৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে

Thursday April 14, 2016,

3 min Read

বাৰীৰে চুকৰে জাতিবাঁহ এজুপি, সিও মোৰ সহোদৰ ভাই

জীয়াই থাকো মানে কৰো কাঁঠীকামি, মৰিলে লগতে যায় ।

কথাষাৰ মিছা নহয় । জন্মৰ পৰা মৃত্যুলৈকে বাঁহৰ পৰম্পৰা পূৰ্বসুৰী। বিশেষকৈ অসমীয়া জনজীৱনত বাঁহৰ প্ৰয়োগ সৰ্বাধিক ৰূপে হয়। ঘৰৰ সীমা জেওৰা পৰা আৰম্ভ কৰি শস্য পথাৰ সুৰক্ষিত কৰি ৰখালৈকে, ওখ ওখ অট্ৰালিকা সজাত বাহঁৰ ব্যবহাৰৰ উপৰিও কোনো পূজা অথবা বিহুৰ মণ্ডপত বাঁহৰ কাৰুকাৰ্য্য খটুৱাই প্ৰস্তুত কৰা মণ্ডপৰ সৌষ্ঠৱেই সুকীয়া ।


image


এডাল বাঁহৰ পৰা কিমান টকা উপাৰ্জন কৰিব পৰি বাৰু? নিশ্চয়কে ৫০০ টকাৰ পৰা ১০০০ হাজাৰ টকা । শুনি হয়টো আচৰিত হ’ব যে ডিমৌৰ গড়ভঙা গাওঁৰ আনন্দ গগৈ নামৰ ব্যক্তিজনে এডাল বাঁহৰ পৰা ১০,০০০ হাজাৰ টকা উপাৰ্জন কৰি আছে। উল্লেখযোগ্য যে তেখেতে আমাৰ অসমৰ জাতীয় জীৱনৰ সম্পদ সমূহ প্ৰস্তুত কৰায়ে নহয় আধ্যাত্মিক ধৰ্মীয় চেতনা জাগ্ৰত কৰি ৰখা প্ৰধান বাদ্যযন্ত্ৰ খোল, নাগাৰা, দবা ৰ উপৰিও এটা বাঁহৰ জেকেট তৈয়াৰ কৰি এক হৃত পৰম্পৰাই নহয়, সমুহ অসমীয়া জাতিৰ জাতীয় সত্বাক ধৰি ৰাখিছে । এক কথাত ক’বলৈ গ’লে আনন্দ গগৈ অসম গৌৰৱ এক শিল্পী সত্বা ।

বৰ্ত্তমান বিহুৰ বতৰ । বিহুৰ বতৰত ঢোল, পেপাঁ, গগনা, বাঁহী সমাদৰ যথেষ্ট বেছি । এনে সময়তে তেখেতে বজাৰত মুকলি কৰিছে বাঁহৰ ঢোল, বাঁহৰ পেপাঁ, বাঁহী, গগনা, বাঁহৰ সুতুলী, বাঁহৰ ফণী, বাঁহৰ চামুচ, বাঁহৰ হেতা ইত্যাদি । শেহতীয়াকৈ বাহেঁৰে নিৰ্মিত ৬ ফুট দীঘল পেপাঁই গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

image


তেখেতৰ শিল্প চৰ্চা আৰম্ভ হৈছিল শৈশৱতে। নিচেই সৰুতে দেউতাক গোপাল গগৈৰ মৃত্যু হোৱাত ঘৰৰ সমস্ত দায়িত্ব ঘৰৰ ডাঙৰ সন্তান হিচাপে আনন্দ গগৈৰ ওপৰতে আহি পৰে । দেউতাকৰ কমাৰ শালখনকে সাৰথি কৰি পেট মোকোলাৰ প্ৰচেষ্টা চলায় । এনেদৰে কমাৰ শালখনত দা, কটাৰি, বনোৱা কামত ব্যস্ত হৈ থকাৰ দিনতে এক দুৰ্ঘটনাত হোৱাৰ বাবে ডাক্টৰৰ পৰাৰ্মশ অনুসৰি কমাৰ শালৰ কাম পৰিহাৰ কৰিব লগাত পৰে । আৰু ঠিক সেই সময়তে তেখেতৰ পৰিবাৰ দুলেশ্বৰী গগৈয়ে এদিন মূৰ আচোৰোঁতে প্লাষ্টিকৰ ফণীবোৰ ভাঙি যোৱাৰ কথা কোৱাত তেওঁ বাহেঁৰে এখন ফণী প্ৰস্তুত কৰে । সেয়াই এক প্ৰকাৰৰ আৰম্ভণী ।

২০০৩ চনৰ কথা ।বাহেঁৰে ফণী প্ৰস্তুত কৰা বতৰা পাই সেই গাওঁৰ প্ৰায় মহিলায়ে ফণী ল’বলে আগ্ৰহ প্ৰকাশ কৰে। এটা বিশ্বাস আৰু ৰাইজৰ পৰা পোৱা সহযোগিতাই বাহেঁৰে ন ন বস্তু বনোৱাৰ কামত অগ্ৰসৰ হয়। এয়াই শিল্পী জীৱনৰ ৰ্টানিং পইণ্ট।

image


তেখেতে বনোৱা বাঁহৰ এটা ঢ়োলৰ মূল্য ১০,০০০ টকা, পেপাঁৰ মূল্য ১০০০ পৰা ২০০০ টকা পৰ্যন্ত আৰু সুতুলীৰ মূল্য ৫০ টকাৰ পৰা ১০০ পৰ্যন্ত । উল্লেখযোগ্য যে সম্পূৰ্ণ নিজস্ব সৃষ্টিলতাৰে আনন্দ গগৈয়ে সামগ্ৰী সমূহ প্ৰস্তুত কৰে । সামাজিক ক্ষেত্ৰত বিশেষ ভাবে পাৰদৰ্শিতা দেখুৱাৰ বাবে ২০১৪ চনত শিৱসাগৰ জিলাৰ উপায়ুক্তৰ পৰা উদ্যমী হিচাপে পুৰস্কৃত হৈছিল । অসমৰ বিভিন্ন ঠাইৰ উপৰিও দিল্লীত তেখেতৰ সৃষ্টি প্ৰৰ্দশন কৰি গ্ৰহকৰ পৰা অভুতপূৰ্ব সহাঁৰি পাবলৈ সক্ষম হৈছে। 

আনন্দ গগৈয়ে ভবিষ্যতে বাঁহৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সপোন পুহি ৰাখিছে । তেখেতৰ ঘৰতে Entrepreneurship Development Centre ২০১০ চনৰ পৰা আৰম্ভ কৰিছে । ইয়াৰ যোগেদি তেওঁ অঞ্চলটোৰ বিভিন্ন উদ্যমীক উপদেশ পৰামৰ্শ দি আহিছে । তেখেতৰ সপোন বাস্তবায়িত হওক।

ৰঙালী বিহু উপলক্ষে সমুহ পাঠকক য়'ৰ ষ্ট'ৰী ফালৰ পৰা অফুৰন্ত শুভকামনা যাচিছোঁ ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প

ৰঙালীৰ ৰং - ডুখৰীয়া ছৱি

বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি