কল্যাণী খ’নাৰ তিনিটাকৈ দুৰ্ঘটনাই ক’ব জীৱনৰ জয়গানৰ কথা

কল্যাণী খ’নাৰ তিনিটাকৈ দুৰ্ঘটনাই ক’ব জীৱনৰ জয়গানৰ কথা

Saturday December 19, 2015,

5 min Read

‘দুৰ্ঘটনাই আমাক সলনি কৰে, উপলদ্ধি কৰায় আমি আচলতে কি’

কল্যাণী খ’না ৰ জীৱনতো যেন সেয়াই ঘটিল।

২০১৩ চনত এটা বিনিময় কাৰ্যসুচীৰ অধীনত কল্যাণীয়ে ব্ৰাজিল ভ্ৰমণ কৰি দেশখনৰ দৰিদ্ৰ ল’ৰা- ছোৱালীক পাঠদান কৰিছিল। সেই সময়তে কল্যাণী দৰিদ্ৰতাই অপৰাধীৰ চহৰ হিছাপে গঢ়ি তোলা বেলেম নামৰ এখন চহৰলৈও গৈছিল। তাত তেতিয়া হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছিল।

image


ভাগ্যই সদায় নিজৰ পথ বাছি লয়। এদিন বিয়লি কল্যাণীক আগভেটি ধৰিলে কেইজনমান অপৰাধীয়ে। পাছপৰ্টকে ধৰি টকা পইছা থকা বেগটো কাঢ়ি নি কপৰ্দক শূণ্য কৰি থৈ গ’ল কল্যাণীক।

কিন্তু কল্যাণীয়ে ঘটনাটোক লৈ বৰ চিন্তিত নহৈ সাধাৰণ ভাবেই ল’লে।

বিদেশৰ মাটিত, তাৰ ভাষা বুজি নোপোৱা অৱস্থাত নিজৰ পৰিচয় সম্বলিত কাগজ খনেই নোহোৱা হ’লে যিকোনো মানুহেই বিতত হ’ব। কিন্তু কল্যাণীৰ বাবে যেন সেয়া আছিল এটা শিক্ষা।

কল্যাণীয়ে কয়-“তুমি যদি একো নাজানা আৰু একোৱেই যদি তোমাৰ পক্ষে নাই, তেন্তে ধৈৰ্য ধৰা। কাৰণ মই জানো, সকলো ঠিক হৈ যাব। একো বুজি নোপোৱাটো একো ডাঙৰ কথা নহয়, কাৰণ সকলো ভাল হ’বলৈ গৈ আছে।”

এনেধৰণৰে বেপৰোৱা আৰু উৎসাহী যুৱতী কল্যাণী। অৱশ্যে কল্যাণীৰ জীৱনত দূৰ্ঘটনা কেৱল সেয়াই নাছিল।

এগৰাকী ব্যক্তি হিছাপে, কল্যাণী সদায়ে যি কোনো কাম যিমান পাৰে সোনকালে আৰম্ভ কৰা বিধৰ। তেওঁৰ কেৰিয়াৰতো তাৰ প্ৰভাব দেখা যায়। মাৰ্কেটিঙৰ পৰা জনসম্পৰ্কৰক্ষীলৈ কল্যাণীয়ে যেন সকলো কামেই কৰি চালে। ২০১২ৰ পৰা ২০১৪ চনলৈ প্ৰায় ২০ টা মান প্ৰকল্পৰ সৈতে জড়িত হৈ কাম কৰিছিল কল্যাণীয়ে।

কল্যাণীয়ে প্ৰকৃততে কি কৰিব বিচাৰে, তেওঁৰ আচলতে ৰাপ কিহত সেইটো বুজিবলৈকে তেওঁ বহু ব্যক্তিক লগ ধৰিছিল, একে লগে বহু কাম কৰিছিল। এইছ. আৰ. কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী লোৱা কল্যাণী আছিল সদায়ে শ্ৰেণীৰ প্ৰথম। সহপাঠী বন্ধু বৰ্গই আন টপাৰ শিক্ষাৰ্থীৰ দৰেই তাইকো মাল্টিনেচনেল কোম্পানীয়ে বিচৰা প্লেচমেন্টত বহিবলৈ কয়, কিম্তু কল্যাণীৰ মন তাত নাছিল। তাইৰ মতে-“প্ৰতিটো সৰু বস্তুতেই ডাঙৰ কিবা এটাৰ সম্ভাৱনা লুকাই থাকে।” কল্যাণীয়ে বিশ্বাস কৰে তাইৰ সকলো অভিজ্ঞতাই এখন বিশাল পৰ্টট্ৰেইট অংকন কৰি আছে, যিখনৰ কথা তাই এদিন গৰ্বৰে কব পাৰিব।

দূৰ্ঘটনা#২

image


প্ৰতিটো ঘটনাৰে এটা বেয়া দিশো থাকে, এটা এন্টি ক্লাইমেক্স। কল্যাণীৰ ক্ষেত্ৰত যেন সেয়া তাতেই শেষ নহয়, বিপৰীতে তাৰপৰাই কল্যাণীয়ে বিচাৰি উলিয়ায় প্ৰেৰণাৰ উৎস।

নিজৰ বন্ধুবৰ্গই নতুন চাকৰিত যোগদান কৰি সংস্থাপিত হোৱা দেখি কল্যাণীলৈ আহি থকা অফাৰ বোৰৰ এটা গ্ৰহণ কৰি তেৱোঁ সংস্থাপিত হোৱাৰ মন কৰিলে। পিছে চাকৰিত যোগদান কৰি বন্দী হোৱাৰ আগেয়ে কল্যাণীয়ে ২০ দিনৰ বাবে ১৪,০০০ ফুট উচ্চতাৰে হিমালয় বগোৱাৰ চিন্তা কৰিলে।

কল্যাণীৰ দ্বিতীয়তো দূৰ্ঘটনাও ইয়াতে সংঘটিত হ’ল। কিবা এটা আৰম্ভ কৰা চিন্তাৰ খোৰাক জগালে এই দূৰ্ঘটনাটোৱেই।

ঘটনাটো ঘটা প্ৰায় এবছৰৰ পিছতো, এতিয়াও তেওঁ এতিয়াও ক’ব কেনেদৰে তেওঁ এগৰাকী ‘Accidental Entrepreneur’ হ’ল।

পিছে তেওঁৰ সাহসিকতা তাতেই সীমাবদ্ধ নহয়। একে বাৰে একো নজনা বিষয় এটা লৈ কল্যাণীয়ে এটা ষ্টাৰ্ট আপ আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে। বিশেষভাবে সক্ষম লোক সকলৰ বাবে যোৰা মিলোৱা এটা এজেন্সী আৰম্ভ কৰাৰ বাবে অনুপ্ৰাণিত হ’ল কল্যাণী।

কল্যাণীৰ দৰ্শন-‘সকলো ঠিক হৈ যাব’ সত্য প্ৰমাণিত হ’ল। এই সন্দৰ্ভত কল্যাণীৰ ভাষ্য এনেধৰণৰ-

“মানুহৰ চিন্তাধাৰাত এক পৰিবৰ্তনৰ প্ৰয়োজন আছে। এই পৰিবৰ্তন হ’ব লাগিব- সহানুভুতিৰ পৰা শ্ৰদ্ধালৈ। বিশেষ ভাবে সক্ষম লোক সকলৰ প্ৰতি কাৰোবাৰ বেয়া লাগি কেৱল ৰাস্তা পাৰ হওঁতে সহায় কৰি দিলেই নহ’ব, তাৰ পৰিবৰ্তে এখন্তেক ৰৈ তেওঁলোকৰ সৈতে দুআষাৰ কথাও পাতিব লাগিব।”

২০১৫ চনত বাংগালুৰুত অনুষ্ঠিত সমাবেশ সন্মিলনত কল্যাণীয়ে ল’ক’মটিভ ডিছাবিলিটিত ভোগা ৪০ বছৰীয়া নাৰায়ণ নামৰ এজন লোকক হুইল চেয়াৰখন ঠেলি সহায় কৰি দিছিল। সেইজন লোকেই কল্যাণীৰ এটা প্ৰবন্ধ পঢ়ি ই-মেইল যোগে কল্যাণীৰ সৈতে যোগাযোগ কৰিলে। নাৰায়ণে জনালে যে, তেওঁ জীৱনত বিছৰা সকলোখিনিয়েই পালে, এটা ভাল কেৰিয়াৰ, এটা সুন্দৰ ঘৰ, কিন্তু সদায়ে অভাৱ অনুভৱ কৰে এগৰাকী জীৱন সংগীৰ। নাৰায়ণৰ এই পত্ৰখনে বৰকৈ চিন্তাত পেলালে কল্যাণীক।

কল্যাণীয়ে উপলদ্ধি কৰিলে সামাজিক স্তিতিৰ পৰাই হতাশাৰ উদ্ভৱ হয়। বৰ্তমান কল্যাণীৰ ফাৰ্ম ‘ৱান্টেড আম্ব্ৰেলা (WANTED UMBRELLA)’ই বিশেষ ভাবে সক্ষম লোক সকলৰ বাবে ‘লভেবিলিটি (LOVEABILITY)’ নামৰ এটা মোবাইল ডেটিং এপছ্ প্ৰস্তুত কৰি উলিয়াইছে।

লক্ষণীয় ভাবে তাই এই সকলোবোৰ কৰিছে মাত্ৰ ২২ বছৰ বয়সতে। কল্যাণীয়ে ৱান্টেড আম্ব্ৰেলা আৰম্ব কৰিছিল ২১ বছৰ বয়সত। কল্যাণীয়ে কোৱা মতে অক্ষম মানে কি তাকো তাই জনা নাছিল, ইন্টাৰনেট খুচৰিছিল ‘অক্ষম’ৰ বিষয়ে অধিক জানিবলৈ। আৰু সেই সময়তে তাই বিচাৰি পালে প্ৰকৃততে তাই কি কৰিব বিচাৰে।

ৱান্টেড আম্ব্ৰেলাৰ যাত্ৰা পথ

ৱান্টেড আম্ব্ৰেলাৰ যাত্ৰা পথ


কল্যাণীৰ বাবে বিশেষ ভাবে সক্ষম লোক সকল তাইৰ বাবে প্ৰেৰণাৰ উৎস। “মই ভাবোঁ বিশেষ ভাবে সক্ষম লোক সকলহে প্ৰকৃত নায়ক। তেওঁলোকৰ পৰা সমগ্ৰ বিশ্বৰ শিক্ষা লোৱা উচিত। তেওঁলোক কেৱল মোৰ বাবেই নহয়, সমাজৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। যাৰ পৰা বহু কথাই শিকিব পাৰি।”

প্ৰকৃততে এই উদ্যোগীগৰাকীয়ে দ্বিতীয় দুৰ্ঘটনাটোৰ পৰা কি শিকিলে?

কল্যাণীয়ে হাঁহি হাঁহি ক’লে-“তুমি এটকাও নোহোৱাকৈ, কোনা অভিজ্ঞতা নথকাকৈ, কাৰো সহযোগিতা নোপোৱাকৈও কিবা এটা আৰম্ভ কৰিব পাৰা, আৰু দেখিবা সকলো ভালে ভালেই হ’ব।”

দূৰ্ঘটনা#৩

কল্যাণীৰ তৃতীয় দূৰ্ঘটনাটোৰ নাম লভেবিলিটি। ২০১৫ চনত তাইৰ উইছবেৰী (WISHBERRY) নামৰ এপটো এক বৃহৎ প্লেটফৰ্ম পোৱাকৈ মুকলি কৰি দিছিল। আজি এই এপটোৱে মুঠ ১৪৩ টা প্ৰতিষ্ঠান বা ব্যক্তিৰ জৰিয়তে উপাৰ্জন কৰিছে ৬,১৫,০০০ টকা। “মই জানো যেতিয়ালৈকে প্ৰেম থাকিব, মই ঠিকেই চলি থাকিম।”- কল্যাণীয়ে ক’লে এনেদৰে।

লভেবিলিটি ইন্টাৰফেচ

লভেবিলিটি ইন্টাৰফেচ


প্ৰকৃততে তাইৰ বাবে এয়া দূৰ্ঘটনা আছিলনে? কল্যাণীৰ মতে ‘হয়’ সেয়া এক দূৰ্ঘটনাই আছিল। “আমি বিশ্বাস কৰোঁ আমি যিমানৰ যোগ্য, সিমানেই পাওঁ। কিন্তু মই সকলোৱে নিজেনো কি বিচাৰে এবাৰ নিজকে সোধাটো বিচাৰোঁ। মই দূৰ্ঘটনাটোৰ পিছত কিছু সময়ৰ বাবে ভাৰসাম্য হেৰুৱাই উইছবেৰী আৰম্ভ কৰিছিলো, আৰু মই ইমান মৰম পালো।”

খুবেই নম্ৰ স্বভাৱৰ কল্যাণী এতিয়া সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ কনছাল্টটেন্ট। প্ৰধান মন্ত্ৰীৰ সুলভ ভাৰত কাৰ্যসুচীৰো এগৰাকী যোগদানকৰ্তা।

বাস্তৱিকতেই কল্যাণী উঠি অহা প্ৰজন্মৰ বাবে এক প্ৰেৰণা। তাই আজি যি খিনি কৰি আছে বা তাই ক’ত উপনীত হ’বগৈ, কেৱল সেই বাবেই নহয়, তাই প্ৰত্যেক মানুহে প্ৰকৃততে কি কৰিব বিছাৰে সেই স্পৃহা জগাই তোলাৰ বাবেও এক প্ৰেৰণাৰ উৎস। ৰাস্তাত বনাই ফুৰা ল’ৰা ছোৱালীৰ বাবেও কল্যাণীক এবাৰ লগ পোৱাৰ পিছত, তাইৰ সৈতে কথা পতাৰ পিছত অসাধাৰণ কিবা এটা কৰাৰ কল্যাণীৰ যি স্পৃহা সেয়া তেওঁলোকৰ প্ৰেৰণাৰ উৎস হৈ পৰে।

মূলঃ তৰুছ ভাল্লা

অনুবাদঃ মুকুন্দ মাধৱ নেওগ