ভগত সিঙক লৈ হঠাৎ কিয় এই টনা-আঁজোৰা

আশুতোষৰ বিশেষ লেখা

ভগত সিঙক লৈ হঠাৎ কিয় এই টনা-আঁজোৰা

Tuesday March 29, 2016,

6 min Read

শ্বহীদ ভগত সিঙক লৈ হঠাৎ পুনৰ চৰ্চা আৰম্ভ হৈছে । এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই তেওঁৰ কথা ক'বলৈ আৰম্ভ কৰিছে । প্ৰধানমন্ত্ৰী মোডীৰ, ৰাহুল গান্ধীৰ পৰা অৰৱিন্দ কেজৰিৱাললৈকে সকলোৱে তেওঁক প্ৰশংসাৰে বুৰাই পেলাইছে । অকালি দলে অনুভৱ কৰিছে যে ভগত সিঙে ভাৰত ৰত্ন পাব লাগে আৰু ইয়াকে লৈ ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখিবলৈ প্ৰস্তুত হৈছে তেওঁলোক । দিল্লী বিধানসভা চৌহদত প্ৰতিষ্ঠা কৰা ভগত সিঙৰ পাগুৰিবিহীন প্ৰতিমূৰ্ত্তিক লৈ অকালি দলৰ আপত্তি আছে । অকালিৰ ৰাজনৈতিক মিত্ৰ বিজেপিৰ পিতৃ সংগছন আৰ এছ এছৰ মনোভাবো এই ক্ষেত্ৰত যুদ্ধংদেহি । দেখা গৈছে হঠাৎ যেন ৰাষ্ট্ৰীয়তাবাদ বিতৰ্কত তেওঁ প্ৰাসঙ্গিক হৈ উঠিছে । হঠাৎ যেন তেওঁ দেশপ্ৰেমৰ এক সূচক হৈ উঠিছে আৰু যদি শশী থৰুৰৰ দৰে কোনোবাই কন্হাইয়া কুমাৰক তেওঁৰ সৈতে ৰিজাইছে তেনেহলে তেওঁক নেফানেফ কৰা হৈছে । শেহতীয়াকৈ মই এটা টেলিভিজন বিতৰ্কত উপস্থিত আছিলো আৰু এজনী কম বয়সীয়া ছোৱালী এই তুলনাক লৈ ইমানেই টিঙিৰি তুলা হৈ পৰিছিল যে মই তেওঁক দাত কৰচি থকা দেখিবলৈ পাইছিলো । বুজি পাইছিলো তেওঁ কিমান উগ্ৰ হৈ আছে ।

image


ভাৰতীয়সকলৰ বাবে নিসন্দেহেই ভগত সিং সদায়েই প্ৰতঃস্মৰণীয় হৈ থাকিব । তেওঁ ভাৰতীয় স্বধীনতা সংগ্ৰামৰ এজন কিংবদন্তি নায়ক । এইটো অনস্বীকাৰ্য যে গান্ধীজিৰ সৈতে তেওঁৰ মতবিৰোধ আছিল আৰু গান্ধীজিয়ে তেওঁৰ হিংসাত্মক পথ সমৰ্থন নকৰিছিল । কিন্তু ১৯৩১ চনত ভগত সিং, শুখদেৱ আৰু ৰাজগুৰুৰ ফাঁচীয়ে সমগ্ৰ দেশজুৰি স্বাধীনতা আন্দোলনক আৰু শক্তিশালী কৰি তুলিছিল । সেই সময়ত ভগত সিঙৰ বযস আছিল ২৩ বছৰ । পাছৰ কেইবাটাও প্ৰজন্মৰ বিপ্লবীৰ বাবে ভগত সিং এক অনুপ্ৰেৰণাৰ উৎস । কিন্তু আৰ এছ এছ আৰু বিজেপিয়ে তেওঁক ব্যৱহাৰ কৰাৰ যি চেষ্টা চলাইছে ই বৰ সন্তোষজনক নহয় । ইয়াৰ পুৰ্বে চৰ্দাৰ পেটেল আৰু সুভাষ চন্দ্ৰ বসুক লৈও একেধৰণৰ কুচকাৱাজ আমি দেখিবলৈ পাইছো । দুয়োৰে আৰ এছ এছৰ সৈতে কোনো সম্পৰ্ক নাছিল আৰু আৰ এছ এছে স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰা নাছিল । এই দুয়োজন নেতাই বৰঞ্চ কংগ্ৰেছৰহে ডাঙৰ নেতা আছিল । চৰ্দাৰ পেটেলৰ সামান্য আদৰ্শগত মিল আৰ এছ এছৰ সৈতে থাকিলেও সুভাষ বসু সম্পূৰ্ণৰূপে আৰ এছ এছৰ পৰা দূৰত আছিল । তেওঁ আছিল এজন সমাজবাদী আৰু বিপ্লৱী ।

সেইদৰে ভগত সিঙৰ আৰ এছ এছ বা বিজেপিৰ সৈতে কোনো আদৰ্শগত মিল নাছিল । বৰঞ্চ মই ভাবোঁ যে তেওঁ জীয়াই থকা হ'লে মোডী চৰকাৰৰ আটাইতকৈ কঠোৰ সমালোচক হ'লহেতেন । মোডী চৰকাৰ আৰু আৰ এছ এছৰ জে এন ইউ প্ৰসঙ্গত যি স্থিতি সি নিশ্চিতভাৱে ৰুষ্ট কৰিলেহেতেন ভগত সিঙক । মোডী চৰকাৰ আৰু আৰ এছ এছে জে এন ইউক সন্ত্ৰাসবাদ আৰু ৰাষ্ট্ৰদ্ৰোহৰ কেন্দ্ৰ হিচাপে প্ৰচাৰ কৰিবলৈ উঠি পৰি লাগিছে । কমিউনিষ্ট ভাৱধাৰাৰ প্ৰতি আৰ এছ এছৰ বিদ্বেষ প্ৰবল আৰু জে এন ইউ কমিউনিষ্ট আদৰ্শৰ এক কেন্দ্ৰ হোৱা বাবে ই সদায়েই আৰ এছ এছৰ আক্ৰমণৰ লক্ষ হৈ আহিছে । ভাৰত বিৰোধী শ্লগানৰ প্ৰসঙ্গই এই আক্ৰমণক আৰু সংগঠিত হোৱাৰ সুযোগ প্ৰদান কৰিলে । এইবোৰ কাৰণতে আৰ এছ এছে যেতিয়া ভগত সিঙক নিজৰ কৰি লবলৈ আৰু দেশপ্ৰেমৰ মাপকাঠি হিচাপে উপস্থাপন কৰিবলৈ উঠি পৰি লগা দেখো তেতিয়া মই আচৰিত হওঁ ।

ভগত সিং আছিল এজন কমিউনিষ্ট । কোমল বয়সত তেওং মাৰ্ক্স আৰু লেনিনৰ চিন্তাধাৰা আপোন কৰি লৈছিল । বলশ্বেভিক আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত ভগত সিঙৰ বাবে লেনিন আছিল আদৰ্শ । ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট আন্দোলনৰ মাজত তেওঁ ভাৰতৰ স্বাধীনতাৰ লগতে সকলো সমস্যাৰ সমাধানৰ আশাৰ ৰেঙণি দেখিবলৈ পাইছিল । তেওঁ মনে-প্ৰাণে বিশ্বাস কৰিছিল যে সৰ্বহাৰাৰ একনায়কত্ববাদেহে ভাৰতৰ দুখীয়া শ্ৰেণীক আৰ্থ-সামাজিক শৃংখলসমূহৰ পৰা মুক্ত কৰিব পাৰিব । তেওঁ, শুখদেৱ আৰু ৰাজগুৰুৱে বিতৰণ কৰা প্ৰচাৰ পত্ৰিকাসমূহত ডাচ কেপিটেল আৰু কমিউনিষ্ট মেনিফেষ্টৰ প্ৰভাব সুস্পষ্ট । ইয়াত লিখা হৈছিল- "মানৱতা সেইদিনালৈকে সমস্যাৰ পৰা মুক্ত নহয় যিদিনালৈকে মানুহে মানুহক আৰু ৰাষ্ট্ৰই ৰাষ্ট্ৰক শোষণ কৰাটো বন্ধ নহয় ।" তেওঁৰ মত আছিল যে শাসক সলনি হ'লেই নহয় শাসনৰ পদ্ধতি সলনি হ'ব লাগিব । ইয়াত আৰু কোৱা হৈছে- "পুঁজিবাদ আৰু সাম্ৰাজ্যবাদী যুদ্ধৰ আৱসান নঘটা পৰ্যন্ত মানৱতাৰ মুক্তি সম্ভৱপৰ নহয় । " আৰ এছ এছে কেৱল হিন্দু ঐক্যৰ কথা কয় সৰ্বহাৰাৰ ঐক্যৰ কথা নকয় । কিন্তু ভগত সিঙৰ মত আছিল যে জনতাৰ চৰকাৰ গঠন হ'বলৈ শ্ৰমিকৰ ঐক্য প্ৰয়োজনীয় ।

সাম্যবাদে বিশ্বাস কৰে যে ধৰ্মই মানুহক ভাগ ভগ কৰে আৰু মাৰ্ক্সে ধৰ্ম আৰু ঈশ্বৰক আস্বীকাৰ কৰি কৈছে যে ধৰ্ম জনগতাৰ বাবে কানিৰ দৰে । ইফালে আৰ এছ এছৰ আদৰ্শৰ ভেটি হৈছে ধৰ্ম । হিন্দু ধৰ্ম ইয়াৰ অনুপ্ৰেৰণা । ভগত সিং, সাম্যবাদ আৰু সমাজবাদৰ আদৰ্শত এজন নাস্তিক । আৰু এই কথা তেওং কেতিয়াও গোপন কৰা নাই । তেওঁৰ প্ৰচাৰ পত্ৰিকা - "মই কিয় নাস্তিক" এক ঐতিহাসিক দস্তাৱেজ । ভগত সিঙৰ চিন্তাধাৰা বুজিবলৈ এই দস্তাবেজে সহায় কৰে । তেওঁ ইয়াত ঈশ্বৰৰ ধাৰণাটোক প্ৰত্যাহ্বান জনাইছে । তেওঁ প্ৰশ্ন কৰিছে- 'যদিহে ঈশ্বৰ আছে তেনেহলে বিশ্বত কিয় ইমান দুখ ? কিয় এচাম মানুহ দৰিদ্ৰ ?' তেওঁ লিখিছে- 'যদিহে আপুনি বিশ্বাস কৰে যে এজন সৰ্বশক্তিমান, সৰ্বজ্ঞ আৰু সৰ্বত্ৰ বিৰাজমান ঈশ্বৰ আছে তেনেহলে কোনোবাি মোক কোক যে তেওঁ এই দুখ কষ্টেৰে ভৰা বিশ্ব কিয় সৃষ্টি কৰিলে য'ত এজন মানুহো সুখী নহয় ?

ইফালে আৰ এছ এছৰ স্থিতি সম্পূৰ্ণ বিপৰীত । মই প্ৰশ্ন কৰিব পাৰোঁনে আৰ এছ এছে ধৰ্ম আৰু ঈশ্বৰৰ ক্ষেত্ৰত ভগত সিঙৰ স্থিতি সমৰ্থন কৰেনে ? সাম্যবাদী আদৰ্শৰ ভগত সিঙক আৰ এছ এছে গ্ৰহণ কৰেনে ? যদি কৰে তেনেহলে আৰ এছ এছৰ নেতা গোলৱলকৰে কিয় তেওঁৰ 'বান্স অৱ থট' নামৰ গ্ৰন্থত মুছলমান, খ্ৰীষ্টিয়ান আৰু কমিউনিষ্টক ভাৰতৰ শত্ৰু হিচাপে চিহ্ণিত কৰি গৈছে । ই পৰস্পৰ বিৰোধী । গোলৱলকৰৰ যুক্তিৰেই ভগত সিং আৰু আৰ এছ এছ কেতিয়াও এক হ'ব নোৱাৰে । 

আন এটা আমোদজনক কথা যে আৰ এছ এছ আৰু মোডী চৰকাৰে ঘৃণা কৰা নেহৰুৰ আনুৰাগী আছিল ভগত সিং । তেওঁ নেহৰু আৰু সুভাষ চন্দ্ৰ বসুৰ তুলনা কৰি কৈছিল যে বসু আবেগিক হোৱাৰ বিপৰীতে নেহৰু আছিল যুক্তিবাদী । তেওঁ পঞ্জাবী যুৱসমাজক আহ্বান জনাইছিল- ' বসু আৰু নেহৰুৰ ভিতৰত নেহৰুক সমৰ্থন কৰা কাৰণ নেহৰুৱে পঞ্জাবী যুৱসমাজৰ মানসিক খোৰাক পুৰাব পাৰিব । এই কথা আৰ এছ এছৰ বজম হ'বনে ? নিশ্চয় নহয় ! আৰ এছ এছে চৰ্দাৰ পেটেল আৰু সুভাষ চন্দ্ৰ বসুক আৱিষ্কাৰ কৰিলে নেহৰুৰ আদৰ্শক নিৰ্মূল কৰিবৰ বাবে । কাৰণ নেহৰুৰ উদাৰবাদ নিৰ্মূল নকৰা পৰ্যন্ত আৰ এছ এচৰ উগ্ৰতাৰ জয়জয়কাৰ সম্ভৱ নহয় । মোডী চৰকাৰে শাসনভাৰ লোৱাৰে পৰা নেহৰুৰ ভাৰতৰ সংজ্ঞাক মষিমূৰ কৰিবলৈ চেষ্টা কৰা হৈছে । তেনেহলে মই ভৱাটো ভুল নেকি যে ভগত সিঙক গ্ৰহণ কৰা মানে তেওঁৰ নেহৰু সম্পৰ্কত মতামতো গ্ৰহণ কৰা ? তাৰমানে আৰ এছ এছে গোলৱলকৰৰ সাম্যবাদী সম্পৰ্কে স্থিতিৰো সালসলনি ঘটাইছে নেকি ? ধৰ্ম সম্পৰ্কে ভগত সিঙৰ স্থিতিকো গ্ৰহণ কৰিছে নেকি আৰ এছ এছে ।

এই সকলোবোৰ প্ৰসঙ্গত যে আৰ এছ এছে নীতি সলনি কৰা নাই সেই কথা ইয়াৰ কাম কাজৰ পৰাই স্পষ্ট । গতিকে হঠাৎ উদ্ভৱ হোৱা এই ভগত সিং প্ৰীতিক তেওঁৰ বলিদানক ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা বুলি ভাবিবৰ থল আছে । কিন্তু মই এটা কথাই ক'ম যে ভগত সিং এটা এতি ডাঙৰ নাম আৰু এই নামক ঠেক ৰাজনৈতিক গণ্ডিলৈ টানি আনা উচিত নহয় । এয়া হ'ব তেওঁৰ প্ৰতি অপমান ।

Editorial Disclaimer: আশুতোষ প্ৰাক্তন সাংবাদিক, IBN7 ৰ প্ৰাক্তন মেনেজিং এডিটৰ আৰু বৰ্তমান আম আদমী পাৰ্টিৰ নেতা । প্ৰকাশিত মতামত লেখকৰ নিজৰ । য়'ৰ ষ্ট'ৰীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত

স্বাস্থ্য-সৌন্দৰ্যৰ ৰাণী, ভিএলচিচিৰ প্ৰতিষ্ঠাতা বন্দনা লুথৰাই কিদৰে এই সাম্ৰাজ্য গঢ়ি তুলিলে

সুকীয়া গায়ন শৈলী, হৃদয় জুৰোৱা কণ্ঠ আৰু সাধনাই যাৰ পৰিচয়-ৰূপম ভূঞা