দিল্লী আইআইটিৰ ছাত্ৰই সলনি কৰিছে গ্ৰামাঞ্চলৰ মহিলাৰ জীৱন

দিল্লী আইআইটিৰ ছাত্ৰই সলনি কৰিছে গ্ৰামাঞ্চলৰ মহিলাৰ জীৱন

Tuesday February 16, 2016,

3 min Read

দক্ষিণ দিল্লীৰ ভাটী মাইন্স গাঁৱৰ ৩০গৰাকীৰো অধিক মহিলা বিগত এবছৰ ধৰি অত্যন্ত সুখী কাৰণ এতিয়া খাদ্য প্ৰস্তুত কৰোতে তেওঁলোকক চৌকাৰ ধোঁৱাই আমনি নকৰে। তদুপৰি কম ইন্ধনতে তেওঁলোকৰ সম্পূৰ্ণ খাদ্য প্ৰস্তুত পৰ্ব সমাপ্ত হয় আৰু ইন্ধন বচাবলৈ তেওঁলোকে বেলেগকৈ চিন্তা কৰিবলগীয়া নহয়। কম ধোঁৱাৰ ফলত ঘৰৰ বেৰ আদি ক’লা নপৰা বাবে এই মহিলাসকলৰ ঘৰ পূৰ্বতকৈ অধিক পৰিষ্কাৰ দেখা গৈছে। দৰাচলতে এই মহিলাসকলে আইআইটি দিল্লীৰ ছাত্ৰসকলে প্ৰজেক্ট ‘আঁচ’(উত্তাপ)ৰ অধীনত নিৰ্মাণ কৰা ধোঁৱাবিহীন চৌকা ব্যৱহাৰ কৰে। ধোঁৱাবিহীন চৌকাৰ ব্যৱহাৰে মহিলাসকলৰ জীৱন সলনি কৰি তুলিছে।

image


বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যয়ন অনুসৰি সমগ্ৰ বিশ্বৰ ৪৩ লাখ লোকে চৌকাৰ পৰা ওলোৱা ধোঁৱাৰ কৱলত পৰি অকাল মৃত্যুক সাৱটিব লগীয়া হয়।দৰিদ্ৰতাৰ বাবে এতিয়াও ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশই পৰম্পৰাগত চৌকাৰ ব্যৱহাৰ কৰে আৰু মহিলাসকলৰ স্বাস্থ্যৰ বাবে এয়া এক অতি সংকটৰ কাৰক হৈ পৰিছে।প্ৰজেক্ট ‘আঁচ’ৰ সৈতে জড়িত জয়ন্ত নাহাটাই য়'ৰ ষ্ট'ৰীক জনায়,

এই সমস্যাৰ সৈতে যুঁজিবলৈ আইআইটি দিল্লীৰ ২৭জন ছাত্ৰই বিভিন্নধৰণৰ চৌকাৰ সৈতে পৰীক্ষণ চলায়। সৰ্বশেষত তেওঁলোকে ফিলিপছ কোম্পানীয়ে নিৰ্মাণ কৰা এটা ধোঁৱাবিহীন চৌকাক পৰিশোধন কৰি কম ইন্ধনত ব্যৱহাৰ কৰিব পৰাকৈ পুনৰনিৰ্মাণ কৰি মহিলাসকলক উপহাৰ দিয়ে।

আইআআইটিৰ পৰা ডুৱেল ম’ডত বায়’ ইঞ্জিনিয়াৰিং আৰু বায়’ টেকন’লজিত এম টেক কৰি থকা নাহাটাই জনায়, “আমি দিল্লীৰ তিনিখন গাঁও ভাটী মাইন্স, চান্দন হৌলা আৰু খৰকত এই ধোঁৱাবিহীন চৌকা সন্নিবিষ্ট কৰিছিলো।চান্দন হৌলা আৰু খৰক গাঁৱত এই চৌকাসমূহ দিল্লী চৰকাৰৰ সহযোগিতাত মহিলাসকলক প্ৰদান কৰা হৈছিল।আমি এই প্ৰজেক্টক আন ঠাইলৈও নিব বিচাৰোঁ কিন্তু তাৰবাবে আমাক পূঁজিৰ প্ৰয়োজন।”

image


গ্ৰামাঞ্চলৰ পাঁচগৰাকী মহিলাই উপাৰ্জন কৰি আছে

প্ৰজেক্ট ‘আঁচ’ৰ সৈতে জড়িত হৈ ভাটী মাইন্সৰ ৰেশমা,শান্তি, সুনীতা আৰু কলাৱতী প্ৰমুখ্যে পাঁচগৰাকী মহিলাই উপাৰ্জনো কৰি আছে।ইয়াত থকা ৰেশমাই পূৰ্বে দিন হাজিৰা কৰিছিল কিন্তু বৰ্তমান ধোঁৱাবিহীন চৌকা নিৰ্মাণ কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।ৰেশমাই জনায়, “এই প্ৰজেক্টৰ সৈতে জড়িত হোৱাৰ পিছত আমাৰ জীৱনত ভালেখিনি পৰিৱৰ্তন সাধন হৈছে।আগতে ঘৰত কোনোবা ৰোগত আক্ৰান্ত হ’লে দৰৱ পৰ্যন্ত কিনিবলৈ টকা নহৈছিল কিন্তু এতিয়া আমি নিজৰ সন্তানক ভাল শিক্ষা দিয়াৰ কথা চিন্তা কৰিব পাৰোঁ।”

image


এটা চৌকাৰ পৰা ৩৫০টকা উপাৰ্জন হয়

ৰেশমাই জনায়,“আমি এদিনত দুটাকৈ চৌকা নিৰ্মাণ কৰিব পাৰোঁ।এটা চৌকাৰ পৰা ৮৫০টকাকৈ লাভ কৰোঁ আৰু ইয়াৰে সামগ্ৰী কিনোতে খৰচ হয় প্ৰায় ৫০০ টকা। প্ৰতিটো চৌকাত আঠটা ভাগ থাকে আৰু ইয়াত চিমেণ্ট,ডাষ্ট, লোহাৰ জালি আদি সামগ্ৰীৰ প্ৰয়োজন হয়।”

গতিকে দেখা পোৱা যায় যে আইআইটিৰ ছাত্ৰসকলৰ চিন্তা-বুদ্ধিয়ে কেৱল মহিলাসকলক নতুন জীৱন প্ৰদান কৰাই নহয় বৰং ইয়াৰ দ্বাৰা তেওঁলোকে দৈনন্দিন উপাৰ্জনৰ বাটো মুকলি হৈছে।ৰোগৰ পৰা হাত সৰাৰ উপৰিও মহিলাসকলে ইয়াৰ মাধ্যমত নিজৰ পৰিয়ালৰ উন্নতিৰ বিষয়ে চিন্তা কৰাৰ লগতে সন্তানক ভাল শিক্ষা দিবলৈও সক্ষম হৈছে।প্ৰজেক্ট ‘আঁচ’ৰ সদস্যসকলৰ আশা এদিন তেওঁলোকৰ এই চৌকাই দেশৰ আন প্ৰান্তৰ মহিলাসকলকো সকাহ দিব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে সুস্বাস্থ্য তথা সুখী জীৱন লাভ কৰিব পাৰিব।

মূল-আনমোল

অনুবাদ-তুলিকা দেৱী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

উন্নত মান, গ্ৰাহকৰ সন্তুষ্টিয়েই শক্তি অসমৰ ফাৰ্নিচাৰৰ ব্ৰেণ্ড 'কেনক্ৰাফট'ৰ

জীৱনৰ প্ৰথম লক্ষ্যত উজুটি খাই হতাশ নোহোৱা কোটিপতি ব্যৱসায়ী সৌম্যা গুপ্তা

আৱৰ্জনা বোটলা শিশুসকলক শিক্ষাদানত ব্ৰতী বাৰাণসীৰ এজন ব্যক্তি

দৰিদ্ৰ শ্ৰমিকৰ পৰা আমেৰিকান প্ৰযুক্তি কোম্পানীৰ মুখ্য কাৰ্যবাহী হোৱা এগৰাকী অসাধাৰণ নাৰীৰ অদম্য সাহসৰ কাহিনী