেষ্টামেণ্টে দোপত দোপে নিজৰ স্থান উন্নত কৰি কোম্পানীসমূহত অস্থায়ী কৰ্মচাৰীৰ চাহিদা পূৰণ কৰি আহিছে।

সময়ৰ লগে লগে কোম্পানীটোৱে বজাৰ অধিগ্ৰহণ, কোম্পানীসমূহত নিয়োগৰ সুবিধা আদিও প্ৰদান কৰিবলৈ লৈছে।

শূণ্যৰ পৰা কোটি টকাৰ ৰাজহলৈ...

বৰ্তমান টেষ্টামেণ্টে দহখন চহৰত দৈনিক ভিত্তিত ৬০জনকৈ কৰ্মচাৰীক নিয়োগ প্ৰদান কৰে।শেহতীয়া বিত্তীয় প্ৰতিবেদনত কোম্পানীটোৱে ৪০০ শতাংশ বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে।

“আমি পূৰ্বৰ বিত্তীয় বৰ্ষত ৩০ লাখ টকাৰ ৰাজহ আনিবলৈ সক্ষম হৈছিলো আৰু শেহতীয়া বিত্তীয় বৰ্ষত আমাৰ ৰাজহৰ পৰিমাণে ১ কোটি ২০ লাখ টকাৰ ঘৰ স্পৰ্শ কৰিছে।” নিশান্তই কয়।

প্ৰতিটো প্ৰকল্পত ষ্টাৰ্টআপটোৱে ২০শতাংশ লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাৰ কথা জনায় বিষয়ববীয়াই।

ষ্টাৰ্টআপটোৱে সেৱা প্ৰদান কৰা কোম্পানীসমূহ হৈছে ফৰ্ড, জেনেৰেল মটৰ্ছ,মাৰুতী ছুজুকী, মেছে আৰু সফল ষ্টাৰ্টআপ যেনে উবেৰ, কুইকৰ, ট্ৰিপডা, আৰবানক্লেপ, স্বজল আৰু জিমাছ।

“আমি এই কোম্পানীসমূহক বজাৰ (গ্ৰাহক/বিক্ৰেতা) অধিগ্ৰহণ আৰু প্ৰশিক্ষণত সহায় কৰিছো।”নিশান্তে কয়।

২০১৬-১৭বৰ্ষৰ অন্তিম সময়লৈকে টেষ্টামেণ্টে ৫কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছে।টেষ্টামেণ্টে ২০১৫ চনত বিশখন চহৰৰ দহজনৰো অধিক সেৱাগ্ৰহণকাৰীৰ বাবে ৬০০০ লোকৰ বিপৰীতে ৫০০ লোকক নিয়োগ প্ৰদান কৰিছে।

পৰৱৰ্তী পৰ্যায়ৰ বিকাশৰ বাবে কোম্পানীটোৱে কৰ্মশক্তি বৃদ্ধি,পৰিচালনা আৰু প্ৰশিক্ষণৰ প্ৰক্ৰিয়া স্বয়ংক্ৰিয় কৰিবলৈ এক ইন-হাউছ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।চলিত বৰ্ষত কোম্পানীটোৱে ২০জন মানুহক লৈ মুম্বাই আৰু বাংগালুৰুত কাৰ্যালয় স্থাপন কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

সম্প্ৰতি অংশকালীন কৰ্মশক্তিৰ যোগান ধৰা বজাৰখনৰ ৯০শতাংশই অসংগঠিত আৰু এজেন্সীৰ দ্বাৰা পৰিচালিত।কিন্তু আধুনিক প্ৰযুক্তিসম্পন্ন ষ্টাৰ্টআপ আৰু কোম্পানীসমূহৰ প্ৰয়োজন বুজিবলৈ এই এজেন্সীসমূহ অসমৰ্থ। দ্য টেষ্টামেণ্টৰ প্ৰতিদ্বন্দী হৈছে এনেধৰণৰ এজেন্সীসমূহৰ লগতে ১৩বছৰৰ পৰা অস্থায়ী কৰ্মশক্তিৰ যোগান ধৰাৰ ব্যৱসায় কৰি অহা বৃহৎ প্ৰতিষ্ঠান টীমলিজ।

প্ৰচলিত প্ৰবাদঃউপাচাৰ্যৰ পৰা পোৱা পূঁজি হৈছে ষ্টাৰ্টআপৰ একমাত্ৰ আৰম্ভণীৰ সমল

সাধাৰণতে সফল ষ্টাৰ্টআপসমূহে পূঁজি সংগ্ৰহ কৰিয়ে নিজৰ ব্যৱসায়িক যাত্ৰা আৰম্ভ কৰে কিন্তু দ্য টেষ্টামেণ্টে ব্যতিক্ৰমী নিদৰ্শনেৰে কেতিয়াও কোনো ধৰনৰ পূঁজি সংগ্ৰহ কৰা নাই।“শীৰ্ষস্থানৰ প্ৰতিষ্ঠানসমূহৰ পৰা ওলোৱা প্ৰতিষ্ঠাপকসমূহে সহজেই বিনিয়োগকৰ্তা পোৱাৰ লগতে সংবাদমাধ্যমৰো আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হয়।কিন্তু আমি অল্পখ্যাত প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী হোৱাৰ বাবে কোনোধৰনৰ বিদেশী পূঁজি, উপাচাৰ্যৰ সৈতে সংযোগ অথবা সংবাদমাধ্যৰ সহায় পোৱা নাছিলো।” নিশান্তই জনায়।

“বৰ্তমান অধিকাংশ ষ্টাৰ্টআপেই উপাচাৰ্যৰ পৰা পোৱা পূঁজিৰে পৰিচালিত হৈ আছে আৰু উদ্যোগীসকলে বিশ্বাস কৰে যে কোম্পানী এটা বৰ্তি থাকিবলৈ বাহিৰা পূঁজি অহাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৯৭-২০০৭ দশকৰ দ্ৰুতগতিত বৰ্ধিত ৯০০ টা ষ্টাৰ্টআপৰ ৭৫৬টাই কেতিয়াও কোনো ধৰনৰ পূঁজি সংগ্ৰহ কৰা নাছিল।” নিশান্তই বাখ্যা কৰে।

“এটা ভাল ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক বহু টকাৰ প্ৰয়োজন নাই,আপোনাক কেৱল লাগে ভাল লক্ষ্য আৰু উপযুক্ত ব্যৱসায়িক আৰ্হি।”নিশান্তই কয়।

এইক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰাৰম্ভিক সুবিধা হৈছে উপাচাৰ্যৰ প্ৰভাৱহীনতা অথবা এক নিৰ্দিষ্ট পৰিসীমা নথকাটো।সাধাৰণতে দেখা যায় পূঁজিৰ দ্বাৰা পৰিচালিত ষ্টাৰ্টআপসমূহ যথেষ্ট লোকচানৰ সন্মুখীন হয়।

“নিজৰ চাৰিওফালে মন কৰক, সকলোৱে মূল্যৰ যুদ্ধত অৱতীৰ্ণ হৈছে।আপোনাৰ দাম সকলোতকৈ কম হ’ব লাগিব।ইয়াৰ অন্যথাই আপুনি বিফল হোৱাটো নিশ্চিত।”নিশান্তই সামৰে।

মূল-জয় বৰ্ধন

অনুবাদ-তুলিকা দেৱী


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

ষ্টাৰ্ট আপ ব্যৱসায় সহজ কৰিবলৈ ৰিজাৰ্ভ বেংকৰ আঁচনি

মহাৰাষ্ট্ৰৰ কৃষকসকলৰ মুখত হাঁহি বিৰিঙাইছে নানা পাটেকাৰে

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক