বিতৰ্কৰ আৱৰ্তত সোমাই পৰা Freedom 251 আপুনি ভবাৰ দৰে সুলভ হয়তো নহয়

বিতৰ্কৰ আৱৰ্তত সোমাই পৰা Freedom 251 আপুনি ভবাৰ দৰে সুলভ হয়তো নহয়

Sunday February 21, 2016,

2 min Read

মাত্ৰ ২৫১টকাতে উপলব্ধ এটা স্মাৰ্টফোন উলিয়াই বিতৰ্কৰ মাজত সোমাই পৰিছে Ringing Bells। ইমান কম মূল্যতে এটা স্মাৰ্টফোন লাভ কৰিব পাৰিনে নোৱাৰি সেই বিতৰ্কৰ মাজতে এতিয়া কোম্পানীটো আয়কৰ বিভাগৰ তদন্তৰ আওতাত পৰিছে। এক সূত্ৰত প্ৰকাশ যে আয়কৰ বিভাগটোৱে নইডাস্থিত কোম্পানীটেৰ আৰ্থিক দিশটো পৰ্যবেক্ষন কৰি আছে আৰু এই সন্দৰ্ভত Registrar of Companies (RoC)ৰ পৰা কোম্পানীটো সম্পৰ্কত প্ৰয়োজনীয় তথ্যপাতি আহৰণ কৰিছে।

image


“হয়, আবকাৰী আৰু আয়কৰ বিভাগৰ বিষয়া ইয়ালৈ অহাটো সঁচা। যিহেতু আমি মেক ইন ইণ্ডিয়া, স্কিল ইণ্ডিয়া আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ অধীনত সফলতাৰ এক উচ্চ শিখৰলৈ যাবলৈ পৰিকল্পনা কৰিছো, এইক্ষেত্ৰত তেওঁলোকে আমাক কিছু নীতি নিৰ্দেশনা প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। ”Ringing Bellsৰ অধ্যক্ষ অশোক চদ্দাই পিটিআইৰ আগত কয়

এই সপ্তাহৰ আৰম্ভণীতে Ringing Bellsএ মুকলি কৰিছিল বিশ্বৰ সকলোতকৈ সস্তা স্মাৰ্ট ফোন, মাত্ৰ ২৫১টকাতেই। কিন্তু এই উদযাপন বেছিদিন নাথাকিল। কাৰণ প্ৰতিদ্বণ্ডী কোম্পানী Adcomৰ হেণ্ডছেট এটাক লৈ বিতৰ্ক আৰম্ভ হৈ গ'ল। চাদ্দাই এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় “সেয়া হেণ্ডছেটটোৰ এটা প্ৰট'টাইপ বা সাইলাখ একে হেণ্ডছেট এটাহে, কিন্তু সেইটো মূল হেণ্ডছেটটো নহয়। ”

“সময়ৰ নাটনি আৰু যিহেতু কিছুসংখ্যক বিশেষ লোকক দেখুৱাবৰ বাবে আদিৰূপ হিচাপে আমি সেইটো হেণ্ডছেট উলিয়াব লগা হৈছিল । তাৰ পিছতেই আমি পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি হৈছিলো। আমি এটা কথা স্পষ্ট কৰি দিও যে চুড়ান্তভাবে নিৰ্মাণ কৰা Freedom 251টো সম্পূৰ্ণৰূপে ভাৰততে বনোৱা হৈছে আৰু সেইবাবে ইয়াল সাদৃশ্য স্বাভাৱিক কাৰণ এইক্ষেত্ৰত কোনো সালসলি কৰা নাই” তেওঁ লগতে কয়। উদ্যোগক্ষেত্ৰৰ বহুতো সদস্যই টেলিকম মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি বিষয়টোৰ গভীৰতালৈ গৈ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

সেই সূত্ৰে মন্ত্ৰালয়ে Ringing Bellsৰ পৰা ‘Freedom 251’ৰ মাৰ্কেটিং BIS (Bureau of Indian Standards)ৰ পৰা স্বীকৃতিপত্ৰ লাভ নকৰাকৈ আৰম্ভ কৰাৰ ক্ষেত্ৰত স্পষ্টীকৰণ তলব কৰিছে আৰু উত্তৰ প্ৰদেশ চৰকাৰক কোম্পানীটোৰ ভিত্তি সম্পৰ্কত সত্যাসত্য প্ৰমান কৰিবলৈ আহ্বান কৰিছে। কোম্পানীটোৰ পৰা জনোৱা অনুসৰি প্ৰথমটো দিনত তেওঁলোকে ৩.৭০কোটি টকাৰ ৰেজিষ্ট্ৰেশ্বন আৰু দ্বিতীয় দিনটোত ২.৪৭কোটি টকাৰ ৰেজিষ্ট্ৰেশ্বন লাভ কৰিছে । সেয়া মাত্ৰ ১৯৪৯ ঘন্টাৰ ভিতৰত ।

পিটিআই

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ব্ৰহ্মপুত্ৰ উপত্যকাত শান্তিৰ কাৰণে ষ্টার্টআপৰ এনে বহু যুদ্ধৰ প্ৰয়োজন...

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'