তিনি বছৰত তিনিটা ষ্টাৰ্ট আপৰ প্ৰতিস্থাতা অৰ্পিতা খাদৰিয়াই ৩৩বছৰ বয়সত মাত্ৰ আৰম্ভণীহে কৰিছে

তিনি বছৰত তিনিটা ষ্টাৰ্ট আপৰ প্ৰতিস্থাতা অৰ্পিতা খাদৰিয়াই ৩৩বছৰ বয়সত মাত্ৰ আৰম্ভণীহে কৰিছে

Monday February 15, 2016,

5 min Read

মাত্ৰ চাৰি বছৰৰ আগৰ কথা । অৰ্পিতা খাদৰিয়াই এটা আগশাৰীৰ কোম্পানীৰ ব্ৰেণ্ড মেনেজাৰ হিচাপে কাম কৰি আছিল। TAPMIৰ পৰা MBAডিগ্ৰী আৰু Fastrack আৰু Titanৰ দৰে ব্ৰেণ্ডৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰে সমৃদ্ধ অৰ্পতাই কৰ্পৰেট জগতখনৰ জখলাডাল আৰু ওপৰলৈ বগাব বিচাৰিছিল। বৰ্তমান ৩৩বছৰীয়া অৰ্পিতা হৈছে তিনিটা ভিন্ন ষ্টাৰ্ট আপৰ প্ৰতিস্থাতা। “জীৱনটো বৰ আমোদজনক। আপুনি যেতিয়া জীৱনত কোনো দিশত যাত্ৰা আৰম্ভ কৰে , আপুনি নিশ্চিতভাবে কব নোৱাৰে আপুনি কত গৈ উপনীত হব।” অৰ্পিতাই কয়। এতিয়া তেওঁ তেওঁৰ এপ Signtistকলৈ যথেষ্ট আগ্ৰহী হৈ আছে কাৰণ এই এপটো Mobile Premier Awardsত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে। এপ প্ৰদৰ্শনীৰ আন্তৰ্জাতিক মঞ্চAppcircusএ আয়োজন কৰা আৰু Intel এ স্পন্ছৰ কৰা বাৰ্চিলোনাত আয়োজিত কৰা এক প্ৰতিযোগিতা আন বহুতো এপক পিছ পেলাই এই মাহৰ শেষৰ ফালে ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে Signtistএ।


image


Signtistৰ খেল

অৰ্পিতাৰ game and app development company Bezzerkত প্ৰস্তুত কৰি তোলা Signtist হৈছে লজিকেল ৰিজনিঙৰ এটা গেম। অৰ্পিতাই নিজৰ পুৰণি মডেলৰ টিনাইন আইফোনটোত কিবা কিবি লিখি থাকোতেই এই গেমটোৰ চিন্তা তেওঁৰ মুৰত সোমাইছিল। যিহেতু এটা নিৰ্দিষ্ট আখৰ লিখিবলৈ কিপেদৰ এটা বুটাম একাধিকবাৰ দবাব লগীয়া হৈছিল, তেওঁ ভাবিলে যে ইয়াক যদি ওলোটাই দিয়া হয়, মানে বুটাম এটাৰ আৰ্হিটোৰ ভিত্তিতেই যদি শব্দ এটা অনুমান কৰিবলৈ দিয়া হয়, তেনেহলে ই এটা ভাল গেম হব পাৰে। সেই চিন্তাৰ আঁত ধৰিয়েই তেওঁ ১৩৫খন দেশত কপিৰাইটৰ বাবে আবেদন কৰিলে আৰু লাভ কৰাৰ লগেলগেই আৰম্ভ হল ৰোমাঞ্চকৰ এক যাত্ৰা!

image


প্ৰাৰম্ভিকভাবে ২০১৫চনত অৰ্পিতাই এই গেমটো পাজল বুক হিচাপে ফ্লিপকাৰ্টত মুকলি কৰি দিলে। এই পাজল বুকে এক অভাৱনীয় জনপ্ৰিয়তা লাভ কৰিলে আৰু কোনো ধৰণৰ মাৰ্কেটিং বা এডভআৰটাইজিঙৰ অবিহনেই তেওঁ প্ৰায় ১.৫ লক্ষ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হল। অৰ্পিতাই লক্ষ কৰিলে যে তেওঁলোকে যতেই বিপণী দিঠিল তাতেই প্ৰায় ৮০শতাংশ গ্ৰাহকৰ আলোচনাৰ মূল কেন্দ্ৰ আছিল এই পাজল বুক।

২০১৫চনৰ ডিচেম্বৰত এই এপটোৰ এন্ড্ৰইড ভাৰ্চনটো মুকলি কৰা হয় আৰু জানুৱাৰী ২০১৬ত iOS ভাৰ্চনটো মুকলি কৰা হয়। অৰ্পিতাই কয়, “এই গেমটো আনকি ছাত্ৰ-ছাত্ৰীসকলে লজিকেল এপটিটিউট টেষ্টৰ অংশ হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ সম্ভাৱনীয়তা অপৰিসীম।” অপ্ৰিতাই ইতিমধ্যে কেইবাখনো খবৰ কাগজৰ সৈতে কথা বতৰা অব্যাহত ৰাখিছে যাতে এই গেমটো শব্দ শৃংখল বা ক্ৰছৱৰ্ড হিচাপে ব্যৱহাৰ কৰাব পৰা যায়। ইয়াৰ উপৰিও Signtist ফেছবুকৰ Facebook Start Bootstrap track programmeৰ বাবেও তালিকাভুক্ত হৈছে য'ত জয়লাভ কৰিব পাৰিলে ৩০,০০০ডলাৰ মূল্যৰ পাৰ্কছ লাভ কৰাৰ লগতে মনিটৰিঙো লাভ কৰিব।

Bezzerkহৈছে চাৰিজন কৰ্মচাৰী আৰু এজন ঘৰুৱা ডিজাইনাৰেৰে সমৃদ্ধ এটা কোম্পানী। Signtistএ বৰ্তমান এন্ড্ৰইডৰ পৰা ৪.৬ ৰেটিঙ লাভ কৰাৰ উপৰিও Appleএbest new gamesৰ অধিনত ১২খন দেশত মুকলি কৰিছে। গেমটো ইতিমধ্যে ২৫,০০০ ডাউনলোড হৈছে। Signtistএ ইয়াৰ অনুৰুপ টেগলাইন “ডিমাগ কি বত্তি জ্বলা দে”ৰ বাবে Mentos Indiaৰ পৰা এডভাৰ্টাইজিঙো লাভ কৰিছে।যিহেতু অৰ্পিতাই আগশাৰীৰ এড এজেন্সী McCann Ericksonৰ সৈতে কাম কৰিছিল,গতিকে তেওঁ অনায়াসে এডভাৰ্টাইজিং আৰু মাৰ্কেটিং লাভ কৰে।

Barefoot জন্ম

২০১২ চনত এজন অসহযোগী শীৰ্ষ বিষয়া আৰু চুড়ান্ত চাপৰ কৰ্ম পৰিবেশৰ হেতু তেওঁ চাকৰি এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৰ্পিতাই তেওঁৰ স্বামী প্ৰমিত আৰু বন্ধুমহলৰ সহযোগত এক নতুন যাত্ৰা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

'মুঠতে আপুনি যেতিয়া বহু তললৈ পৰি যায়, আপোনাহৰ হাতত এটায়ে বাট থাক , সেয়া হৈছে ওপৰলৈ উঠিবলৈ চেষ্টা কৰা।'

এটা মিছিকিয়া হাঁহিৰে অৰ্পিতাই Barefootৰ জন্মৰ কথা কয়। ২০১২চনত ইয়াক প্ৰতিস্থা কৰা হৈছিল এই নামেৰে কাৰণ আক্ষৰিক অৰ্থতেই তেওঁৰ কেৰিয়াৰটোক প্ৰতিনিধিত্ব কৰিছিল ই।

Barefootহৈছে ষ্টাৰ্ট এপৰ এটা ব্ৰেণ্ড কনছালটেন্সী। বৰ বৰ ব্ৰেণ্ডবোৰে বৰ বৰ এজেন্সীসমুহৰ পৰা নিজৰ মাৰ্কেটিঙ আৰু ব্ৰেণ্ডিং টীম লাভ কৰিবলৈ সক্ষম হয়। কিন্তু নতুন ফাৰ্ম একোখনে ব্ৰেণ্ড লন্স, মাৰ্কেট ৰিচাৰ্চ বা লীড জেনেৰেট কৰাৰ ক্ষেত্ৰত বহু সংগ্ৰাম কৰিবলগীয়া হয়। Barefootএ এই সকলো অতি সস্তাতে যোগান ধৰে আৰু ডাঙৰ কোনো এজেন্সীৰ কাষ নচপাকৈয়ে অতি কম মূল্যতেই এটা ইন-হাউচ টিম ফাৰ্ম এখনে লাভ কৰে। অৰ্পিতাই একে সময়ত ক্লায়েন্টৰ সংখ্যা ৫টা বা ৬টাতে সীমাবদ্ধ ৰখাৰ ক্ষেত্ৰত বেছি গুৰুত্ব প্ৰদান কৰে, যাতে সকলো ক্লায়েন্টকে উচিত গুৰুত্ব প্ৰদান কৰিব পাৰে। Barefootৰ বৰ্তমান ক্লায়েন্টৰ ভিতৰত Arya Farm, Assetz group বা Lovetreats ৰ দৰে ব্ৰেণ্ড আছে । বৰ্তমান Barefootৰ চাৰিজনীয়া এটা দল আছে আৰু ডিজাইনিঙৰ ক্ষেত্ৰত সহায় কৰিবলৈ ১৫জন অংশকালীন কৰ্মচাৰী আছে।


image


লাভালাভৰ উৰ্ধত

অৰ্পিতা কৰ্মময় জীৱনত ভাৰষাম্য ৰক্ষা কৰি চলাৰ পক্ষপাতি আৰু তেওঁ তেওঁৰ কৰ্মচাৰী সকলক সাপ্তাহান্তিকত কাম কৰাৰ পৰা বিৰত ৰাখে। তেওঁ নিজেও ভ্ৰমণ বিলাসী আৰু তেওঁৰ ভ্ৰমণৰ সকলো কথা তেওঁৰ ব্লগত লিখা আছে । তদুপৰি ২০১৬চনত তেওঁ অপেছাদাৰী এটা ষ্টাৰ্ট আপ আৰম্ভ কৰিছে যাৰ নাম হৈছেGive Freely । “সাধাৰণতে এনজিঅ' বা চেৰিটেবল সংস্থাসমুহে ধনৰ বাবে দাতাৰ কাষ চাপে আৰু কৰ্তৃপক্ষও ধনৰ অপচয় সম্পৰ্কত চিন্তিত হৈ থাকে।” অৰ্পিতাই কয়। সেইবাবেই অৰ্পিতাই চিন্তা কৰিলে যাতে এনজিঅ'বোৰে তেওঁলোকৰ প্ৰয়োজনবোৰ মুক্তভাবে প্ৰকাশ কৰিবলৈ সুবিধা লাভ কৰে । যেনে ধৰক আছবাব পত্ৰ, বা ২০কেজি চাউল আদি। সেইমতে দানকৰ্তাসকলেও দান কৰিবলৈ সুবিধা লাভ কৰে। তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে এনজিঅ' বিলাকক অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে ব্যক্তিগতভাবেই ৱেবৰ মাধ্যমেৰে পৰীক্ষা কৰি লয় আৰু যোগাযোগ কৰে। শেহতীয়া চেন্নাই বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই কাম কৰা হয়। Give Freelyএ অতি কম সময়ৰ ভিতৰতে আৰ্তজনৰ কাষ চপাৰ প্ৰয়াস কৰে। এই ষ্টাৰ্ট আপটো অৰ্পিতাই নিজৰ গাঠিৰ ধন ভাঙি চলাই আছে আৰু তেওঁ আশা কৰে ডাঙৰ ডাঙৰ সংস্থাসমুহে নিজৰ CSR (Corporate Social Responsibility) programmeৰ বাবে চেৰিটেবল ষ্টাৰ্ট আপৰ কাষ চাপিব।

সফলতাৰ মূল মন্ত্ৰ

ৰিচাৰ্ড ব্ৰেনচনৰ এগৰাকী একান্ত অনুৰাগী অৰ্পিতাই বিশ্বাস কৰে যে তেওঁ মাত্ৰ আৰম্ভহে কৰিছে আৰু তেওঁ এগৰাকী ধাৰাবাহিক উদ্যোগশীল ব্যক্তি হিচাপে পৰিচিত হব বিচাৰে। তেওঁৰ জীৱনৰ দৰ্শন হৈছে ডাঙৰকৈ ভাবা,সৰুকৈ আৰম্ভ কৰা আৰু এতিয়াই আৰম্ভ কৰা। সৰুকৈ আৰম্ভ কৰি ধৈৰ্যেৰে আগবাঢ়ি তেওঁ ভুলৰ পৰা হাত সাৰি থাকিব পাৰিছে আৰু সেয়াই হৈছে উত্তৰণৰ গোপন ৰহস্য। তেওঁ অনুভৱ কৰে যে আৰ্থিক সফলতা যদিও জৰুৰী কিন্তু সঠিক কৰ্ম কৰাটোহে আটাইতকৈ জৰুৰী। তেওঁ সম্পৰ্কৰ ক্ষেত্ৰত প্ৰতিজনকে বহুত গুৰুত্ব প্ৰদান কৰে,সেয়া লাগিলে কৰ্মচাৰীয়েই হওঁক, গ্ৰাহকেই হওঁক বা বিক্ৰেতাই হওঁক আৰু তেওঁ দেখিছে এই কথাই তেওঁলৈ সফলতা কঢ়িয়াই আনিছে । এটা সময়ত তেওঁ বহ বহ প্ৰতিস্থানৰ সৈতে সংযুক্ত হোৱাৰ প্ৰলোভন লাভ কৰিছিল কিন্তু তেওঁ অনুভৱ কৰিলে যে সেই কামে ষ্টাৰ্ট আপসমুহক পৃষ্ঠপোষকতা প্ৰদান কৰাত Barefootক সহায় নকৰিব। অৰ্পিতাই বিশ্বাস কৰে যে নিজৰ আদৰ্শক জীয়াই ৰাখি উন্নতিৰ চমু বাট পৰিহাৰ কৰি আগুৱাই যোৱাটোৱেই হৈছে সফলতাৰ মূল মন্ত্ৰ।

মূল --চাকিৰা নায়াৰ

অনুবাদঃপ্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অন্যান্য কেতবোৰ কাহিনী

বীৰুবালা ৰাভা: যি নিজেই এক বিশাল প্ৰতিষ্ঠান

৮ বছৰ আগতে মই মোৰ মটৰ চাইকেল বেচি পোৱা ১৩ হাজাৰ টকাৰ বাবেই নিজকে ধনী ব্যক্তি বুলি ভাৱিছিলোঃ শচীন ভৰদ্ধাজ

'মোৰ পকেটত ৫০টকীয়া নোট এখনৰ বাহিৰে হাতত ভাত খাবলৈও এটকাও নাছিল ’ – এজন উদ্যোগীৰ কাহিনী

“হাউচ মেইড ফৰ ইউ”ৰ জৰিয়তে ফ্লাইট এটেণ্ডেণ্ট ৰাথী ৰাণাই বন কৰা তিৰোতা সকলক এক নতুন দিনৰ সপোন দেখুৱাইছে

ডুডল ডুৰ চিত্ৰকলা আৰু উদ্যোগশীল ৰচনা প্ৰভু