বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ

বাঙ্গালুৰুতে সীমাবদ্ধ নহয় কৰ্ণাটকৰ ষ্টাৰ্টআপ

Friday February 05, 2016,

2 min Read

"উদ্যোগশীলতা আৰু ষ্টাৰ্টআপ কৰ্ণাটকৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। এই ৰাজ্যখনত সম্পদ আৰু প্ৰতিভাৰ প্ৰাচুৰ্যৰ লগতে চৰকাৰৰ সহযোগো আদৰণীয় ।" ইনভেষ্ট কৰ্ণাটকা ২০১৬ত এইদৰে মন্তব্য কৰে IIM বাংগালুৰুৰ সঞ্চালক ঋষিকেশ কৃষ্ণনে ।

হুবলিৰ নব্য বায়'টেকন'লজী, ধাৰৱাড়ৰ চেন্সগিজ, মহীশূৰৰ ইমপ্লেনটেয়াৰ আৰু বাঙ্গালুৰুৰ টীম ইণ্ডাছে এই সন্মিলনত অংশগ্ৰহণ কৰিছে । ৰাজ্। চৰকাৰে দৃষ্টি ৰাখিছে যাতে ৰাজ্যখনত ষ্টাৰ্টআপৰ বিকাশ কেৱল মাত্ৰ বাঙ্গালুৰুতে সীমাবদ্ধ হৈ নাথাকে ।

ষ্টাৰ্টআপ ৱেৰহাউছ, ইনকিউবেচন ইনিছিয়েটিভ, মবাইল ইনকিউবেটৰ, আই অ' টি লেব আদি বিভিন্ন সুবিধা প্ৰদানেৰে ৰাজ্য চৰকাৰে কেৱল তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰতে নহয় নিৰ্মাণ খণ্ডৰ ষ্টাৰ্টআপ সমূহকো গুৰুত্ব দিছে । এই কথা উল্লেখ কৰে ৰাজ্যখনৰ প্ৰধান সচিব ভি মঞ্জুলাই ।

image


ইমপ্লেনটেয়াৰৰ মূখ্য কাৰ্যবাহী য়োগেশ ডুবেই কয় যে ব্যক্তিগত ইকুইটি ফাৰ্ম আৰু ভেন্সাৰ ফাৰ্মসমূহে দ্বিতীয় পৰ্যায়ৰ চহৰসমূহত গুৰুত্ব নিদিয়ে । চেন্সগিজৰ প্ৰতিস্থাপক চি ই অ' অভিষেক লাট্টেই যোগ দিয়ে যে চৰকাৰে এই ক্ষেত্ৰত সহায় নকৰাহ'লে কোনো ধৰণৰ সহায় পোৱাৰ সম্ভাৱনা নাছিল ।

"দ্বিতীয় পৰ্যায়ৰ চহৰসমূহতো আমি বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰাত আগ্ৰহী । আমি এইক্ষেত্ৰত কিছু সামাজিক দায়িত্ব পালনৰ বাবেও দায়বদ্ধ ।" মঞ্জুলাই কয় ।

ষ্টাৰ্টআপ কৰাৰ এয়াই শ্ৰেষ্ঠ সময়

বিভিন্ন চৰকাৰী আঁচনি আৰু সা-সুবিধাৰে এয়া হৈছে ষ্টাৰ্টআপ কৰাৰ শ্ৰেষ্ঠ সময় । ভাৰত এতিয়া ষ্টাৰ্টআপ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত ।

ছেগা ফান্ডছৰ প্ৰতিষ্ঠাতা অংকিতা বশিষ্ঠই কয় যে বাংগালুৰুত ষ্টাৰ্টআপৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে এচাম এনে ষ্টাৰ্টআপো গঢ়ি উঠিছে যাক কেৱল দেখাক দেখি স্থাপন কৰা হৈছে ।

ষ্টাৰ্টআপৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অধিক গুৰুত্ব দিয়াৰ সমান্তৰালকৈ মহিলা উদ্যমীৰ বাবে দহ শতাংশ পুঁজি সংৰক্ষিত কৰা হৈছে । অংকিতাই আশা প্ৰকাশ কৰে যে চৰকাৰৰ সহযোগত অধিক মহিলা উদ্যোগী লাভৱান হ'ব ।

ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ লগে লগে বিভিন্ন ক্ষেত্ৰত অধিক ষ্টাৰ্টআপৰ বিকাশ দেখা যাব বুলি আশা কৰা হৈছে ।

মূল- সিন্ধু কাশ্যপ

অনুবাদ - ঋদ্ধীশ চক্ৰৱৰ্তী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

ইনভেষ্ট কৰ্ণাটকা ২০১৬- এক যুগান্তকাৰী পদক্ষেপ

বিনিয়োগৰ অনুকুল পৰিবেশ গঢ়ি তোলাত সফল কৰ্ণাটক

ব্যৱসায়িক ধাৰণা এটাৰ প্ৰাৰম্ভিক স্তৰতে কেনেদৰে পুঁজি সংগ্ৰহ কৰিব পাৰি


‘আমি ভাল টীমতহে বিনিয়োগ কৰোঁ’ বুলি Venture Capitalists (VC)সকলে আচলতে কি বুজায়?

ভাৰত আৰু ইউৰোপৰ ষ্টাৰ্ট আপৰ জগত দুখনৰ সমন্বয়ৰ সেঁতু : SEU-IN network