নন্দিনী ফুকনে কলকাতাত আগবঢ়াইছে ডক্টৰ অন কল সেৱা

নন্দিনী ফুকনে কলকাতাত আগবঢ়াইছে ডক্টৰ অন কল সেৱা

Tuesday January 05, 2016,

2 min Read

কৰ্মসূত্ৰে মুম্বাইলৈ আহিছিল শৈলজা। খবৰ পালে যে কলকাতাত থকা মাক অসুস্থ। অসুস্থ মাতৃক ডাক্টৰৰ কাষলৈ লৈ যোৱাৰ বাবে কোনো মানুহ নাই। চাকৰিজীৱী অনিশালৈ ফোন আহিল দেউতাকৰ। অত্যন্ত বুকুৰ বিষ। কি কৰিব!

image


কলকাতাৰ নাগৰিকৰ এই সমস্যাৰ সমাধানৰ বাবে ডক্টৰ অন কল সেৱাৰে হাজিৰ হৈছেহি এনড্ৰইদ এপ ‘বৈদ্য’।সংস্থাৰ কৰ্ণধাৰ হ’ল নন্দিনী ফুকন। নন্দিনীয়ে কয়, “সময়মতে ডাক্টৰৰ এপইন্টমেন্ট সংক্ৰান্ত অনেক সমস্যাৰ বাবে প্ৰায়ে সময়তে ডাক্টৰৰ সঠিক পৰামৰ্শৰ পৰা ৰোগীসকল বঞ্চিত হয়। বয়সস্ক তথা অসমৰ্থ ৰোগীৰ ক্ষেত্ৰত সময়মতে ডাক্টৰক নেদেখুৱাৰ বাবে নানা ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। সেইসকল ৰোগীৰ সমস্যা সমাধানৰ লক্ষ্য আগত ৰাখিয়েই জন্ম হ’ল ‘বৈদ্য’ৰ”। ৰোগী ডাক্টৰৰ কাষলৈ যোৱাতকৈ ডাক্টৰকেই ৰোগীৰ সেৱাৰ বাবে তেওঁলোকৰ দুৱাৰমূখলৈ অনাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ নন্দিনী। যাতে চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি নহয়।

বৈদ্যই কিদৰে কাম কৰে

আপদে-বিপদে বৈদ্যৰ হেল্পলাইন নম্বৰত ফোন কৰি নতুবা বৈদ্যৰ ৱেবচাইটত ৰেজিষ্টাৰ কৰি সমস্যাৰ বিষয়ে জনালেই সমস্যা সমাধান হয়। আপোনাৰ এলেকাৰ এই এক্সপাৰ্ট পেনেলত নথিভূক্ত ডাক্টৰ সময়মতে ৰোগীৰ কাষলৈ আহি যাব। কেৱল তেখেতৰ পাৰিশ্ৰমিক দিয়েই এই সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

জেনেৰেল ফিজিছিয়ানৰ লগতে নামী-দামী অংকোল’জিষ্ট, নেফ্ৰল’জিষ্টো এই সেৱাৰ অন্তৰ্ভূক্ত।

২০১৫ বৰ্ষৰ পৰিসংখ্যা অনুসৰি ভাৰতবৰ্ষত বয়সস্ক লোকৰ সংখ্যা সোতৰ কোটিৰো অধিক হৈছেগৈ। তেওঁলোকৰ বাবে এই ডক্টৰ অন কল সেৱা অতিকৈ সুবিধাজনক। বাংগালুৰুত এই ধৰণৰ সেৱা অতিকৈ জনপ্ৰিয়। বাংগালুৰুত মাহেকে ষাঠি হাজাৰ পৰিয়ালে এই ধৰণৰ ডক্টৰ অন কল সেৱাৰ সুযোগ গ্ৰহণ কৰিছে। কিন্তু কলকাতাত এতিয়াও এই সেৱাই জনপ্ৰিয়তা লাভ কৰা নাই। সেয়েহে ‘বৈদ্য’ৰ সফলতাক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছিল। ২০১৫ বৰ্ষৰ আগষ্টত ‘বৈদ্য’ৰ সেৱা মুকলি কৰে নন্দিনীয়ে। পৰিচিত সকলোৱেই কৈছিল যে এইবোৰ বেছি দিনলৈ নচলিব। কিন্তু সম্প্ৰতি কলকাতাত বৈদ্যৰ সাফল্যৰ পৰিপ্ৰেক্ষিতত উত্তৰে থকা শিলিগুড়িতো বৈদ্যৰ শাখা খোলাৰ পৰিকল্পনা কৰিছে নন্দিনীয়ে। বৰ্তমান ডক্টৰ অন কলৰ লগতে ডায়গনিষ্টিক সেৱাৰো সুবিধা দিছে। ভৱিষ্যতে ঘৰতেই প্ৰশিক্ষনপ্ৰাপ্ত নাৰ্চৰ লগতে আয়াৰ সেৱাও ৰোগীক দিয়াৰ পৰিকল্পনা হাতত লৈছে। ফাৰগুছন কলেজৰ কৃতী ছাত্ৰী তথা দুটি সন্তানৰ মাতৃ নন্দিনী ফুকনৰ পথকেই বহুতে অনুসৰণ কৰিছে। এনেকুৱা এটি দিনৰ সপোন দেখো আহক, য’ত সময়ৰ অভাৱ, পৰিয়ালৰ অনুপস্থিতিতো যাতে ৰোগীয়ে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগা নহয়।

লেখক- সুজয় দাস

অনুবাদ- অৰুন্ধতী বেজবৰুৱা