ডমিন’জৰ পদ্ধতিৰে ভাৰতীয় খাদ্য গ্ৰাহকলৈ লৈ যোৱাৰ প্ৰচেষ্টা চাৰক'ল বিৰিয়ানীৰ

ডমিন’জৰ পদ্ধতিৰে ভাৰতীয় খাদ্য গ্ৰাহকলৈ লৈ যোৱাৰ প্ৰচেষ্টা চাৰক'ল বিৰিয়ানীৰ

Friday January 08, 2016,

4 min Read

খাদ্য প্ৰস্তুতকৰণৰ কাৰিকৰী দিশসমুহৰ বিকাশৰ পূৰ্বে খোৱা বস্তু অৰ্ডাৰ কৰা আৰু ডেলিভাৰী দিয়াটো কেৱল কেইবিধমান খাদ্যসম্ভাৰৰ মাজতেই সীমাবদ্ধ আছিল। বিশেষকৈ ভাৰতীয় খাদ্য সমগ্ৰীৰ বজাৰৰ ক্ষেত্ৰত। কেৱল পিজ্জাই হে বজাৰ দখল কৰি শীৰ্ষত আছিল। সেয়াও ডমিন’জৰ পিজ্জাহে। আনকি আজিও কেইখনমান ৰেষ্টোৰাঁইহে Quick Service Restaurant (QSR) সেৱা ডমিন’জৰ সমানে সমানে প্ৰদান কৰিব পাৰে।

পিজ্জাৰ সেই দখলৰ পৰা QSR ব্যৱস্থাটো নিজৰ দখললৈ অনাৰ বাবে লাইন ভেনছাৰৰ অনুৰাগ মালহোট্ৰা আৰু কৃষ্ণকান্ত ঠাকুৰে আৰম্ভ কৰিছিল চাৰক'ল বিৰিয়ানী। অনুৰাগ হৈছে বিত্তীয় সেৱাৰ ক্ষেত্ৰখনৰ পৰা অহা এজন এআইএম মেনিলাৰ এমবিএ ডিগ্ৰীধাৰী ব্যক্তি। আনফালে কৃষ্ণকান্ত ঠাকুৰো বিত্তীয় সেৱাৰ ক্ষেত্ৰখনৰ পৰা অহা এজন আইআইএম বাংগালোৰৰ এমবিএ ডিগ্ৰীধাৰী। দুয়োৱে বিগত তিনিটা বছৰত লাইন ভেনচাৰৰ অধীনত বিভিন্ন পদক্ষেপ একেলগে গ্ৰহণ কৰি আহিছে।


image


ভাৰতীয় খাদ্যৰে ব্যৱসায়

তেওঁলোকে যেতিয়া ভাৰত আৰু ইংলণ্ডত বিস্তৰ অভিজ্ঞতাৰে সমৃদ্ধ তথা বিৰিয়ানীৰ ক্ষেত্ৰত পটুটা প্ৰদৰ্শন কৰা ছেফ মহম্মদ ভোলক লগ পালে তেতিয়াই এই চিন্তাই তেওঁলোকৰ মগজুত ঠাই পালে । তিনিও উপলদ্ধি কৰিছিল যে এতিয়াও ভাৰতীয় খাদ্যৰ ক্ষেত্ৰত ধাৰাবাহিকতা ৰক্ষা কৰি নিশ্চিত আৰু স্বাস্থ্যসন্মত খাদ্য প্ৰদান কৰাৰ বাবে QSR ব্যৱস্থাৰ ব্যৱসায় আৰম্ভ হোৱা নাই ।

ভাৰতীয় গ্ৰাহকসকল পিজ্জা বা বাৰ্গাৰৰ ক্ষেত্ৰতেই এই সেৱা গ্ৰহণ কৰাত অভ্যস্ত হৈ আছে। ৰাষ্ট্ৰীয় স্তৰত বিৰিয়ানীৰ দৰে কোনো ভাৰতীয় খাদ্যৰ QSR ব্যৱস্থা থকা ব্ৰেণ্ড আৰম্ভ হোৱা নাই। “Charcoal Biryaniএ এই সুবিধাটোৱেই গ্ৰহণ কৰিবলৈ বিচাৰিলে। খাদ্যৰ উৎকৃষ্ট মান আৰু ধাৰাবাহিকতা, মূল কাৰিকৰী দক্ষতা, আৰু উন্নত যোগান ব্যৱস্থা হৈছে তিনিটা মূল স্তম্ভ,যাৰ সহায়ত এইদলটোৱে সৰ্বসাধাৰণৰ হৃদয় জয় কৰাৰ পৰিকল্পনা কৰিছে। ” ৩৪বছৰীয়া কৃষ্ণকান্তে জানিবলৈ দিয়ে।

এই দলটোৱে বিভিন্ন বয়সৰ লোকৰ মাজত প্ৰায় ৫০০ product feedback sessions পাতিছে। সৰ্বসাধাৰণৰ গ্ৰহণযোগ্যতা আহৰণৰ পিছত তেওঁলোকে কিছুমান কথাত মন দিছিল। সেয়া হৈছে ইতিপূৰ্বে নথকা কিছু উপাদান একত্ৰিকৰণ কৰা। যেনে ধৰক, বৃহৎ সংখ্যাত খাদ্য প্ৰস্তুতি, দক্ষ গাণনিক ,দুৰনিলৈ যোগানৰ বাবে সহযোগী ইত্যাদি।

“ কেৱল পাকঘৰটো বা ছেফৰ ওপৰত নিৰ্ভৰ কৰি বিশাল পৰিসৰত খাদ্য প্ৰস্তুতৰ পিছতো গুণাগুণ ধৰি ৰাখিবলৈ চেষ্টা কৰাটো পৰিহাৰ কৰিব লাগিব বুলি গম পোৱাটোৱেই আছিল আমাৰ eureka moment ” কৃষ্ণকান্তে কয়। যিকোনো ৰেষ্টোৰাঁ সমুখিন হোৱা সমস্যাটো হৈছে বৃহৎ হাৰত খাদ্য প্ৰস্তুত কৰা আৰু উচ্চ হাৰত সেই খাদ্য বিক্ৰী কৰাৰ ধাৰা অব্যাহত ৰখাটো।

গুনগত মান উন্নিতকৰণ আৰু তাৰ ধাৰাবাহিকতা ৰক্ষা

যেতিয়া Charcoal Biryani বিভিন্ন প্ৰত্যাহ্বানৰ সমুখিন হৈছিল, তেতিয়া তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছিল। সেইবোৰ হল, বিশাল পৰিসৰত কিন্তু নিৰ্দিষ্ট সময়ত খাদ্য সামগ্ৰী প্ৰস্তুতকৰণ, উতকৃষ্ট যোগান ব্যৱস্থা, নিৰ্ধাৰিত ন্যুনতম মূল্য আৰু ক্ষীপ্ৰ হোম ডেলিভাৰী।

“এই সকলোবোৰ সম্ভৱ কৰি তুলিছিল খাদ্য প্ৰস্তুতকৰণৰ এক আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহত গোটৰ সহযোগিতাই। আমি বিভিন্ন ধৰণৰ বিৰিয়ানিৰে আমাৰ সেৱা মুম্বাইৰ কোলাবাৰ পৰা বোৰিৱালি পৰ্যন্ত ৬টা ঠাইলৈ সম্প্ৰসাৰণ কৰিলো,” কৃষ্ণকান্তে কয়।আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ গোটটোৱে ইয়াত নাম প্ৰকাশত অনিচ্ছা প্ৰকাশ কৰিছে।

কৰ্মপ্ৰক্ৰিয়া আৰু অতিৰিক্ত সেৱা

বিৰিয়ানিৰ খাদ্য প্ৰস্তুত প্ৰণালীটোক এটা উৎকৃষ্ট মান প্ৰদান কৰি বিভিন্ন শাখা প্ৰস্তুতি কেন্দ্ৰত প্ৰস্তুত কৰি গুণগত মানৰ ধাৰাবাহিকতা ৰক্ষা কৰি চহৰখনৰ বিভিন্ন বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয়। গ্ৰাহকৰ কাষ চপাৰ বাবে ৱেবচাইট বা এপ আদি ব্যৱহাৰ কৰা, বিক্ৰীকেন্দ্ৰ ব্যৱস্থাপনা আদি দিশ ছোৱাচিতা কৰে বাংগালুৰু আইআইটি আৰু ধানবাদ আইএছএমৰ স্নাতক গৌতম সিঙে।

আন্তৰাষ্ট্ৰীয় মানৰ ছেফ মিখাইল চাহানিয়েও মূল কৰ্মীদলত যোগ দি উৎকৃষ্ট খাদ্য প্ৰস্তুত কৰি কোম্পানীটোক এক শক্তিশালী গতি প্ৰদান কৰে। গোটেই দলটোৱে বৰ্তমান উপলব্ধ সকলো কাৰিকৰি ব্যৱস্থা একলগ কৰি ব্যৱসায়টোৰ কাৰিকৰি দিশটো কোম্পানীটোতে গঢ়ি তোলাৰ সুবিধা গ্ৰহন কৰিছিল। যিহেতু তেওঁলোকক বৃহত হাৰত ব্যৱসায়িক স্থিতিস্থাপকতা আৰু কাঠিন্যও নিজৰ দ্বাৰা নিয়ন্ত্ৰণৰ সুবিধাৰ প্ৰয়োজন আছিল।

২০১৫চনত তেওঁলোকে সাধাৰণভাবে আৰম্ভ কৰা Charcoal Biryani এ এতিয়া দহগুণ পৰিসৰ বৃদ্ধি কৰিছে আৰু মুম্বাইৰ ৮টা স্থানত বিক্ৰীকেন্দ্ৰ স্থাপন কৰিছে। “কোম্পানীয়ে বৰ্তমান অনাগত মাহসমুহত প্ৰতি মাহতে ১০০শতাংশ পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা কৰিছে,” কৃষ্ণকান্তে জানিবলৈ দিয়ে।

তেওঁ তদুপৰি কয় যে তেওঁলোকে বিশ্বাস কৰে যে খাদ্যৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে অৰ্ডাৰ কৰাৰ পৰা ডেলিভাৰী দিয়ালৈকে গ্ৰাহকৰ লগতো এক সুন্দৰ সম্পৰ্ক স্থাপন কৰিব লাগিব। “ই গ্ৰাহকৰ সৈতে ব্ৰেণ্ডটোৰ সম্পৰ্ক উন্নত কৰিছে আৰু Charcoal ৰ ক্ষেত্ৰতো এক বৃহৎ প্ৰাৰ্থক্য দেখা গৈছে,” কৃষ্ণকান্তে লগতে কয়।

খাদ্যবিধ ধুনীয়াকৈ এটা ডিছপজিবল বাকছত বান্ধি দিয়া হয়। গ্ৰাহকে ৱেবচাইট, এপ বা কল চেন্টাৰৰ সৈতে যোগাযোগ কৰি অৰ্ডাৰ দিব পাৰে। তাৰ পিছত সমীপৱৰ্তী কেন্দ্ৰটোলৈ অৰ্ডাৰটো প্ৰেৰণ কৰা হয়। বিভিন্ন ডেলিভাৰী কেন্দ্ৰৰ সৈতে কোম্পানীৰ ব্যৱসায়ীক সম্পৰ্ক আছে। যাৰ ফলত ক্ষীপ্ৰ ডেলিভাৰী সম্ভৱ হৈছে।


YourStoryৰ মন্তব্য

ডমিন’জে বৰ্তমান তেওঁলোকৰ ব্যৱসায়েৰে সকলোকে স্পৰ্ষ কৰিছে। জুবিলেন্ট ফুডৱৰ্কছৰ মুখ্য কাৰ্যবাহী বিষয়া অজয় কৌলৰ মতে ডমিন’জে বৰ্তমান এনেকুৱা এটা পৰ্যায় লাভ কৰিছে যত সকলো স্তৰৰ গ্ৰাহকেই লাভ কৰিছে । গতিকে এতিয়া যিকোনো এজন গ্ৰাহকৰ প্ৰতিক্ৰিয়া জনাটো সম্ভৱ হৈ উঠিছে। তেওঁলোকৰ প্ৰায় ৩০হাজাৰ কৰ্মচাৰী আছে,তাৰে ভিতৰত ২০ৰ পৰা ২৫হাজাৰেই গ্ৰাহকৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত থাকে। ডমিন’জে এতিয়া এইসকল কৰ্মচাৰীক গ্ৰাহকৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰা, ধন আদায় লোৱাৰ পৰা জিপিএছ ট্ৰেকিঙলৈকে সকলো কৰিব পৰা যন্ত্ৰ প্ৰদান কৰাৰ কথা চিন্তা কৰিছে। এতিয়া Charcoal Biryaniএ ভাৰতীয় খাদ্যসম্ভাৰেৰে ডমিন’জৰ এই ৰাজত্ব কিদৰে ভংগ কৰে,সেয়া লক্ষণীয় বিষয়।

আনফালে ইজি খানা, আম্মিজ বিৰিয়ানী আৰু নৱাব শ্বেইখ আদি বিভিন্ন নতুন ষ্টাৰ্ট আপেও এইক্ষেত্ৰখনত প্ৰৱেশ কৰিছে।

মূল -- সিন্ধু কাশ্যপ

অনুবাদ -- প্ৰাঞ্জল শৰ্মা