উদ্যমিতাৰে সফলতাৰ নতুন নতুন কাহিনী লিখি গৈছে শ্ৰীনিবাসে

উদ্যমিতাৰে সফলতাৰ নতুন নতুন কাহিনী লিখি গৈছে শ্ৰীনিবাসে

Monday March 07, 2016,

10 min Read


হায়দৰাবাদক বিশ্বৰ ষ্টাৰ্টআপৰ শ্ৰেষ্ঠতম কেন্দ্ৰৰূপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্পিত

বিশ্বত নিজৰ চিনাকি সুদৃঢ় কৰাৰ ইচ্ছাৰে ‘টী-হাব’ৰ প্ৰণয়ন

পাৰিবাৰিক ঐতিহ্যক আগুৱাই লৈ যাওতে অৱলীলাক্ৰমে তেওঁ হৈ পৰিল ষ্টাৰ্টআপৰ ‘বিশ্বাসযোগ্য উপদেষ্টা’

শিশুটিৰ মনলৈ বহুতো প্ৰশ্ন আহিছিল। বিবিধ বিষয় সম্পৰ্কে জানিবলৈ আৰু সেইবোৰ ভালদৰে বুজাৰ বাবে তেওঁৰ বহুত ইচ্ছা আছিল। তেওঁ নিজকে বাধা দি ৰাখিব পৰা নাছিল আৰু মনলৈ যি প্ৰশ্নই নাহক কিয় লগে লগে দেউতাকক সুধিছিল। আকাশত মেঘৰ ৰূপ দেখি তেওঁ দেউতাকক প্ৰশ্ন কৰিছিল, ‘মেঘে নিজৰ ৰূপ, ৰং আৰু আকাৰ কেনেকৈ লাভ কৰে? তেওঁ দেউতাকক সুধিছিল মানুহৰ শৰীৰ হঠাতে কিয় গৰম হৈ পৰে, কিয় জ্বৰ উঠে?’

শিশুটি ইমানেই জিজ্ঞাসু আছিল যে তন্ত্ৰ-মন্ত্ৰ নে আন কিহেৰে ঘড়়ীটো চলে সেই বিষয়ে জানিবলৈ ঘড়়ীয়েই খুলি পেলাইছিল। কেলকুলেটৰ একোটাই কেনেকৈ প্ৰতিবাৰে নিৰ্ভুল গণনা কৰে সেই বিষয়ে জানিবলৈও তেওঁৰ উৎসুকতা আছিল সুতীব্ৰ। শিশুটিয়ে এটি-দুটি নহয়, প্ৰবল জিজ্ঞাসাৰ বাবে বিভিন্ন বৈদ্যুতিন সামগ্ৰী খুলি তন্ন-তন্নকৈ পৰীক্ষা কৰিছিল সেইবোৰেনো প্ৰকৃততে কেনেকৈ কাম কৰে।

image


শিশুটিৰ বাবে প্ৰতিবিধ সামগ্ৰীতে নিহিত হৈ থাকে একোটাকৈ প্ৰশ্ন আৰু এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি তেওঁ কাষ চাপে দেউতাকৰ। দেউতাক আছিল ব্ৰিটেইনৰ এজন বিখ্যাত চিকিৎসক, কেতিয়াও তেওঁ জিজ্ঞাসু সন্তানক নিৰাশ কৰা নাছিল। সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ সমান্তৰালভাৱে তেওঁ সকলো আশংকাও দূৰ কৰিছিল।

লাহে লাহে শিশুটি যেতিয়া ডাঙৰ হৈ উঠিল তেতিয়া শৈশৱৰ প্ৰশ্ন-উত্তৰবোৰৰ সুবাদেৰে এটা ডাঙৰ মন্ত্ৰ শিকি ল’লে। তেওঁ বুজি পালে যে সঠিক ব্যক্তিক সঠিক প্ৰশ্ন সুধি কাংক্ষিত সফলতাৰ পথৰ সন্ধান পাব পাৰি। এই মন্ত্ৰটোকে সৰোগত কৰি এইগৰাকী ব্যক্তি সফলতাৰ পথত অগ্ৰসৰ হ’ল। আৰু সফলতাৰ পথত তেওঁ ইমানেই আগুৱাই গ’ল যে আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্যমী আৰু প্ৰতিভাৱান যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পৰা হ'ল।

আমি যিগৰাকী ব্যক্তিৰ কথা পাতি আছো তেওঁৰ নাম হৈছে শ্ৰীনিবাস কোল্লিপাৰা। শ্ৰীনিবাস হৈছে হায়দৰাবাদৰ উদ্যমীসকলৰ হকে সুন্দৰ পৰিৱেশ নিৰ্মাণ কৰিবলৈ স্থাপন কৰা ‘টী-হাব’ৰ মুখ্য কাৰ্যবাহী বিষয়া, অৰ্থাৎ চিইঅ’। প্ৰকৃত কথাটো এয়ে যে ‘টী-হাব’ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শ্ৰীনিবাসৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ ইয়াৰ প্ৰতিষ্ঠাপক।

শৈশৱৰ প্ৰশ্ন-উত্তৰৰ মাধ্যমেৰে শিকা গুৰু-মন্ত্ৰৰ সুবাদেৰে শ্ৰীনিবাস সম্প্ৰতি হৈ পৰিছে উদ্যমিতাৰ ‘বিশ্বাসযোগ্য উপদেষ্টা’। ‘য়’ৰ ষ্টৰী’ৰ সৈতে হোৱা এক অন্তৰংগ আলাপত তেওঁ ক’লে যে শৈশৱৰ পৰা পোৱা সেই শিক্ষাৰ বাবেই তেওঁ মাথোঁ উদ্যমীসকলক প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰে। চেষ্টা কৰা হয় যাতে সকলো প্ৰশ্নৰ সঠিক উত্তৰ পোৱা যায়। শুদ্ধ প্ৰশ্ন কৰি উদ্যমীসকলৰ চিন্তা, তেওঁলোকৰ শক্তি আৰু দক্ষতাৰ উমান পোৱা যায়। নিজৰ নিজৰ প্ৰশ্নৰ উত্তৰ লাভ কৰি উদ্যমীসকলে তেওঁলোকৰ সঠিক বিজনেছ মডেলৰ বিষয়ে ক’ব পাৰে।

image


শ্ৰীনিবাসে কয়, ‘মই উদ্যমী আৰু ষ্টাৰ্টআপৰ সৈতে জড়িত লোকসকলক তেওঁলোকৰ সমস্যা সমাধান কৰি নিদিওঁ। বৰঞ্চ নিজৰ নিজৰ সঠিক প্ৰশ্নবোৰৰ সমাধান পোৱাৰ ক্ষেত্ৰতহে তেওঁলোকক সহায় কৰো।’

শ্ৰীনিবাসে বিশ্বাস কৰে যে ভাৰতৰ উদ্যমীসকলৰ শক্তি অতি বৃহৎ আৰু ই সমগ্ৰ বিশ্বকে সলনি কৰি দিয়াৰ বাবেও সক্ষম।

শ্ৰীনিবাসে প্ৰকাশ কৰা মতে, যদিহে কোনো ৰাষ্ট্ৰই সফলতাৰ কাহিনী ৰচনা কৰিব বিচাৰে তেন্তে বিকাশৰ বাবে মাথোঁ এটা কেন্দ্ৰ নহয় বৰঞ্চ অধিক কেন্দ্ৰ নিৰ্মাণ কৰিব লাগে।

সেই বাবেই তেওঁ বাংগালুৰুৰ সমান্তৰালভাৱে হায়দৰাবাদকো ষ্টাৰ্টআপৰ বৃহৎ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ দায়িত্ব মূৰ পাতি লৈছে। যিদৰে ‘টী-হাব’ৰ স্থাপন কৰা হ’ল আৰু যিদৰে তেওঁ কাম আৰম্ভ কৰিছে তালৈ চাই নিশ্চিতৰূপে ধাৰণা কৰিব পাৰি যে শ্ৰীনিবাস নিজৰ উদ্দেশ্যত সফলতাৰ দিশে আগবাঢ়িছে।

২০১৫ চনৰ ৫ নৱেম্বৰত ‘টী-হাব’ৰ দৰ্শনীয় আৰম্ভণি হৈছিল। এই সুযোগতে নিজৰ উপস্থিতিত তেওঁ বিশ্বপ্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটা, তেলেংগানাৰ ৰাজ্যপাল নৰসিংহন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰামাৰাওৰ দৰে ব্যক্তিক উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

‘টী-হাব’ ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ এক সুন্দৰ নমুনা। ই হৈছে তেলেংগানা চৰকাৰ, ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান, হায়দৰাবাদ (আইআইআইটি-হেচ), ইণ্ডিয়ান স্কুল অব্ বিজিনেছকে ধৰি বহুতো নামী-দামী ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ চিন্তা, শ্ৰম আৰু সহযোগিতাৰ ফচল।

‘টী-হাব’ৰ উদ্দেশ্য হৈছে হায়দৰাবাদত উদ্যমী আৰু ষ্টাৰ্টআপৰ বিকাশৰ বাবে সৰ্বোত্তম অনুকূল পৰিৱেশৰ সৃষ্টি কৰা।

আইআইআইটি-হেচৰ চৌহদত আৰম্ভ হোৱা ‘টী-হাব’ত ৭০,০০০ বৰ্গফুট ঠাই আছে। উদ্যমীসকলৰ কাম কৰিবলৈ ‘টী-হাব’ত অত্যাধুনিক আৰু আন্তৰ্জাতিক মানৰ সুবিধা দিয়া হৈছে। সম্প্ৰতি বহুতো ষ্টাৰ্ট-আপে ‘টী-হাব’ৰ পৰাই নিজৰ কাম কৰি আহিছে। সবাতোকৈ গুৰুত্বপূ্ৰ্ণ কথাটো এয়াই যে ‘টী-হাব’ত ইনকিউবেটৰ্ছ আৰু এক্সেলেটৰ্ছৰ বাবে সুকীয়া স্থান দিয়া হৈছে। উদ্যমীসকলে সময়ে সময়ে ভেন্সাৰ কেপিটেলিষ্ট আৰু অন্য বিনিয়োগকাৰীৰ সৈতে আলোচনাত মিলিত হ’বলৈ এই সুবিধা প্ৰদান কৰা হৈছে। প্ৰতিটো বিষয়ত ‘টী-হাব’-এ উদ্যমীসকলৰ বাবে জ্ঞান, পদ্ধতি-প্ৰস্তুতি আৰু বিকাশৰ বাবে সুন্দৰ উৎস হৈ পৰিছে।

চিইঅ’ শ্ৰীনিবাসৰ সম্পূৰ্ণ বিশ্বাস আছে যে এদিন ‘টী-হাব’ৰ পৰা সফলতাৰ বহুতো কাহিনী ওলাব আৰু এই কাহিনীবোৰে সমগ্ৰ বিশ্বজুৰি চৰ্চা লাভ কৰিব।

এটা প্ৰশ্নৰ উত্তৰত শ্ৰীনিবাসে ক’লে যে ‘টী-হাব’ৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য বাংগালুৰু আৰু হায়দৰাবাদৰ মাজত কোনো কাজিয়াৰ সূত্ৰপাত ঘটোৱাটো নহয়। এখন মহানগৰৰ সৈতে আন এখন মহানগৰৰ মনোমালিন্য ঘটোৱাটো উচিতো নহয়। দেশৰ বিকাশৰ বাবে প্ৰয়োজন চহৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা। আনহাতে, ভাৰতত বিকাশৰ কেন্দ্ৰ এটাৰ পৰিৱৰ্তে বহুতো হওক। চহৰসমূহৰ মাজৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ সুস্থ প্ৰতিযোগিতা হোৱাটো ভাল কথা, কিন্তু কাজিয়াৰ পৰিস্থিতি উদ্ভৱ হ’ব নালাগে।

উদ্যমী আৰু ষ্টাৰ্টআপৰ নতুন কেন্দ্ৰৰ বাবে হায়দৰাবাদক কিয় নিৰ্বাচন কৰিলে? এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ তেওঁ কিছু চিন্তিত হৈ পৰা দেখা গ’ল। জীৱনৰ কিছু পাহৰিব নোৱাৰা স্মৃতি তেওঁ পুনৰ ৰোমন্থন কৰিলে আৰু আমাৰ আগত ব্যক্তও কৰিলে।

শ্ৰীনিবাসে কয় যে হায়দৰাবাদৰ সৈতে তেওঁৰ সম্পৰ্ক অতি গভীৰ আৰু মজবুত। তেওঁৰ সকলো বন্ধু হায়দৰাবাদী। কেৱল সেয়াই নহয়, হায়দৰাবাদৰ প্ৰভাৱশালী হিচাপে নাম থকা আৰু শক্তিশালী বহুতো লোক আৰু পৰিয়ালৰ সৈতে তেওঁৰ পৰিচিতি আছে আৰু তেওঁলোকৰ সৈতে তেওঁৰ সুদৃঢ় সম্পৰ্কও আছে।

সেই বাবেই তেওঁ ভাবিলে যে হায়দৰাবাদত সহজতে কাম কৰিব পৰা হ’ব। ৰাজনৈতিক ব্যক্তিয়েই হওঁক বা বিষয়া-আমোলাই হওঁক, তেওঁলোকৰ সহযোগিতা নিশ্চিতভাৱে লাভ কৰিব।

শ্ৰীনিবাসৰ মতে হায়দৰাবাদ জীৱ বিজ্ঞান, চিকিৎসা বিজ্ঞান আৰু কৃষিৰ ক্ষেত্ৰত উল্লেখনীয় কেন্দ্ৰ। যদিহে ইয়াৰ সৈতে জড়িত ষ্টাৰ্টআপ আৰু উদ্যমীসকলে ‘টী-হাব’ৰ সৈতে কাম কৰে তেন্তে তেওঁলোকৰো যথেষ্ট সহায় হ’ব।

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনত পঢ়া-শুনা তথা কাম-কাজৰ অনুভৱ ব্যক্ত কৰি শ্ৰীনিবাসে ক’লে যে বহুতো ৰাষ্ট্ৰই গভীৰভাৱে চিন্তা নকৰাকৈয়ে ছিলিকন ভেলীৰ নকল কৰাৰ চেষ্টা কৰি আহিছে। সেই বাবেই হাজাৰ চেষ্টাৰ মূৰতো নিজা ‘ছিলিকন ভেলী’ নিৰ্মাণ কৰিব পৰা নাই। বহুতো দেশে ভুল কৰিছে যে তেওঁলোকে নিজৰ প্ৰয়োজন অনুসৰি কাম হাতত লোৱা নাই। স্থানীয় সমস্যাবোৰক কৰ্ণপাত কৰা নাই। নিজৰ দেশৰ জনতাৰ অভাৱ-অভিযোগ বিচাৰ কৰিবলৈ চেষ্টা কৰা নাই। তেওঁলোকে বিচাৰ কৰিব পৰা নাই, তেওঁলোকৰ বাবে কি উচিত কি অনুচিত।

শ্ৰীনিবাসে পুনৰ ক’লে যে হায়দৰাবাদত সেইবোৰ কামহে হ’ব যি প্ৰকৃততে জনতাৰ বাবে উপযুক্ত।

হায়দৰাবাদৰ প্ৰত্যাহ্বানৰ বিষয়ে ক’বলৈ গৈ শ্ৰীনিবাসে উল্লেখ কৰিলে যে তিনি-চাৰি বছৰ পূৰ্বে পৰিৱেশ সম্পূৰ্ণ সূকীয়া আছিল। সকলোৱে বাংগালুৰুৰ কথা কৈছিল। ৰাজনৈতিক নেতাই হওক, বিষয়া বা সাংবাদিকেই হওক, বেছিভাগ লোকেই ষ্টাৰ্টআপৰ বিষয়ে সঠিকভাৱে একো জনা নাছিল। সকলো উদ্যমী বাংগালুৰুলৈ গৈছিল। কিন্তু মই কেইজনমান সতীৰ্থৰ সৈতে হায়দৰাবাদৰ পৰিৱেশ সলনি কৰাৰ চেষ্টাত ব্ৰতী হ’লো। লাহে লাহে প্ৰত্যাশিতভাৱেই ৰূপ সলনি হোৱা দেখা পালো। চেষ্টাই ৰং পাবলৈ আৰম্ভ কৰিলে। এই চেষ্টাক সাকাৰ ৰূপ দিয়াৰ ক্ষেত্ৰত আইআইআইটি-হায়দৰাবাদৰ ডাঙৰ ভূমিকা আছে।

image


উল্লেখনীয় কথাটো হ’ল এয়ে যে ২০১৪ চনত যেতিয়া তেলেংগানা ৰাজ্য গঠিত হৈছিল আৰু ইয়াত নতুন চৰকাৰ হ’ল তেতিয়াৰেপৰা পৰিৱৰ্তন ক্ষিপ্ৰ গতিত হ’বলৈ আৰম্ভ কৰিলে। নতুন চৰকাৰৰ তথ্য প্ৰযুক্তিমন্ত্ৰী তাৰক ৰামা ৰাওৰ সক্ৰিয়তা আৰু শ্ৰমৰ ফলতেই এক সুন্দৰ নীতি প্ৰস্তুত হ’ল। এই নীতিৰ ফলতেই ‘টী-হাব’ মূৰ্ত হৈ উঠিল। চৰকাৰখনে হায়দৰাবাদত কেৱল তথ্য প্ৰযুক্তিবিদ্যাৰ বাবেই নহয়, ষ্টাৰ্ট আপ আৰু উদ্যমিতাক উৎসাহ দিবলৈও সকলো প্ৰকাৰে সহায় কৰিছে।

সাধাৰণভাৱে বুজা যায় যে চৰকাৰে যিমান কামতেই হস্তক্ষেপ কৰে সিমানেই জনতাই সুফল লাভ কৰে, বিশেষকৈ তথ্য প্ৰযুক্তিবিদ্যা আৰু উদ্যমিতাৰ ক্ষেত্ৰত। কিন্তু তেলেংগানাৰ কথাটো সুকীয়া। ইয়াৰ তথ্য প্ৰযুক্তিবিদ্যা দপ্তৰৰ মন্ত্ৰী তাৰক ৰামা ৰাওৰ চিন্তা আৰু দক্ষতাৰ বাবে ষ্টাৰ্টআপ আৰু উদ্যমীসকলে সকলো ক্ষেত্ৰতে সুবিধা লাভ কৰি আহিছে।

কৰ্পৰেট বিশ্ব আৰু নিজৰ ব্যৱসায়িক সাম্ৰাজ্য ত্যাগ কৰি তেওঁ কিয় ষ্টাৰ্টআপৰ সৈতে সম্পৰ্ক স্থাপন কৰিলে? এই প্ৰশ্নৰ উত্তৰত শ্ৰীনিবাসে ক’লে যে তেওঁলোকৰ পৰিয়ালত চিৰন্তন সিৰাই সিৰাই উদ্যমিতাৰ ৰক্ত প্ৰবাহিত হৈ আহিছে।

শ্ৰীনিবাসে উল্লেখ কৰিছিল যে তেওঁৰ ককাক ডাঃ চি এল ৰায়ুদুৰ দ্বাৰা তেওঁ বহু পৰিমাণে প্ৰভাৱিত। ডাঃ চি এল ৰায়ুদু এগৰাকী প্ৰতিষ্ঠিত বাওঁপন্থী নেতা আছিল। অবিভাজিত অন্ধ্ৰপ্ৰদেশৰ বাণিজ্যিক ৰাজধানী বিজয়ৱাড়া আৰু সমীপৱৰ্তী গন্নৱৰমৰ বিকাশৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জনতাৰ ভালৰ বাবে তেওঁ বহুতো কাম কৰিছিল। বহুতো বিদ্যালয় স্থাপন কৰিছিল। নিস্বাৰ্থভাৱে তেওঁ এই সকলোবোৰ কৰিছিল। তেওঁ কেতিয়াও ঐশ্বৰ্য-বিভূতিৰ কথা চিন্তা নকৰিলে। আপুনি সমাজক কি দিব পাৰে? কিদৰে সমাজলৈ ধনাত্মক পৰিৱৰ্তন লৈ আনিব পাৰে? সমাজত কিদৰে আপুনি ভাল প্ৰভাৱ পেলাব পাৰে? এইবোৰেই তেওঁ ভাবিছিল আৰু এনেদৰেই কাম কৰিছিল।

শ্ৰীনিবাসে ক’লে, ‘মোৰ ককাই মোৰ ওপৰত গভীৰ চাপ পেলাই থৈ গ’ল। তেওঁ সমাজ সেৱা কৰিছিল। ধনাত্মক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিলে। টকা-পইচাৰ পিছত নদৌৰিলে। চৰকাৰে দিয়া পুৰস্কাৰো নল’লে।’

শ্ৰীনিবাসে কয়, ‘ময়ো সমাজখনৰ বাবে কিবা এটা ভাল কাম কৰিব বিচাৰো। সমাজখনৰ লগতে বিশ্বক নিজৰ ভাল কামেৰে প্ৰভাৱিত কৰিব বিচাৰো। সুগভীৰভাৱে প্ৰভাৱিত কৰিব বিচাৰো। মোৰ জীৱনৰ উদ্দেশ্য হৈছে সমাজখনৰ বাবে কিবা এটা কৰাৰ, যাৰ দ্বাৰা সমাজৰো লাভ হয়।‘

নৈতিকতা আৰু সিদ্ধান্তৰ ক্ষেত্ৰত শ্ৰীনিবাস বহু পৰিমাণে কাঢ়া। তেওঁ সিদ্ধান্তক লৈ কোনো ধৰণৰ আপোচ নকৰে। এই বিষয়ত তেওঁৰ মোমায়েক ডাঃ বসন্ত কুমাৰৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। ডাঃ বসন্ত কুমাৰ অন্ধ্ৰপ্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা আৰু ৱাই এছ ৰাজাশেখৰ ৰেড্ডীৰ সহপাঠী আৰু ভাল বন্ধু আছিল। ৰাজাশেখৰ ৰেড্ডী যেতিয়া মুখ্যমন্ত্ৰীৰ আসনত আছিল তেওঁ সেই সময়ত কেইবাবাৰো শ্ৰীনিবাসৰ মোমায়েক ডাঃ বসন্ত কুমাৰক কংগ্ৰেছত যোগদান কৰিবলৈ আহ্বান জনাইছিল। তেওঁ নিশ্চিতি দিছিল যে যদিহে তেওঁ কংগ্ৰেছত যোগদান কৰে তেন্তে তেওঁক ক্ষমতাশালী পদত নিযুক্তি দিয়া হ’ব। যিহেতু বসন্ত কুমাৰ পূৰ্বৰেপৰা অন্য দলৰ সৈতে জড়িত হৈ আছিল সেইবাবে তেওঁ সিদ্ধান্তৰ সৈতে আপোচ নকৰিলে আৰু সকলো পৰিস্থিতিতে নিজকে ক্ষমতাৰ লালসাৰ পৰা আঁতৰত ৰাখিলে।

আমোদজনক কথাটো হ’ল এয়ে যে শ্ৰীনিবাসৰ শৈশৱ পাৰ হৈছিল ব্ৰিটেইনত। তাতেই তেওঁ বিদ্যালয়ৰ শিক্ষা লাভ কৰিলে। তেওঁৰ দেউতাক আছিল নামকৰা চিকিত্সক আৰু পিছলৈ ব্যৱসায়ৰ সৈতেও জড়িত হৈ পৰিছিল। দেউতাকৰ ব্যৱসায়তো হাত উজান দিছিল শ্ৰীনিবাসে।

কিশোৰ অৱস্থাত কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলৈ শ্ৰীনিবাসক বিজয়ৱাড়ালৈ পঠিয়াই দিয়া হ’ল। ব্ৰিটেইনত ডাঙৰ-দীঘল হোৱা শ্ৰীনিবাসে বিজয়ৱাড়াক এক আচৰিত চহৰ যেন পালে। ব্ৰিটেইন আৰু ভাৰতৰ সংস্কৃতি, ইয়াৰ জনতাৰ জীৱন-শৈলী, খাদ্যাভ্যাস আদিত যথেষ্ট পাৰ্থক্য আছে। শ্ৰীনিবাসক মিলিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ল।

কিন্তু শ্ৰীনিবাসে ভাৰতলৈ আহি বহুতো নতুন কথা শিকিব পাৰিলে। ভাৰতৰ কলা-সংস্কৃতি, জনতাৰ শক্তি আৰু সমস্যাসমূহ বুজিবলৈ তেওঁ সুবিধা পালে। ককাক আৰু মোমায়েকৰ সৈতে থাকি সমাজ পৰিৱৰ্তন কৰিবলৈ তেওঁলোকৰ প্ৰচেষ্টাৰ সৈতেও চিনাকি হৈ বহুত কথা শিকিব পাৰিলে।

কলেজৰ শিক্ষা শেষ হোৱাৰ পিছত শ্ৰীনিবাসে অ’মেগা ইমিউন’টেক প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো প্ৰতিষ্ঠা কৰিলে। এই কোম্পানীটোৱে ব্ৰিটেইনৰ পৰা ডায়েগ্নষ্টিক এঞ্জাইম আমদানি কৰিছিল। কিছু বছৰ পিছত শ্ৰীনিবাসৰ এই কোম্পানীটোৰ কৰ্তৃত্ব এটা ডাঙৰ ফাৰ্মা কোম্পানীয়ে গ্ৰহণ কৰিলে।

ইয়াৰ কৰ্তৃত্ব প্ৰদানৰ পিছত শ্ৰীনিবাসে কেইবাটাও ডাঙৰ কৰ্পৰেট প্ৰতিষ্ঠানত সুকীয়া সুকীয়া গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।

শ্ৰীনিবাসে ট্ৰান্সজিন বায়’টেক লিমিটেড, কম্পুলৰ্নটেক প্ৰাইভেট লিমিটেড, কেএফআই কৰ্পোৰেচন, এছপেক্ট ছফটৱেৰ, পীপলছফটৰ দৰে নামী-দামী কোম্পানীৰ শীৰ্ষ পদত নিজৰ সেৱা প্ৰদান কৰিছিল।

কিন্তু ২০০৭ চনত তেওঁ সিদ্ধান্ত ল’লে যে এতিয়া তেওঁ স্বতন্ত্ৰভাৱে কাম কৰিব আৰু ষ্টাৰ্টআপৰ বিশ্বলৈ নিজৰ সকলো সমৰ্পন কৰিব।

ইয়াৰ পিছত তেওঁ মাথোঁ সন্মুখলৈহে আগুৱাই গ’ল। ‘ষ্টাৰ্টআপ মেণ্টৰ’ৰ ৰূপত বিশ্বজুৰি পৰিচিত হৈ উঠিল আৰু নিজৰ চিনাকি সুদৃঢ় কৰি তুলিলে।

ষ্টাৰ্টআপৰ পৃথিৱীত শ্ৰীনিবাস সম্প্ৰতি বৃহৎ আৰু অতুলনীয় ব্যক্তিত্ব। তেওঁৰ সুকীয়া চিনাকি আছে আৰু সুকীয়া উদ্দেশ্যও আছে।

শ্ৰীনিবাসে কয় যে ‘টী-হাব’ৰ প্ৰতিষ্ঠা এতিয়ালৈকে তেওঁৰ জীৱনৰ সৰ্বোত্তম অনুভূতি আৰু সাফল্য। ‘টী-হাব’-এ তেওঁৰ জীৱনৰ সৰ্বোত্তম সুখ প্ৰদান কৰিছে। আৱেগিক কিন্তু বিশ্বাসভৰা শব্দৰে তেওঁ কৈ গ’ল, ‘যেতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে ‘টী-হাব’ক ষ্টাৰ্টআপৰ আটাইতকৈ শ্ৰেষ্ঠ কেন্দ্ৰ বুলি মানি ল’ব আৰু ‘টী-হাব’-এ লিখা সফলতাৰ কাহিনী বিশ্বজুৰি গুঞ্জৰিত হ’ব তেতিয়াহে মোৰ সপোন সাকাৰ হ’ব। তেতিয়াহে গৌৰৱেৰে মই ক’ব পাৰিম যে হয় মই বিচাৰিছিলো সেয়া সঁচাকৈয়ে লাভ কৰিলোঁ।‘

অন্তৰংগ আলাপৰ সময়ত নিজৰ জীৱনৰ কঠিন সময়বোৰৰ বিষয়েও জানিবলৈ দিলে শ্ৰীনিবাসে। তেওঁ কয় যে, ‘মই নিজৰ জীৱনটোতেই বহু উত্থান-পতনৰ মুখামুখি হৈছো।প্ৰতিবাৰেই কিবা এচা নতুন শিকিবলৈ পালো। মোৰ বাবে আটাইতকৈ কঠিন সময় আছিল সেইখিনি, যেতিয়া মোৰ দেউতাৰ কোম্পানীয়ে ভয়ানকভাৱে লোকচান ভৰিবলগীয়া হৈছিল। একপ্ৰকাৰ আমি দেৱলীয়া হৈ পৰিছিলো। ঋণদাতাসকল আমাৰ পিছত পৰিছিল। বহুত বেয়া সময় আছিল। মোক তাতোকৈ বেছিকৈ দুখ দিয়া কথাটো আছিল যে সেই সময়ত মোৰ বন্ধুসকলো আঁতৰি আছিল। কঠিন সময়ত সংগ দিবলৈ তেওঁলোক নাছিল। যিসকলে সুখৰ দিনত পাৰ্টী কৰিছিল তেওঁলোকেই কঠিন সময়ত অচিনাকি হৈ পৰিছিল। কিন্তু সহায় কৰিবলৈও আহিছিল কেইজনমান। নাজানো তেওঁলোক ক’ৰপৰা আহি আমাক সহায় কৰিলে। তেওঁলোকে কৈছিল আপোনালোকে যিবোৰ ভাল কাম কৰিলে সেইবোৰে আমাক প্ৰভাৱিত কৰিছে আৰু সেই বাবেই আমি আপোনালোকক সহায় কৰিব বিচাৰো। তেওঁলোকৰ কথা শুনি আহ্লাদিত হৈছিলো। অনুভৱ কৰিছিলো যে ভালৰ ফল ভালেই। সমস্যাজৰ্জৰিত সেই সময়খিনিত বুজি উঠিছিলো যে জীৱনত ভাল মানুহ বিচাৰি উলিওৱাৰ প্ৰয়োজন আছে আৰু ইয়াতকৈয়ো প্ৰয়োজনীয় হৈছে সেইসকল লোকক যিকোনো পৰিস্থিতিতে সহায় কৰাটো। কিয়নো ভাল মানুহেহে ভাল কাম কৰে আৰু প্ৰতি মুহূৰ্তত কামত আহে।‘

উদ্যমিতাৰে সাফল্যৰ নতুন নতুন কাহিনী লিখি অহা শ্ৰীনিবাসে কয় যে, কৰ্প”ৰেটৰ জাকজমকতাপূৰ্ণ পৃথিৱী এৰি ষ্টাৰ্টআপক আঁকোৱালি লোৱাৰ তিনিটা কাৰণ আছে, প্ৰথম-বিশ্বৰ সকলো লোকৰ বাবে এনেকুৱা কাম কৰক যাতে সকলোৰে জীৱনত আপোনাৰ গভীৰ প্ৰভাৱ পৰে, দ্বিতীয়-সেই কামহে কৰক যি আপুনি ভালপায়, এনে একো কাম নকৰিব যি আপুনি ভাল নাপায় আৰু তৃতীয়-নিজৰ পৰিয়ালৰ সমাজ সেৱাৰ ঐতিহ্যক আগুৱাই লৈ যোৱা।

মূল- ড° অৰৱিন্দ য়াদৱ (লেখক য়'ৰ ষ্ট'ৰীৰ ভাৰতীয় ভাষাৰ মেনেজিং এডিটৰ )

অনুবাদ ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জানি লওক ষ্টাৰ্টআপ চলোৱাৰ নীতি-নিয়ম

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে