ব্যক্তিগত জীৱনত হেৰুওৱাৰ অভিজ্ঞতা সুনীল ছুৰীৰ বাবে হৈ পৰিল আনক সহায় কৰাৰ প্ৰেৰণা

ব্যক্তিগত জীৱনত হেৰুওৱাৰ অভিজ্ঞতা সুনীল ছুৰীৰ বাবে হৈ পৰিল আনক সহায় কৰাৰ প্ৰেৰণা

Saturday January 09, 2016,

4 min Read

এটা উদ্যোগ আৰম্ভ কৰাৰ আঁৰত বিভিন্ন জনৰ বাবে বিভিন্ন ধৰণৰ প্ৰেৰণাই ক্ৰিয়া কৰে। সুনীল ছুৰীৰ প্ৰেৰণাৰ আঁৰত আছে ব্যক্তিগত জীৱনত হেৰুওৱাৰ দুখ। এজন ছফটৱেৰ ইঞ্জিনীয়াৰ সুনীল ছুৰী। সুনীল ছুৰীৰ জীৱনটো হঠাতে সলনি হৈ গ’ল, যেতিয়া স্তন আৰু খাদ্যনলীত হোৱা কৰ্কট ৰোগৰ বাবে কম সময়তে মাতৃক হেৰুৱালে সুনীলে। একে সময়তে ডায়েবেটিছত ভোগা পিতৃৰো মৃত্যু হ’ল। খাদ্য আৰু স্বাস্থ্য সুনীলৰ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিল, কাৰণ সুনীলে উপলব্ধি কৰিলে পিতৃৰ খাদ্যৰ তালিকাখনত মাজেমাজে চকু ফুৰুৱা হ’লে হয়তো তেওঁ আৰু কিছু দিন জীয়াই থাকিল হেতেন।

নিজৰ ৰাপ নথকা স্বত্বেও পিতৃলৈ শ্ৰদ্ধাজ্ঞলী জনোৱাৰ উদ্দেশ্যে, সুনীলে ‘স্বদেশ মেনু প্লেনাৰ’ নাম দি এটা এপ্লিকেশ্বন প্ৰস্তুত কৰি উলিয়ালে। এই প্লেটফৰ্মৰ জৰিয়তে যি কোনো লোকে নিজৰ খাদ্যৰ তালিকা আপলোড কৰি ডায়েটিছিয়ানৰ দ্বাৰা তালিকাখন সংশোধন কৰি ল’ব পাৰে। দুমাহ শ্ৰম কৰি সুনীলে এই এপ্লিকেশ্বনটো প্ৰস্তুত কৰি উলিয়ালে, কিন্তু দুৰ্ভাগ্যজনক ভাবে পৰবৰ্তী ছমাহ কালত বিনামুলীয়া এই এপ্লিকেশ্বনটোৰ সুবিধা কোনো এজন মানুহেও নল’লে।

image


পৰিস্থিতি ইমান বেয়ালৈ যোৱা দেখি সুনীলে কামটো অন্য ধৰণে কৰাৰ কথা চিন্তা কৰিলে। সি যি কি নহওক এই সময়ছোৱাত খাদ্য আৰু স্বাস্থ্যৰ ওপৰত কিবা এটা কৰাৰ ৰাপ বাঢ়ি গ’ল সুনীলৰ। এতিয়া সুনীলে সাধাৰণ লোকক এখন মেনু প্লেনাৰ ব্যৱহাৰ কৰিবলৈ কোৱাৰ পৰিবৰ্তে ফলমূল আৰু শাক-পাচলি বিক্ৰি কৰে আৰু ক্ৰেতাই ফলমুল শাক-পাচলি ক্ৰয় কৰাৰ সময়ত এখন মেনু প্লেনাৰ বিনামুলীয়াকৈ দি পঠায়।

আজিৰ প্ৰতিযোগিতামূলক বজাৰ খনত ফলমুল, শাক-পাচলি বিক্ৰি কৰাটো ইমান সহজ বেপাৰ নহয়। ইতিমধ্যে বহু কেইটা উদ্যোগে এই কামটো আৰম্ভ কৰিও বন্ধ কৰিবলৈ বাধ্য হৈছে। সেয়া সুনীলে জানে। সেইবাবেই আনবোৰ উদ্যোগৰ একে দিনাই ডেলিভাৰী দিয়াৰ নিয়মৰ পৰিবৰ্তে সুনীলে কিছু সালসলনি কৰাৰ সিদ্ধান্ত ল’লে।

২০১৫ চনৰ জুন মাহত সুনীলে আৰম্ভ কৰিলে ‘ফলফুল’। ফলফুল এক অনলাইন প্লেটফৰ্ম। ইয়াৰ জড়িয়তে বিয়লিৰ ভাগত ফলমুল আৰু শাক-পাচলিৰ অৰ্ডাৰ লোৱা হয়, আৰু পিছদিনা পুৱা ডেলিভাৰী দিয়া হয়। উত্তৰ পশ্চিম দিল্লীত সুনীলে আৰম্ভ কৰিলে এই ব্যৱস্থা।

“এই ব্যৱস্থাৰ জৰিয়তে কোম্পানী আৰু উপভোক্তা উভয়েই লাভান্বিত হয়। আমাৰ লোকচান প্ৰায় নহয়েই। ক্ৰমে বৃদ্ধি পাই অহা চাহিদালৈ চাই আমি প্ৰথম কেইমাহতে আমাৰ তালিকাত ফলমুল শাক-পাচলিৰ লগতে ঔষধ, গছপুলি, আৰু গেলামালো যোগদিওঁ।”- ‘ফলফুল’ৰ প্ৰতিষ্ঠাপক ৪১ বছৰীয়া সুনীলে ক’লে এনেদৰে।

সুনীলৰ ভাষ্য অনুসৰি ছমাহৰ সময়ছোৱাত, তেওঁ প্ৰতি দিনে গড়ে ৪৫ টাকৈ অৰ্ডাৰেৰে প্ৰায় ৩০০০ উপভোক্তাক ডেলিভাৰী দিছে। এতিয়া ফলমুল, শাক-পাচলিৰ লগতে গছপুলি, ঔষধ আৰু গেলামাল একেলগে পোৱা ‘ফলফুলে’ই হৈছে একমাত্ৰ প্লেটফৰ্ম।

বৰ্তমানলৈ এই প্লেটফৰ্মত ৭-৮ লাখ টকা বিনিয়োগ হৈছে। সুনীল ছুৰীয়ে কোৱা মতে বৰ্তমান গড়ে ২০,০০০ টকা ব্যৱসায় হয়। “উপভোক্তাৰ সৈতে সম্পৰ্কৰ বাবে আমি বিজ্ঞাপন সম্বলিত কাগজৰ টুকুৰা বিলাই আৰু মুখ বাগৰা পদ্ধতিৰে যথেষ্ট উপকৃত হৈছো।”

২০১৫ বৰ্ষৰ নভেম্বৰ মাহত উপভোক্তাৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ বিশেষ উপভোক্তাৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা আৰম্ভ কৰিছে ফলফুলে। “তাৰ আগলৈকে আমি ৰেহাই বা অফাৰৰ কথা ভবা নাছিলো। কিন্তু তাৰ পিছত পৰবৰ্তী সাত দিনত আমি ২২ টা পেৰামিটাৰৰ এটা বিশেষ নিয়ম উলিয়ালো। ইয়াৰ জৰিয়তে বেলেগ বেলেগ উপভোক্তাৰ বাবে বেলেগ দাম নিৰ্ধাৰিত হ’ল।”

এই নিয়ম কাৰ্যকৰী কৰাৰ লগে লগে ফলফুলে ৭৪ শতাংশ গ্ৰাহকৰ পৰা পুনৰ অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হ’ল। এই সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে।

যোগ্য ভোগ্য বসুন্ধৰা

ভাৰতীয় খুচুৰা বজাৰ খনৰ ৬০ শতাংশই দখল কৰি আছে গেলামালৰ বজাৰ খনে, কাৰণ খাদ্য মানুহৰ প্ৰাথমিক প্ৰয়োজন। ভাৰতৰ খাদ্য আৰু গেলামালৰ উদ্যোগটোৰ বৰ্তমান ব্যৱসায় ৩৮৩ শকোটি মাৰ্কিন ডলাৰৰ। টেকন’ফাৰ্মে কৰা এক অধ্যয়ন মতে ২০২০ চনত এই পৰিমাণ হবগৈ ১০হাজাৰ কোটি মাৰ্কিন ডলাৰ।

এইখন বজাৰৰ আগশাৰীত থকা প্ৰতিষ্ঠান কেইটাৰ ভিতৰত আছে- বিগ বাস্কেট, গ্ৰফাৰছ, পেপাৰটেপ আৰু জুগনু। অনলাইন গেলামালৰ ব্যৱসায় কৰা আগশাৰীৰ পাঁচটা উদ্যোগৰ ব্যৱসায় ১৭৩.৫ নিযুত মাৰ্কিন ডলাৰৰো অধিক। ইয়াৰে ১২০ নিযুত মাৰ্কিন ডলাৰৰ ব্যৱসায় হৈছে যোৱাটো বছৰত। বিগ বাস্কেট আৰু গ্ৰ’ফাৰৰ ব্যৱসায় ক্ৰমে ৮৫.৫ নিযুত মাৰ্কিন ডলাৰ আৰু ৪৫.৫ নিযুত মাৰ্কিন ডলাৰ।

সুনীলক ব্যৱসায়টোত থকা প্ৰতিযোগীৰ কথা প্ৰশ্ন কৰোতে উত্তৰত ক’লে অন্যান্য উদ্যোগ কেইটাই বৰ্তি থাকিবৰ বাবে বিনিয়োগ কাৰিয়ে যথেষ্ট পৰিমাণৰ ধন বিনিয়োগ কৰিছে। ইয়াৰ পৰিবৰ্তে সুনীলে লোকচান ভৰিও ব্যৱসায়টো কৰি গৈছে। আশা কৰিছে ২০১৬ৰ জানুৱাৰীতে ব্ৰেক- ইভেন স্পৰ্শ কৰিব ফলফুলে।

“আমাৰ ব্যৱসায়টোৱে সহযোগিতা লাভ কৰিবলৈ আমি এই ব্যৱসায়িক মডেলেৰে কাম কৰি গৈছো। আমি পিছদিনা অৰ্ডাৰৰ সামগ্ৰী ডেলিভাৰী দিও, আৰু একে দিনাই ডেলিভাৰী দিবলৈ হ’লে প্ৰতিটো অৰ্ডাৰৰ বাবে অতিৰিক্ত ৪৫ টকা লওঁ।”- সুনীলে ক’লে এনেদৰে।

শেহতীয়া আৰু হ’বলগীয়া পৰিবৰ্তন

শেহতীয়া ভাবে ফলফুলে সৰু আৰু মধ্যমীয়া বহু গেলামালৰ দোকানৰ সৈতে বিভিন্ন ধৰণৰ অফাৰৰ বাবে চুক্তি কৰিছে। এতিয়াৰে পৰা এনে দোকান সমূহেও Falphool.com. ৰ জড়িয়তে উপযুক্ত উপভোক্তাক ফলফুলৰ অফাৰ সমুবৰ বিষয়ে জনায়। অৱশ্যে এয়া এতিয়াও দ্বাৰকা অঞ্চলতে সীমাবদ্ধ হৈ আছে।

ফলফুলে ৰেচিপি-শ্বেয়াৰিং শাখা এটাও আৰম্ভ কৰিছে একেবাৰে শেহতীয়া ভাবে। ইয়াৰ জৰিয়তে কুক/ চেফ আৰু হাউছৱাইফ সকলে নিজৰ স্বাস্থ্যকৰ ৰিচিপি সমুহ সামুহীয়া স্বাস্থ্যৰ বাবে প্ৰকাশ কৰিব পাৰে।

এতিয়া ফলফুলে নিজৰ ব্যৱসায় ২০১৬ৰ জুন মাহৰ ভিতৰত দিল্লীৰ অন্যান্য প্ৰান্তৰ লগতে গুৰগাওঁ, নইদালৈয়ো প্ৰসাৰ কৰাৰ পৰিকল্পনা কৰিছে। “একেসময়তে, পুনৰ মেনু প্লেনাৰ আৰম্ভ কৰিবৰ সময় আহি পৰিছে। দুই এমাহৰ ভিতৰতে আনৰ হিতৰ বাবে আকৌ মেনু প্লেনাৰ আৰম্ভ কৰা হ’ব।”- নিজৰ পৰবৰ্তী পৰিকল্পনাৰ কথা এনেদৰে ক’লে সুনীল ছুৰীয়ে।

মূলঃ তৌছিফ আলম

অনুবাদঃ মুকুন্দ মাধৱ নেওগ