ৰেজিউমিখনত পাঁচটা কথাত মনোযোগ দিয়ক

ৰেজিউমিখনত পাঁচটা কথাত মনোযোগ দিয়ক

Tuesday July 05, 2016,

3 min Read

আপোনাৰ ৰেজিউমিখন হৈছে আপোনাৰ নিজৰ বিষয়ে এক বিজ্ঞপ্তি । সেয়েহে ইয়াক সঠিকভাৱে দিয়াটো জৰুৰী । আপোনাৰ নিয়োগকৰ্তা আপোনাতকৈ অতি কমেও পাঁচ বছৰ বেছি অভিজ্ঞতাসম্পন্ন আৰু তেওঁ নিশ্চিতভাৱে জীৱনত এনে বহু ৰেজিউমি দেখিছে । গতিকে নতুনকৈ চাকৰিৰ বাবে দৰ্খাস্ত কৰা এজন ব্যক্তিৰ ৰেজিউমিখনৰ লিখাৰ ধৰণ, আৰ্হি, ব্যাকৰণ আদি চাই আৱেদনকাৰীদনৰ বিষয়ে এটা ধাৰণা তেওঁ নিশ্চিতভাৱে কৰি ল'ব পাৰে । 

Image Credits: Shutterstock

Image Credits: Shutterstock


সেয়েহে এই বুনিয়াদী কথাকেইটাত গুৰুত্ব দিয়া এজন আবেনকাৰীয়ে নিয়োগকৰ্তাৰ মনোযোগ পোৱাৰ সম্ভাৱনা এনে এজন আবেদনকাৰীতকৈ বেছি যি নিজৰ ৰেজিউমিখনত হকে বিহকে এসোপামান কথা লিখি দিয়ে । নিয়োকৰ্তাৰ মনোযোগ আকৰ্ষণ কৰি তেওঁলোকৰ মনত এক যোগত্মক প্ৰভাৱ পেলাবৰ বাবে ৰেজিউমিখন লিখাৰ কেতবোৰ কিটিপ আগবঢ়োৱা হ'ল ।

প্ৰতিটো চাকৰিৰ বাবে পৃথক ৰেজিউমি 

সাধাৰণতে আবেদনকাৰীয়ে কৰা আটাইতকৈ ডাঙৰ ভুলটো হ'ল সকলো চাকৰিৰ বাবে একেখন ৰেজিউমি বনোৱা । ই সময় বচায় যেন ধাৰণা হলেও দৰাচলতে ই নিয়োগকৰ্তাৰ প্ৰয়োজন পূৰণ নকৰিবও নহ'বও পাৰে । নিসন্দেহে প্ৰতিজন নিয়োগকৰ্তাই এজন কৰ্মঠ আৰু পৰিশ্ৰমী কৰ্মচাৰী বিচাৰে । কিন্তু তাৰ লগতে প্ৰতিটো প্ৰতিষ্ঠানৰে নিজা কিছু প্ৰয়োজন থাকিব পাৰে । সেয়েহে এটা প্ৰতিষ্ঠানৰ বাবে ৰেজিউমি বনাবৰ সময়ত সেই প্ৰতিষ্ঠানটোৰ কৰ্ম সংস্কৃতি, লক্ষ্য আদিৰ বিষয়ে সঠিক ধাৰণা কৰি লোৱা প্ৰয়োজনীয় ।

সততা

নিজৰ বিষয়ে অযথা বঢ়াই নিলিখিব । অতি মাত্ৰা বঢ়াই লিখা কথাই নিয়োগকৰ্তাক সন্দেহী কৰি তুলিব পাৰে । লগতে প্ৰকৃত মানুজনক লগ পোৱাৰ পাছত যদি তেওঁলোকৰ ধাৰণা হয় যে আপুনি লিখা কথাখিনিৰ সৈতে বাস্তৱৰ সামঞ্জস্য নাই তেনেহলে ই এটা ঋণাত্মক ভাৱমূৰ্তি সৃষ্টি কৰিব পাৰে । আনকি অন্যান্য নিয়োগকৰ্তালৈও সেই খবৰ যাব পাৰে । গতিকে সততাৰে ৰেজিউমি বনাওক । 

এবাৰ প্ৰুফৰিডিং কৰক

আপোনাৰ ৰেজিউমিত যদি বাক্য বা বানান ভুল থাকে তেনেহলে ই এইটোকে সুচায় যে আপুনি নিজৰ কেৰিয়াৰক লৈ সচেতন নহয় । আপোনাৰ কেৰিয়াৰত প্ৰথম প্ৰভাৱ পেলাব পৰা নথিখনক লৈ যদি আপুনি সচেতন নহয় তেনেহলে আপোনাৰ বিষয়ে ই এক ঋণাত্মক ইঙ্গিত বহন কৰে । 

গৱেষণা 

আপোনাৰ কৰ্মক্ষেত্ৰত শেহতীয়াকৈ কেনেধৰণৰ ৰেজিউমি বেচিকৈ প্ৰচলিত হৈ আছে সেই সম্পৰ্কে কিছু গৱেষণা কৰক । গুগলত চাওক বিভিন্ন ধৰণৰ শেহতীয়া ৰেজিউমিৰ নমুনা । ই আপোনাৰ ৰেজিউমিখন চকুত লগা হোৱাত সহায় কৰে । 

এটা আৰ্হি মানি চলক 

এখন নিখুঁত ৰেজিউমিৰ অন্যতম লক্ষণ হৈছে এটা সঠিক আৰ্হি । এটা ভাল কাহিনীৰ দৰেই এখন ৰেজিউমিৰ এটা আৰম্ভণী, এটা মধ্যভাগ আৰু এটা সামৰণি থাকে । তলত আমি এখন আদৰ্শ ৰেজিউমিৰ গঠন আৰু আৰ্হি দাঙি ধৰিছো । 

আৰম্ভণী

নাম, ঠিকনা আৰু যোগাযোগৰ সবিশেষ

প্ৰতিষ্ঠানটোত আপুনি কি কৰিবলৈ বিচাৰে সেই সম্পৰ্কে এটা স্পষ্ট অথচ চুটি উদ্দেশ্য (objective)

মধ্যভাগ

শৈক্ষিক অৰ্হতা

কৰ্ম অভিজ্ঞতা, আপোনাক জনা তিনিজন ব্যক্তিৰ (reference) সবিশেষ দিয়াটো এটা ভাল পদক্ষেপ

সামৰণি

আপোনাৰ দক্ষতাৰ সবিশেষ যিবোৰ প্ৰতিষ্ঠানটোৰ বাবে দৰকাৰী হ'ব পাৰে ।

আপোনাৰ চখৰ কথা লিখাটো বাধ্যতামূলক নহয় আৰু যদি লিখেও তেনেহলে সাধাৰম 'গান শুনা', 'টিভি চোৱা' আদি কথা লিখাটো এৰাই চলক ।

আপোনাৰ ৰেজিউমি আৰু ৰেজিউমি লিখাৰ দক্ষতা সম্পৰ্কে সচেতন হওক । কিয়নো আপোনাৰ নিয়োগকৰ্তাৰ বাবে ই এটা গুৰুত্বপূৰ্ণ কথা । ই আপোনাৰ দূতৰ দৰে । যদি ই ভুল বাৰ্তা কঢ়িয়ায় তেনেহলে আপোনাৰ ই সৰ্বনাশ কৰিব পাৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আইছিছৰ বিৰুদ্ধে পাৰস্যৰ হাৰ্কিউলিছ

হাত-ভৰি নথকা নিক ভুয়িচিক এজন সফল আৰু সুখী ব্যক্তি

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

কৃত্ৰিম তেজ: অতীত হ'ব ৰক্তদান